Monday, 1 December 2014

দাগ আচ্ছে হ্যে
(গল্প নহয়, সত্য)


পাঁচ নম্বৰী নিভিয়া বলটো পাই এইকেইদিন কব নোৱাৰা হৈ পৰিছে লৰা৷ কিমানবাৰযে ধন্যবাদ দিছে মোক! ধন্যবাদৰ পিছত ধন্যবাদ৷

সন্ধিয়া লাগিছে৷ আৰ্ট ক্লাছৰ পৰা আনি ঘৰৰ আগত নমাইছোঁ মাত্ৰ, দৌৰাদৌৰি আৰম্ভ৷ লক্ষ্য আন একো নহয়, নতুন ফুটবলটো৷

অলপ পিছতে ভনীয়েকৰ চিঞৰ... বেগেতে আহাচোন, বৰ বেয়াকৈ কাটিলে ইয়াক৷ বহুত তেজ ওলাইছে৷

চাওঁগৈযে হয়৷ গেটৰ মুখতে পিছল খাই পৰিল সি৷ গেটত লগোৱা টিনখনে ভালকৈ এবখলা নিলে৷ সোঁহাতৰ ভিতৰফালে কিলাকুটিৰ পৰা চাৰিআঙুল দূৰত৷ চাৰিআঙুলমান বহলকৈ ফালি মাংস ওলাই গৈছে৷ মাকে কিবা এখনেৰে হেঁচি ধৰিছে৷ মচিও আছে, বকিও আছে৷ কাপোৰখন তেজেৰে ৰাঙলী৷ ভনীয়েকৰ চকুপানী৷ সি কিন্তু অলপো কন্দা নাই! ঘাটুকুৰালৈ একেৰাহে চাই আছে৷

বুজিলোঁ, ই অলপ টান হৈছে৷ সৰুতে কেনেবাকৈ কৰবাত অকণমান তেজ ওলালেই হল আৰু৷ কান্দোনত যেন গছৰ পাত সৰাব, তেনে টাইপৰ আছিল৷

আঘাত পোৱা ঠাইখিনি নিৰীক্ষণ কৰি গালি এজাউৰি পাৰিলোঁ প্ৰথমে৷ তাৰ পাছত তুৰন্তে হস্পিতাল৷ ইমাৰজেন্সিৰ ডিউটিত থকা ডাক্তৰ নুনিচাই মনোযোগেৰে চালে৷ চিলাব লাগিব৷ নহলে আগলৈ দাগ থাকি যাব৷ চিলালে দাগ নাথাকিব৷' তেওঁ ক'লে৷

ল'ৰাক অলপ চিন্তাত পৰা যেন লাগিল৷  ডাক্তৰৰ আগত একো কবও নোৱাৰে৷ মুখমণ্ডল চাই ভিতৰৰ অৱস্থা মই ধৰি পেলালোঁ৷ চিলোৱাৰ সপক্ষে এটা-দুটা বাক্য নিজেও কলোঁ৷ সি সেমেনা-সেমেনি কৰিলে৷

তেনেকুৱাতে ডেকা ডাক্তৰজনে তাৰ পিঠিত ঢকিয়াই কৈ উঠিল... এ ডেকা ল'ৰা৷ নালাগে দিয়া চিলাব৷ দাগ থাকক৷ তেহে ডাঙৰ হলে আনক দেখুৱাব পাৰিবা৷ আৰু কবও পাৰিবা৷

লগে লগে তাৰ মুখত হাঁহি বিৰিঙি উঠিল৷ ডাক্তৰে লিখি দিয়া প্ৰেছক্রিপচনখন হাত পাতি লওঁতে হাঁহিটো যেন একেবাৰে পূৰ্ণাংগ হল! বিষ-বেদনা নিমিষতে শূন্য হৈ পৰিল! ড্ৰেচাৰজনে এণ্টিচেপ্তিক ড্ৰেচিং কৰি দিলে৷ বেণ্ডেজ সলাবৰ কাৰণে আহিবলৈ কলে৷ তাৰ পিছতে টিটেনাচ টক্সইড এটা৷ নাৰ্চকেইগৰাকীৰ লগত কথা পাতি থকা দেখি মনতে ভাবিলোঁ, আমাৰ দিনত বেজীৰ কথা ওলালেই বুকু কঁপি উঠিছিল আৰু ভয়তে পলাই পত্ৰং দিছিলোঁ৷ এতিয়া ইনজেকচনটো লওঁতে ইয়াৰচোন অকণো কেৰেপেই নাই৷

বুজিলোঁ, ই অলপ সাহসীও হৈছে তাৰ মানে৷ সৰুতে ডাক্তৰ, বেজীৰ নাম ললেই, চকুপানী কিন্তু আগত!

সকলোকে ধন্যবাদ জনাই ঘৰ পোৱাৰ পিছত মাকে কথাবোৰ সুধিলে৷ সি কলে... ডাক্তৰজনে প্ৰথমে চিলাব লাগিব বুলি কৈছিল৷ পিছত নিজেই কলে, নালাগে বুলি৷ ময়ো ভালেই পালোঁ৷ দাগ থাকিলেহে পিছত বাহাদুৰী মাৰিব পাৰিম৷ নহলে দেখোন একোৱেই চিন নাথাকিব৷ সঁচা কথা কবলৈ প্ৰমাণ লাগিব নহয়৷ দাগ আচ্ছে হ্যে৷ বুইছা?

No comments:

Post a Comment