Sunday, 7 December 2014

বাছ ষ্টেণ্ডত ৰৈ
(গল্প নহয়, সত্য)


কাৰোবাক থ’বলৈ, কাৰোবাক আনিবলৈ বা আন কিবা কাৰণত বাছ ষ্টেণ্ডলৈ যাব লগা থাকিলে, খুব মজা পাওঁ৷ সময়তকৈ অলপ আগতীয়াকৈয়ে হাজিৰ হওঁগৈ৷ চৌপাশৰ আলেখ-লেখ চাওঁ৷ ঘটনা-পৰিঘটনাবোৰ লক্ষ্য কৰি নীৰৱে এক ধৰণৰ আনন্দ লওঁ৷

কাউণ্টাৰৰ ফুটাটোৰ সন্মুখত উখনা-উখনি এখন চলে৷ ‘তাৰ গাড়ীত কিয় এতিয়াই টিকট মাৰিছ?’ 

দুখন গাড়ীৰ তদাৰককাৰীৰ মাজতো হেতাওপৰা৷ ‘এইখনত উঠক বাইদেউ, এইখন আগতে যাব৷’ ‘সৌখনত বহি লওক খুৰা৷ ডাইৰেক্ট গাড়ী৷’

কোনোবা এটাই চিঞৰে৷ ‘ঐ সময় হ’ল৷ ষ্টাৰ্ট দে, ষ্টাৰ্ট দে৷’

কতনা তালুকি-ভালুকি! সময় পাৰ কৰোৱাৰ ফন্দি৷ হেণ্ডিমেন-কণ্ডাক্টৰৰ খেদাখেদি, দৌৰাদৌৰি, ঢকিয়াঢকি, গতিয়াগতি, গুৰিয়াগুৰি৷ কুকুৰ-চুপতিখন চাই ভাল লাগে৷

হঠাতে দুজন লোকৰ মুখামুখি৷ কথা কটাকটি, উচ্চ-বাচ্য৷ মুখ চম্ভালিবলৈ নাই৷ ভাবনাত যি আহিছে অকৃত্ৰিমভাৱে তাকেই বতাহত উলিয়াই দিছে৷ মাজে মাজে অবাইচ শব্দ একোটাও৷ ডাঙৰ কাজিয়া এখনেই হ’ব যেন লাগিছে! পিছ মুহূৰ্ততে দেখোঁ, ইজনে সিজনৰ বাহুবন্ধনত সোমাই পৰিছে৷ হাঁহিৰ জোৱাৰ উঠিছে৷ পান দোকানখনৰ আগত দুয়ো অৱস্থান লৈছেগৈ৷ তামোল একোখনকৈ মুখত সুমুৱাইছে৷ ওঁঠত এটাকৈ চিগাৰেট৷ গম পালোঁ, দুয়োজনেই একে লাইনৰ বাছ ড্ৰাইভাৰ৷ পিককণ পেলাই এজনে আনজনক ক’লে, ‘মই গৈ থাকোঁ দে, তই আহি থাকিবি৷ হেৰি কৰিবি অ’, মাজনীক আমাৰ ঘৰত কেইদিনমান থকাকৈ আহিবলৈ ক’বি৷’

বকলীয়া, লাংহিন, ডকমকা…৷’ কেইটামানে অনবৰতে ইফালৰ পৰা সিফাল কৰি চিঞৰিয়েই থাকে তালফাল লগাই, বিৰাম নোহোৱাকৈ৷ মুখ বিষায়নে নিবিষায়জানো! কোনোবাই এদিন কৈছিল, সিহঁতে বোলে ৰাতি টোপনিতো বকে... বকলীয়া লাংহিন, ডকমকা... টাইম হৈ গ’ল… টিকট লৈ লওক৷

