বিষয় : সাহিত্য
(সাহিত্য সভা উপলক্ষে)
আভিধানিক অৰ্থত সাহিত্য হ’ল ভাব বা চিন্তাৰ লিখিত ৰূপ; সৃষ্টিশীল মানুহৰ সৃজনীশীলতাৰ প্ৰকাশ৷ সহজ কথাত, মন আৰু লেখনিৰ মধু-সংযোগেই সাহিত্য৷ যিবিলাক লিখা কথাত শব্দ আৰু অৰ্থৰ মিলন ঘটে সেইবিলাকেই সাহিত্য৷
‘সহিত’ শব্দৰ পৰাই সাহিত্যৰ উৎপত্তি৷ সহিত + ষ্ণ প্ৰত্যয় = সাহিত্য৷
জ্ঞানৰ সহিত, বুদ্ধিৰ সহিত, ভাবৰ সহিত মিলাই; শুৱলা অলংকাৰাদি লগাই; ল-নি, নিমজ, ওখ
ভাবৰ আৰু উন্নত ধৰণৰ লিখা ভাষাকেই সাহিত্য বোলা হয়৷ অন্য কথাত ক’ব পাৰি, নানাবিধ ঠাল-ঠেঙুলি,
পাত-ফুলেৰে সুন্দৰকৈ সজাই-পৰাই শুৱনি কৰা ভাষাই সাহিত্য৷
ভাষাক যাউতিযুগীয়া আৰু মানৱ জাতিৰ হৃদয়ংগম কৰি
সুশৃংখলিত আৰু সাৱলীলভাৱে লিপিবদ্ধ কৰিলে সাহিত্যৰ সৃষ্টি হয়৷ আনহাতে, কেৱল মুদ্ৰিত
পুস্তকেই সাহিত্য নহয়৷ পুৰণি হাতে লিখা পুথি, বুৰঞ্জী, গীত, দৃষ্টান্ত, ফকৰা-যোজনা,
সাধুকথা আদিও সাহিত্যৰ অংগ৷ সাহিত্য দৰাচলতে অপৰিমেয় জ্ঞান-মঞ্জুষা যি অক্ষয় আৰু অবিনশ্বৰ৷
সত্যৰ প্ৰকাশেই সাহিত্য সৃষ্টিৰ অন্তৰতম লক্ষ্য৷ মানুহ আৰু মানুহৰ, মানুহ আৰু প্ৰকৃতিৰ
সহৃদয় সম্পৰ্ক সাৰ্থক ৰূপত জীৱন্ত হৈ থাকে একমাত্ৰ সাহিত্যৰ যোগেদিহে৷
যি শাস্ত্ৰৰ সহায়ত মানুহে দুখময় সংসাৰত সুখময় ভাব
লৈ, নানা বিষয়ক ব্যুৎপত্তি লভি; শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উন্নতি সাধি, অতি সুকলমে
জীৱন নিয়াব পাৰে সেয়ে সাহিত্য৷ সাহিত্য জীৱন-জিজ্ঞাসাৰ বাহক৷ জীৱনৰ শিপাৰে সৈতে গজি
উঠা ই এটা জীৱন্ত পদাৰ্থ৷ প্ৰকৃত মানৱ জীৱন ধাৰণ কৰিবলৈ সাহিত্য অপৰিহাৰ্য৷ সাহিত্যই
কৰ্ম, ভক্তি, জ্ঞান ইত্যাদি সমস্ত প্ৰদানেৰে জীৱনক কৰি তোলে মোহনীয়৷ সাহিত্যৰ দ্বাৰা
নিজক আৰু জগতখনক চিনি পোৱাৰ লগতে অতীত-বৰ্তমান-ভৱিষ্যতৰ আভাস পোৱা সম্ভৱ হয়৷
সাহিত্যৰ শাখা অনন্ত আৰু সকলো শাখাতে অভিজ্ঞতাৰ
