Thursday, 5 February 2015

মোৰ মটৰগাড়ী নাই৷ কিন্তু...


এক.
দূৰৰ পৰাই চকুত পৰিল, ঘৰৰ সন্মুখত বগা নতুন গাড়ী এখন৷ চুইফট ডিজায়াৰ৷ ওচৰ চাপি চিনি পালোঁ, ড্ৰাইভিং চিটত সেয়া বাৰ্নাৰ্ড৷ কিবা এটা খুঁচৰি আছিল সি৷ বোধহয় গান বজোৱাৰ চেষ্টা৷ মইযে খিৰিকীখনৰ সিফালে ৰৈ তাক লক্ষ্য কৰি আছোঁ, খবৰেই নাই৷ অলপপৰ ৰৈ গাটো লৰচৰ কৰি দিলোঁ৷ সম্বিৎ তেতিয়াহে ফিৰি আহিল তাৰ৷
‘হেল্ল’!’
‘হেল্ল’ ছাৰ… ইউ আৰ হিয়েৰ!’
‘য়েছ৷ ৱেইটিং ফৰ ইয়’ৰ ব্ৰাদাৰ৷’
‘এনী স্পেচিয়েল প্ৰ’গ্ৰেম?’
‘গ’য়িং টু...’
কলেজত  ছাত্ৰ-ছাত্ৰীহঁতক পলিটিকেল চায়েন্স পঢুৱাই পঢুৱাই আনে কিবা এটা সুধিলেই হাতখনৰে সৈতে আঙুলিটো ওপৰলৈ তোলাটো বাৰ্নাৰ্ডৰ অভ্যাসতে পৰিণত হৈছেগৈ৷ তাৰ সৈতে থকা দীৰ্ঘদিনীয়া ঘনিষ্ঠতাৰ সূত্ৰে কথাটো মই মন কৰোঁ৷ এতিয়াও সোঁহাতৰ তৰ্জনী আঙুলিটো অভ্যাসবশতঃ দাঙি সি মনত পেলাবলৈ চেষ্টা কৰিলে, গন্তব্যস্থলৰ নামটো৷ তাৰ বাবে হয়তো নতুন৷
‘ওঁ ওঁ ওঁ… কলিয়াবৰ৷’ …মনত পৰি গ’ল অৱশেষত৷
‘অউ, চাহিত্য চভা, দেট মিনচ? চেভেনটি থাৰ্ড চেচন৷ কাৰেক্ট?’
‘য়া য়া৷’ …সি হাঁহিলে৷
‘হু আদাৰচ?’ …মই জানিব বিচাৰিলোঁ, আৰু কোন কোন আছে লগত৷
‘ব্ৰাদাৰ৷’
‘এণ্ড হু এ'লচ?’
‘ন’বডী৷ উই টু অনলী৷ ইউ কেন একমপেনী আচ৷ কাম৷ লেটচ গ’৷’
তেনেকুৱাতে গে’ট খুলি ভাইটি ওলাই আহিল৷ বাৰ্নাৰ্ডৰ প্ৰস্তাৱটো সি শুনা পালে৷ উজান দিলে সিও… ‘গ’লে ব’ল৷ গাড়ী খালী আছে৷ ৰাতি আহি যাম৷’
মই বাৰ্নাৰ্ডৰ চকুলৈ চালোঁ৷ তেতিয়া দিনৰ এঘাৰ বাজে৷ দেৰিয়ে হ’ল দেখোন ইহঁতৰ! মই ইফালে গা-পা ধুৱাই নাই৷ আৰ্ট স্কুল, ডেন্স স্কুল ডিউটি সমাপ্ত কৰিছোঁ মাত্ৰ৷ মনে মনে খং এটাও উঠিছে, হেৰ' আগতীয়াকৈ নক’লি কিয়? গুচি গ’লোঁহেঁতেন৷
‘ইউ আৰ ড্ৰেচিং লাইক এ জেণ্টলমেন, চাহিত্যিক৷ এণ্ড আই এম ইন এ কাউবয় এটটায়াৰ নাউ৷ হাউ কেন আই গ’ লাইক দিছ?’
‘ইট দাজ নট মেটাৰ৷ ইউ আৰ লুকিং কোৱাইট ফিট৷ প্লিজ কাম৷’
‘ইট ৱিল টেক এট লিষ্ট এনাডাৰ ফিফটিন-টুৱেণ্টি মিনিটচ টু মে’ক মাইচেলফ ৰেডী৷ বাট আই থিংক ইউ আৰ অলৰেডী লে’ট৷ চ’, লেট মি উইচ ইউ এ চে’ফ জাৰ্নি৷ অ'কে?’
সি হাঁহিলে৷ তাৰ পিছত গাড়ীখন ষ্টাৰ্ট দিলে৷ গুচি গ’ল সিহঁত দুটা৷

