টিভি-ম’বাইল-লেপটপজ্ঞানী ল’ৰাটো
(গল্প নহয়, সত্য)
সি গা ধুবলৈ বাথৰুমত সোমাব ধৰিছিল৷
ক’লোঁ, ‘বাহিৰত মই উলিয়াই থোৱা বাল্টিটোৰ পানীখিনি গা ধোৱাৰ আগতে
চন্দন পুলিকেইটাত দি দে৷’
বাল্টিটো এহাতে লৈ সি কণা কুকুৰা ঘূৰাদি ঘূৰিব
লাগিল৷ পুলি বিচাৰি নাপায়হে নাপায়৷ ইফালে দেৱালৰ কাষতে ৰোৱা হৈছিল৷ কৰি থকা কামটো কৰি
থকা অৱস্থাতে ৰুমৰ ভিতৰৰ পৰাই চিঞৰ এটা মাৰি পঠিয়ালোঁ, ‘খিৰিকীখনৰ ফালে আহ৷’
উদ্দেশ্যটো আছিল তাক ল’কেচনটো বটাই দিয়া৷ তেতিয়া যেনিবা
সি পুলি এটা দেখা পালে৷ বাল্টিটো বেঁকা কৰি তেনেই অকণমান পানী ঢালিলে তাত৷ বাকীখিনি
ওচৰৰ টাবকেইটাত থকা ফুলগছবোৰত অকণ অকণকৈ দি থাকোঁতেই ওলাই গৈ দেখা পালোঁ৷
ক’লোঁ, ‘ইয়াত নহয়, সিফালে ৰোৱা চন্দন
পুলিবোৰত দি দেগৈ৷’
পুনৰবাৰ সি ওপৰচকুৱাই পুলিবোৰ বিচাৰি নোপোৱা হ’ল৷ তাত ইফালে খুঁটি মাৰি থোৱাই
আছিল৷ দেখুৱাই দিলত অকণ অকণ ঢালি গ’ল৷
ফাগুনমহীয়া খৰাং৷ সেইকণ পানীৰে পুলিৰ তৃষ্ণাযে নমৰে
সেয়া খাটাং৷ কাম দেখি হাঁহি উঠিল৷ তালৈ চাই থাকি মনতে ভাবিলোঁ, এই ল’ৰা ক্লাছ এইট পালেগৈ, পিছে নিজে
গছপুলি এটা ৰোৱাটো দূৰৈৰে কথা, গুৰিত পানী দিবলৈও আজিও শিকা নাই৷ কিযে হ’ব ইহঁতৰ! কিবা কাম এটাত পাচিলে
মোৰকে নাপায় সতকাই৷ খেপিয়াই, জপটিয়াই ফুৰে৷ লগত থাকি ষ্টেপ বাই ষ্টেপ কামাণ্ড দি নাথাকিলেই
নহয়৷ একেদৰে, ৰাতিপুৱা টোপনিৰ পৰা জগোৱাৰ পৰা আৰম্ভ কৰি ৰাতি বিছনাত পেলোৱালৈকে প্ৰত্যেকটো
কথাতে চৰ্দাৰৰ দৰে কামাণ্ড দি থাকিব লাগে মাকজনীয়ে! উঠ ঐ উঠ, মুখ ধো, গা ধো, ভাত খা
ইত্যাদি ইত্যাদি৷ পিছে, ম’বাইল টিপিবলৈ হ’লে দিবা আৰু৷ টিভিৰ চেনেল সলোৱাটো
ঠিক আছে৷ লেপটপত গাড়ী দৌৰোৱাততো ক’বই নালাগে৷ সেইবোৰত ওস্তাদ একেবাৰে৷
মন কৰিছোঁ, মেনু ড্ৰিভন
কামবোৰ ইহঁতে ঘপাঘপ আয়ত্ত কৰিব পাৰে৷ লগালগ অ’পাৰেটো কৰিব পাৰে৷ দেখিলে এনে ভাব হয়, যেন আগৰে পৰাই জানেহে!
প্ৰব্লেমৰো চল্যুচন দি দিয়ে ফটাফট৷ বিপৰীতে, পানী এবাল্টি লৈ গছপুলিকেইটাত দেগৈচোন
যা বুলি ক’লে গাঁঠি লাগে৷ লগে লগে যেন নাৰ্ভাচ!
মূৰে কাম নকৰা হয়! ওচৰত ৰৈ চৰ্দাৰী কৰি নাথাকিলেই নহয়৷ কোনটোৰ পিছত কোনটো কাম কৰিব
বাৰে বাৰে গাই থাকিব লাগে৷ সিহঁতৰ বাবে মাক-বাপেকহাল একোখন মেনু হৈ পৰিব লাগে! তাৰোপৰি
একেটা কথাকে কমেও তিনিবাৰমান ক’ব লাগে৷
টিভি-ম’বাইল-লেপটপজ্ঞানী ল’ৰাটোৰ এই ধৰণৰ কথা-কাণ্ডবোৰ আলেঙে আলেঙে লক্ষ্য
কৰি থাকোঁ৷ আমি ইয়াৰ সমান হৈ থকাৰ দিনত এই তিনি সম্পদৰ এটাও নাছিল৷ দিন সলনি হ’ল৷ এতিয়া উপজিয়ে ইহঁতে এইবোৰ
চুবলৈ পায়, চাবলৈ পায়, ব্যৱহাৰ কৰিবলৈ পায়৷ বিপৰীতে, জীৱনৰ গভীৰত ডুব মাৰি তলিত থকা
মণি-মুকুতাবোৰ চিনি পাই সংগ্ৰহ কৰাৰ মানসিকতা গঢ় লোৱাৰ পৰা এইজাতৰ বস্তুবোৰে ইহঁতক
চিৰদিনৰ বাবে আঁতৰাই ৰাখিব বুলিও জ্ঞানী আৰু দূৰদৰ্শী লোকে এষাৰ কয়৷
তেনেহ’লে কি আছে ইহঁতৰ আগছোৱাত?
কথা গম্ভীৰেই দেখোন!
No comments:
Post a Comment