কাৰবি যুৱ মহোৎসৱ আহিল
জানুৱাৰী মাহ৷ চন ১৯৭৪৷ ডিফুৰ ৰংনিহাংস্থিত কাৰবি
ক্লাবৰ বাকৰি৷ পাঁচটা ক্লাব দলৰ অংশ গ্ৰহণেৰে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছিল কাৰবি
যুৱ মহোৎসৱ৷ লোক-সাংস্কৃতিক সম্পদেৰে চহকী কাৰবি জনগোষ্ঠীৰ মণি-মুকুতাস্বৰূপ সনাতন
সম্পদসমূহ যাতে যুৱক-যুৱতীসকলৰ জৰিয়তে অনাগত ভৱিষ্যতলৈ সুৰক্ষিত কৰি ধৰি ৰাখিব পৰা
যায়, তাৰ তাড়নাতে জন্ম হৈছিল কাৰবি যুৱ মহোৎসৱৰ৷ সেই উদ্দেশ্যৰেই এচাম দূৰদৰ্শী, সংস্কৃতিৱান,
প্ৰগতিশীল চিন্তাৰে পুষ্ট অগ্ৰজৰ তৎপৰতাত ১৯৭৭চনত গঠন হোৱা কাৰবি কালচাৰেল চ’চাইটি (কে.চি.এছ.)ৰ উদ্যোগত কাৰবি
য়ুথ ফেষ্টিভেল (কে.ৱাই.এফ.) বছৰি অনুষ্ঠিত হৈ থাকিল৷ লাহে লাহে কাৰবি আংলঙৰ বিভিন্ন
প্ৰান্তৰ, পিছলৈ আনকি জিলাখনৰ বাহিৰৰ পৰা আহিও যুৱক-যুৱতীৰ দলে জাতীয় জাগৰণৰ এই শক্তিশালী
মিচিলত চামিল হ’লহি৷ ডিফু চহৰৰ আৱেষ্টনীৰ পৰা
গৈ ডংকামোকাম, সৰিয়হজান, ডকমকা, হামৰেণ ইত্যাদি জিলাখনৰ বিভিন্ন ঠাই গৰকি মহোৎসৱটি
বিশাল সাংস্কৃতিক আন্দোলনলৈ ৰূপান্তৰিত হ’ল৷ ১৯৯৪ বৰ্ষৰ পৰা ডিফুৰ নিকটৱৰ্তী তাৰালাংছ’ত কাৰবি যুৱ মহোৎসৱটি স্থায়ী
ৰূপত কেন্দ্ৰীয়ভাৱে উদ্যাপন হ’বলৈ ধৰিলে কাৰবি পিপুলছ হলত৷
থলুৱা সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতি গভীৰভাৱে শ্ৰদ্ধাশীল
এদল অক্লান্ত কৰ্মীয়ে দিনে-নিশাই স্বীকাৰ কৰা ত্যাগ আৰু কষ্টৰ বিনিময়ত তাৰালাংছ’ প্ৰাণচঞ্চল হৈ পৰে প্ৰতিটো বছৰে৷
এইবাৰো কাৰবি সাংস্কৃতিক প্ৰকল্পত বিশাল আয়তনত আয়োজন কৰা হৈছে ৪১ সংখ্যক কাৰবি যুৱ
মহোৎসৱ৷ ১৫ফেব্ৰুৱাৰীৰ পৰা ১৯ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব লগা মহোৎসৱত ৰখা হৈছে ভিন ভিন
কাৰ্যসূচী৷
উত্তৰ-পূৰ্বাঞ্চলৰ সবাতোকৈ প্ৰাচীন আৰু সবাতোকৈ
বৃহৎ থলুৱা উৎসৱ হিচাপে পৰিগণিত কাৰবি যুৱ মহোৎসৱথলী ইতিমধ্যে উখল-মাখল হৈ পৰিছেই৷
জিলাখনৰ বিভিন্ন কোণৰ ২৬টা মণ্ডল (কে.চি.এছ. জ’ন)ৰ পৰা প্ৰতিযোগীসকল আহি আৰ্টিষ্ট কেম্পত অৱস্থান কৰিবহি৷
দুদিনৰ আগৰ এটা সন্ধিয়া হঠাতে নামি অহা মজলীয়া ধৰণৰ বৰষুণ এজাকে পৰিৱেশটো অধিক আকৰ্ষণীয়,
অধিক মনোমোহা কৰি পেলাইছে৷
বিগত দিনত অনেক ঘাত-প্ৰতিঘাত অতিক্রমি অহা এই সমাৰোহ
অনুষ্ঠিত কৰাত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে এইবাৰ পূৰ্ণ সহযোগিতা আৰু অকুণ্ঠ সমৰ্থন
আগ বঢ়াইছে৷ এইবাৰ মহোৎসৱৰ বাণী হৈছে... Jutang helo khei aharchi, kachingrum helo khei atiri. অৰ্থাৎ, Culture that unites
and thrives through unity. এই উপলক্ষে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ কলা
আৰু সাংস্কৃতিক বিভাগৰ দ্বাৰা প্ৰশিক্ষিত ঢুলীয়া দলে (Hundred-Drum Ensemble) পৰম্পৰাগত
সাংস্কৃতিক শোভাযাত্ৰা Rongketong দৰ্শনীয় কৰি তুলিবহি৷
কাৰবি লোক-নৃত্য Ritnong Chingdi/Hen Up Ahi Kekan, Lingpum Sokchon, Nimso Kerung, Hacha Kekan, Chong Kedam, Banjar Kekan; কাৰবি লোক-গীত Bong Oi, Mosera Kihir, Kurdidi, Oso Kebai, Sar Kebat, Bor Et; সমৱেত, একক আৰু দ্বৈত কণ্ঠৰ আধুনিক গীত তথা নৃত্য; আকস্মিক বক্তৃতা, কুইজ; চিত্ৰাংকন প্ৰতিযোগিতা, কাঠ, বাঁহ আৰু বয়ন শিল্পকৰ্ম; কাৰবি লোক-বাদ্য Muri Tongpo, Krongchui, Kum Li Eng; কাৰবি পৰম্পৰাগত খেল-ধেমালি Hambi Kepathu, Kengdongdang Kekat, Bathili Ke Ap, Hon Kejeng, Bangphu Soktok Chingdi, Horling Kele; ফেশ্বন শ্ব’, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেণ্ডৰ প্ৰতিযোগিতা, সাহিত্যিকৰ মাজত ভাব বিনিময় অনুষ্ঠান, কৰ্মশালা, জনজাতীয় খাদ্য মেলা, পৰম্পৰাগত সাজপাৰ, বিভাগীয় প্ৰদৰ্শনী, বাণিজ্য মেলা, ব’টিং, গ্ৰন্থ বিপণী আৰু উন্মোচনী, কাৰবি ৰজাৰ আনুষ্ঠানিক আগমন, পতাকা উত্তোলন, মুকলি সভা, নিমন্ত্ৰিত অতিথি ইত্যাদিৰে মেটমৰা সম্ভাৰ বুকুত লৈ পাহাৰীয়া প্ৰকৃতিৰ ৰং-ৰূপ-ৰস আৰু সুবাসেৰে অপেক্ষমান এতিয়া ডিফু চহৰৰ পৰা ৪কিল’মিটাৰ দূৰত্বৰ তাৰালাংছ’ জুৰিৰ দুয়ো পাৰৰ এই বিশাল সেউজ উপত্যকা৷
No comments:
Post a Comment