মহাদেৱৰ সন্ধানত এদিন...
(গল্প নহয়, সত্য)
‘ব’ল যাম’৷ শিৱভক্তসৱৰ শাওণমহীয়া ‘ব’ল ব’ম’ৰ অপভ্ৰংশ বুলিব পৰা এই দুটা মোৰ বৰ প্ৰিয় শব্দ৷ ব'ল যাম ...এই শব্দ দুটাত ইমানেই ফ’ৰ্চ, মানে শক্তি আছে যে তাক ভাষাৰে বুজাব নোৱাৰিম৷ আজিও এই শব্দ দুটাই মোক টানি ফুৰে, খেদি ফুৰে, লৈ ফুৰে৷ ব’ল যাম বুলিলে ৰক্ষা নাই আৰু৷
যোৰহাটৰ পূব প্ৰান্তৰ গোহাঁই টেকেলাৰ মুখতে থাকোঁ তেতিয়া, মেচ কৰি৷ একে ঠাই ডিফুৰে আমি চাৰিটা৷ সৰুৰে পৰা একেলগেই খেলা-ধূলা কৰি ডাঙৰ-দীঘল হোৱা৷ ওচৰা-ওচৰি ঘৰ৷
শিৱৰাত্ৰিৰ দিন৷ শিক্ষানুষ্ঠান বন্ধ৷ দুপৰীয়া ভাত-পানী খাই উঠিছোঁ মাত্ৰ৷ তেনেতে ওলাল এই দুটা শব্দ... ব’ল যাম৷
পিছে ক’লৈ?
গৰখীয়া দ’ল৷
এখন প্ৰাচীন দেৱালয়৷ অসম বুৰঞ্জীত উল্লেখ নাই বুলি কয়৷ এই দ'ল বা দেৱালয় জাগ্ৰত বুলি বিশ্বাস কৰা হয়৷ নামঘৰ আৰু মণিকূট থকাটো ইয়াৰ বৈশিষ্ট্য৷ ইয়াত থকা উঁই-হাফলুৰ দ'লটো চৈধ্য-পোন্ধৰ ফুটমান ওখ। হাফলুত মাজে মাজে এযোৰ ফেটী সাপে দেখা দিয়ে৷
যোৰহাটৰ ঐতিহ্যমণ্ডিত শিৱ মন্দিৰ গৰখীয়া দ’ল৷ দ'ল থকা ঠাইখিনি এসময়ত জন্তুৰ চৰণীয়া পথাৰ আছিল৷ স্থানীয় গৰখীয়াবিলাকে গোট খাই গৰু চৰোৱাৰ পুৰণি কাহিনী আছে৷ মুখিয়াল গৰখীয়াই বালিৰ দ'ম সাজি ফৰিং বলি দি প্ৰতিদিনে পূজা সমাপন কৰিছিল তাত৷ দ'মটো দিনে দিনে বাঢ়ি উঠা দেখি গঞাই এটা শিৱ মূৰ্তি প্ৰতিষ্ঠা কৰিলে৷ আহোম স্বৰ্গদেউ শিৱসিংহৰ দিনত এতিয়াৰ পৰা ৪০০বছৰতকৈও আগতে এই দ'ল প্ৰতিষ্ঠা হৈছিল৷ তেতিয়াই ইয়াত প্ৰথমে বলি দিয়া হৈছিল৷ দ'লৰ মাহাত্ম্য বিশ্বাস কৰি বেমাৰে-আজাৰে, দুখে-আপদে বিধান বিচাৰি মানুহে শ্ৰদ্ধাসহকাৰে দ'ললৈ মাননি আগ বঢ়ায়৷ লোক-বিশ্বাস মতে এই মন্দিৰত আশীৰ্বাদ ল’লে মনোবাঞ্ছা পূৰণ হয়৷ শিৱৰাত্ৰিত অষ্টপ্ৰহৰ শিৱ পূজা হয় ইয়াত৷
নামটো শুনিছোঁ, পঢ়িবলৈও পাইছোঁ৷ দেখাগৈ হ'লে নাই৷ সেয়ে মনত অদমনীয় কৌতূহল৷ কোনফালেদি যায় তাকো নাজানো৷ যোৰহাটত দুবছৰ থাকি, জে.বি.ত প্ৰাক-বিশ্ববিদ্যালয় বিজ্ঞান পঢ়ি কিডালনো অভিজ্ঞতা সঞ্চয় কৰিলে নাজানো, গৌতমে ওস্তাদি মাৰি ক’লে, ‘মই জানো’ বুলি৷ তথাস্তু বুলি চাৰিওটাই নিজৰ নিজৰ চাইকেল চাৰিখন বাহিৰ কৰি ঘৰত তলা মাৰি দিলোঁ৷ কেৰিয়াৰত বজাৰ কৰা মোনা৷ মেচত থকা ল’ৰাৰ ধাণ্ডাই তেনেকুৱা৷ কেনিবা সস্তাত ৰঙালাওটো, জাতিলাওটো পাৱেই কিজানি! মেচ ডিউজটো অলপ বাচে৷
