অচিনাকি-চিনাকি, চিনাকি-অচিনাকি
.এক. (অচিনাকি-চিনাকি)
দ্বিতীয় মহাযুদ্ধৰ সময়ত জাপানৰ আক্রমণ প্ৰতিহত
কৰিবলৈ আমেৰিকা আৰু মিত্ৰশক্তিয়ে অসমৰ দুৰ্গম পাটকাই পাহাৰ ভেদ কৰি লিডুৰ পৰা ব্ৰহ্মদেশ
হৈ চীনৰ কুনমিঙলৈ ১৭২৬কিল'মিটাৰ দৈৰ্ঘৰ এটা পথ নিৰ্মাণ কৰিছিল৷ ১৯৪২চনত সজা সেই ঐতিহাসিক পথটোৰ নাম ৰখা হৈছিল
ষ্টিলৱেল ৰ’ড৷
ইতিহাস বিজড়িত সেই ষ্টিলৱেল পথেৰে ম্যানমাৰৰ অন্তৱৰ্তী,
লে’ক অব ন’ ৰিটাৰ্ণলৈ যোৱাৰ প্ৰস্তুতি চলিছে
আমাৰ৷ ভ্ৰমণলৈ ওলোৱাৰ আগতে প্ৰস্তুতি ভাল হোৱা দৰকাৰ৷ দৰকাৰী লাম-লাকটুলৈকে লগত লোৱাটোৰ
সমানে সমানে অধ্যয়নো গুৰুত্বপূৰ্ণ৷ নহ’লে ভ্ৰমণ সফল নহ’বও পাৰে৷ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা, স্পাইৰেল বাইণ্ডিং
কৰি লোৱা ষ্টাডি মেটেৰিয়েলখিনি ইতিমধ্যে মস্ত এটা ফাইলত পৰিণত হৈছেই৷ দুটা ভাগত বিভক্ত
আমাৰ দহজনীয়া মাৰ্ক’ পল’ এডভেন্সাৰ টীমৰ যো-জা তুংগত
থকাৰ সময়তে হঠাতে আকৌ খবৰ পালোঁ, এখন নতুন কিতাপৰ৷ ষ্টিলৱেল পথ আৰু দ্বিতীয় মহাযুদ্ধৰ
কাহিনীক লৈয়ে কিতাপখন ৰচনা আৰু প্ৰকাশ কৰা হৈছে ডিচেম্বৰ ২০১২ত৷ গতিকে অৱশ্যেই পঢ়ি
ল’ব লাগিল৷ যাত্ৰাসংগী এজনৰ হতুৱায়ে
অনোৱালোঁ কিনাই, গুৱাহাটীত চলি থকা বুক ফেয়াৰৰ পৰা৷ লগে লগে পঢ়া আৰম্ভ৷ জানুৱাৰীৰ ঠাণ্ডা৷
ঘৰৰ ভিতৰত ঠেঁটুৱৈ ধৰে৷ হ’লেও উৎসাহতে ৰাতিপুৱা সোনকালে
উঠি যাওঁ৷ পিছফালৰ পানী উতলোৱা চালিখনৰ তলত জুইকুৰাৰ কাষত বহি একান্তমনে পঢ়িব ধৰিছোঁ৷
হাতত পেন্সিল এডাল বা কলম এটা৷ দৰকাৰী তথ্য পালেই আণ্ডাৰলাইন কৰোঁ৷ ছপা আখৰ নথকা ঠাইত
মনত দোলা দিয়া কিবা-কিবি কথা লিখিও পেলাওঁ ততালিকে৷ সঁচা পটভূমি আৰু এডভেন্সাৰধৰ্মী
