Sunday, 8 February 2015

নাজঙৰ সামান্য উপহাৰটো
(গল্প নহয়, ভ্ৰমণ কাহিনীৰ একাংশ)



পুৱাৰে পৰা নাজঙৰ মনটো মৰা৷ মনৰ ভিতৰত ক’ৰবাত যেন অলপ শূন্যতা৷ তিনিদিন হ’ম ষ্টে’ কৰা আমাৰ মাৰ্ক’ পল’ এডভেন্সাৰ দলটোৱে আজি নংকি বস্তি এৰি গুচি যাম ডিফুলৈ৷ আগনিশা বহু পৰলৈ জুহালত বৃত্তাকাৰে বহি আড্ডা পিটিছিলোঁ, বিভিন্ন কথাৰ৷ সেই সময় অতীত হ’ল৷ ক্ষন্তেকৰ পিছতে শূন্য হৈ পৰিব এই চাং৷ নাথাকিব সেই প্ৰাণচঞ্চলতা৷ সেয়ে চাগৈ নাজঙৰ মনটো মৰা৷ আনহাতে, সেই পৰিৱেশ, য’ত একো নাই, অথচ বহুত কিবাকিবি আছে, সেই পাহাৰীয়া খোলা অন্তৰবোৰ এৰি থৈ আহিবলৈ ওলোৱাত আমাৰ মনবোৰো গধুৰ হৈ পৰিছিল৷

পুৱা ওচৰৰে মিচিমি জীয়ৰী, টাংছা বোৱাৰী, মালা বাইদেউৰ ঘৰলৈ গ’লোঁ৷ তাই চাহ খাবলৈ মাতি থৈ গৈছিল৷ স্বামী নংজুং মচাং কংগ্ৰেছ নেতা৷ পাংচাউ পাচ ৱিণ্টাৰ ফেষ্টিভেল কমিটি ২০১৩ৰ সাংস্কৃতিক সম্পাদক৷ ছোৱালী বেবীয়ে গান গায়৷ চাহ পৰ্বৰ মাজতে, গুৱাহাটীত ৰেকৰ্ডিং কৰা আৰু আগদিনা ফেষ্টিভেলত উন্মোচন কৰা টাংছা গানৰ চিডি Peo Wan উপহাৰ দিলে৷

সিফালে নাজঙে আমাৰ বাবে খৰধৰকৈ বিদায়ী ভাতসাঁজৰ যো-জাত লাগিছে৷ নালাগে বুলিলতো মনা নাই৷ চাউল বাছি থকা অৱস্থাত বাইদেউজনীক দেখি মনটোতে খুব শোক লাগিছিল৷ সৰলমতীয়া এই পৰিয়ালটোৰ উমাল সান্নিধ্য আৰু কাৰ্পণ্যহীন আতিথ্যত তিনিটা দিন অতি ভাল লাগিছিল, আপোন আপোন লাগি গৈছিল সিহঁতক৷ ভাব হৈছিল, পাটকাইৰ বুকুত সেয়া যেন মোৰ দ্বিতীয় এখন ঘৰ৷

গাড়ীত তুলিবৰ বাবে আমাৰ বেগবিলাক এটা এটাকৈ চাঙৰ পৰা নমাই মুকলি চোতালত থোৱা হ’ল৷ কোঠাটোত কিবা এৰিলোঁ নেকি চাই-চিতি একেবাৰে শেষত মই বাহিৰ ওলালোঁ৷ দেখিলোঁ, নাজঙে পাহাৰীয়া বৰা চাউলৰ টোপোলা একোটা প্ৰত্যেকৰে বেগৰ ওপৰে ওপৰে থৈ গৈছে, ঘৰলৈ নি খাব বুলি৷ কাৰোবাক আকৌ হেঁপাহেৰে শুকুৱাই ৰখা পহুৰ মাংস অকণমানো ধোঁৱা-চাঙৰ পৰা নমাই দিছে, পুত্ৰ-পৰিবাৰক দিবগৈ বুলি৷

বটলটোত পানী ভৰাই দিবলৈ কোৱাত তাই পাকঘৰলৈ দৌৰ মাৰিলে৷ ময়ো পিছে পিছে গৈ পাকঘৰত সোমালোঁ৷ ক’লোঁ... ‘বাইদেউ, আপোনাক মই এটা বস্তু খুজিম দেই৷’ বাইদেৱে প্ৰথমতে বুজা নাছিল৷ আকৌ ক’লোঁ... ‘মই এটা বস্তু লগত লৈ যাব খুজিছোঁ, চিন স্বৰূপে৷’ সুধিলে... ‘আমাৰনো দিবলৈ কি আছে? একোৱেই নাই৷ হ’লেও কওকচোন বাৰু?’ পাকঘৰটোৰ ওপৰ-তল, সোঁ-বাওঁ, চাৰিও চুকে চকু ফুৰাই থকা দেখি আকৌ ক’লে… ‘আপোনাক যি লাগে লৈ যাওক৷’ ৰেকডালৰ ওপৰত লুটিয়াই থোৱা ফালাপ (তিতাচাহ) খোৱা বাঁহৰ সৰু চাই পিয়লা এটা ইতিমধ্যে মই হাতত তুলি লৈছিলোঁৱেই৷ তাকে দেখি তাই হাঁহিলে৷ বুজিলে চাগৈ যে ই সামান্য কাপ এটাহে নিব খুজিছে৷ গতিকে আপত্তি কৰিবলৈও একো নাথাকিল৷

মই হাতত লৈ ইমানপৰ লিৰিকি-বিদাৰি থকা কাপটো তাই থৈ দিবলৈ ক’লে৷ সেইটো নহয়৷ তাৰ পাছত নিজে বাছি-বিচাৰি, ধুই-ধাই একে জোখৰ কিন্তু তাতোকৈ ধুনীয়া অন্য এটা কাপ দিলে৷ ক’লে... ‘এইটো লৈ যাওক৷ এইটো বহুত পুৰণি৷ এইটো মোৰ কাপ দেই৷ নিজৰ কাপটো মই আপোনাক দিছোঁ৷ মনত ৰাখিব দেই আমাক৷ নাপাহৰিব৷’

কেচু আজুং (ধন্যবাদ) বুলি কৈ পিয়লাটো হাতৰ মুঠিত লুকুৱাই লৈ চাঙৰ পৰা নামি আহিলোঁ৷ সঞ্জু, ৰাজু, পংকজহঁতে গমেই নাপালে মই কি সম্পদ আনিছোঁ৷ পিছত তিনিচুকীয়াত নামনিমুৱা ইণ্টাৰচিটি এক্সপ্ৰেছত চিটত বহাৰ অন্ততহে আস্তেকৈ প্ৰসংগটো উলিয়ালোঁ আৰু দেখুৱালোঁও৷ প্ৰত্যেকৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিল হস্তকলাৰ চানেকীস্বৰূপ সেই সৰু, মৰমলগা পিয়লাটো৷

নাজঙৰ ‘সামান্য’ উপহাৰটো এতিয়াও বৰ সযতনে ৰাখিছোঁ৷ বাঁহৰ কাপটোৱে মোক টাংছা মানুহৰ সৰলতা, উদাৰতা, আন্তৰিকতা, আতিথেয়তাৰ কথা অহৰহ স্মৰণ কৰোৱাই থাকে৷ লেমঅং, ৱাননাম, অংলেম, জাংখং, নাজংহঁতক পাহৰোঁনো কি সতে? পাটকাইৰ শিখৰত সিহঁত মোৰ বৰ আপোন মানুহ৷

No comments:

Post a Comment