Thursday, 19 February 2015

তেনেস্থলতো মই যাম বুলি গম পাই তেওঁ আঠ দিনৰ ছুটী লৈছিল৷ ... শনিবৰীয়া মোৰ আলহীত শ্ৰী সুপ্ৰিয় ৰয়ৰ দ্বাৰা লিখিত মোৰ বিদেশ ভ্ৰমণৰ অভিজ্ঞতা : আমেৰিকা আৰু কানাডাৰ এয়া নৱম খণ্ড৷
………………………….
টৰণ্টোৰ কনফাৰেন্স ৮জুন ২০১৪ৰ পৰা আৰম্ভ হৈছিল৷ এইবাৰ মই ঠিৰাং কৰি গৈছিলোঁ যে সুযোগ পালে কনফাৰেন্সত মই PGA  (Programme Generate Arrangement) Volunteerৰ ভূমিকা লম৷ আৱেদন কৰিলত মই সুযোগটো পালোঁ৷ ইয়াৰ বাবে চাৰিজনীয়া দল একোটা গঠন কৰি দিয়া হয়৷ আমাৰ দলত প্ৰথম দিনা এজন জাপানৰ, এজন ফিলিপিনচৰ আৰু এজন চীন দেশৰ প্ৰতিনিধিৰ লগতে ভাৰতৰ পৰা মই সুযোগ পাইছিলোঁ৷ প্ৰত্যেক দিনাই এই দলসমূহৰ পৰিৱৰ্তন হয়৷ বিভিন্ন দেশৰ লোকে স্বেচ্ছাসেৱক হিচাপে ইয়াত ভাগ লৈ পৃথিৱীৰ বিভিন্ন দেশৰ পৰা অধিৱেশনলৈ অহা প্ৰতিনিধিসকলক আদৰণি জনোৱাৰ লগতে অন্যান্য কাম-কাজত সহায় আগ বঢ়ায়৷ চাৰিদিনীয়া অধিৱেশন শেষ হোৱাৰ পিছত PGAৰ প্ৰেচিডেণ্ট মিষ্টাৰ টম (ব্ৰিষ্টল, ইংলেণ্ড)এ মোক এইবুলি জনালে : Mr. Roy, you are the best volunteer of the Tuesday. Congratulations৷ মিষ্টাৰ টমৰ এই কথা শুনি মই অভিভূত হলোঁ৷ ভাবিব পৰা নাছিলোঁ যে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেনে ধৰণে মই সফল হম৷ মোক যি দায়িত্ব দিয়া হৈছিল, প্ৰথম দিনাৰ পৰাই মই নিষ্ঠাসহকাৰে সেই দায়িত্ব পালন কৰাৰ চেষ্টা কৰিছিলোঁ৷ নিৰীক্ষণকাৰী দলে নিশ্চয় তালৈ চকু ৰাখিছিল৷ মিষ্টাৰ টমৰ সৈতে মোৰ কথা-বতৰা ভিডিঅত বন্দী কৰা হৈছিল৷ তাত মই কাৰবি আংলঙৰ কথা এইবুলি উল্লেখ কৰিছিলোঁ যে ডিফু তথা কাৰবি আংলঙৰ মানুহখিনিৰ প্ৰেৰণা আৰু মৰমৰ বাবেই মই ২০১২ত কেলিফৰ্ণিয়া আৰু এইবাৰ টৰণ্টোত আপোনাৰ ওচৰত থিয় হৈ আছোঁ৷ কাৰবি আংলঙৰ ৰাইজলৈ ধন্যবাদ৷ ২০১৫ত আমেৰিকাৰ New Orleansত অনুষ্ঠিত হব লগা কনফাৰেন্সৰ বাবে মই যোগ্যতা ইতিমধ্যে লাভ কৰিছোঁ৷ সকলো ঠিকে-ঠাকে থাকিলে দ্বিতীয়বাৰৰ বাবে আমেৰিকালৈ যাম বুলি ভাবিছোঁ৷

