Sunday, 14 December 2014

জীৱনৰ টাৰ্ণিং পইণ্ট

(পুৰণি ডায়েৰীৰ এপৃষ্ঠা, অ'ৰ-ত'ৰ পৰা লিখা)


চিন্তা কৰাৰ ক্ষমতাৰ পৰাই এজন মানুহ ধনী হৈ উঠিব পাৰে৷ কোনো সম্পদেই আপোনাৰ আয়ত্তৰ বাহিৰত নহয়৷ অৰ্থ, যশ, সন্মান, সুখ ...সকলোবোৰকে আপুনি নিজৰ হাতৰ মুঠিত ৰাখিব পাৰে, যদিহে আপুনি প্ৰচণ্ড পৰিশ্ৰম আৰু ইচ্ছা শক্তিৰে সেইখিনি পাব বিচাৰে৷

যিজন মানুহে নিজৰ সমস্ত ভৱিষ্যতক এবাৰ মাত্ৰ চকু ফুৰাই নিজৰ ইচ্ছাক ৰূপ দিবলৈ বদ্ধপৰিকৰ, তেওঁ জয়ী হ'বই৷ প্ৰচণ্ড ইচ্ছা শক্তি অমূল্য বস্তু৷ আপাত পৰাজয়ৰ কথা চিন্ত কৰি অনেক ব্যক্তিয়েই কামৰ মাজ পথতেই থমকি ৰয় বা ছত্ৰভংগ দিয়ে৷

মানুহৰ মনৰ চিন্তাত যিখিনি সোণ সঞ্চিত হৈ থাকে, সেয়া মাটিৰ মাজত থকা সোণতকৈ বহুত গুণে বেছি মূল্যমানৰ৷

কোনো মানুহৰ জীৱনলৈ সফলতা অহাৰ আগতে নানা ধৰণৰ সাময়িক ব্যৰ্থতা আহে৷এনে ব্যৰ্থতা আহিলে বেছিভাগ মানুহেই আটাইতকৈ সহজ কামটো কৰে... সেই কৰ্ম ত্যাগ কৰে৷ কিন্তু বুদ্ধিমান বা সফল ব্যক্তিসকলে সেয়া নকৰে৷ ব্যৰ্থতা খুবেই চাতুৰ্যময়৷ কোনোবাই সাফল্যক হাতৰ মুঠিত পোৱাৰ আগতেই সি তাৰ চাতুৰ্য প্ৰকাশ কৰে৷ সফলতা আৰু বিফলতাৰ মাজৰ প্ৰাচীৰস্বৰূপ তেনে চাতুৰ্যক নিজৰ বোধশক্তিৰে চিনিব পাৰিব লাগিব৷ 

আকাশলংঘী আশাৰ বলেৰে অবাঞ্চিত এই প্ৰতিদ্বন্দ্বীক মষিমূৰ কৰিব পাৰিব লাগিব৷ তাকেই বোলা হয় জীৱনৰ টাৰ্ণিং পইণ্ট৷

No comments:

Post a Comment