Friday, 6 February 2015

আজিও মনত এই আফচোচটো ৰৈ গল যে ইমানখিনি ওচৰ চাপিও আমি লগ হব নোৱাৰিলোঁ৷... শনিবৰীয়া মোৰ আলহীত শ্ৰী সুপ্ৰিয় ৰয়ৰ দ্বাৰা লিখিত মোৰ বিদেশ ভ্ৰমণৰ অভিজ্ঞতা : আমেৰিকা আৰু কানাডাৰ এয়া সপ্তম খণ্ড৷
………………………
১২জুন৷ পুৱা ৮.৩০বজাত তৃতীয় দিনৰ কাৰ্যসূচীত লান্স পৰ্যন্ত অংশ ললোঁ৷ চেকেণ্ড চেচন নাচাওঁ বুলি বন্ধু ৰামবাবুৰ লগত প্ৰশান্ত মহাসাগৰৰ Huntington Beach, Santa Monica Beach আৰু Venic Beach চাম বুলি দক্ষিণ কেলিফৰ্ণিয়াৰ পিনে যাবলৈ এখন Safeway Taxiক ৰবলৈ ইংগিত দিলোঁ৷ টেক্সীখনে আমালৈ চাই ৰল৷ এইবাৰো পাকিস্তানৰ টেক্সীচালক মিষ্টাৰ আলী আমাৰ ভাগ্যত পৰিল৷ আমি Santa Monica আৰু Venic Beach প্ৰথমতে চালোঁ৷ প্ৰশান্ত মহাসাগৰ মোৰ চকুৰ আগত৷ কিতাপত পঢ়া, ডিচকভাৰী চেনেল বা ফিল্মত দেখাৰ বহু ব্যৱধান অনুভৱৰ সৈতে৷ সাগৰ তীৰত বহু ধৰণৰ খেলা-ধূলা৷ সময় কেনেকৈ যায় কবই নোৱাৰি৷ Santa Monica Beachত বহু ইংৰাজী কথাছবিৰ শ্বুটিং চলে৷ Beachৰ সৈতে City লাগি আছে৷ মানুহে খুব চাইকেল চলায়৷ ডেকা লৰা-ছোৱালীয়ে স্কেটিং কৰি এটা Beachৰ পৰা অন্য এটালৈ যায়৷ অলপ দূৰে দূৰে সংগীতৰ ব্যৱস্থা৷ গান শুনি দানৰ বাকচত এক-দুই ডলাৰ বৰঙণি হিচাপে সুমুৱাই দিব পাৰে৷ শেষত Huntington Beachত সময় কটাওঁ বুলি আহিলোঁ৷ আহি দেখিলোঁ, বিশাল এখন প্লে’টফৰ্ম৷ প্ৰশান্ত মহাসাগৰৰ কিছু ভিতৰলৈ সোমাই গৈছে৷ দুই পাৰে ধুনীয়াকৈ ৰেলিং দিয়া আছে৷ অলপ দূৰে দূৰে বহাৰ ব্যৱস্থা৷ কেলিফৰ্ণিয়াত ৮.৫০বজালৈকে বেলি ওলাই থাকে৷ সূৰ্য অস্ত যোৱাৰ সময়ত তাত বহি মহাসাগৰৰ তৰংগৰ বিভিন্ন ৰূপ প্ৰত্যক্ষ কৰাৰ এক অবিশ্বাস্য দৃশ্য মোৰ সন্মুখত উপস্থিত হল৷ কাষতে লৰা-ছোৱালীবোৰে Water Surfing কৰি আছে, দুঃসাহসিকভাৱে৷ কাষতে এটা অৱজাৰভেটৰীও আছে৷ ফ্ৰান্স, জাৰ্মানী, ইটালী আদি বিভিন্ন দেশৰ পৰা অহা জাহাজবোৰ তাৰ পৰা চাব পাৰি৷ প্লেটফৰ্মত মাছ ধৰাৰ ব্যৱস্থাও দেখিলোঁ৷ গীটাৰ বজাই গান গাই থকা মানুহো তাত দেখা পালোঁ৷

১৩জুন৷ কনফাৰেন্সৰ শেষ দিন৷ ১৬ তাৰিখে আমাৰ ঘূৰি যোৱাৰ দিন৷ গতিকে ঠিক কৰিলোঁ, ১৩ আৰু ১৪ত আমি বেলেগ ঠাই এখনলৈ যাম৷ হয় চানফ্ৰান্সিচকো, নহয় লাচ ভেগাচ৷ মই আৰু ৰামবাবুৱে সিদ্ধান্ত কৰিলোঁ, লাচ ভেগাচলৈ যাম, যিখন মহানগৰ City of entertainment, City never sleeps আৰু Sin city বুলি জনাজাত৷ বাছেৰে গলে প্ৰায় চাৰে ছয় ঘণ্টাৰ বাট৷ গতিকে সিদ্ধান্ত ললোঁ ফ্লাইটত যাম৷ এঘণ্টা দহ মিনিট লাগিব৷ ভাৰা ১৯১ডলাৰ, এজনৰ৷ ভাৰতীয় মুদ্ৰাত ১০,৬৯৬.০০টকা৷ ভাৰতত ১ঘণ্টা ১০মিনিটৰ ফ্লাইটৰ খৰচ খুব বেছি তিনিহাজাৰ টকা৷ কিন্তু পইচা খৰচ কৰিবলৈ বাধ্য৷ কাৰণ সময় কিনিবই লাগিব৷