সম্ভাব্য পেচেঞ্জাৰৰ ওপৰত সিহঁতৰ শেনচকু৷ সন্মুখেৰে পাৰ হোৱা সকলোকে যাত্ৰী বুলিয়েই ভাবে৷ সন্তানসহ অহা এক মহিলাৰ পিছত লাগিছে তাৰে দুটা৷ নিজৰ গাড়ীখনত উঠাবলৈ দুবছৰীয়াটোক লৈ দুয়োৰে মাজত টনাটনি৷ মাকৰ ইফালে চিন্তাক্লিষ্ট মুখমণ্ডল৷ চকুৰ আগত কি ঘটিছে একো ভু-ভটঙকে পোৱা নাই৷ পোৱালিৰ হুৰাওৰাও কান্দোন৷

‘ক’লৈ যাব দাদা?’ কথা সুধি উত্তৰলৈ বাট নাচালেই৷ মানুহ এজনক কাউণ্টাৰলৈ পঠিয়াই এটাই বেগটো বুকুত সাবটি নি চিধাই নিজৰ গাড়ীত উঠালেগৈয়ে! আচল গাড়ী পিছে সেইখন নহয়৷ তাতোকৈ আগতে যাব লগাখনহে৷ সি কিন্তু টানিছে সিখনলৈ৷ দুয়োখনেই দুফালে লাগি আছিল৷ কাউণ্টাৰৰ মালিকে ধমক দিলে৷ সুধিলে, ‘ঐ, বেগটো ঘূৰাই দিলিনে নাই মানুহজনক?’ সি ক’লে, ‘দিলোঁ, দিলোঁ৷’ ‘তেনেকুৱা নকৰিবি৷ কিবা হেৰালে তইহে ভৰিব লাগিব৷’ তাৰ পিছত এটা সত্য কাহিনী শুনালে৷ এবাৰ হেনো এজন যাত্ৰীয়ে ছাগলী আনিছিল৷ ছাগলী মুঠতে চাৰিটা৷ বাটত নমোৱাৰ সময়ত তেওঁ দাবী কৰিলে বোলে ছাগলী পাঁচোটাহে আছিল৷ এটা ক’ত গ’ল? ক’ৰবাত নমাই দিয়াৰো অভিযোগ তুলিলে৷ কথা গৰম হৈ গৈ থাকিল৷ উপায় নাই৷ অৱশেষত বাছেই ভৰিব লগা হ’ল৷ এনেকুৱা আশ্চৰ্যজনক ঘটনাও ঘটে!

মাক আৰু জীয়েক৷ ক’ৰবালৈ যাব চাগৈ৷ মাকৰ হাতত পুৰণিজাতৰ ম’বাইল ফোন৷ অ’পাৰেট কৰিবও ভালকৈ নাজানে চাগৈ৷ বাৰে বাৰে জীয়েকৰ ফালে আগুৱাই দিছে৷ জীয়েকজনী ইফালে সাজোনে-কাচোনে আধুনিকা৷ হাতত মস্ত ষ্ক্ৰীণ টাচ্চ এটা৷ আজিকালিৰ ষ্টাইলত, পাৰ্লাৰত ষ্ট্ৰেইট কৰা চুলিখিনি তিনিভাগকৈ মেলা৷ টাইট জিনছ, ভৰিত হাই হিল৷ ঘনেপতি চুলিকেইডালত ওপৰৰ পৰা তললৈ এখন হাত বুলাই আছে৷ কান্ধত ভেনিটি বেগ৷ এখন হাতত মস্ত ম’বাইলটো৷ বাঁওহাতৰ তলুৱাত পাতি লৈ সোঁহাতৰ তৰ্জনীৰে খুঁটিয়াই খুঁটিয়াই কিবা চায়৷ চুলি ঠিক কৰে৷ আকৌ খুঁটিয়ায়৷

বিভিন্ন জাতৰ মানুহ দেখিবলৈ পোৱা যায় বাছ কাউণ্টাৰবোৰত৷ ভিন্ন জন, ভিন্ন মন৷ ভিন্ন বেশ-ভূষা, ভিন্ন গতি-বিধি৷ এই বিচিত্ৰতা মন কৰি বৰ ভাল লাগে৷

No comments:

Post a Comment