দুই.
‘সাহিত্য সভালৈ যাবিনে?’
‘গাড়ী পালে যাম৷’
পিছদিনা তাৰ আকৌ একেটাই প্ৰশ্ন... ‘সাহিত্য সভালৈ যোৱা হ’বনে এইবাৰ?’
মোৰ উত্তৰো একেটাই, খাৰাংখাচভাৱে... ‘গাড়ী পালে যাম৷’
ইফালে মনে মনে অংক কৰি আছোঁ, তিনি তাৰিখে কাউৰী-পুৱাতে কাৰেং ট্ৰেভেলচৰ ডিফু-তেজপুৰ বাছত উঠিম৷ অকলেই৷ ইউনিক'ড সম্পৰ্কীয় বিশেষ আলোচনা-চক্ৰখনত উপস্থিত থকাৰ একান্ত ইচ্ছা আছে৷ ঘূৰি অহাৰ চিন্তাটো অধিৱেশনথলী গৈ পোৱাৰ পিছত হ’ব৷ এইফালৰ পৰা গাড়ী লৈ যোৱা কাৰোবাক তাত হয়তো লগ পায়ো যাব পাৰোঁ৷ নাপালে কিবা এটা কৰিম আৰু৷ কলংপৰীয়া কবি দেৱকান্ত বৰুৱা সোঁৱৰণী কবি সন্মিলনলৈ যাম বুলি কৈ থোৱা ডেনগাঁৱৰ কবি-বন্ধু সুৰেন ক্ৰামছাক লগ ধৰি তেওঁৰ বিথিলাংছ'ৰ ঘৰতে নহ’লে থাকি দিমহি ৰাতিটো৷ আকৌ এবাৰ কাংথিলৈ গুচি যাবও পাৰিম৷
‘গাড়ী যাবতো৷’ ...পৰিকল্পনা বুলিব নোৱাৰা কল্পনাটো গুপুতে কৰি থাকোঁতেই শব্দ দুটাই হঠাতে কৰ্ণপটহত খুন্দিয়ালেহি৷
‘কাৰ গাড়ী?’
‘মোৰ গাড়ী৷’
‘হাঁ! এইবোৰ কি শুনিছোঁ মই?’
‘যাব লাগে, যাব লাগে৷ সাহিত্য সভাত এপাক মৰাটো মানসিক স্বাস্থ্যৰ কাৰণে ভাল৷’
‘আও, বৰ কোব দেখোন তোৰ! আচ্ছা, লগত আৰু কোন কোন কচোন?’
‘এতিয়ালৈ কোনো নাই৷ দুই-এজনক সুধি চাইছোঁ৷ নাই৷ কোনোবাই আকৌ সুবিধাতকৈ অসুবিধাক আগতেই অগ্ৰাধিকাৰ দি থৈছে! যাকে-তাকে ল’বও নোৱাৰি দেচোন৷ আনহাতে মই যাব যাব বুলি ভবাজন আকৌ মোৰ দৰে একচাইটেড নহ’বও পাৰে৷ গতিকে, কোনো নোলালেও কথা নাই৷ তই আৰু ময়েই যামদে৷’
‘আচৰিত! কলিয়াবৰে দেখোন তোক মোহাচ্ছন্ন...’
বাক্যটো শেষ নহ’লেই৷ অৰ্থপূৰ্ণ হাঁহি এটা তাৰ মুখেৰে ওলাই আহিল৷ সুধিলে… ‘কোন দিনা যাবি ক, তিনি তাৰিখে নে চাৰি তাৰিখে?’
‘বাৰু হ’ব দে৷ পিছত জনাই আছোঁ তোক৷ পিছে চাবি, কথাৰ লৰচৰ নহয় যাতে৷’
তিনি তাৰিখে ৰাতিপুৱা কাটাই কাটাই সাত বজাত মোৰ বাল্যবন্ধু বিষ্ণু আৰ্জেল ছেত্ৰী তাৰ বগা আই-টেনখন লৈ আমাৰ ঘৰৰ আগত হাজিৰ৷ ম’বাইলত সংকেত-ধ্বনি বাজি গ’ল মোৰ৷ কালবিলম্ব নকৰি পানীৰ বটল এটা হাতত লৈ চিটত বহিলোঁহি৷ ল’ৰাটোৱে আগৰাতিৰ পৰাই কুটুৰি আছিল বোলে মোকো লৈ যোৱানা, জীৱনত প্ৰথমবাৰ অসম সাহিত্য সভাৰ অধিৱেশন নিজ চকুৰে চাম, গ্ৰন্থমেলাত মনৰ পছন্দ কিতাপ দুখনমান কিনিম৷ সি উঠাৰ লগে লগে ছেত্ৰীয়ে ছেলফত আগৰে পৰাই ভৰাই ৰখা চাবিটো পকাই দিলে৷ তিনিজনীয়া দলটোৰ যাত্ৰা আৰম্ভ হৈ গ’ল, মৌচন্দা পথাৰ অভিমুখে৷ মনে বিচৰা ধৰণেই সাহিত্যাচাৰ্য পদ্মনাথ গোহাঞি বৰুৱাৰ সোঁৱৰণী মূল মঞ্চত চলিব লগা 'ইউনিক’ড আৰু অসমীয়া ভাষা - সংশয় আৰু সম্ভাৱনা' শীৰ্ষক আলোচনা-চক্ৰখন পাই গ’লোঁ৷ তাৰ পিছত হেম বৰুৱা সোঁৱৰণী প্ৰথম মুকলি অধিৱেশন উপভোগ কৰিলোঁ৷ বৃহৎ আকাৰৰ স্মাৰক গ্ৰন্থ 'মনপুৰ-মৌচন্দা'ও সংগ্ৰহ কৰিলোঁ৷