সঞ্জীৱনী শক্তি অন্তৰ্ভুক্ত৷ মানসিক, আধ্যাত্মিক, সামাজিক কিম্বা ৰাজনৈতিক এনে কোনো
অভিজ্ঞতা নাই যি সাহিত্যৰ অন্তৰংগ হোৱা নাই৷ সৰ্বপ্ৰকাৰৰ অভিজ্ঞতাৰে প্ৰকাশৰ থল সাহিত্য৷
সপোনৰ ছঁয়াময়া অভিজ্ঞতাও আনকি সাহিত্যৰ যাদুকৰী আকৰ্ষণী শক্তিৰ বশীভূত হৈছে৷ সজীৱ স্পন্দনপূৰ্ণ
সাহিত্য সৃষ্টিৰ বাবে জীৱনৰ অভিজ্ঞতা আৰু তাৰ গাম্ভীৰ্য তথা বৈচিত্ৰ প্ৰয়োজনীয়, যাক
গঢ়ি-পিটি কালজয়ী সাহিত্যৰ সৃষ্টি কৰিব পাৰি৷ সাহিত্য এক বিৰাট অভিজ্ঞতা৷
সাহিত্য মানৱ মনৰ দাপোণ৷ প্ৰকৃতি আৰু পাৰিপাৰ্শ্বিক
অৱস্থাৰ প্ৰভাৱকল্পে মানুহৰ মনৰাজ্যত উদ্বেলিত হোৱা ক্রিয়া-প্ৰতিক্রিয়াৰ প্ৰস্ফুটিত
ৰূপেই সাহিত্য৷ মানুহৰ অনুভূতি আৰু আৱেগৰ ই বাংময় অভিব্যক্তি৷ মানৱীয় অনুভূতিৰ দলিল৷
সাহিত্য ব্যক্তিৰ স্বকীয় ভাবৰ প্ৰতিবিম্ব৷ ব্যক্তিগত চিন্তা-চেতনা, অনুভূতি, বুদ্ধিমত্তা
আৰু প্ৰতিভাৰ ফল সাহিত্য৷ সাহিত্য গাইগুটীয়া শ্ৰম-চৰ্চাৰ বস্তু৷ কষ্টসাধ্য কলাবিদ্যা৷
মন আৰু কল্পনাই তাৰ সৃষ্টিকৰ্তা; ভাব তাৰ অংগ; মানৱ সমাজ তাৰ প্ৰকাশৰ স্থল৷ সাহিত্য
মানৱীয় অভিজ্ঞতাৰ দৰ্পণ, মানৱ হৃদয়ৰ সংবাদ, হৃদয়-বৃত্তিৰ প্ৰকাশ, কল্পনাৰ বাহন৷
ভাষাচিহ্নৰ সহায়ত প্ৰকাশিত সাহিত্যিকৰ উপলব্ধিয়েই
সাহিত্য৷ তৎসত্ত্বেও, সাহিত্য কেৱল লেখকৰ এদনীয়া সম্পত্তি নহয়৷ বৰঞ্চ ই নিখিল বিশ্বৰ
যাউতিযুগীয়া সম্পদ৷ সাহিত্যই মানৱাত্মাক আহাৰ যোগায়; মানৱ চিত্তক মধুৰসৰ সন্ধান দিয়ে;
মানসিক পৰিপুষ্টি প্ৰদান কৰে৷ লেখক-পাঠকৰ একাত্মতা বা যৌথ উদ্যোগ সাহিত্যৰ বাবে নিৰ্ধাৰিত
বন্দবস্ত৷
সাহিত্য এক কঠোৰ ব্ৰহ্মচৰ্যৰূপী সাধনা৷ উচ্চ স্তৰৰ
সাহিত্য সৃষ্টিৰ বাবে উচ্চ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত জীৱনব্যাপী সাধনাৰ দৰকাৰ৷ জীৱন্ত
আৰু বলবন্ত সাহিত্য স্ৰজনৰ কাৰণে লাগে অপৰিসীম কল্পনা শক্তি, সত্য উপলব্ধিৰ ক্ষমতা