কাহিনীটো ভাল লাগিছে৷ ইফালে বৃহৎ ভলিউমৰ কিতাপখনৰ
মুঠ পৃষ্ঠাৰ সংখ্যা ৫২৬৷ দিনে-ৰাতিয়ে পাত লুটিয়াইছোঁ যদিও সময়ৰ নাটনি হৈছেগৈ৷ গতিকে
আমাৰ ভ্ৰমণৰ লক্ষ্যস্থল পৰ্যন্ত পঢ়ি ল’লোঁ আৰু ১৯জানুৱাৰীৰ নিশাৰ ৰে'লত যাবলৈ ওলালোঁ৷ প্ৰসিদ্ধ আৰু বহুচৰ্চিত
‘ইণ্ডিয়ান বাৰ্মুডা ত্ৰায়েংগল’ৰ পৰা সুকলমে ঘূৰি আহি কিতাপখন
পুনৰ মেলি ল’লোঁ আৰু কাম-কাজৰ মাজে মাজে ধীৰে-সুস্থিৰে
পঢ়ি আগৰ ৰৈ যোৱা অংশটো শেষ কৰিলোঁ৷ পটভূমি পৰিভ্ৰমণ কৰি অহাৰ বাবে কাহিনীটো মোৰ বাবে
অধিক প্ৰাণস্পৰ্শী আৰু কল্পনা তথা ৰসস্বাদন কৰাত অতি সহজ হৈ পৰিল৷ শেষ কৰাৰ পিছদিনা অৰ্থাৎ
৫.৬.২০১৩ তাৰিখে কিতাপখনৰ এঠাইত উল্লেখ থকা লেখিকাৰ দূৰভাষ নম্বৰত এছ.এম.এছ. পঠালোঁ৷
মই : নমস্কাৰ গ্ৰহণ কৰিব৷ এটা পথক ভিত্তি কৰি আপুনি
ৰচনা কৰা '...' পঢ়ি বৰ ভাল লাগিল৷ জানুৱাৰী
মাহত মই লে’ক অব ন’ ৰিটাৰ্ণলৈ যাত্ৰা কৰাৰ আগে আগে
কিতাপখন কিনি আনি পঢ়িব আৰম্ভ কৰিছিলোঁ আৰু উক্ত অঞ্চল পৰ্যন্ত পঢ়ি দৰকাৰী কথাখিনি জানি
লৈছিলোঁ৷ ঘূৰি আহি আকৌ হাতত তুলি লৈ লাহে লাহে পঢ়ি কালি ৰাতি শেষ কৰিলোঁ৷ মাজে মাজে
বানান কেইটামান ভুল হৈ আছে৷ উল্লেখ কৰাৰ বাবে বেয়া নাপাব৷ হ’লেও আপোনাৰ প্ৰচেষ্টাক শলাগিবৰ
ভাষা মোৰ নাই৷ আপোনাৰ কষ্ট সাৰ্থক হৈছে৷ ৰাধাৰ মৃত্যু আৰু শুদা হাতে নিজ দেশলৈ উভতা
জৰ্জৰ কথা ভাবি বৰ দুখ লাগিল৷ বীৰছাক এঘোচা দিবলৈ মন গৈছিল মোৰ৷ '...'ক আপুনি টিভি চিৰিয়েল কৰাৰ
কথা ভাবিব পাৰে৷ আনহাতে লিডুৰ পৰা কুনমিঙলৈ ষ্টিলৱেল পথেৰে যোৱাৰ বাবে মোৰ বৰ ইচ্ছা
আছে৷ আপোনাৰ পৰা মই এই বিষয়ে জানিব বিচাৰোঁ৷ আন্তৰিক ধন্যবাদেৰে...
