আকৌ এবাৰ নিজক বিচাৰি পোৱাৰ সুযোগ...
(গল্প নহয়, সত্য)
সৰুসজাই ষ্টেডিয়াম৷ উপৰ্যুপৰি দুটা গল খাই মনটো
তেনেই মৰি থাকিল৷ ল’ৰাটোৱে বাৰেপতি কৈ আছিল, ফুটবল
এটা আৰু বুট এযোৰ তালৈ কিনি নিব লাগে৷ এনেয়ে সি বেডমিণ্টনহে খেলে৷ এতিয়াৰ পৰা ফুটবলো
খেলিব হেনো৷ আই.এছ.এল.এ বৈ অনা উৎসাহ! স্থায়ী হ’লেতো ভালেই৷ তাকে কাইলৈ আগবেলাতে বি. বৰুৱা ৰ’ডত নেহৰু ষ্টেডিয়ামৰ সমীপত কিনিম
বুলি ভাবি থৈছিলোঁ৷ এতিয়া ছয় আৰু চৈধ্য মিনিটত টপাটপ সোমাই যোৱা গল দুটাই হতভম্বটো
কৰিলেই, ল’ৰাৰ ফৰমাইচ পূৰা কৰাৰ ইচ্ছাটোও
সমূলি নাইকিয়া কৰি পেলালে৷ ধেইত, এনেকুৱাওনো হয়নে? বিষাদৰ লগতে তলে তলে খংটোও নুঠাকৈ
নাথাকিল৷ নব্বৈ মিনিটীয়া যুদ্ধখনৰ সমাপ্তিৰ দীঘলীয়া হুইচেলটোত দুয়ো পক্ষ থমকিল৷ দুই-একত
আমি সমৰ্থন কৰা এন.ই.ইউ.এফ.চি. দলটো হাৰিল৷ হৰা কথাটো মানি লোৱা এনেয়েও বৰ টান৷ তাতে,
অতি বেয়া হ’ল খেলখন৷ পুতৌজনক প্ৰদৰ্শন আৰু
এই পৰাজয়ে ফুটবলপ্ৰেমীৰ মনলৈ বোৱালে শোকৰ বন্যা৷ অন্তৰখন গধুৰ হৈ পৰিল মোৰো৷
পিছদিনাখন দুপৰীয়া৷ ছিলভাৰ স্পৰ্টছত ফুটবল
বুটযোৰ হাতত লৈ ষ্টাডবোৰ লিৰিকি-বিদাৰি গুণা-গঁথা কৰি আছোঁ, কিনো নে নিকিনো? আগ-সন্ধিয়াৰ
শোক-বেদনা এতিয়াও মনৰ পৰা মাৰ যোৱাই নাই৷ হ’লেও চাওঁচোন বুলিয়ে আচলতে চিনাকি দোকানখনত সোমাইছোঁ৷ নিজৰ
প্ৰতি নিজে অন্তিম প্ৰশ্নটো তুলিছোঁ... আমি পিতৃ-মাতৃবোৰেই যদি আমাৰ ল’ৰাটোক বা ছোৱালীজনীক নিজস্ব
কাৰণত ভাল কথাৰ পৰা আঁতৰাই ৰাখোঁ, তেনেহ’লে হ’ব জানো? খেলা-ধূলাৰ মাজেৰে সাধিত হোৱা শাৰীৰিক-মানসিক
বিকাশৰ বিষয়ে আমিচোন জানোৱেই৷ কৈও দিব পাৰোঁ এবকলা; লিখিও দিব পাৰোঁ এডৰা৷ তেনেস্থলত???
নিজৰ সময়খিনিলৈ মনত পেলালোঁ৷ ৰবাব, লেচিং বল৷ তাৰ
পাছত কোনোমতে ৰাছিয়ান বলটো৷ শুদা ভৰি, কাপোৰৰ জোতা৷ তাৰ পিছত কিবাকৈ বুট এযোৰ৷ হেঁপাহ
আৰু হেঁপাহ পূৰোৱাৰ খণ্ডযুদ্ধ৷ এতিয়া পিছে সেই ধৰণে নচলিব৷ ‘ভালকৈ খেলিবৰ হ’লে খেলা সামগ্ৰীখিনি ভাল জাতৰ
হ’ব লাগিব’ বুলি সিদিনা ইনড’ৰত এজনে কৈ থকা কথাষাৰে মনৰ অভ্যন্তৰত
ৰিঙিয়াই আছিল, খুন্দিয়াই আছিল৷ খেলত জয়-পৰাজয় থাকেই৷ তাকে লৈ সন্তানক বঞ্চিত কৰাটো
উচিত নহ’ব৷ গতিকে কিনিবই লাগিব৷ বুট,
মোজা, গাৰ্ড আৰু ফুটবল এটা লৈ ল’লোঁ৷
ল’ৰাৰ বাবেই পজিটিভ হ’লোঁ৷ তাৰ লগতে অৱশ্যে নিজেও এটা যুক্তি বিচাৰি
পালোঁ৷ এতিয়া সি যেতিয়া নতুন বুটযোৰ পিন্ধি বলটোৰ পিছে পিছে ফিল্ডত দৌৰি ফুৰিব, মোৰো
এনে লাগিব, তাৰ প্ৰতিটো খোজত ময়ো যেন নিজকে বিচাৰি পাম!
সেই সুযোগকে এতিয়া লৈছোঁ৷ সেই সুযোগ কোনো কাৰণতে
অথলে যাবলৈ দিব নোৱাৰি৷
(শেহতীয়া দৃশ্যপট : পৰীক্ষা থকাৰ বাবে ফিল্ডলৈ
ওলাব নোৱাৰি আবেলি ঘৰতে বল চুটিয়াই ল’ৰাই খিৰিকীৰ আইনা এখন থ’লেই!
আক্ষেপ নাই৷ আনন্দহে লৈছোঁ৷ কাৰণ তাতোযে নিজকে
বিচাৰি পাইছোঁ৷)
No comments:
Post a Comment