Friday, 13 February 2015

আচম্বিতে লগ পালোঁ বি.বি.জি.ক


উদয়ন প্ৰকাশন৷ ওপৰত লিখি থোৱা ষ্টলখনৰ নামটোত এনেয়ে এবাৰ চকু ফুৰাই ললোঁ৷

সজাই ৰখা কিতাপবোৰৰ ওপৰেৰে চকু ফুৰাই গৈ আছোঁ৷ মনে বিচৰা কিতাপ কিবা পাওঁ নেকি অনুসন্ধান কৰিছোঁ৷ ওপৰ-তল, সোঁ-বাঁও, তলত দমাই থোৱা, কাপোৰেৰে ঢাকি থোৱা... সকলোতে৷ তেনেকুৱা এটা দমৰ তলতে কিতাপখন চেপা খাই আছিল৷ প্ৰেতাত্মাৰ প্ৰতিশোধ৷ ঘপহকৈ চকু পৰাত টান মাৰি উলিয়াই আনিলোঁ৷ নামটো চিনাকি দেখোন মোৰ৷ অঁ, হয়তো৷ এইখনচোন ন বছৰৰ আগতে মই কৰা ৰহস্যঘন কিতাপখনেই৷ বেটুপাতটো দেখিয়ে চিনি পাইছিলোঁ৷ টাইটেল পেজটো মেলি নিশ্চিত হলোঁ৷ লেখক বি.বি.জি.৷ ঠিকেইতো৷

মনটো ভাল লাগি গল৷ ষ্টলৰ সহায়ক লৰাজন কাষতে আছিল৷ তেওঁক দেখুৱালোঁ আৰু কলোঁ, এইখনচোন মই কৰা কিতাপ৷ লগে লগে তেওঁ আঙুলি টোঁৱালে সন্মুখত বহি থকাজনলৈ৷ সিজনে তেতিয়া ইতিমধ্যে তেওঁৰ টেবুলত থোৱা মোৰ নিৰ্বাচিত কিতাপ দুখনৰ দহ শতাংশ ৰেহাই মূল্যৰ যোগ-বিয়োগৰ অংকটো তলমূৰকৈ একান্তমনে কৰি আছিল৷ ব্যস্ততাৰ মাজতে কিবা উমান পাই তেওঁ মোৰ ফালে মূৰ তুলি চালে৷ চকুৱে চকুৱে পৰিলোঁ দুয়ো৷ তাৰ পাছৰ পৰিৱেশ... ডিফু ডিফু৷

হাৰে! তুমি... এইবুলি চকীৰ পৰা উঠি চিলনী অহাদি আহি কৰমৰ্দনৰ লগতে তেওঁ মোক সাবটি ধৰিলেহি৷
আপোনাক এনেকৈ পাম বুলি ভবাই নাছিলোঁ দাদা৷ গবা মাৰি ধৰিলোঁ ময়ো৷
কি কৰিবা আৰু? পেন্সন নোহোৱা চাকৰি৷ ৰিটায়াৰমেণ্টৰ পিছত এইদৰেই সৰু-সুৰাকৈ লাগি আছোঁ আৰু, কিতাপৰ ব্যৱসায়তে৷ ষ্টল লৈ এইবাৰেই প্ৰথম ওলাইছোঁ৷ বন্ধু ভাবনাৰে কান্ধত হাত ৰাখি তেওঁ কৈ গল৷
ভাল হৈছে, ভাল হৈছে দাদা৷ আপোনাক ইয়াত দেখা পাই কিযে আনন্দ লাগিছে! বহুত বছৰৰ মূৰত লগ পালোঁ দেই৷ ভালে আছে, ন?
আছোঁ ভাই৷ মোৰো খুব ভাল লাগিছে তোমাক পাই৷ ঘৰত ভালনে? কোৱাচোন ডিফুৰ খবৰ কি?

বি.বি.জি.য়ে তেনেকৈ মোক বহুপৰ সাবটি ধৰি থকা দেখি ষ্টলৰ লৰাজন হতবাক৷ এতিয়া চাহ-তাহ হব লাগে আৰু... তেওঁ মাত দিলে৷

আলিংগনমুক্ত হৈ বি.বি.জি. এটা সময়ত নিজৰ চকীত বহিলগৈ৷ ইতিমধ্যে কৰি উলিওৱা হিচাপটো ঘচ ঘচকৈ কাটি কলে... এহ, ইমান হলেই হব দিয়া৷ আৰু কমাই দিছোঁ৷ পুৰণি মানুহ৷ তাৰ পিছত দুখনমান কিতাপ ঠোঙাটোত হেঁচি হেঁচি ভৰাই দি কলে... এইকেইখন মোৰ ফালৰ পৰা দিছোঁ, লৈ যোৱা, পঢ়িবাগৈ৷

পুৰণি মানুহৰ এৰাব নোৱাৰা টান৷ গ্ৰন্থ উৎসৱথলীত কথাটো ৰাষ্ট্ৰ হোৱাৰ পিছত সৰু ষ্টলখন কোৰাচ গাব পৰাকৈ অনতিপলমে ডিফুৰ মানুহেৰে ভৰি পৰিল!

No comments:

Post a Comment