ফুলদানি-মেম্বাৰ ... হাজিৰা মৰা সদস্য
(গল্প নহয়, সত্য)
১-১৫আগষ্ট ২০০৯ সংখ্যাৰ ‘প্ৰান্তিক’ৰ শেষপৃষ্ঠাত প্ৰকাশিত ‘মোৰ জীৱন কথা’ত আলোচনীখনৰ প্ৰতিষ্ঠাপক মুখ্য
সম্পাদক ভবেন্দ্ৰ নাথ শইকীয়া ডাঙৰীয়াই লিখিছিল… ‘আলতাফ মজিদৰ চিঠি এখন পালো৷ ছিনেমাৰ শতবাৰ্ষিকী সম্পৰ্কীয়৷ মই সমিতিৰ
সদস্য হ’ব লাগে৷ নোৱাৰিম৷ সময় উলিয়াব
নোৱাৰিম৷ চকু ভাল পালেই বহুত কাম কৰিব লাগিব৷ কাম কৰিব নোৱৰা ফুলদানি-মেম্বাৰ হ’ব নোখোজো৷’
৭আগষ্ট ২০০৯ তাৰিখৰ ‘আমাৰ অসম’ কাকতৰ ‘প্ৰথম কলম’ত প্ৰকাশিত ‘ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এটা
দিন’ শীৰ্ষক নিবন্ধত কাকতখনৰ সম্পাদক
হোমেন বৰগোহাঞি ডাঙৰীয়াই লিখিছিল... ‘কিন্তু সেই আটাইবোৰতকৈ বেছি ডাঙৰ কাৰণটো হ’ল এই যে ১৯৯২চনৰ পৰা ১৯৯৯চনলৈকে
সুদীৰ্ঘ সাতটা বছৰ মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য আছিলো, আৰু
কেৱল হাজিৰা মৰা সদস্য হৈ নাথাকি মই বিশ্ববিদ্যালয়খনৰ পৰিচালনাত আৰু হিত চিন্তাত অতি
সক্রিয় অংশগ্ৰহণ কৰিছিলো৷’
দুগৰাকী বিশিষ্ট ব্যক্তিৰ সেই দুটা লেখা পঢ়ি এই কথাটো তেতিয়াই পৰিষ্কাৰভাৱে বোধগম্য হ’ল যে আমি দেখা সৰু-বৰ বিভিন্ন অনুষ্ঠান বা সংগঠনৰ বাবে গঠিত সমিতি, উপ-সমিতিসমূহত এচাম ‘ফুলদানি-সদস্য’ বা ‘হাজিৰা মৰা সদস্য’ই স্থান অধিকাৰ কৰি থাকে৷ তেনে সদস্যই সমিতিখনৰ নিৰ্ধাৰিত কাৰ্যকালত কোনো কাম নকৰে৷ অনুষ্ঠানটোৰ বা সংগঠনটোৰ উন্নতিৰ হকে সক্রিয়ভাৱে চিন্তা-চৰ্চা কৰাটো দূৰৰে কথা৷ কেৱল নামৰ বাবেহে খোৱা-কামোৰা!
আনহাতে, স্বজ্ঞানে সন্মতি প্ৰদান কৰিও প্ৰয়োজনৰ সময়ত উপস্থিতিৰ ক্ষেত্ৰত উদাসীনতা বা অজুহাত উলিওৱাত সিদ্ধহস্ত সদস্যও নথকা নহয়৷ সমিতি, উপ-সমিতিত নিজৰ নামটো কিবা প্ৰকাৰে তালিকাভুক্ত কিম্বা জড়িত কৰিব পৰাটোতেই যেন তেওঁলোকৰ ৰাজহুৱা জীৱনৰ সফলতা আৰু সাৰ্থকতা!
আনফালে, ব্যক্তি এজনক আগতীয়াকৈ একো নজনোৱাকৈ, তেওঁৰ অজ্ঞাতে ‘মানুহজনে বেয়া পাব’ বুলিয়ে নামটো সুমুৱাই সমিতিৰ সদস্যা-সংখ্যা বৃদ্ধি কৰি ভাল পোৱা এচাম লোকো নথকা নহয়৷
No comments:
Post a Comment