Sunday, 28 December 2014

ডাক্তৰৰ সেৱাত...
(গল্প নহয়, সত্য)


ডাক্তৰৰ আৱেষ্টনীত আছোঁ, আজি কিছুদিনৰ পৰা৷ পুৱা ডাক্তৰ, দুপৰীয়া ডাক্তৰ, গধূলি ডাক্তৰ, মাজনিশা ডাক্তৰ৷ আগফালে ডাক্তৰ, পিছফালে ডাক্তৰ৷

কোনো হস্পিতাল, ক্লিনিক বা নাৰ্ছিং হোমৰ কথা কোৱা নাই দেই৷ নিজৰ কৰ্মস্থলীতেই আছোঁ৷ সুস্বাস্থ্যৰে আৰু সুস্থিৰভাৱেই আছোঁ৷ কোনো ৰোগ-ব্যাধি নাই৷ টেবলেট-ইনজেকচনৰো কাৰবাৰ নাই৷ ডাক্তৰে ঘেৰি আছে গতিকে এতিয়া যম আহিলেও নিবযে নোৱাৰে সেয়া খাটাং৷

ডাক্তৰ, দৰৱ, চেলাইনৰ খোঁচৰ পৰা সদায়ে আঁতৰত থকা মানুহ মই৷ বিপৰীতে, অসম, অসমৰ বাহিৰৰ আনকি প্ৰৱাসী চিকিৎসকৰো মনৰ খবৰবোৰ জনাৰ বিৰল সুযোগ এটা হাতলৈ আহিছে৷ সেইটোত আপত্তি কৰিবৰ নাই৷ প্ৰচণ্ড শীতকো নেওচি তাৰে আমেজ লৈ মছগুল হৈ আছোঁ, পূৰ্ণৰূপত, আজি কিছুদিনৰ পৰা৷

'চাৰ্ভিচ টু মেন ইজ চাৰ্ভিচ টু গড৷' ডাক্তৰসকলে মানৱ জাতিলৈ চিকিৎসা সেৱা আগ বঢ়ায়৷ জীৱন দান কৰে৷ গতিকে ৰোগীৰ বাবে তেওঁলোক ভগৱান৷ তেনেকুৱা সেৱকসকলক সেৱা আগ বঢ়াবলৈ সুযোগ পোৱাটো ভাগ্যৰ কথা৷ এতেকে শ্ৰীমতীকো ক'লোঁ... 'চোৱা, ডাক্তৰসকলে মানুহৰ সেৱা কৰে, আমি তেওঁলোকৰ সেৱা কৰিবলৈ পাইছোঁ৷ গতিকে চাবা আৰু...৷' তেৱোঁ হাঁহিমুখে সৈমান হ'ল৷ তেতিয়াৰে পৰা ডাক্তৰৰ সেৱাত আমি আত্মনিয়োগ কৰিব ধৰিলোঁ৷

ডাক্তৰসকল চিৰিয়াচ মানুহ, চোকা মানুহ৷ জ্ঞান, ধৈৰ্য, সিদ্ধান্ত, তৎপৰতাৰ ক্ষেত্ৰত আনতকৈ বেলেগ৷ তেনেকুৱা মানুহৰ কৱলত কটাবলৈ পাই কৃপাধন্য হৈছোঁ৷ এতিয়া সন্মুখতহে মাথো এল.জি. মণিটৰটো৷ বাকী সোঁৱে ডাক্তৰ, বাঁৱে ডাক্তৰ, পিঠিতো ডাক্তৰ৷ মুঠতে ডাক্তৰ উমাল সান্নিধ্যত, মনত ৰৈ যোৱাকৈ জীৱনৰ কেইটামান বিশেষ দিন৷

ডাক্তৰসকল ব্যস্ত চিডিউলৰ মানুহ৷ এনেয়ে হ'লে পাবলৈকে মস্কিল৷ এইকেইদিন কিন্তু নিচেই কাষতে পালোঁ৷ ইফালে ভট্টাচাৰ্য ছাৰ, ঠাকুৰ ছাৰক বিচাৰি মানুহ হায়ৰাণ৷ ছাৰ হস্পিতালত নাই! আউটড'ৰটো নাই, অ'পাৰেচন থিয়েটাৰটো নাই, চেম্বাৰতো নাই৷ ক'লৈ গ'ল বাৰু? ফোন কৰিলেওচোন পোৱা নাযায়! কুশলী চাৰ্জনসকল এইকেইদিন বেলেগ এটা অ'.টি.ত দিনে-নিশাই ব্যস্ত৷ ৰোগী, এটেনডেণ্ট বা এম.আৰ.এ ধাৰণা কৰিব নোৱাৰাটোৱেই স্বাভাৱিক৷ এই অ'.টি.ত চলিব লাগিছে অন্য এক জৰুৰী অ'পাৰেছন৷ কোনো ব্যক্তি-পূজা নহয়, সমূহীয়া সন্তান এটা প্ৰসৱৰ প্ৰচেষ্টা!