১৩তাৰিখে ৰাতিপুৱা কেলিফৰ্ণিয়াৰ অৰেঞ্জ কাউণ্টিৰ John Wayane Airportৰ পৰা South West Airlinesৰ যোগেদি আমি Las Vegas অভিমুখে উৰা মাৰিলোঁ৷ আমেৰিকাত ঘৰুৱা বিমান পৰিৱহণ সেৱা খুব ভাল৷ Hospitalities in all respects৷ লাচ ভেগাচত এঘণ্টা দহ মিনিটত লেণ্ড কৰাৰ আগতে দেখা স্কাই ভিউটো লিখি বুজাব নোৱাৰিম৷ ইয়াৰ বৰ্ণনা কৰাটো মোৰ পক্ষে অসম্ভৱ৷ বিমানৰ পৰা ওলাই আহি লাউঞ্জত সোমালোঁ৷ পৃথিৱীৰ বিভিন্ন মানুহৰ ধল বৈছে এই মহানগৰখনলৈ৷ তাতে এটা কাউণ্টাৰলৈ চকু গল৷ সকলোৱে ফটো তুলি আছে৷ সুন্দৰকৈ সজোৱা ডাঙৰ বৰ্ড এখনত লিখা আছে Welcome to fabulous Las Vegas Nevada৷ সুধিলোঁ, ফটো এটা স্নেপত কিমান লাগিব? কাউণ্টাৰত থকা ছোৱালীজনীয়ে কলে দহ ডলাৰ৷ ছোৱালীৰ সৈতে পজ দিবলৈ হলে পোন্ধৰ ডলাৰ৷ বন্ধু আৰু মই দুয়ো দহ ডলাৰকৈ দি ফটো উঠিলোঁ৷ ভবা নাছিলোঁ যে সঁচাকৈ লাচ ভেগাচ গৈ পালোঁ৷ লাচ ভেগাচ বৰ খৰচী ঠাই৷ আমি তাত হোটেলত নাথাকিলোঁ৷ মটেল ছিক্সত থাকিলোঁ৷ তাত সকলো ব্যৱস্থাই আছে, কেৱল অলপ সৰু৷ আমি বহুকেইটা বিখ্যাত Casino যেনে Escalibar, Monte Carlo, Mandalay Bay, New York New York Hotel & Casinoৰ লগতে City টুৰ আৰু অন্যান্য ঠাই চাই শেষত MGM Casinoত আবেলি ৬.৩০মিনিটত সোমালোঁ৷ বিশাল এক ভূভাগৰ ওপৰত এই Casinoখন৷ কি নাই তাত? স্বৰ্গ দেখাত কেনে লাগে আমি নাজানো৷ কিন্তু মোৰ বোধেৰে এয়াই স্বৰ্গৰে ৰূপ৷ অলপ দূৰে দূৰে কিছুমান ষ্টেজ৷ বিভিন্ন ৰকমৰ মানুহৰ বিভিন্ন ৰকমৰ কাৰুকাৰ্য৷ Drinks Bar, Restaurent, Harley Davidsonৰ Bikeৰ Showroom, Water Fountain৷ ভাগৰ লাগিলে টিভি চোৱাৰ বিশাল ব্যৱস্থা আছে৷ বহু ঠাইত বিল্ডিং দেখিছোঁ৷ কিন্তু লাচ ভেগাচৰ বিল্ডিংবোৰ অতি আধুনিক৷ চাই থাকোঁতে এনে লাগে যে এইবোৰ মানুহেই সাজিছেনে? অলপ পিছতে ৰঙা, নীলা, হালধীয়া বিভিন্ন ৰঙৰ চিকিউৰিটি হেলিকাপ্তাৰকেইখন মূৰৰ ওপৰেদি উৰি যোৱাৰ দৃশ্য হলিউডৰ চিনেমাৰ দৰেই লাগে৷

Statue of Liberty, Ifel Tower আদিৰ দৰে পৃথিৱীৰ বিভিন্ন বিখ্যাত নিৰ্মাণসমূহৰ প্ৰতিকৃতি লাচ ভেগাচত আছে৷ লাচ ভেগাচখন এসময়ত মৰুভূমি আছিল৷ কিন্তু আমেৰিকানসকলে যি কথা ভাবে, সেইটোৱে কৰে৷ আমেৰিকানসকলে সিদ্ধান্ত লৈছিল যে লাচ ভেগাচক এনে ৰূপত নিৰ্মাণ কৰিব যে এদিন গোটেই পৃথিৱীৰ মানুহ মনোৰঞ্জনৰ বাবে ইয়ালৈ আহিব৷ এই কাৰণেই আজি লাচ ভেগাচৰ এই ৰূপ৷

আবেলি ৬.৩০বজাৰ পৰা পিছদিনা পুৱা ৫.২৫লৈ কেনেকৈ সময় পাৰ হৈ গল কবই নোৱাৰিলোঁ৷ প্ৰমাণ পালোঁ, সঁচাকৈ City never sleeps৷ তাৰ পৰা গলোঁ Freemont Streetলৈ৷ তাত আমি আগতে জীৱনত কাহানিও নেদেখা কিছুমান কাৰুকাৰ্যৰ প্ৰদৰ্শন দেখিবলৈ পালোঁ৷ ভাবিছিলোঁ লাচ ভেগাচৰ পৰা কলেৰাডো নদীৰ ওপৰেৰে Grand Canyon Tour কৰিম৷ কিন্তু সময়ৰ প্ৰতিবন্ধকতালৈ চাই সেই কাৰ্যসূচী বাতিল কৰিব লগা হল৷







(পৰৱৰ্তী অংশ অহা শনিবাৰে)

No comments:

Post a Comment