আপুনি কোন লবীৰ মানুহ?
বহু বছৰৰ আগৰ কথা৷ অন্ততঃ বিশ বছৰ পূৰ্বৰ হ’ব৷ বকলীয়াঘাটৰ চূণপোৰাত সেইবাৰ
কাৰবি আংলং জিলা সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হৈছিল৷ চিৰ চেনেহী মোৰ ভাষা জননীৰ সেৱক
অগ্ৰজ সাহিত্যিক, সাহিত্যকৰ্মীসৱৰ সৈতে কনিষ্ঠ ৰূপত ময়ো যাবলৈ পালোঁ৷ অধিৱেশনৰ ৰেহ-ৰূপ,
বিষয়-বাছনী সভা, সভাপতি-সম্পাদকক নিৰ্বাচিত কৰা, কাৰ্যনিৰ্বাহক সমিতি গঠন, প্ৰথম কাৰ্যনিৰ্বাহক
সভা ইত্যাদি ভিতৰুৱা নিয়ম-নীতিবোৰ তেতিয়াহে দেখা পোৱাৰ বা চোৱাৰ সৌভাগ্য হৈছিল৷
সমাপ্তিৰ পিছত অধিৱেশনথলী এৰি ঘৰমুৱা হওঁতে সাঁজ
লাগিল৷ খোজেৰে আহি ৰাষ্ট্ৰীয় ঘাইপথ উঠিলোঁ৷ তাৰ পিছত খোজ কাঢ়িয়ে বকলীয়াৰ দিশে আগুৱাইছোঁ
এদল মানুহ৷ সাহিত্য সভাৰ সক্রিয় কৰ্মী ছামছিং হাঞ্চে (অসম চৰকাৰৰ একালৰ বান নিয়ন্ত্ৰণ
মন্ত্ৰী, এতিয়া প্ৰয়াত), শৈলেন দাস (অসম সাহিত্য সভাৰ একালৰ প্ৰধান সম্পাদক, এতিয়া
প্ৰয়াত), মহেন্দ্ৰনাথ বৰদলৈ (জিলা সাহিত্য সভাৰ সেইবাৰৰ নৱনিৰ্বাচিত সভাপতি, এতিয়া
প্ৰয়াত)কে ধৰি কম চে কম বিশ কি বাইশজন৷ একেবাৰে আগত আনকালৰ দৰেই সেনাপতিৰ ৰূপত হাঞ্চেদা৷
স্বভাৱসিদ্ধভাৱে পঞ্জাৱী চোলাৰ জেপত সোঁহাতখন সুমুৱাই খৰ খোজ, ডিফুমুখী বাছ ধৰিবলৈ৷
একেবাৰে পিছত বিদুল, মই আদি সাহিত্য সভাৰ নতুন কঠীয়াবোৰ৷
আগত যোৱাসকলে আৰম্ভণিৰ পৰা সামৰণিলৈ অধিৱেশনৰ প’ষ্টমৰ্টেম কৰি গৈছে৷ সভাক আগুৱাই
নিবৰ হকে নতুন চিন্তাপ্ৰসূত গুৰু-গম্ভীৰ কথাও পাতি গৈছে৷ পিছে পিছে খোজ মিলাইছোঁ আমি৷
সেই সময়ত সাহিত্য সভাত লবীৰ ৰাজনীতি চলে বুলি কাকতে-পত্ৰই হকে-বিহকে গৰম গৰম চৰ্চা
চলিছিল৷ অমুক লবী, তমুক লবী আদিৰ উপৰি সাহিত্য সভাই কিডাল কৰিলে শীৰ্ষক ক্ষুৰধাৰ লেখাৰেও
পে’পাৰৰ পৃষ্ঠা ভৰি থাকে৷
আমি সামান্য সাধাৰণ সদস্য৷ লবী-চবী একো মাথা-মুণ্ড
বুজি নাপাওঁ৷ বাটত কথা নথকাত এনেয়ে জমাবলৈ বুলি আনে নুশুনাকৈ ইটোৱে সিটোক সুধিলোঁ...
আমি কোন লবীৰ অ’? তই কোন লবীৰ মানুহ? মই কোন
লবীৰ? উত্তৰ বিচাৰি নোপোৱাত নিজৰ মাজতে আলোচনা কৰি জোৰ-জবস্তি উত্তৰ এটা থিয় কৰিলোঁ...
আমি এতিয়া মহেন্দ্ৰ বৰদলৈ লবীৰ মানুহ!
হাঞ্চেদা, দাসদাৰ সৈতে ক্ষীণ কায়াৰ দীৰ্ঘদেহী নতুন
সভাপতি বৰদলৈ বৰদেউতাও তেতিয়া শুভ্ৰ পায়জামা-পঞ্জাবীৰে জপং জপংকৈ আগে আগে গৈ আছিল৷
‘বৰদলৈ লবীৰ মানুহ’ বুলি কৈ আমি দুইটাই প্ৰথমে মুখ
টিপি আৰু পিছলৈ প্ৰকাশ্যে হাঁহিবলৈ ধৰিলোঁ৷ হঠাতে তেনেকৈ উৰাই-ঘূৰাই হঁহা দেখি বাকীবোৰে
চাগৈ ভাবিলে... হাৰে, কি হ’ল আকৌ ইহঁতকেইটাৰ! বিষয় কি?
হাঁহিৰ উৎসটো অৱশ্যে কোনেও বিন্দুমাত্ৰও গম নাপালে৷
আজিকোপতি নাপালে৷আজিও কোনো লবী-চবী নাই মোৰ৷ স্বাধীন মানুহ৷ স্বাধীন কথা-কাণ্ড৷
আপোনাৰ আছে নেকি আকৌ লবী-চবী? জানি থওঁ৷ বহুতৰে
বোলে লবী নহ’লে অস্তিত্বই শূ্ন্য!
No comments:
Post a Comment