Tuesday, 24 February 2015

মেৰিনাত হেৰুৱালোঁ মেৰিনাক
(ভ্ৰমণৰ ইটো-সিটো)


‘গুড মৰ্ণিং ছাৰ৷ মই মেৰিনা৷ আপোনালোকৰ আজিৰ চিটী টুৰৰ গাইড হিচাপে সেৱা আগ বঢ়াবলৈ আহিছোঁ৷ আপোনালোকক নিবলৈ হোটেলৰ ৰিচেপচন কাউণ্টাৰতে মই অপেক্ষা কৰিছোঁ৷ ছাৰ, আপোনালোক ৰেডীনে?’

পাতং প্ৰিমিয়াৰ ৰিজৰ্টৰ দ্বিতীয় মহলাত থকা আমাৰ ৰুমৰ ফোনটো হঠাতে বাজি উঠিল৷ ময়ে ধৰিলোঁ৷ অচিনাকি নাৰীকণ্ঠত এই কথাখিনি শুনা গ’ল৷ দিনটো আছিল ১.১০.২০১০৷

লগে লগে প্ৰমাণ এটা পালোঁ যে ইয়াত সময়ৰ মূল্য বুজে মানুহে৷ আগেয়ে বান্ধি থোৱামতেই কাটাই কাটাই হাজিৰ হৈছেহি আমাৰ গাইড৷ কালক্ষয় নকৰি ততাতৈয়াকৈ ৰুম বন্ধ কৰি আমিও নামি আহিলোঁ৷

লাহী দেহৰ, বগী, মৰম লগা ছোৱালী এজনী৷ আমাৰ গাইড৷ পৰিচয় বিনিময় হ’ল৷ নাম ক’লে, মেৰিনা৷ থাই মুছলিম৷ কথাৰ মাজে মাজেই তাই আমাক নি বাহিৰত থোৱা প্ৰকাণ্ড টয়টা কমুটাৰখনৰ দৰজা খুলিলেগৈ৷ সন্মুখৰ চিটত নিজেও বহিল৷ সোঁহাতে ড্ৰাইভাৰ৷ ইমান ডাঙৰ গাড়ীখনত মাথোন চাৰিজন যাত্ৰী৷ পিছৰ অংশ খালী৷ যাত্ৰা আৰম্ভ হৈ গ’ল৷ মোৰ লগত থকা ফুকেটৰ ডাঙৰ মেপ এখন মেলি লৈ ইটো-সিটো সুধিবলৈ, জানিবলৈ প্ৰয়াস কৰিলোঁ৷ আমাৰফালে ঘূৰি বুজাবলৈ ধৰিলে মেৰিনাই৷ দিনৰ দিনটো ইফালে-সিফালে ঘূৰাই ফুৰাই ফুকেটৰ চাবলগীয়া সমস্ত পৰ্যটনস্থলী আমাক দেখুৱালে৷ বৰ্ণনাও দি গ’ল ধুনীয়াকৈ৷ থাইবাসী ইংৰাজীত কেঁচা বুলিলে ভুল নহ’ব নিশ্চয়৷ পিছে এই কিন্তু সলসলীয়া৷ কাৰণ তাই টুৰিষ্ট গাইড৷ দেউতাকো স্থানীয় বিশ্ববিদ্যালয় এখনৰ প্ৰফেচৰ৷

