কিনাৰাম-ভোগাৰাম-বেচাৰাম
(গল্প নহয়, সত্য)
কামৰ সংক্রান্তত মোৰ গুৰিলৈ দিনটোৰ বিভিন্ন সময়ত
বিভিন্নজন লোক আহে৷ তাৰে মাজৰে কোনোবা এজনে সিদিনা খুব ধুনীয়াকৈ ব্যাখ্যা কৰিছিল এই
কথাটো৷ প্ৰসংগ ব্যক্তিগত যদিও কথাটো একেবাৰে প্ৰেক্টিকেল আছিল৷
বক্তাই ক’লে, ‘আমাৰ আগৰ প্ৰজন্মটো আছিল কিনাৰাম৷ মানে, আমাৰ দেউতাকবোৰে
কিনিলে৷ বৰ্তমানৰ প্ৰজন্মটো হ’ল ভোগাৰাম৷ মানে, আমিবোৰে এতিয়া ভোগ কৰি আছোঁ৷ পিছৰ প্ৰজন্মটো হ’ব বেচাৰাম৷ মানে, আমাৰ ল’ৰা-ছোৱালীহঁতে এসময়ত ককাকে কিনা
আৰু দেউতাকে বচাই ৰখা গোটেইসোপা সা-সম্পত্তিকে বিক্রী কৰি দিব৷’
কথাটো শুনি অলপ পৰ তভক মাৰিলোঁ৷ কিনাৰাম-ভোগাৰাম-বেচাৰামৰ
প্ৰসংগই মোকো চিন্তান্বিত কৰি তুলিলে৷ আগন্তুকৰ মুখলৈ চালোঁ৷ একেখিনি কথাকে তেওঁ আকৌ
অলপ বহলালে৷
‘মানে, আমাৰ দেউতাহঁতে কিনিছিল৷ হালৰ মুঠিত ধৰি
ডাঙৰ হোৱা মানুহ৷ সৰু-সুৰা কাৰবাৰো কৰিছিল৷ কষ্ট কৰি পৰিয়াল চম্ভালিলে৷ মাটি-বাৰী আদি
যি পাৰে কিনিলে৷ কোনো ৰকম ঘৰ এখন সজালে৷ তাৰ পিছত সময় হ’ল, গুচি গ’ল৷ গতিকে তেওঁলোক আছিল কিনাৰাম৷
তাৰ পিছত আহিলোঁ আমি৷ হালৰ মুঠি এৰি চাকৰিত সোমালোঁ, বা ব্যৱসায় কৰিলোঁ৷ দেউতাই গোটাই
থৈ যোৱা মাটি-বাৰীখিনিক ধৰি ৰাখি, চলাই কৰি এতিয়া আৰামত খাই-বৈ আছোঁ৷ ভোগ কৰি থাকিবলৈ
পোৱা গতিকে আমিবোৰ হ’লোঁ ভোগাৰাম৷ আৰু আমাৰ পিছৰবোৰ?
সিহঁতৰ আমাতকৈ শিক্ষা-দীক্ষা বেছি৷ চিন্তা-চৰ্চাও বেলেগ৷ সিহঁতে ভৱিষ্যতে কি কৰিব,
ক’ত থাকিব, একো ঠিকনা নাই৷ তাতে
গ্ল’বেলাইজেচনৰ যুগ৷ উন্মুক্ত পৃথিৱী৷
অত্যাধুনিক জীৱন-যাত্ৰাই টানি নিয়াৰ ফলত ল’ৰা-ছোৱালীহঁতৰ ককাক বা দেউতাকৰ মাটি-ভেটিখিনিক ধৰি ৰখাৰ
প্ৰতি ইচ্ছা বা আগ্ৰহ কিমান, সেইটো এটা ডাঙৰ প্ৰশ্ন৷ ধাৰণা হয়, সিহঁতে এদিন এই গোটেইবোৰ
বেচি-মেলি আন ক’ৰবালৈহে গুচি যাব৷ গতিকে সিহঁত
হ’ব বেচাৰাম৷'
নিজৰ উদাহৰণসহ তেওঁ কৰা তিনিটা প্ৰজন্মৰ ব্যাখ্যা
শুনি ময়ো ভাবিলোঁ, কথাটো হয় দেখোন! কিনাৰাম-ভোগাৰাম-বেচাৰামৰ উদাহৰণ আমাৰ সমাজখনলৈ
দৃষ্টিপাত কৰিলে দেখা পোৱা যায়৷ এলেহুৱা বা অকৰ্মণ্যতাৰ ফলশ্ৰুতিত সন্মুখীন হোৱা অৰ্থনৈতিক
দুৰৱস্থাৰ কবলত পৰি দেউতাকৰ মাটি-বাৰী বিক্রী কৰি দিয়া বেচাৰামো অৱশ্যে নথকা নহয়৷
No comments:
Post a Comment