লেখিকা : আপোনাৰ মেচেজ পাই ভাল লাগিল৷ মোক প্ৰেৰণা
দিলে৷ আপুনি যোগাযোগ ৰাখিলে ভাল লাগিব৷
মই : উত্তৰ দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ৷ নিজৰ
নিৰ্বাচিত গ্ৰন্থ অধ্যয়ন কৰা মই এজন সামান্য পাঠকহে৷ পৰামৰ্শ দিয়া মানুহ নহওঁ যদিও
আন্তৰিকতাৰে কওঁ যে আপুনি কোনেও নভবা বিষয়-বস্তুৰে ধৈৰ্য সহকাৰে আগ বাঢ়িলে যিমান কষ্ট
হ’লেও সফল হ’বই৷ সৃষ্টিৰ প্ৰকৃত আনন্দও তাতেই৷
গৈ থাকক, নৰ’ব৷ শুভেচ্ছা থাকিল৷
লেখিকা : পুনৰ ধন্যবাদ৷ আপোনালোকৰ দৰে পাঠকেই আমাৰ
বাবে উৎসাহ আনে৷
.দুই. (চিনাকি-অচিনাকি)
দুৰ্গা পূজাৰ সময়৷ এইবাৰ ক’লৈ যাওঁ? মনস্থ কৰিলোঁ শ্বিলং,
চেৰাপুঞ্জী, মাউলিননং, ডাউকি, তামাবিল৷ লগত ওলাল পৰিবাৰ আৰু ওচৰৰে এক বন্ধু৷ ৩.১০.২০১৪
তাৰিখে মাউলিননং সোমাই ডাউকি পালোঁগৈ৷ গাড়ী ৰখাই ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ
জিৰ পইণ্ট পৰ্যন্ত খোজ কাঢ়ি গৈ চাই-মেলি উভতি আহি ঠিক গাড়ীত উঠিম আৰু৷ তেনেকুৱাতে ধূলি
উৰুৱাই ক্রীমৰঙী বলেৰ’ এখন আহি ৰ’লহি৷ আমি আৰোহীসকললৈ চালোঁ৷ তেওঁলোকেও
আমালৈ চালে৷ অচিনাকি৷ হ’লেও অসমীয়াই হ’ব যেন লাগিছে৷ তেওঁলোকক তাতে
এৰি আমি ঘূৰিলোঁ৷ সিদিনা মেঘালয় বন্ধ আছিল৷ ভোকটোৱেও বেয়াকৈ আমনি কৰিছিল৷ ডাউকিৰ মূল
পথ সংলগ্ন গলি এটাত হোটেল এখন খোলা দেখা পালোঁ৷ সোমাই দিলোঁ৷ তাতে পুৰী-ভাজি, চাহ-পানী
আদি পাই খাই আছোঁ৷ তেনেকুৱাতে অথনিৰ বলেৰ’খনৰ মানুহখিনিৰ আবিৰ্ভাৱ ঘটিল৷ তেওঁলোকৰো একে দশা৷ ভোক
লাগিছে৷ ইফালে দোকান-বজাৰ বন্ধ৷ তেওঁলোকেও খোৱাৰ বিষয়ে সুধিলে৷ অসমীয়া মাত-কথা ভাহি
আহিল৷ মোৰ কাষতে বহি পৰা কম বয়সীয়া ভদ্ৰমহিলাগৰাকীক পোনেই সুধি পেলালোঁ, ‘ক’ৰ পৰা আহিছে’ বুলি৷ ক’লে, ‘যোৰহাটৰ পৰা৷’ আমাকো সুধিলে, ‘আপোনালোক ক’ৰ’ বুলি৷ ক’লোঁ, ‘ডিফুৰ৷’ কথা সিমানেই৷ আমাৰ খোৱা হ’লত ‘আপোনালোকে খাওক দেই, আমি আগ বাঢ়োঁ’ বুলি ওলাই আহিলোঁ৷ বাটত তেওঁলোকৰ
দ্ৰুতগতিসম্পন্ন গাড়ীয়ে আমাৰ মাৰুতি টেক্সীখনক পিছ পেলাই চাওঁতে চাওঁতেই কেঁকুৰিত অদৃশ্য
