Wednesday, 3 December 2014

মোডীজীৰ সৈতে সন্ধিয়াৰ আড্ডা
(গল্প নহয়, সত্য)


কালি সন্ধিয়াটো মোডীজীৰ সৈতে কটালোঁ৷ গুড ইভিনিং মোডীজী বুলি কেইফুটমান আঁতৰৰ পৰাই চিঞৰ মাৰি জনোৱা সম্ভাষণ বাক্যফাকি কাণত পৰাৰ লগে লগে মোডীজীয়ে তৰ পৰাই সোঁহাতখন মোৰ ফালে আগুৱাই থলে৷ ভিতৰ সোমোৱাৰ ইংগিত দিলত ওচৰ পায়ে থপিয়াই হাতখন ধৰি পেলালোঁ, হেণ্ডচেক ভংগীমাৰে৷ অনুৰোধ আহিল, আসন গ্ৰহণ কৰিব লাগে বুলি৷ দুয়ো মুখামুখিকৈ বহি ললোঁ৷ তাৰ পিছত হাৰ্ডৱেৰৰ ৰাজ্য এৰি তেৱোঁ বিচৰণ কৰিলেগৈ অষ্ট্ৰেলিয়া, আমেৰিকা, মাউলিননং, গেমছ এণ্ড স্পৰ্টছৰ দুনীয়াত৷ হাঁহি-আনন্দৰ মজা লৈ পাৰ হল শীতৰ এটা সন্ধিয়া৷

অ’. পি. মোডীজী বাষষ্ঠি চনৰে মেকানিকেল ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট৷ বিৰলা প্লাইউড ফেক্টৰীৰ এসময়ৰ নিষ্ঠাৱান আৰু কৰ্মপটু চাকৰিয়াল৷ চুপ্ৰিম ক’ৰ্টে কাঠ কটাত নিষেধাজ্ঞা আৰোপ কৰাৰ ফলত ফেক্টৰী এদিন বন্ধ হোৱাৰ উপক্রম ঘটিল৷ পূৰ্বৰ কাম বাদ দি মোডীজীয়ে আৰম্ভ কৰিলে হাৰ্ডৱেৰৰ দোকান৷ চহৰৰ মাজ-মজিয়াত বজাৰৰ এমূৰে এই 'জগদম্বা এণ্টাইপ্ৰাইজেচ'তে তেতিয়াৰ পৰা এতিয়ালৈ দেখি আহিছোঁ সদাহাস্যময় মানুহজনক৷ দেউতাৰ সমসাময়িক বয়সৰে হ’ব চাগৈ তেওঁ৷ অন্তৰংগতা বেছি কিন্তু মোৰ লগত৷ তাৰ স্পষ্ট কাৰণ নথকা নহয়৷ প্ৰথম কথা, উভয়ৰে শিক্ষাগত চাৰ্টিফিকেটৰ ৰূপ একেটাই৷ মাত্ৰ বছৰৰ আগ-পাছ৷ এই তফাৎ সুদীৰ্ঘ বৰ্ষৰ যদিও দৃষ্টিভংগী আৰু মন কিন্তু তেনেই আধুনিক৷ দ্বিতীয় কাৰণটোৱে সম্পৰ্কটো সবল ৰখাত এক ধৰণৰ অনুঘটকৰ কাম কৰি আহিছে৷ উভয়ে একোজন চেল্ফ এমপ্লয়ড, বেচৰকাৰী মানুহ৷ গতিকে ওপৰৱালা কেও নাই৷ কাৰো আঙুলিৰ নিৰ্দেশো মানিবলৈ নাই৷ অৰ্থাৎ, নিজেই নিজৰ বছ৷ বিন্দাচ বুলি যাক কয়৷

মোডীজীৰ চাৰিগৰাকী দুহিতা৷ সকলো বিবাহিতা৷ এজনী গুৱাহাটীত, এজনী লণ্ডনত, এজনী ইউ.এছ.এ.ত, এজনী মুম্বাইত থাকে৷ প্ৰথমে ঘৰুৱা কথা-বাৰ্তা, ভাল-বেয়া ইত্যাদি৷ তাৰ পিছত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সূত্ৰ ধৰি মাননীয় প্ৰধান মন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত ২অক্টোবৰত সূচনা হোৱা স্বচ্ছ ভাৰত অভিযানৰ আলাপেৰে আমাৰ আলোচনাই গতি লাভ কৰিলে দেশ-বিদেশ মহতিয়ায়৷ নিজে গৈছে বাবেই মোডীজীৰ চাক্ষুস বিৱৰণীও জীৱন্ত, প্ৰাণৱন্ত৷ মনে বিচৰা প্ৰসংগৰে তেওঁ মোক মানসিক পৰিতৃপ্তিৰ ৰসত তেনেই জুবুৰিয়াই পেলালে৷ চাফ-চিকুণতাৰ প্ৰসংগ লৈয়ে স্থানীয়ৰ পৰা গৈ মাউলিননঙৰ কথাও ওলাল৷ নিজে এবাৰ যোৱা হেতুকে মোৰো বৰ্ণনা শক্তিশালী হৈ পৰিল আৰু মোডীজীক মন্ত্ৰমুগ্ধ কৰি ৰাখিব পাৰিলোঁ৷ 

ঘঁড়ীৰ কাঁটা আগ বাঢ়ি গৈ থাকিল৷ তাৰ মাজতে কফি আহিল৷ লাহে লাহে আলোচ্য বিষয়ে খেলপথাৰলৈ টাৰ্ণ ল'লে৷ দেউতাকৰ দিনৰ কনচেপ্তটো মোডীজীয়ে হাঁহি হাঁহি মাতি শুনালে... ‘খেল’গে’ কুদ’গে’ হ’ যাৱ’গে খাৰাব, পঢ়’গে’ লিখ’গে’ বন যাৱ’গে’ নবাব৷’ তেতিয়াৰ পৰা এতিয়ালৈ কতযে দিন গৈ ৰাতি হ’ল, ৰাতি বাগৰি পুনৰায় দিন হ’ল! সমান্তৰালভাৱে, ধাৰণাবিলাকো দেখ দেখকৈ কিমানযে সলনি হৈ পৰিল! আন নালাগে, খেলি-দৌৰি মহাৰাজ হোৱাটোও পৰৱৰ্তী কালত সত্য প্ৰমাণিত হৈ গ’ল৷ অন্তত মোডীজীয়েও তাকেই দোহাৰিলে আৰু পোষকতা কৰিলে খেলা-ধূলাৰ৷ ধন্যবাদ জনাই ঘৰমূৱা হ'লোঁ৷ অলপ পাছতে মোডীজীয়েও চাটাৰখন পেলালে৷

No comments:

Post a Comment