তিনি.
ছেত্ৰীৰ গাড়ীৰে ঘূৰি আহি আকাশীগংগা পাইছোঁহি৷ মাঘী পূৰ্ণিমাৰ জোনটো ক্ৰমাৎ ওপৰলৈ উঠিব ধৰিছে৷ কাৰবি আংলং তেতিয়া সোমোৱাই নাই৷ ফোনটো বাজি উঠিল৷ স্ক্ৰীণখনলৈ চালোঁ৷ অৰুণ টেৰণ৷ জিলা প্ৰাথমিক শিক্ষা বিষয়া৷
‘সাহিত্য সভালৈ গ’লনে?’
‘অঁ দাদা৷ ঘূৰি আহি আছোঁ এতিয়া৷’
‘মই কাইলৈ পুৱা যাম৷ গাড়ীত চিট এটা খালী আছে৷ যাব নেকি? ওলাব৷’
অগ্ৰজ ভ্ৰাতৃপ্ৰতিম, ‘সমাধিৰ কবি’ অৰুণদাক আজি আমাৰ সৈতে নিওঁ বুলি কালিয়েই লগ ধৰিছিলোঁ৷ হৈ নুঠিল৷ এতিয়া কাইলৈ নিজেতো ওলাইছেই, ওলোটাই আকৌ মোলৈ প্ৰস্তাৱ!
‘ঘৰ গৈ পাই লওঁ ৰ’ব৷ আপোনাক ফোন কৰিম আৰু জনাম বাৰু৷’
নিশা দহ বজাত মই ‘য়েচ’ কৈ দিলত অৰুণদা খুচী হৈ গ’ল৷ পূৰ্বতে কেইবাটাও ভ্ৰমণত আমি আনন্দ, সন্তুষ্টি আৰু মিলা-প্ৰীতিৰে অহা-যোৱাৰ ৰেকৰ্ড আছে৷
‘ৰাতিপুৱা আঠ বজাত মই গাড়ী পঠাই দিম দেই৷ ৰে’ডী হৈ থাকিব৷ একেলগে গৈ আহিম৷ ভাল লাগিব৷’
চাৰি তাৰিখৰ পুৱা ঠিক আঠ বজাত গাড়ী আহিল৷ বাৰাণ্ডাত বহি পে’পাৰ পঢ়ি থকা অৱস্থাৰ পৰাই দেখা পালোঁ, বগা বলেৰ’খন ৰৈছেহি৷ ড্ৰাইভাৰ হৰই হৰ্ণ বজাবলগীয়া নহ’লেই৷ ঘূৰাই ল’বলৈ চিগনেল দিলোঁ তাক৷ খটখটী বগাই ওপৰলৈ আহি গাড়ীত উঠিলোঁ৷ পণ্ডিত আত্মাৰাম শৰ্মা সমন্বয় ক্ষেত্ৰলৈ আমাৰ পাঁচজনীয়া দলটোৰ মূল যাত্ৰা আৰম্ভ হ’ল ৰুকাছেনস্থিত অৰুণদাৰ ঘৰৰ পৰা৷ যান-বাহন আস্থানত গাড়ী থৈয়েই গ্ৰন্থ উৎসৱলৈ পোনালোঁ আৰু তাতে দিনটোৰ বাবে নিজকে হেৰুৱাই পেলালোঁ৷

পুচ্ছাংশ...
মোৰ মটৰগাড়ী নাই৷ কিন্তু ভাল মটৰগাড়ী থকা ভাল ভাল বন্ধু মোৰ আছে৷ মোৰ বাবে সেয়া সৌভাগ্য আৰু গৌৰৱ, দুয়োটাই৷

No comments:

Post a Comment