ইতিমধ্যে আমাৰ মাজত বন্ধুত্বৰ ভাব এটাই ঠন ধৰি উঠিছিল৷ বন্ধুত্ব নহয়, তাতোকৈ ভ্ৰাতৃ-ভগ্নীৰ সম্পৰ্ক বোলাহে যুগুত হ’ব৷ যাত্ৰাটোত আমাৰ বাবে তাই হৈ পৰিল চিষ্টাৰ মেৰিনা৷ দিনটোৰ ঘূৰা-পকা বিয়লি এসময়ত স্তব্ধ হ’ল৷ বিদায়ৰ পৰত ঘপকৈ মোৰ মূৰত খেলালে এটা কথা৷ মেৰিনাৰ সৈতে নিজৰ কলমটো সলনা-সলনি কৰিব খুজিলোঁ৷ তায়ো হাঁহিমুখে মান্তি হ’ল৷ কাজেই মোৰটো তাইক দিলোঁ, তাইৰটো মই পালোঁ৷ গাঢ় নীলা ৰঙৰ মোৰ ইণ্ডিয়ান ডট পে’নটোৰে লিখি মেৰিনা সন্তুষ্ট হ’ল৷ যথাসময়ত আমাক হোটেলত নমাই ড্ৰাইভাৰসহ তাই নিজৰ অফিচ অভিমুখে প্ৰত্যাৱৰ্তন কৰিলে৷ এৰাএৰিৰ পিছতে ৰুমলৈ আহি তাই দিয়া আকাশী ৰঙৰ ধুনীয়া ডট পে’নটো মই পোনেই বেগত ভৰালোঁহি৷ যাতে নেহেৰায়৷ ব্যৱহাৰ কৰি ৰিফিল শেষ কৰাৰো সত নগ’ল৷ স্মৃতিচিন হিচাপে ঘৰ পোৱাবগৈ লাগিব৷ ঘৰত সকলোকে দেখুৱাবগৈ লাগিব৷ ঘৰ পোৱালোঁহিও৷ সকলোকে দেখুৱালোঁও৷ পিছে...

থাই ভ্ৰমণ সামৰি ঘৰত কেইদিনমানহে থাকিবলৈ পালোঁ৷ চেন্নাইলৈ যাবলগীয়া হ’ল৷ সেই আপাহতে সহযাত্ৰীসকলক এদিন দেখুৱাবলৈ নিলোঁ সুদীৰ্ঘ মেৰিনা বিচ্চ৷ আগফাল-পিছফাল, দুয়োকাষে কেইবাটাও পকেট থকা পেণ্টটোৰ পকেটত ভৰাই ল’লোঁ যাত্ৰাত সচৰাচৰ লগত থকা পকেট নোটবুকখন আৰু কলম৷ ডাঠ নীলা ৰঙৰ পেণ্টটোৰ দাঁতিৰ পকেট এটাৰ তলফালে চিলাই সুলকি ফুটা হৈ আছিল৷ মনেই কৰা নহ’ল৷ আমাক কঢ়িয়াই নিয়া এছ. মুকানৰ অট’ৰিক্সাখনৰ নম্বৰ আৰু চে’লফোনৰ নম্বৰটো নোটবুকত টুকি লোৱাৰ পিছত নিজৰ অলক্ষিতে কলমটো ভৰাই দিলোঁ সেই পকেটত! গ’ল কথা গুচিল৷ পিছৰ এপাকত কিবা এটা নোট কৰিবলৈ গৈ কলম বিচাৰি হায়ৰাণ৷ কলমটো দেখোন নাই! নাই মানে নায়েই৷ তেতিয়াহে দৃষ্টিগোচৰ হ’ল আপদীয়া ফুটাটো৷ সেইফালেদি সুৰকি কলম কেতিয়া ক’ত পৰিল গমেই নাপালোঁ৷ বৰ ভাল লিখিছিল কলমটোৱে৷ ইফালে-সিফালে ঘূৰি-পকি যিমান পাৰোঁ বিচাৰিলোঁ৷ নাপালোঁ৷ স্মৃতি বিজড়িত কলমটো মেৰিনা বিচ্চত সেইদিনা (২১.১১.২০১০) তেনেকৈ হেৰুৱাই বৰ দুখ লাগিল মনটোত৷ কিহে পাইছিল সেইটো লগত নিবলৈ? নিজৰ ওপৰতে খং উঠিল৷

এইফালে বংগোপসাগৰ৷ এইপাৰে চেন্নাই৷ সিফালে আন্দামান সাগৰ৷ সিপাৰে ফুকেট৷ চেন্নাইৰ পৰা সমুদ্ৰৰ ঢৌৱে কোবাই নি আকৌ ফুকেট পোৱালেগৈ নেকি বাৰু মেৰিনাই দিয়া কলমটো? মেৰিনাত মেৰিনাক হেৰুৱাই এতিয়াও কেতিয়াবা এইদৰেই ভাবোঁ৷

No comments:

Post a Comment