আৰু গভীৰ অন্তৰ্দৃষ্টি৷ সাহিত্য অৱসৰ বিনোদনৰ সস্তীয়া মাধ্যম নহয়৷
সাহিত্য সমাজৰ দাবীৰ ওপৰত প্ৰতিষ্ঠিত৷ সমাজৰ প্ৰকাশ
আৰু প্ৰচাৰতে সাহিত্যৰ আবিৰ্ভাৱ৷ সমাজৰ ঘাত-প্ৰতিঘাতৰ সমস্যা পূৰণ উপকৰণেই সাহিত্যৰো
উপকৰণ৷ সাহিত্যই সমাজৰ কিম্বা জাতিৰ ধৰণ-কৰণ, চলন-ফুৰণ, জ্ঞান-বুদ্ধি, শিল্প-বিদ্যা,
যুঁজ-বাগৰ, বেহা-বেপাৰ, সভ্যতা-ভব্যতা এই সকলোবিলাক চিন-চাব পুথি-পাঁজিৰ বুকুত আখৰৰ
সাঁচেৰে আটোম-টোকাৰিকৈ সামৰি ৰাখে৷ সাহিত্যৰ দীপ্তিময় পোহৰে সমাজক অজ্ঞানতাৰ কলীয়া
আন্ধাৰৰ পৰা জ্ঞানময় আলোক-ৰাজ্যত উপনীত কৰোৱায়৷ সাহিত্যৰ মধুমৰ ৰসে সমাজক জীপাল কৰে৷
সাহিত্য সচেতনতাই জনকেন্দ্ৰিক ভাবধাৰৰ পুষ্টি সাধন কৰে৷ সাহিত্য মানুহৰ জীৱন আৰু সমাজ
সম্পৰ্কে বিভিন্ন বিবদমান চিন্তাধাৰাৰ প্ৰকাশৰ শক্তি৷ সাহিত্যহীন সমাজ পংগু আৰু বৰ্বৰ৷
সাহিত্যৰ আঁচলত ধৰি জাতি আগ বাঢ়ে৷ সাহিত্য জাতিৰ
জীৱনীশক্তিৰ পৰিচায়ক৷ সাহিত্য জাতীয় জীৱনৰ প্ৰতিকৃতি যাৰ মাজেদি জাতিৰ সভ্যতাৰ পৰম্পৰা
প্ৰতিভাত হয়৷ জাতীয় সাহিত্য হৈছে জাতিৰ আকৃতি-প্ৰকৃতি, স্বভাৱ-চৰিত্ৰ, গঢ়-গতি, উন্নতি-অৱনতিৰ
প্ৰদৰ্শক৷ এটা জাতিৰ ধৰ্ম, অৰ্থ, মোক্ষৰ বিষয়ে যি সাধনা তাক লৈয়েই সেই জাতিৰ সাহিত্য৷
এতেকে জাতীয় সাহিত্য জাতীয় জীৱনৰ প্ৰতিফলন৷ কোনো জাতিৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক,
আধ্যাত্মিক সৰ্বদিশৰ ভু জাতিটোৰ সাহিত্যৰ জৰিয়তে প্ৰাপ্ত হয়৷ সেয়েহে কোৱা হয় জাতীয়
সাহিত্য জাতীয় জীৱনৰ প্ৰতিধ্বনি৷
জাতীয় সম্পদৰ ভিতৰতো সাহিত্যই শ্ৰেষ্ঠ সম্পদ৷ সেয়ে
ই সবাৰো ঊৰ্ধ্বত৷ সাহিত্যক অতিক্রমি আন কোনো বিষয়েই অগ্ৰগামী হ’ব নোৱাৰে৷ ধন-জন, যশ-মান, ঐশ্বৰ্য-বিভূতি,
জ্ঞান-গৰিমা আদি যতবোৰ সম্পদ আছে সকলো প্ৰকাশ হয় সাহিত্যত৷ এই সবাৰো সাধনা আৰু সিদ্ধিৰ
