Thursday, 12 February 2015

ভেলেণ্টাইন ডে স্পেচিয়েল ইণ্টাৰভিউ
(গল্প নহয়, সত্য)



গণেশ মন্দিৰৰ দাঁতিৰ আৰ. ডি. ফটোষ্টেটৰ কৰ্মচাৰী এজনৰ হাতত স্মৃতিগ্ৰন্থ, কিতাপ আৰু দুখন চিঠি সোমাই থকা এনভেলপটো চমজায়ে ৰাস্তাটো পাৰ হৈ আহি পৱিত্ৰদাৰ গাড়ীত বহি আছোঁ৷ তেওঁ কিবা এটা বিচাৰি অইন এফালে গৈছে৷ চাউণ্ড বক্সত গান বাজি আছে... লাখ গেহৰা হ সাগৰ ত ক্যা, প্যাৰ সে কুছ ভি গেহৰা নেহী৷

পৱিত্ৰদালৈ অপেক্ষা কৰি গানটো মনোযোগেৰে শুনি আছোঁ৷ মনে মনে ভাবিছোঁ, একালৰ গীতিকাৰসকলৰ কিযে দাৰুণ ৰচনা! কি চমৎকাৰ শব্দ-চয়ন! আৰু আজিকালি? কথা-সুৰ-সংগীতৰ লাগ-বান্ধ নোহোৱা গান(?) কিছুমান! মেলডী নে হেজাৰ্ড? মূৰৰ ওপৰেৰে যোৱা সেই ৰকমৰ 'হাল্লা'বিলাক তুৰন্তে বন্ধ কৰি দিব লাগে বুলি কৰবাত কথা উঠাও অলপতে শুনিবলৈ পাইছিলোঁ৷

সি যি কি নহওক, ভলিউমটো সামান্য বঢ়াই লৈ পুৰণি গীতটোক দুকাণেৰে সুমুৱাই হৃদয়ত খুন্দিয়াবলৈ লগাইছোঁ৷ অৰ্থবহ শাৰী দুটা মনত ৰাখিবলৈ চেষ্টা কৰিছোঁ৷ পকেট নোটবুকত টুকিছোঁ৷ সেই প্ৰয়াসৰ অন্তৰালত অৱশ্যে স্পষ্ট কাৰণ নথকা নহয়৷ ইয়াৰ পৰা পোনে পোনে আমি যাম পাঞ্জাবাৰীৰ দিশে৷ ত্ৰিশ বছৰৰ আগৰ গেহৰা প্ৰেমী এহালক সাক্ষাৎ কৰিমগৈ তাত৷ ভেলেণ্টাইন ডে উপলক্ষে এই বিশেষ পদক্ষেপ৷ এটা এক্সক্লুচিভ ইণ্টাৰভিউ লোৱাৰ অভিপ্ৰায়৷ লগতে সন্ধিয়াৰ আড্ডাটো জমোৱাৰ ইচ্ছা৷ তাৰ মাজতে অৱশ্যে নিশাৰ সাঁজ মোকলোৱাৰ গোপন অভিসন্ধিটোও জড়িত হৈ নথকা নহয়৷

বি.-এম., ডি.-ডি., পি.-এম., এইচ.-এম. আদি আমাৰ চিনাকি দাদা-বাইদেউ-বৌসকল এসময়ৰ দুৰ্ধৰ্ষ প্ৰেমিক-প্ৰেমিকা৷ কোনো কোনোৱে বুলিছিল পাভ-জোৰা৷ প্ৰেম আৰু মিলনৰ কিযে সাহসী প্ৰকাশ! কাঁড়বিদ্ধ হৃদয়, মৰ্যাদাপূৰ্ণ ৰঙা গোলাপ আজিও বৰ্তমান, তেওঁলোকৰ বুকুৰ মাজত! প্ৰেমশক্তিৰে প্ৰচণ্ডভাৱে শক্তিমন্ত হৈয়ে অতীতৰ কোনোবা এটা বিশেষ দিনৰ কোনোবা এটা বিশেষ মুহূৰ্তত অন্য সমস্ত এৰি, তুমি মোৰ মই তোমাৰ সংকল্পৰে পলায়ন কৰিছিল অজ্ঞাত স্থানলৈ৷ আজীৱন এক হৈ থকাৰ প্ৰতিশ্ৰুতিৰে গোপনে বিবাহপাশত আবদ্ধ হৈছিল, কাৰো হকা-বাধা নামানি৷ দীৰ্ঘদিনীয়া সেই অব্যৰ্থ প্ৰেমে পিছতহে লভিছিল সামাজিক স্বীকৃতি৷ আৰু এদিন মূল সুঁতিলৈ ঘূৰি আহিছিল দুয়োজন৷ যৌৱনৰ হিয়া-দিয়া-নিয়াৰ ৰং-ৰূপ-ৰস অক্ষুণ্ণ ৰাখি প্ৰেমময় সংসাৰ-যাত্ৰা আজিও সুকলমে চলি আছে তেওঁলোকৰ৷