হ’ল৷ আহি আহি এঠাইত বলেৰ’খন ৰৈ থকা দেখা পালোঁ৷ গাড়ীৰ
পৰা নামি ৰাস্তাৰ কাষত ৰৈ মেঘালয়ৰ পাহাৰৰ প্ৰাকৃতিক শোভা চোৱাত মগ্ন আটাইকেইজন৷ আমিও
ৰ’লোঁগৈ সেই ঠাইতে৷ বন্ধৰ পৰিপ্ৰেক্ষিতত
আন গাড়ী নাছিল৷ নামি গৈ আকৌ অথনিৰ গৰাকীকেই সুধিলোঁ, ‘যোৰহাটৰ ক’ৰ পৰা আহিছে আপোনালোক?’ ক’লে, ‘এটা পাৰ্টি মাজুলীৰ পৰা, এটা
পাৰ্টি ডিব্ৰুগড়ৰ৷’ বুজিলোঁ, তাৰ মানে দুটা পৰিয়াল
মিলি আহিছে৷ মহিলা দুগৰাকীক দেখাত বাই-ভনী যেনো লাগিছে৷ ‘আপোনালোক ক’ত আছে?’ ‘শ্বিলঙত৷’ ‘আপোনালোক?’ ‘শ্বিলঙতে, হোটেলত৷ কাইলৈ চেৰাপুঞ্জীলৈ
যাম৷ চেৰাপুঞ্জীলৈ গৈছেনে?’ ‘আগতেই গৈছোঁ৷ এইবাৰ নাযাওঁ আৰু৷
শ্বিলঙৰ পৰাই ঘূৰিম৷’ কথা পাতি থাকোঁতে মনটোৱে খুদুৱাইছে,
এই মানুহজনীক ক’ত দেখা পাইছোঁ, ক’ত দেখা পাইছোঁ! উত্তৰটো হ’লে ধৰি আনিব পৰা নাই৷ ‘আমি গৈ থাকোঁ, আপোনালোক আহিব
দেই৷’ এইবুলি বিদায় ল’লোঁ৷ ভদ্ৰমহিলাৰ মুখমণ্ডল মনৰ
পৰ্দাত অলপপৰ অহা-যোৱা কৰি থাকিল৷ উত্তৰ উলিয়াব নোৱাৰিলোঁ পিছে৷
.তিনি. (অচিনাকি-চিনাকি)
মেঘালয় ভ্ৰমণৰ পৰা আহি ঘৰ পোৱাৰ কেইদিনমানৰ পিছত৷
৯.১০.২০১৪ তাৰিখৰ দুপৰীয়া৷ ‘চাওকহিচোন কিবা এটা’ বুলি হঠাতে পৰিবাৰ উধাতু খাই ওচৰ পালেহি আৰু নিজৰ লেপটপটোত
সেই কিবাটো দেখুৱাবলৈ খৰখেদা লগালে৷ চাওঁগৈ যে স্ক্ৰীণত কেইখনমান ফটো৷ শ্বিলং-ডাউকি পথত
তোলা শেহতীয়া স্নেপ৷ সিদিনা আমি লগ পোৱা ভদ্ৰমহিলাগৰাকী দেখোন! তৎমুহূৰ্ততে কিতাপৰ আলমাৰীত
সুমুৱাই থোৱা '...'খন আনি জেকেটৰ চেকেণ্ড ফ্লেপত
থকা ফটোখনৰে সৈতে মিলাই চালোঁ৷ হয়তো, এই মানুহগৰাকীকে আমি সিদিনা ডাউকিত দেখিছিলোঁ,
চাহ দোকান আৰু ৰাস্তাৰ দাঁতিত লগ পাই কথাও পাতিছিলোঁ৷ ভালেহে মোৰ মনত তেতিয়া তোলপাৰ
লাগি আছিল, ক’ত পাইছোঁ ক’ত দেখিছোঁ ধৰণৰ ভাব এটাই৷ উত্তৰটো
লগে লগে উলিয়াব পৰা নাছিলোঁ৷ আজিহে পালোঁ৷ তেতিয়াই গম পোৱা হ’লে কত ধৰণৰযে ভাব বিনিময় হ’লহেঁতেন! নম্বৰটো কিতাপখনত আছিলেই৷ চয়-নিচয় কৰা যাওক বুলি
ততালিকে প্ৰশ্ন এটা এছ.এম.এছ. কৰি দিলোঁ৷
মই : আপুনি বাৰু ২অক্টোবৰ তাৰিখে ডাউকিলৈ গৈছিল
নেকি? অনুগ্ৰহ কৰি জনাবনে?