ষ্টাডি আৰু ওস্তাদি৷ এই দুই শব্দৰ মাজৰ পাৰ্থক্য আকাশ-পাতাল৷ তৎসত্ত্বেও ষ্টাডি নকৰাকৈ, অভিজ্ঞতা নথকাকৈ ওস্তাদি মৰা মানুহেই বেছি৷ গৌতমকো এটা সময়ত তেনেকুৱা যেনেই লাগিল মোৰ৷ তাৰ ডিৰেকচনমতে গৈ আছোঁ, গৈ আছোঁ৷ চেউনি আলিত উঠি আহি ভোগদৈ পাৰ হৈ টাউন সোমাওঁতেই পোৱা এটা ৰাস্তাৰে সোঁহাতে ঘূৰিলোঁ৷ ৰজামৈদাম হৈ জনপদৰ পৰা অনেক নিলগ পালোঁগৈ৷ হ’লেও দ’লটো নাপাওঁহে নাপাওঁ৷ বাট নিচিনি বাটৰুৱাক অৱস্থান সুধিব লগা হ’ল 'আমি আছোঁ ক'ত', ‘গৰখীয়া দ’লটো কেনি’ বুলি৷ এইবাৰ অচিনজনৰ তৰ্জনীৰ নিৰ্দেশ মানি গৈ আছোঁ৷ এটা সময়ত গাঁৱৰ ওখোৰা-মোখোৰা কেঁচামাটিৰ ৰাস্তাৰে চাইকেল আগুৱাইছে৷ ফাগুনৰ কৃষ্ণপক্ষৰ চতুৰ্দশীৰ সন্ধিয়া নামি আহিছে৷ গৰখীয়া দ’ল নোলায়হে নোলায়৷ বহুত আগ বাঢ়ি গৈ আকৌ এঠাইত ৰৈ সুধিবলৈ বাধ্য হ’লোঁ৷ জনা কোনোবা এজনে প্ৰায় খঙেৰেই ক’লে, ‘এইফালে ক’লৈ গৰখীয়া দ’ল বিচাৰি আহিছে? এই দিশে গ’লে ককিলামুখ পাবগৈ৷ এইখিনি ভিতৰ ককিলা৷ অহা বাটেৰেই ঘূৰক৷ ইমানখিনি ঘূৰি এনেকৈ-তেনেকৈ যাব৷ তেতিয়াহে পাবগৈ৷’ বাধ্য ছাত্ৰৰ দৰে কথা মানি তৎক্ষণাতে পিছমুৱা হ'বলৈ উদ্যত হ’লোঁ৷ মহাদেৱক বিচাৰি ভাগ্যে যেনিবা ব্ৰহ্মপুত্ৰ নপৰিলোঁগৈ!
বাঁহতলে, গৰুবাটে চকা ঘূৰিছে এইবাৰ৷ ভাবিলোঁ, দেউৰ প্ৰসাদ পেটত পৰাই নাই, ইফালে নিচা লাগিলেই নেকি? বাট হেৰুৱাই কোনোবা ধুবুৰী ওলাইছোঁহি দেখোন! ভাল পৰুৱাই পালে দেই আজি৷
সন্ধিয়া বাগৰি গৈ গোটেইখন অন্ধকাৰ হৈ পৰিছিল৷ অনেক ঘূৰি-পকি এসময়ত পকা ৰাস্তা এটাত উঠিলোঁহি৷ আকৌ আক-তাক সুধি-মেলি পাই গ’লোঁ লক্ষ্যস্থান, গৰখীয়া দ’ল৷ তেতিয়াহে স্বস্তি৷ চাইকেলকেইখন ষ্টেণ্ড কৰি গুৰুগম্ভীৰ ভাবত, ভক্তিত গদগদ হৈ চাৰিভক্ত প্ৰৱেশিলোঁ চৌহদৰ ভিতৰত৷ ঘূৰি-পকি চৌপাশ, নামঘৰ, মণিকূট নিৰীক্ষণ কৰিলোঁ৷ চাকিৰ পোহৰে তেতিয়া