কনফাৰেন্স শেষ কৰি ১৩ তাৰিখে ৰিশু, মিষ্টি আৰু মই ৰিশুৰ মোমায়েক জয়ন্ত মামাৰ নিছান ৰগ গাড়ীখনেৰে নায়েগ্ৰা ফল্‌চ চাবলৈ গৈছিলোঁ৷ নায়েগ্ৰাৰ এটা পাৰে আমেৰিকা, আনটো পাৰে কানাডা৷ সেয়ে কোৱা হয় Niagara on the lake৷ সমগতিতে কৰ পৰা ইমান পানী আহি আছে ভাবি নাপাওঁ৷ সেই পানী বহু তললৈ পৰি যি আন্দোলনৰ সৃষ্টি হৈছে, সেই পানীৰ ভয়ংকৰ গৰ্জন আৰু বিশাল চঞ্চলতাৰ লগতে পানীৰ ছিটিকনিয়ে সৃষ্টি কৰা কৃত্ৰিম বৰষুণ এনেকুৱাকৈ চাইছিলোঁ, উপভোগ কৰিছিলোঁ যে চকু-কাণ বন্ধ কৰাৰ অৱকাশ নাছিল৷ প্ৰতি চেকেণ্ডত এক লাখ ঘনলিটাৰ পানী তললৈ যি গতিত সৰি পৰি আছে সেই দৃশ্য বৰ্ণনা কৰাটো সহজসাধ্য নহয়৷ ৱাটাৰ ক্ৰুইজ অথবা ১১মিনিটৰ হেলিকাপ্তাৰ ৰাইডৰ সহায়ত জলৰাশিৰ ওচৰলৈ যাব পাৰি৷ নায়েগ্ৰা ফল্‌চৰ চাৰিঘণ্টীয়া প্ৰেমত পৰি তাৰ পৰা আহিবৰ মনেই নগৈছিল৷ এতিয়া আপুনি অনুমান কৰিব পাৰিব, নায়েগ্ৰাৰ প্ৰতি পৰ্যটকৰ আকৰ্ষণ কিমান গভীৰ৷

১৪ তাৰিখে আমি C. N. Towerলৈ গলো৷ ১১৩মহলীয়া এই স্তম্ভত উঠি অন্তাৰিঅ লেকৰ নীলা জলৰাশিৰ সৈতে টৰণ্টো মহানগৰীৰ সম্পূৰ্ণ দৃশ্য উপভোগ কৰিলোঁ৷ ব্যক্তিগত বিমানঘাটিবিলাকো তাৰ পৰা দৃষ্টিগোচৰ হল৷ ১১৩মহলাত থকা গ্লাছ ফ্লৰ আছিল অতি আকৰ্ষণীয়৷ তাৰ পৰা তললৈ চালে মূৰ ঘূৰাই যায় যদিও টৰণ্টো ভ্ৰমণৰ সাক্ষী হবৰ বাবেই তালৈ পৰ্যটকৰ লেথাৰি নিছিগা সোঁত বয়৷ লিফটখনৰ গতি ইমানেই খৰ আছিল যে ১১৩মহলালৈ উঠাৰ বাবে সময় লাগে মাত্ৰ ৫৬চেকেণ্ড, যিটো ভাবিব নোৱাৰা কথা৷

ভাৰতীয় ষ্টেট বেংকৰ ডিফু শাখাত কৰ্মৰত শ্ৰী গৌতম ৰয়ৰ পিতৃ, মাতৃ আৰু চাৰিভাই টৰণ্টোৰ স্থায়ী বাসিন্দা৷ মই ডিফুৰ পৰা যাওঁতে কিবা কাৰণত তেওঁলোকৰ ফোন নাম্বাৰ লব নোৱাৰিছিলোঁ৷ আনহাতে, মোৰ বৃত্তিটো যিহেতু মানুহ আৰু মানুহৰ ঘৰ বিচৰাৰ লগতেই জড়িত, সেয়েহে চাগৈ ইমান ডাঙৰ টৰণ্টো চহৰতো তেওঁলোকৰ ঘৰ বিচাৰি উলিয়াবলৈ মোৰ বৰ বেছি অসুবিধা হোৱা নাছিল৷ গৌতমৰ মাক-দেউতাকে মোক সাবটি ধৰি কান্দি পেলাইছিল৷ মই ডিফুৰ পৰা যোৱা বুলি কোৱাত নিজৰ লৰাক পোৱা যেনেই লাগিছিল তেওঁলোকৰ৷









(পৰৱৰ্তী অংশ অহা শনিবাৰে)

No comments:

Post a Comment