Sunday, 8 February 2015

কৰিবলগীয়া কাম...

পৰ্যটন আৰু বিহু৷ অসম সাহিত্য সভাৰ কলিয়াবৰ অধিৱেশনথলীৰ 'গ্ৰন্থ উৎসৱ'লৈ ওলাওঁতে ঘৰতে ভাবি গৈছিলোঁ, এইবাৰ এই দুই বিষয়ক গ্ৰন্থহে বিচাৰিম আৰু পালে পকেটৰ শকতিলৈ চাই কেইখনমান কিনিম৷

বিহু বিষয়ক গ্ৰন্থ গোটোৱাটো মোৰ আগৰে পৰাই এটা চখ৷ তদনুৰূপ কিতাপৰ হিচাপ আগতে আঙুলিৰ মূৰত লেখিব পৰা বিধৰ আছিল৷ এতিয়া বাঢ়িছে৷ কথাটো ভাল লাগিছে৷ বিহু বিষয়ক কিতাপবোৰ আন ভাষালৈ অনূদিত হোৱাটো বিচাৰোঁ৷

একে কথা পৰ্যটন বিষয়ক কিতাপৰো৷ লাহে লাহে এই দিশতো লেখকসকলে মনোনিৱেশ কৰিব ধৰিছে৷ এইটো সঁচা যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ পৰ্যটনথলী ইমানেই আছে, একাদিক্রমে উল্লেখ কৰি গলে তালিকা অতি দীঘলীয়াই হব৷ চিত্ৰ-মানচিত্ৰ সম্বলিত পূৰ্ণাংগ একত্ৰ সংকলন এখন কিন্তু আজিও নাই বুলিলে ভুল নিশ্চয় নহব৷ অত-তত সিঁচৰতি হৈ থকা কেতবোৰ লেখা পঢ়িবলৈ পাওঁ৷ কোষ-গ্ৰন্থ কিছুমানত কিছু কথা পোৱা যায়৷ তথাপিও বৰ্ণনা সীমিত, তথ্য অসম্পূৰ্ণ৷ সেইখিনিয়ে মানসিক ক্ষুধা নিবাৰণ কৰিবলৈ সক্ষম নহয়৷ ইফালে থাউকতে পাওঁ নেকি চাওঁ বুলি গুগুল খুঁচৰোঁ৷ সেয়াও মনঃপূত নহয়৷ বিতং তথ্যৰ অভাৱ স্পষ্ট৷ বিচৰাটো বহু সময়ত নাপাওঁ৷ তথ্যৰ বিসংগতিও থাকে৷


কিতাপ-পত্ৰ লিখি, প্ৰকাশ কৰি ভাল পোৱা লোকসকলে সেই সেই দিশবিলাকত স্থায়ী আৰু উৎকৃষ্ট কাম কৰিবলৈ ক্ষেত্ৰ এতিয়াও খালী হৈ আছে বুলি ভাবোঁ৷

No comments:

Post a Comment