লেখিকা : অঁ গৈছিলোঁ৷ মই ভাবোঁ আপোনাক লগ পাইছোঁ৷
আপোনাৰ নম্বৰ মোৰ লগত ছেভ আছে৷ আপুনি '...' পঢ়ি এছ.এম.এছ. কৰিছিল৷
মই : ইস্, কি যে এক নাটকীয় মুহূৰ্ত! মই আপোনাৰ
লগত তেতিয়া কথাও পাতিলোঁ৷ কিন্তু চিনিব পৰা নাছিলোঁ৷ বিশেষ নুসুধিলোঁ অৱশ্যে৷ গতিকে
পায়ো হেৰুৱালোঁ৷ তাৰ বাবে এতিয়া মনত দুখ লাগি আছে৷ আজি অলপ আগতে মোৰ পৰিবাৰে ঘৰত কথাটো
উলিয়ালতহে খেয়াল হ’ল৷ লগে লগে আপোনাৰ কিতাপৰ পৰা
আপোনাৰ নম্বৰটো লৈ এছ.এম.এছ. পঠালোঁ৷ আপুনি হয় বুলিলত আৰু ইস্-ইসাই আছোঁ৷ ব্ৰাজিল
কেপ পিন্ধাজন মই আছিলোঁ৷ লগত পৰিবাৰ আৰু বন্ধু আছিল৷ আপুনি লিখি থাকিব৷ শুভেচ্ছা সদায়
আছে৷ ধন্যবাদ৷
লেখিকা : মোৰো আচৰিত লাগিছে৷ চিনাকি হ’ব পৰা হ’লে ভাল আছিল৷ লগ পাম দিয়ক৷ থেংকচ
ফৰ মেচেজ৷
.চাৰি. (চিনাকি-অচিনাকি)
'অচিনাকি-চিনাকি, চিনাকি-অচিনাকি' লেখিকাগৰাকী
হৈছে শ্ৰীমতী জুৰি বৰা বৰগোহাঞি৷ অসমীয়া উপন্যাস সাহিত্যৰ সম্প্ৰতি এইটো এটা পৰিচিত
আৰু সন্মানীয় নাম৷ তেওঁৰ 'লিড’লাম' উপন্যাসখনে কাহিনীৰ সাৱলীলতা, সংবেদনশীলতা, ভাষাৰ সুমিষ্টতা আৰু
বাস্তৱৰ অনুপুংখ বৰ্ণনা শৈলীৰে অনেকজন পাঠকৰ লগতে মোৰো মন জিনিবলৈ সক্ষম হৈছিল৷ মূৰামূৰি সময়ত হাতত পৰিছিলহি যদিও ঔপন্যাসিকাগৰাকীৰ
দীৰ্ঘদিনীয়া কষ্টসাধ্য পৰিশ্ৰমৰ ফচল 'লিড’লাম'ৰ পঠন ষ্টিলৱেল পথেৰে লে’ক অব ন’ ৰিটাৰ্ণলৈ চলোৱা ভ্ৰমণত মোৰ
বাবে বিশেষ সহায়ক হৈ পৰিছিল৷ অনুসন্ধিৎসুসকলে কিতাপখন পঢ়ি আনন্দ ল'ব পাৰে৷ চিনাকি-অচিনাকিৰ কথা নাই৷
No comments:
Post a Comment