উজলাই তুলিছে দ’ল প্ৰাংগণ৷ চাকিৰ ধোঁৱা, ধূপ-ধুনাৰ ধোঁৱা, ফুল-বেলপাতৰ লগতে প্ৰসাদৰ সুবাসে প্ৰাণলৈ শক্তিৰ সঞ্চাৰ কৰা পৰিৱেশ৷ শিৱ আৰু শক্তিৰ মিলন এই মহাশিৱৰাত্ৰি৷ কাজেই কিবাকিবি অলপ সংগ্ৰহ কৰি ল’লোঁ৷ অৱশ্যে তৎমুহূৰ্ততে গ্ৰহণ কৰাত আগতীয়াকৈ নিষেধাজ্ঞা আৰোপ কৰা আছিল৷ এতেকে ঘৰ, মানে মেচত গৈ পাইহে কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব৷
গৰখীয়া দ’ল দৰ্শন কৰাৰ পিছত উভতনি বাটৰ সন্ধান ল'লোঁ৷ উত্তৰ দিশৰ প্ৰায় পাঁচ কিল'মিটাৰ অাঁতৰৰ বালিগাঁৱৰ পৰা সৰ্বাইবন্ধা, ভোগদৈ নৈ পাৰ হৈ মালৌ আলিৰে দৈনিক জনমভূমিৰ আগেদি যোৰহাট টাউন ওলালোঁহি৷ পুটুককৈ পোৱা যেন লাগিল৷ আচল ৰাস্তাটো সেইটোহে বুলি পিছতহে বুজিলোঁ৷ তাৰ লগে লগে ওস্তাদেও মনত থাকি যোৱাকৈ এজাউৰি শুনিব লগা হ’ল বাকী তিনিটাৰ পৰা৷ সি যি কি নহওক, ভোলানাথৰ দৰ্শন আমি পালোঁ৷ ত্ৰিলোচনেও আমাক দেখিলে৷
প্ৰসাদ লৈ আনন্দমনে সুহুৰিয়াই সুহুৰিয়াই চাইকেল মাৰি আহি আছোঁ৷ নিৰ্মল চাৰিআলি পাইছোঁহি৷ শিৱসাগৰ-যোৰহাট লিখা বাছ এখন এ.টি. ৰ’ডৰ দাঁতিত ৰ’ল৷ চিনি পালোঁ, পৱিত্ৰ, প্ৰমোদ, মুকুল, ৰাজেন আদি আমাৰ লগৰ চোকা ল’ৰাকেইটা৷ এটা এটাকৈ বাছখনৰ পৰা নামিছে সিহঁত৷ নিশ্চয় শিৱদ'লত দেৱাদিদেৱ মহেশ্বৰক আৰাধনা কৰি আহিলগৈ 'ফাৰ্ষ্ট ক্লাছ পোৱাই দিয়া' বুলি৷ হাতত খবৰ কাগজেৰে মেৰিওৱা টোপোলা৷ কাষ চাপি কথা পতাত পৱিত্ৰই বুঢ়া গোসাঁইৰ পৱিত্ৰ প্ৰসাদৰ ভাগ কিছু লগে লগে দিয়েই দিলে৷ লাড়ুকেইটা ভালকৈ পকেটত ভৰাই ল’লোঁ৷
ঘৰ পাই হাত-মুখ ধুই ভোলাবাবাৰ নৈবেদ্যত কামোৰ বহুৱালোঁ৷ ভাত-পানী খালোঁ৷ গাটো কিবা ৰাইজাঁই কৰা যেন লাগিছিল৷ পিয়াহো লাগিছিল৷ পানী খালোঁ, শুৱাৰ চেষ্টা কৰিলোঁ৷ মূৰৰ অভ্যন্তৰত লাহে লাহে ত্ৰিশূলধাৰীৰ ডম্বৰু বাজি উঠিল৷ তিনিদিন ধৰি অখণ্ড ৰূপত বাজিয়েই থাকিল৷ চলি থাকিল নটৰাজৰ তাণ্ডৱ নৃত্য৷
মহাদেৱৰ আচল সন্ধান তেতিয়াহে পালোঁ৷

(তাৰ পিছত কি হ’ল? তাৰ পিছত যি হ’ল সেয়া এইটো শিৰোনামত নহ'ব৷)
.................................................................................
