Friday, 13 February 2015

নিৰলাত কেতিয়াবা...

নিৰলাত নিজকে কেতিয়াবা সোধোঁ, মইনো কোন? মইনো কেতিয়া, কেনেকৈ, কৰ পৰা আহিলোঁ? মোৰনো আগ-গুৰি কত?

নল মৰে গজালি ওলায়৷ বংশলতাৰে বগুৱা বাই ওপৰলৈ গৈ থাকোঁ৷ আগুৱাই আগুৱাই এঠাইত ৰৈ যাওঁ৷ যেনেকৈ বিজ্ঞান শেষ হলেই ভেজা দিব লগা হয় বিশ্বাসত, ঠিক তেনেকৈ৷ তেতিয়াই আগতে শুনা কথা এষাৰ মনলৈ আহে আৰু তাকে মানি লোৱা যায়৷ কথাষাৰ এনেকুৱা আমাৰ তাহানিৰ এগৰাকী আজো-আইতা হেনো আহোম আছিল৷ সেই সুঁতিৰেই বৈ আহি এদিন আমি বা মই হলোঁহি৷

আমি শিৱসাগৰীয়া অসমীয়া৷ দিজৈখনাৰ ওপৰত গদাধৰ সিংহই সজোৱা শিলাসাঁকো, যি নিজেই আহোম যুগৰ এক অনবদ্য স্থাপত্য-কীৰ্তি, সেই ঐতিহাসিক দিজৈখনাৰ পাৰৰ মানুহ৷ শিৱসাগৰ বুলিলে এক ধৰণৰ গৌৰৱ (নে অহংকাৰ?) অহৰহ বুকুৰ মাজত লাগিয়ে থাকে৷ অসমীয়া মুছলমানৰ ইতিহাস, ঐতিহ্য ইত্যাদি অধ্যয়ন কৰিলে এইটো ওলাই পৰে যে উজনিৰ এই লোক-সমষ্টি বৰ্ণসংকৰহে৷ জাহ যোৱা পুৰণি প্ৰজাতি৷ নহলেনো শত শত বছৰৰ আগতে এজনীও মুছলমান মহিলা লগত ননাকৈ তেওঁলোকৰ বংশ বাঢ়িল কেনেকৈ? গম্ভীৰ প্ৰশ্ন৷ সহজ উত্তৰ৷

আহোমৰ পৰাই অসম (আহোম-অহম-অসম)৷ আহোমৰ পৰাই বিহু (ফি-হুং, ফি-হু, পি-হু, বি-হু, বিহু)৷ আহোমৰ পৰাই হুঁচৰি (ৰু-চেং-ৰি, ৰু-চে-ৰি, ৰু-চেৰি-হুঁচৰি)৷ আহোমৰ পৰাই অসমীয়া জাতি৷ আহোম যুগত সাধিত হোৱা জাতিগত সংশ্ৰৱ, সাংস্কৃতিক উপাদানৰ সময় আৰু সংহতিৰ ফলশ্ৰুতিতেইতো যৌগিক অসমীয়া সংস্কৃতি আৰু বৃহৎ অসমীয়া জাতি৷

চাওলুং চুকাফাৰ বংশজাত আহোমৰ সৈতে সেই মিলামিচা আজিও আমাৰ শাম কটা নাই৷ শহুৰ-শাহু ক্রমে শইকীয়া আৰু বৰা৷ উভয়ৰে আছে আহোম ৰজাই দিয়া বৃত্তিগত তথা মৰ্যাদাগত উপাধিৰে ঐতিহাসিক পৰিচয়৷ আহোমৰ ৰাজকীয় গোটত বিলীন হৈ পৰা লোক আছিল তেওঁলোকৰ পূৰ্বজসকল৷ ইফালে ভাই-বোৱাৰীজনীও হলগৈ আহোম কন্যা৷ আহোম ৰাজসভাৰ সৰ্বোচ্চ ক্ষমতাসম্পন্ন তিনিজনা মন্ত্ৰীৰ প্ৰথমজনা, বুঢ়াগোহাঁইৰ বংশধৰ জীয়ৰী৷

তেজে তেজক বিচাৰি ফুৰাৰ দৰে কথা৷ কোনোবাইযে লিখিছিল... অসমীয়া মুছলমানৰ কেৱল নামটোহে...
সাৰ কথা সেইটোৱেই৷


নিৰলাত বহি এনেকৈয়ে ভাবি পাওঁ কেতিয়াবা৷

No comments:

Post a Comment