শনিবৰীয়া ‘মোৰ আলহী’ত আজি আগ বঢ়াইছোঁ ৰংবং তেৰাং ছাৰৰ এটি গীত৷ ডক্টৰ ভূপেন
হাজৰিকাক উদ্দেশ্য কৰি ১৯৬৪চনত গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকা অৱস্থাতে তেখেতে জীৱনৰ
এই প্ৰথম গীতটি লিখিছিল৷ কাৰবি গীতিকাৰ, সুৰকাৰ, শিল্পীগৰাকীৰ গীতটি ‘অকব’ৰ পাঠকসকলৰ বাবে উদ্ধৃত কৰা হ’ল৷
হে’ শিল্পী বন্ধু!
মোৰ হেজাৰ কাৰদম তুমি ল’বা৷
মোৰ এটি অনুৰোধ তোমালে
তাক হিয়াৰ উমেৰে জীয়াবা৷
হে’ শিল্পী বন্ধু!
আজি কাৰবি পাহাৰৰ বুকুলে
তোমাক হেজাৰ ‘লংকি’য়ে মাতিছে
লুইতৰ ৰংমনৰ স’তে আকৌ
চিনাকি হোৱাৰ আশাৰে
তোমাৰ কণ্ঠত আছে আছে ভাষা
তোমাৰ সুৰত আছে আছে আশা৷
(সেয়েহে) নিৰাশ ‘কাদমে’ও বিচাৰে
তোমাৰ মনৰ এটি অনুকম্পা
হে’ শিল্পী বন্ধু!
‘লংকি’ আৰু ‘কাদমে’ চিঞৰিছে
ৰংমন ৰহদৈয়ে সঁহাৰিছে,
বহু যুগৰ চিনাকি বৰ ঘৰত
আজি যুগৰ এলান্ধু বান্ধিছে৷
হে’ শিল্পী বন্ধু!
মোৰ হেজাৰ কাৰদম তুমি ল’বা৷
তোমাৰ কণ্ঠ আৰু সুৰেৰে
যুগৰ এলান্ধু তুমি সাৰিবা৷
হে’ শিল্পী বন্ধু!
মোৰ হেজাৰ কাৰদম তোমালে...
(উৎস পুথি : সমন্বয়ৰ ৰূপকাৰ, সম্পাদনা পৱিত্ৰ বৰা
আৰু খনীন্দ্ৰ কুমাৰ ডেকা)
No comments:
Post a Comment