লৃগাং আহিল ঐ ভনী...
অমিক ফোন কৰিলোঁ৷ তাই আগতে টায়ে আছিল৷ পিছত মিলিলৈ
গ’ল৷ সময়ত ল’ৰা-ছোৱালী এহালৰ মাক হ’ল৷ নিজৰে বিশ্বাস নহয়, নিৰজুলিত
এৰাএৰি হোৱাৰ পিছত সুদীৰ্ঘ ষোল্লটা বছৰৰ মূৰত এদিন হঠাতে আমাৰ পুনৰ্মিলন হৈছিল৷ এটা
যেন সুখস্বপ্ন! ১৯৯৫চনৰ পৰা যোগাযোগ বিচ্ছিন্ন হৈ ৰোৱাৰ পিছত, অসম সাহিত্য সভাৰ ধেমাজি
অধিৱেশনৰ সময়ত, লৃগাঙৰ শুভদিনটোতে বিচাৰি উলিয়াইছিলোঁ তাইক, ৰং-বিৰঙী ৰিঃবি গাচেঙৰ
সাজত, চিলাপথাৰৰ বুকুত৷ সেয়া এক দীঘলীয়া কাহিনী৷
নেৰিষ্টত পঢ়ি থকা কালতে প্ৰীতিৰ বান্ধোনত আবদ্ধ
হৈ পৰা নেপক’ত কৰ্মৰত কুলাজান পামৰ টায়ে পৰিয়ালটোৰ
স্মৃতি সদা-সজীৱ হৈ ৰৈছিল মনৰ অভ্যন্তৰত৷ চিলাবালি গাঁৱৰ পাকঘৰৰ চাঙত জাতীয় উৎসৱৰ নিয়মকণ
যথাৰীতি পালন কৰাৰ আগে আগে হৈছিলোঁগৈ বিশেষ দিনৰ বিশেষ অতিথি৷ জুহালৰ কাষত বহুৱাই লৈ আথে-বেথে আগ বঢ়োৱা পুৰাং,
পেৰেট অয়িং, পঃৰ আপং আৰু মই নিৰামিষাহাৰী বুলি খোলাখুলিকৈ জনাই দিয়াৰ পিছত থাউকতে
যুগুতাই দিয়া বিনামাংসৰ মাটিমাহ আৰু কেঁচা নিমখকণ পাহৰোঁনো কেনেকৈ? সেয়ে লৃগাং আহিলেই
সিহঁতবোৰলৈ অতিকৈ মনত পৰে৷ ফোনতে চিঞৰি উঠোঁ... লৃগাং আহিল ঐ...
ফাগুনৰ প্ৰথমটো বুধবাৰ মানেই কুলাজান পামৰ বয়োবৃদ্ধ দুৰ্গাপ্ৰসাদ টায়ে, অকণ টায়েৰ পৰা আৰম্ভ কৰি ৰীণা বৌ, বৰুণজ্যোতি; চিলাপথাৰৰ অমিলতা, চন্দ্ৰ মিলি, আতেৰি, কণমানি সিদ্ধাৰ্থহঁতৰ আলি-আঃই-লৃগাং৷ ‘আলি’ মানে মাটিৰ তলত হোৱা আলু বা বীজ, ‘আঃই’ মানে গছৰ গুটি বা ফলমূল, ‘লৃগাং’ মানে সিঁচা বা সিঁচিবলৈ আৰম্ভ কৰা৷ অৰ্থাৎ, পথাৰত শস্য সিঁচাৰ আৰম্ভণি৷ ‘লক্ষ্মীৰ দিন’ বা ‘লক্ষ্মীবাৰ’ হিচাপে গণ্য কৰা ফাগুন মাহৰ প্ৰথমটো বুধবাৰতে মিচিংসকলে প্ৰতি বছৰে এই উৎসৱ পৰম্পৰাগত নিয়মানুসাৰে অনুষ্ঠিত কৰি আহিছে৷কৃষিমূলীয় এই উৎসৱ নৈপৰীয়া এই মানুহখিনিৰ হৃদয়ৰ উৎসৱ৷ লৃগাঙত তেওঁলোকে সুদৰ্শন জাতীয় সাজপাৰেৰে