বীৰেন সিংহ আৰু ছামছিং হাঞ্চে,
এটা কম্বিনেশ্বন
বীৰেনদাৰ আখৰকেইটা চকুৰ আগত দেখিয়েই মোৰো মনৰ ভিতৰত
কিবা এটা জাগিল৷ ধুমধাম টাইপ মাৰিবলৈ লাগি গ’লোঁ৷ বীৰেনদাই শিৰোনাম দিছে... ‘আনন্দতো বিষাদতো ছামছিং হাঞ্চে’৷ এ-ফ’ৰ চাইজৰ বগা কাগজৰ এপিঠিত ক’লা আৰু মাজে মাজে নীলা চিয়াঁহীৰে
ওঠৰ পৃষ্ঠা! তৎসত্ত্বেও আৰু ঢেৰ কথা থাকি গ’ল হেনো! থাকিবই৷ বীৰেনদা আৰু হাঞ্চেদাৰ সম্পৰ্কৰ বিষয়ে
আমি জানো৷ হাঞ্চেদা ঢুকাই গ’ল৷ হ’লেও আজিও তেওঁ ‘হিয়াৰ আমঠু’ হৈ ৰ’ল বীৰেনদাৰ৷ হৈ ৰ’বও চিৰদিন৷ কাৰণ আছে৷ তাক জানিবলৈ
সম্পূৰ্ণ লেখাটো পঢ়িব লাগিব৷ বা বাট চাব লাগিব কিতাপখন হৈ উঠালৈ৷
বীৰেনদা মানে বীৰেন সিংহৰ কথাই কৈছোঁ৷ বেলেগ পৰিচয়
আৰু নালাগে৷ বগা কাগজ এখনত বীৰেনদাই পেন্সিলডালেৰে সামান্য আঁক এডাল মাৰিলেই কিবা ছবি
ছবি যেন লাগি যায়৷ মই তেওঁৰ সান্নিধ্য, সাহচৰ্য পাইছোঁ৷ কিছু কথা শিকিছোঁ৷ তেৰাং ছাৰৰ,
মানে ৰংবং তেৰাং ছাৰৰ ‘নে লুন নে লামথে : স্মৃতিৰ পাপৰি’ কিতাপখন কৰাৰ সময়ত বীৰেনদাক
মোৰ নিচেই কাষতে ঘণ্টাৰ পিছত ঘণ্টা ধৰি পোৱাৰ সৌভাগ্য হৈছিল৷ মুহূৰ্তবোৰ পাহৰিব নোৱাৰি৷
তেতিয়াই শিল্পী মানুহৰ সৃষ্টি-চিন্তা কেনেকুৱা, দৃষ্টি কেনেকুৱা, পছন্দ কেনেকুৱা, শৈল্পিক
চেতনা কি বস্তু, সেয়া অকণমান গম পাইছিলোঁ৷ তেওঁ কেনেকৈ পেন্সিলডাল ধৰে, তেওঁ কেনেকৈ
অংকন আৰম্ভ কৰে, শেষ কৰে, তেওঁ ক’ব নোৱাৰাকৈয়ে মই খুব মনোযোগেৰে আৰু নীৰৱে নিৰীক্ষণ কৰি থাকোঁ৷
‘ছামছিং হাঞ্চে : কৃতি আৰু কৃতিত্ব’ সম্পৰ্কীয় বৃহৎ ভলিউমৰ গ্ৰন্থ
এখনৰ বাবে বীৰেনদাক লিখিবলৈ দিয়া হৈছিল৷ বীৰেনদাই অকপটে লিখিছে, কিদৰে তেওঁ ১৯৭৯ চনত
তাৰাবাচাত অনুষ্ঠিত কাৰবি যুৱ মহোৎসৱত ছবি আঁকিবলৈ আহিছিল, কিদৰে তেওঁ ডিফুলৈ আহিল,
কিদৰে তেওঁ ছামছিং হাঞ্চেৰ সাক্ষাৎ পালে, কেনেকৈ তেওঁৰ জীৱন সলনি হ’ল হাঞ্চেদাক লগ পাই, ইত্যাদি
ইত্যাদি৷ আনহাতে, ‘ছেৰদিহুন কলা নিকেতন’ খোলাৰ সময়ৰে পৰাই ডিফুত এই ‘ডাঢ়িয়া আৰ্টিষ্ট’জনক দেখা মোৰ স্পষ্টকৈ মনত আছে৷
বীৰেনদাৰ হাতখন আৰু কামবোৰ মোৰ ভাল লাগে৷ কেৱল
দীঘলী পুখুৰীৰ পাৰৰ ‘ভূপেন হাজৰিকাটো’হে...! সেই বিষয়ে গুৱাহাটীৰ ঘৰত
মুখামুখিকৈ তেওঁক এবাৰ সুধিয়ে পেলাইছিলোঁ, মোৰ কৰ্মস্থলীটো কথাটো ওলাইছিল, কিয় তেনেকুৱা
হ’ল বুলি৷ উত্তৰত ভিতৰুৱা কথা কিছুমান
ক’লে৷ ভাস্কৰ্যটো লৈ হেনো তেওঁৰ
মনতো জীৱনলৈ এটা অসন্তুষ্টি থাকি গ’ল৷
সি যি কি নহওক, দাদাৰ সুন্দৰ হাতৰ আখৰৰ দীঘল লেখাটো
টাইপ মাৰি যাওঁতে এনে লাগিছে, যেন পুনৰবাৰ দুজন পৰস্পৰ পৰম-মিত্ৰ মানুহক নিচেই কাষৰত
পাইছোঁ৷ এক. বীৰেন সিংহ, দুই. ছামছিং হাঞ্চে৷ কিযে এক কম্বিনেশ্বন! সেই কম্বিনেশ্বনৰ সুফল আমি পাই আছোঁ৷ আনহাতে মোৰ ব্যক্তিগত জীৱনত এই দুয়োজনৰে
যৎসামান্য হ’লেও সামান্য হ'লেও প্ৰভাৱ একোটা আছে বুলি
মনে মনে কেতিয়াবা ভাবোঁ৷
No comments:
Post a Comment