Sunday, 15 February 2015

মই এটা মৃত্যুৰ সোৱাদ পালোঁ
(গল্প নহয়, সত্য)



‘আপোনাৰ কি আছিল?’

পাঁচশ জিবিৰ এক্সটাৰনেল হাৰ্ড ডিস্কখন তেওঁলৈ আগ বঢ়াই দিলোঁ৷ তেওঁলোকৰ তাতে যে কিনিছিলোঁ তাৰ প্ৰমাণ হিচাপে পুৰণি বিলখনো হাতত দিলোঁ৷

‘কি প্ৰব্লেম?’

‘ডিটেক্ট নহয়৷ বগা ইণ্ডিকেটৰটো ব্লিংক কৰে, কিন্তু ড্ৰাইভটো খোল নাখায়৷ মোৰ কামৰ সমস্ত ডাটা ইয়াত সংৰক্ষণ কৰা আছিল৷ এতিয়া নোখোলাত মহা বিপদত পৰিছোঁ৷ অনুগ্ৰহ কৰি চাওকচোন৷’

তেওঁ মনোযোগেৰে ইলুটি-সিলুটি কৰি থাকিল অলপপৰ৷ বিলখনো লক্ষ্য কৰিলে৷ তাৰ পিছতে কিবা এটা ভাবি সন্মুখতে থকা কম্পিউটাৰটোৰ ইউ.এছ.বি. প’ৰ্ট এটাত হাৰ্ড ডিস্ক সংযোগী কেবলডালৰ আনটো মূৰ সুমুৱাই দিলে৷ অলপ পৰ ৰ’ল৷ ডিটেক্ট নহ’ল৷ মাই কম্পিউটাৰত সোমাই খুঁচৰি চালে৷ ৰিফ্ৰেছ কৰিলে৷ নাই৷ এইবাৰ তেওঁ ঘপকৈ চকীৰ পৰা উঠি ভিতৰ পালেগৈ৷ কেইবাডালো কেবল হাতত লৈ ওলাই আহিল৷ চকীখন চপাই বহিল৷ ইডাল-সিডালকৈ লগাই কম্পিউটাৰটোত সংযোগ কৰি চালে৷ নাই৷ একেটাই স্বৰূপ৷ লাইটটো জ্বলে কিন্তু ডিটেক্ট নকৰে৷

‘পেলাইছিলে নেকি?’

‘নাই নাই, নাই পেলোৱা৷ কেৱল নিজেহে ব্যৱহাৰ কৰোঁ৷ আন কাৰো হাত লগা নাই আজিলৈ৷’

স্থিৰ হৈ আকৌ ভাবিলে অলপ পৰ৷

‘আশা আছেনে নাই ক’ব পৰা নাই৷ তথাপি, কেচিংটো সলাই ট্ৰাই এটা কৰি চাব খুজিছোঁ৷ আপত্তি নাই যদি খোলোঁ৷’

‘কোনো আপত্তি নাই৷ ডাটাখিনি ৰিক’ভাৰ কৰিব পাৰিলেই বাচি যাওঁ৷ লাগিলে পাঁচশ জিবিৰ নতুন এখন এতিয়াই কিনি তাতে সুমুৱাই ল’ম৷ ড্ৰাইভটোত থকা আলোচনীৰ অংশ কিতাপ আকাৰে জৰুৰীভাৱে ৰিপ্ৰিণ্ট কৰিবলগীয়া কাম আছে৷ এইটোত সুমুৱাই কম্পিউটাৰত ডিলিট কৰি পেলালোঁ৷ এতিয়া হাঁহাকাৰ অৱস্থা হৈছে৷ সেইবোৰৰ উপৰি অনেক দৰকাৰী ফাইল, ডিজাইন ইত্যাদি ইয়াতে ৰাখি থৈছিলোঁ৷ এইটো নোখোলাত জীৱন-মৰণ সমস্যা হৈ পৰিছে৷’


কেবলকেইডালৰ সৈতে এক্সটাৰনেল হাৰ্ড ডিস্কখন লৈ তেওঁ আকৌ এবাৰ ভিতৰলৈ গ’ল৷ ধৈৰ্য ধৰি একে ঠাইতে মই বহি থাকিলোঁ৷ মনে মনে ঈশ্বৰকো খাটিলোঁ৷ এবাৰ খোল খালেই হয়৷ প্ৰায় আধাঘণ্টাৰ মূৰত তেওঁ ওলাই আহিল৷ চকুকেইটা তুলি আশাৰে মই তেওঁৰ মুখমণ্ডললৈ চাই ৰ’লোঁ৷

‘নাই৷ আপোনাৰ এইখন ডে’ড হৈছে৷’

বুকুখন চিৰিংকৈ মাৰিলে৷ এইখন ডে’ড মানে মোৰো আধ্যা৷ সংৰক্ষিত ফাইলবোৰ একো এটাই নাথাকিব আৰু মই নিশ্চিতভাৱে শূন্যলৈ গতি কৰিম৷ এইখন নোখোলা মানে আগৰ একো বস্তুৱে মোৰ হাতত এতিয়া নাইকিয়া হৈ থাকিল৷ কষ্ট কৰি তৈয়াৰ কৰা অনেকটা লগ’, ডিজাইন, স্মৃতি বিজড়িত অনেক ফটোগ্ৰাফ, সংৰক্ষণ কৰি ৰখা গানবোৰ, চফটৱেৰবোৰৰ উপৰি বিভিন্নজনৰ বিভিন্ন ধৰণৰ কামৰ ফাইল, গন্তি নথকা সংখ্যক কিতাপ-মেগাজিন... উঃ ভাবিব নোৱাৰিছোঁ!


শেষ বাক্যটো কৈ তেওঁ মুখনি মাৰি দিলত বিমৰ্ষ মনেৰে মই বিদায় লোৱাৰ বাদে একো নাথাকিল৷ ধন্যবাদ জনাই খটখটীৰে নামি ফুটপাথত ভৰি দিওঁতে ভাব হ’ল, মই যেন চকুৰ সন্মুখতে ঘটা কোনোবা অতি নিকটাত্মীয়ৰহে মৃত্যুৰ সোৱাদ পালোঁ এইমাত্ৰ৷


সযতনে আৰু মৰমেৰে ৰখা হাৰ্ড ডিস্কখন সম্প্ৰতি মই কবৰ দিবলৈ মনস্থ কৰিছোঁ৷ মোৰ বাবে সেইখন এতিয়া এটা ডে’ডবডী মাথো৷ আগৰ ফাইল খুজি কোনোবাই বাৰে বাৰে আমনি কৰি থাকিলেও, ৰেকৰ্ড বিচাৰি জোৰজবস্তি কৰিলেও মই এতিয়া নিৰুপায়৷ পুৰণি বিদায়৷ পুনৰ শূন্যৰ পৰা নতুনকৈ আৰম্ভ কৰিব লাগিল প্ৰতিটোকে৷ এয়া যেন এক অগ্নিপৰীক্ষা!

প্ৰিয়জনৰ মৃত্যুৱে চিন্তা-চেতনা, কৰ্মোদ্যম সকলো পিছুৱাই লৈ যায়৷ সেয়া মানুহ হওক, কিম্বা হাৰ্ড ডিক্স৷ অনাহুত, অনাকাংক্ষিত এই মৃত্যুৱে মোকো বহুত পিছলৈ লৈ গ’ল৷

No comments:

Post a Comment