নিতান্তই ব্যক্তিগত৷ অথচ এনেকুৱা প্ৰত্যেকটো সাহসী কাহিনীয়েই অতি ইণ্টাৰেষ্টিং আৰু ৰোমাঞ্চকৰ৷ আঁৰৰ কথাবোৰ সেই লগনত স্বাভাৱিকতেই উহ্য ৰখা হৈছিল৷ কাৰণ এক নিৰাপদ সন্ধিক্ষণ পৰ্যন্ত সকলো গোপনে ৰখাটোৱেই 'প্ৰেমী' মনৰ দস্তুৰ৷ খুব বেছি ঘনিষ্ঠ বন্ধু-বান্ধৱ দুই-এক, শুভাকাংক্ষী এমুঠিমানৰ মাজতে সেইখিনি সীমাবদ্ধ৷ পিছতহে অহুকাণে-পহুকাণে জানিব পৰা যায়৷ কৌতূহলী হৈ পৰাৰ লগতে জনমে জনমে চলি অহা প্ৰেমৰ সেই গভীৰ সত্যতাক উপলব্ধি কৰাৰ তাগিদা হৃদয়ত তেতিয়াহে অনুভূত হয়, মোৰ দৰে আন বহুজনৰ৷

কাঁইটে বিন্ধিলেও গোলাপ ছিঙিবলৈ সক্ষম হোৱা তেনেকুৱা কেইটামান সুপৰিচিত আৰু সফল যুগলৰ জীৱনৰ সঁচা কাহিনী তেওঁলোকৰ নিজ মুখেৰেই শুনাৰ আগ্ৰহটো জন্মিল ভেলেণ্টাইন ডেৰ আগমনত৷ আমাতকৈ অনেক জ্যেষ্ঠ যদিও দিৱসৰ অচিলাতে এতিয়া এচাব মাৰিম বুলিয়ে ওলাইছোঁ৷ দিৱসৰ উৎসাহতে তেওঁলোকৰো কবলৈ কোনো সংকোচ নহব বুলিয়ে ধাৰণা হৈছে৷ প্ৰেমক কেন্দ্ৰ কৰি অতীত, বৰ্তমান আৰু ভৱিষ্যতক সামৰি মুখামুখি আলাপেই এই যাত্ৰাৰ উদ্দেশ্য৷

প্ৰথম পদক্ষেপ হিচাপে এয়া ওলাইছোঁ প্ৰথমটো ইণ্টাৰভিউলৈ৷ মামণি বৌক ফোনত সামান্যভাৱে ইংগিত এটা দিয়াও হৈ গৈছে ইতিমধ্যে৷ যথাস্থানত উপস্থিত হোৱাৰ পিছত পৰিৱেশ কিঞ্চিৎ অনুকূল যেন পালেই দাদা-বৌক হটচিটত বহুৱাই প্ৰসংগৰ আঁত ধৰা হ’ব৷

‘আজিৰ পৰা ত্ৰিশ বছৰৰ আগৰ কথা৷ মাক-দেউতাকৰ অতি মৰমৰ, ওখ-পাখ, সুগঢ়ী এক ব্ৰাহ্মণ কন্যা৷ আনফালে, দীৰ্ঘদেহী, অনা-ব্ৰাহ্মণ এজন চফল ডেকা৷ এজন দাড়িয়া আৰ্টিষ্ট৷ দুয়ো প্ৰেমিক-প্ৰেমিকা৷ সূত্ৰপাত হোৱাৰ পৰা আদি কৰি সেই প্ৰেম, মিলন আৰু জীৱনৰ সত্য কাহিনী উন্মোচনৰে প্ৰচেষ্টা এয়া...’

চমু প্ৰাক্‌-কথনেৰে সূচনা কৰি ধীৰে ধীৰে গভীৰতালৈ সোমাই যোৱা হ’ব৷ আৰু আশা কৰিছোঁ কোনো আঁৰ-বেৰ নথকাকৈ দাদা-বৌৰ মুখেৰে ওলাই আহিব মানুহৰ জীৱনৰ, যৌৱনৰ, ইচ্ছা আৰু সৎ সাহসৰ সঁচা সঁচা, মিঠা মিঠা কাহিনী কিছুমান৷

প্ৰেমৰ কবিতা, গল্প, উপন্যাস, প্ৰেমপত্ৰ ঢেৰ পঢ়া হ'ল৷ এতিয়া লাইভত শুনো৷

কথাবোৰ কল্পনা কৰি থাকোঁতেই পৱিত্ৰদা আহি পালে৷ চম্পকে ডিজায়াৰখন ষ্টাৰ্ট দিলে৷ পাঞ্জাবাৰী নোপোৱালৈকে গাড়ীৰ ভিতৰত উপৰ্যুপৰি একেটা গীতেই বাজি থাকিল৷ গীতত এবাৰ ক'লে... ‘ৱ’ জৱানী জৱানী নেহী, জিসকী ক’ই কাহানী না হ’৷’

কাহিনী নথকা যৌৱন যৌৱনেই নহয়৷ ঠিকেইতো৷ ভেলেণ্টাইন ডে' উদযাপন কৰিব পৰাকৈ যৌৱনৰ কাহিনী শুনিবলৈকে গৈ আছোঁ এতিয়া৷

কাহিনী আছেনে আপোনাৰ?

No comments:

Post a Comment