সুশোভিত হৈ ঢোল, তাল, পেঁপা, গগনা বজাই গুমৰাগ পাক্চ চঃনাম নাচে৷ স্বকীয় পৰম্পৰা, নাচোন ভংগিমা, ঢোল-পেঁপাৰ বোল আৰু ৰগৰ, জাত জাত নামেৰে এয়া কেৱল ডেকা-গাভৰুৰ প্ৰাণভৰা যৌৱনৰ আৱেগেই নহয়, এনে বৰ্ণিল প্ৰদৰ্শনত প্ৰকাশ পায় অসমৰ অন্যতম প্ৰাচীন তথা অগ্ৰণী, জনগোষ্ঠীটোৰ আত্মা জীয়াই থকাৰ ইংগিতবাহী চিৰন্তন আনন্দ৷ ‘কপৌ চৰাই নহ’লোঁ, উৰি উৰি যাবলৈ; মনত পৰিলে কিনো হ’ব, নাপালোঁ তোক চাবলৈ৷’ সৰু-ডাঙৰ, ধনী-নিৰ্ধনীৰ প্ৰভেদ নাৰাখি মুকলিভাৱে আপোনজনক সম্বোধি পুৰুষ-মহিলাই মনৰ গীত অই-নিঃতম গায়৷ ভাত, আপং, গাহৰিৰ মাংস আদিৰে সমভিব্যাহাৰে মুক্ত আকাশৰ তলত ভোজ-ভাত এসাঁজ খায়৷ আগন্তুক বছৰটোত প্ৰাচুৰ্যপূৰ্ণতাৰে যাতে খাদ্যবস্তু ভঁৰালত ভৰপূৰ হয় তাৰ কাৰণে বিভিন্ন খাদ্য-নৈবেদ্য যোগাৰ কৰি সাতামপুৰুষীয়া বিশ্বাসৰ ভেটিত, সভক্তিৰে ইষ্ট দেৱতা দঃঞি-পঃলৰ লগতে পূৰ্বপুৰুষক স্মৰণ কৰে৷ কৃষিৰ উৎপাদন বৃদ্ধি, সম্পদ বৃদ্ধি, শস্যৰ সুৰক্ষা, বংশধৰসকলৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা জনায়৷ লৃগাং উৎসৱত গুমৰাগ নানাচিলে, বৰকাঁহ নবজালে বৰষুণ নহয় আৰু পথাৰত সিঁচা বীজো অংকুৰিত নহয় বুলি লোক-বিশ্বাস প্ৰচলিত আছে৷ বৰকাঁহৰ শব্দতহে দেৱতাই সাৰ পায় আৰু পৃথিৱীলৈ বৰষুণ নামে বুলি তেওঁলোকৰ ধাৰণা৷
আলি আঃই লৃগাং ৰঙিয়াল তথা কৃষ্টিপ্ৰেমী মিচিংসকলৰ
প্ৰাণ৷ আকৰ্ষণীয়, বৰ্ণাঢ্য, বৈশিষ্ট্যসম্পন্ন গীত-বাদ্য-নৃত্য, ৰং-ৰহইচ, ভোজন, পান-ভোজন
আদিৰ সমাহাৰ এই কৃষিভিত্তিক আনন্দোৎসৱক বসন্ত উৎসৱ বুলিও অভিহিত কৰা হয়৷ সেয়ে ধৰালৈ
বসন্ত নামিলেই, ফাগুন সোমালেই আনন্দৰ ঢল বয়৷ ৰ’ব নোৱাৰি অমিলৈ ময়ো চিঞৰ এটা মাৰি পঠিয়াওঁ....... ‘লৃগাং আহিল ঐ...’ বুলি৷ লগে লগে আমাৰ পুৰণি সম্পৰ্কটোও
বছৰটোলৈ নতুন ৰসেৰে জীপাল আৰু মজবুত হৈ যায়৷
এইবাৰো তাকেই কৰিলোঁ৷
No comments:
Post a Comment