গৰখীয়া দ’ল সম্বন্ধে ৱিকিপেডিয়াৰ পৰা সংগৃহীত তথ্য… ‘গৰখীয়া দ'ল বা গৰখীয়া দৌল যোৰহাট নগৰৰ উত্তৰে প্ৰায় পাঁচ কিলোমিটাৰ আঁতৰৰ বালিগাঁৱত অৱস্থিত এখন প্ৰাচীন দেৱালয়৷ অসম বুৰঞ্জীত ইয়াৰ উল্লেখ নাই যদিও এই দ'ল জাগ্ৰত বুলি জনবিশ্বাস আছে৷ গৰখীয়া দ'লৰ নামঘৰ আৰু মণিকূট থকাটো উল্লেখযোগ্য। ইয়াত থকা উঁই-হাফলুৰ দ'লটো চৈধ্য-পোন্ধৰ ফুটমান ওখ।
কাহিনী অনুসৰি অতীজতে এই ঠাইত এখন গৰু চৰোৱা আহল-বহল পথাৰ আছিল৷ প্ৰতিদিনে স্থানীয় গৰখীয়াবিলাকে গোট খাই তাত গৰু চৰাইছিল৷ তাতে এজন মুখিয়াল গৰখীয়াই নিতৌ বালিৰ দ'ল সাজি ফৰিং বলি দিয়াৰ ব্যৱস্থা কৰিছিল৷ দৈনিক এজন গৰখীয়াৰ ফৰিং ধৰি অনাৰ পাল আছিল আৰু দ'লৰ আগত বিৰিণাৰ পাতেৰে সেই ফৰিং বলি দি গৰখীয়াৰ নিত্য পূজা সমাপন কৰি ঘূৰি গৈছিল৷ এদিন পাল পৰা এজন গৰখীয়া ল'ৰাই ফৰিং ধৰি নানিলে; আৰু বলি দিবৰ সময় হোৱাত গৰখীয়াই ক'লে, তেওঁ ফৰিং আনিব নোৱাৰিলে, গতিকে দ'লৰ আগত তেওঁকেই বলি দিয়ক৷ গতিকে ফৰিং বলি দিয়াৰ দৰেই বিৰিণা পাতেৰে এজন ল'ৰাই তেওঁৰ ডিঙিটোত ৰেপ দিলে৷ আচৰিত কথা যে বিৰিণা পাতৰ ঘঁহনি খাই ল'ৰাজনৰ ডিঙিটো দুটুকুৰা হ'ল৷ তেতিয়া সকলো গৰখীয়া ল'ৰাই চিঞৰ-বাখৰ কৰি গাঁৱৰ মানুহক জনালে৷ গাঁৱৰ মানুহে এনে আচৰিত কাণ্ড দেখি এই ঠাইত দেৱতা আছে বুলি সেই বালিৰ দ'ল আৰু বলি দিয়া ঠাই তেতিয়াই তাঁতি দি বেৰি পেলালে৷ পাছদিনা পুৱা দেখে যে সেই ঠাইত বালিৰ দ'লৰ ঠাইত উঁইহাফলুৰ দৰে এটা দ'ল হৈ আছে৷ দিনে দিনে সেই দ'ল বাঢ়ি উঠা দেখি গাঁৱৰ ৰাইজে তাত এটা শিৱ মূৰ্তি প্ৰতিষ্ঠা কৰি এটা মন্দিৰ নিৰ্মাণ কৰিলে৷
প্ৰবাদমতে শিৱসিংহ ৰজাৰ দিনত প্ৰথমে ইয়াত বলি দিয়া হৈছিল।
প্ৰতি বছৰে এই দ'লত শিৱৰাত্ৰিৰ অষ্টপ্ৰহৰ শিৱ পূজা হয়। হাফলুটোত উঁই থকাৰ চিন নাই কিন্তু তাত এযোৰ ফেঁটীসাপ মাজে মাজে ওলোৱা দেখা যায়। মানুহে দ'লৰ মাহাত্ম্য বিশ্বাস কৰি বেমাৰে-আজাৰে দুখে-আপদে দ'ললৈ মাননি দিয়ে৷’
আন এক সূত্ৰ পৰা… ‘ঐতিহ্যমণ্ডিত যোৰহাট গৰখীয়া দ’ল বা যোৰহাটৰ ঐতিহ্যমণ্ডিত শিৱ মন্দিৰ গৰখীয়া দ’ল… আজিৰ পৰা প্ৰায় ৪০০বছৰৰ আগতে আহোম ৰজা শিৱ সিংহৰ দিনতে এই মন্দিৰ স্থাপন কৰা হৈছিল৷ উল্লেখ্য যে এই মন্দিৰত শিৱৰাত্ৰিত অসমৰ বিভিন্ন জিলাৰ পৰা অহা ভক্তৰ সমাগম হোৱাৰ উপৰি প্ৰতি সোমবাৰে বহু ভক্তৰ সমাগম হয়৷ লোক-বিশ্বাস মতে এই মন্দিৰত আশীৰ্বাদ ল’লে মনৰ বাঞ্চা পূৰণ হয়৷ সেয়েহে উক্ত সমাগমৰ প্ৰতি লক্ষ্য ৰাখি মন্দিৰ পৰিচালনা সমিটিয়ে আলহী জিৰণী চ’ৰা নিমাণ কৰি আছে৷’

No comments:
Post a Comment