কাষৰে-পাজৰে এইকেইদিনত তিনিজনকৈ লোকে ইহ-সংসাৰৰ পৰা মেলানি মাগিছে৷ এঘৰতো যদি এবাৰলৈকো খবৰ এটা ল'বলৈকো যাব পাৰিলোঁহেঁতেন! শ্মশানত খৰি দিবলৈ যোৱা বা ফিউনাৰেল চাৰ্ভিচত থিয় হোৱাটো দূৰৰে কথা৷ পিছফালৰ ঘৰটোত থকা বিকুৰ মাক-দেউতাক আহিছিল, প্ৰথমবাৰৰ বাবে৷ আজি পুৱাই গ'লগৈ হেনো৷ শুনিলোঁহে৷ এষাৰ কথাও যদি পাতিব পাৰিলোঁহেঁতেন! চিনাকি হ'বও নোৱাৰিলোঁ৷ বিশেষ দৰকাৰত ড'হাৰ পৰা দুটাকৈ মেইল আহিছিল ভূপেন শইকীয়া দাদাৰ৷ ওঠৰ-ঊনৈশ ঘণ্টাকৈ কম্পিউটাৰৰ লগত লাগি থাকিও উত্তৰ জানো দিব পাৰিলোঁ? নাই নোৱাৰিলোঁ৷ চকী এৰি উঠি যোৱাওযে মস্কিল৷ টিভি, বাতৰিকাগজৰ সৈতে নাই কোনো সম্পৰ্ক৷ ম'বাইলৰো চুইচ অফ৷ কেৱল ল'ড চেডিঙৰ লগে লগে চে’ঞ্জ অভাৰৰ প্লাগটো ইফাল-সিফাল কৰিবলৈ উঠাৰ বাদে (যিটো নকৰিলেই নহয়) আৰু প্ৰকৃতিৰ আহ্বানক সঁহাৰি জনোৱাৰ বাদে (তাকো শেষ মুহূৰ্ত পৰ্যন্ত চেঁপি ৰাখি) অন্য সকলো বাদ৷ পুৱাতে মায়ে সুধিলে... 'গাটো ধুব পাৰিলিজানো কালি?' উত্তৰ নিদি মনে মনে ৰ'লোঁ৷ চাগৈ বুজি পালে যে কালি গা ধুবলৈকো সময় নাপালোঁ!

মুঠতে ডাক্তৰক সময় দিলোঁ৷ ডাক্তৰৰ সেৱাত নিজকে সম্পূৰ্ণৰূপে সমৰ্পণ কৰি দিলোঁ৷ ডাক্তৰে মানুহৰ সেৱা কৰে৷ মই ডাক্তৰক সেৱা আগ বঢ়োৱাৰ বিৰল সুযোগ এটা পাইছোঁ ...এই ভাবিয়েই৷

(বি.দ্ৰ. : তেনে সুযোগৰ মাজতে ইমান দিনে নজনা কথা এটা ওলাল৷ আপোনালোকে হয়তো জানিবও পাৰে৷ মই পিছে ঘূণাক্ষৰেও নাজানিছিলোঁ৷ আছাম মেডিকেল চাৰ্ভিচ এছ'চিয়েচন (আমছা)ৰ একচল্লিশৎ সাধাৰণ অধিৱেশন এইবাৰ ডিফুত হ'ব৷ জানুৱাৰী মাহৰ আঠ আৰু ন তাৰিখে৷ জয়ছিং দলৈ অডিট'ৰিয়ামত৷ স্মৃতিগ্ৰন্থৰ পৃষ্ঠাতে এগৰাকী চিকিৎসকৰ লেখা পঢ়ি সেয়া অলপতে গম পালোঁ৷ কথাটো উল্লেখ কৰিম, আগেয়ে কামটো হৈ লওক ৰ'ব৷)

No comments:

Post a Comment