হেতু সাহিত্য৷ সাহিত্যই জাতীয়ত্বৰ আচল চিনাকি; সাহিত্যই জাতীয়ত্বৰ প্ৰকৃত জীৱন৷ সাহিত্য
বিনে জাতিৰ অস্তিত্ব টিকিবৰ সম্ভাৱনা নাই৷ সাহিত্য অবিহনে জাতি আৰু জাতি অবিহনে দেশ
বৰ্তি থকা টান৷
দেশৰ আকাশত সাহিত্য ধ্ৰুৱতৰা৷ সাহিত্যই হৈছে দেশত
ঐক্য আৰু মংগল সাধনৰ প্ৰধান উপায়৷ সাহিত্য দেশৰ প্ৰাণ৷ পৃথিৱীৰ দেশ-দেশান্তৰত সংঘটিত
হোৱা বিপ্লৱ নাইবা সংস্কাৰ আদিও সাহিত্যৰ মাজেদিয়েই ফুটি উঠা দেখা যায়৷ সভ্য সাহিত্যৰ
প্ৰচাৰ গণতন্ত্ৰত নিতান্ত প্ৰয়োজনীয়৷
গতিশীল আৰু পৰিৱৰ্তনশীল এই জগতত সময়ৰ দিক্চৌ বাটত
মানুহৰ বাবে সমতা ৰক্ষাৰ প্ৰধান কবচ সাহিত্য৷ সু-সাহিত্যই সুস্থ মানসিক পুষ্টি সাধন
সম্ভৱপৰ কৰি তোলে৷ সাৰ্থক সাহিত্যৰ পৰা মানুহে জীৱন সম্পৰ্কে মূল্যৱান উপলব্ধি আৰু
অন্তৰ্দৃষ্টি আহৰণ কৰিব পাৰে৷ সাহিত্য এক শিল্প যাৰ আধাৰ মানৱীয় প্ৰেম৷ আনহাতে, সাহিত্য
এনে এক অজ্ঞেয় শক্তি, যি পৃথিৱীৰ শত ৰূপান্তৰ আনিব পাৰে, যি ৰূপান্তৰে জগত ধুনীয়া কৰিব
পাৰে৷
প্ৰকৃত সাহিত্যৰ ঘাই লক্ষণ মুক্তি৷ মানুহৰ মুক্তিৰ
সাধনা সনাতন সাহিত্যৰ বিষয়-প্ৰসংগ৷ স্বাধীনতাৰ প্ৰেৰণা, বন্ধনহীনতা, স্বচ্ছন্দতা নিহিত
হৈ থাকে তেনে সাহিত্যৰ কোঁহে কোঁহে৷ প্ৰকৃত সাহিত্যৰ চিৰাচৰিত ধৰ্ম হৈছে ৰস দান, আনুভূতিক
আলোড়নৰ আনন্দ দান, জ্ঞান দান, সত্য আৰু সুন্দৰৰ উপলব্ধি কৰোৱা৷ মানৱতাবোধ আৰু চিৰন্তন
মূল্যবোধ প্ৰকৃত সাহিত্যৰ মূল৷ সাহিত্যৰ উদ্দেশ্যই হৈছে মানৱক প্ৰকৃত মানৱীয় গুণত মহানভাৱে
পৰিশোধিত কৰি তোলা৷ প্ৰকৃত মানৱত্বৰ বিকাশ কৰি তোলাৰ ভাব, চিন্তা আৰু পৰিকল্পনাৰে আপ্লুত
হৃদয়নিসৃত সাহিত্যই অব্যৰ্থ অনুপ্ৰেৰণাৰে দেশ, জাতি, সমাজ, ব্যক্তিক মহত্ত্বলৈ, বিৰাটত্বলৈ
আগুৱাই নিব পাৰে৷
(উৎস পুথি : অসম সাহিত্য সভাৰ সুবচনী)
(পূৰ্বপ্ৰকাশ : ডিফু সাহিত্য সভাৰ পত্ৰিকা ‘মিৰজাংছিক’, ১৯৯৮-৯৯চন, সম্পাদনা কামিনী
দাস)
No comments:
Post a Comment