ত্ৰাণকৰ্তা, নাইমূৰলৈ মনত পৰে...
(গল্প নহয়, সত্য)
স্কুলৰ ফালে পিঠি দি বেট ধৰিলেও দৰজা-খিৰিকীৰ আইনা
ভাগে, বিপৰীত ফালে বেট ধৰিলেও আইনা ভাগে৷ সমস্যাটো তাতেই৷ আমাৰ চেঙেলীয়া ক্রিকেটাৰসোপাৰ
প্ৰকোপত আইনাবোৰ ক্ৰমান্বয়ে নোহোৱা হৈ গৈ আছে৷ খেলি থাকোঁতেই হে’ড ছাৰ, মানে ভুবনেশ্বৰ শৰ্মা
ছাৰ হঠাতে আহি ওলায়৷ আমি ফৰিং ছিটিকা দিওঁ৷ এতিয়া
তেখেতৰ ছাত্ৰ নহওঁ যদিও এসময়ত ক, খ, প্ৰথম, দ্বিতীয়, তৃতীয় শ্ৰেণীলৈকে তেখেতৰ
তত্ত্বাৱধানতেইতো আমি প্ৰায়বোৰ ল’ৰাই প্ৰাথমিক শিক্ষাৰ দেওনা পাৰ হৈ আহিছোঁ৷ হাতৰ আখৰৰ পৰা জমা-খৰছলৈকে
তেখেতৰ পৰাই শিকিছোঁ৷ গতিকে শ্ৰদ্ধামিশ্ৰিত সেই সমীহ শেষ হোৱা নাই এতিয়াও, আৰু নহ’বও কাহানিও৷
ঠহৰকৈ গ্লাছ এখন ভাগে৷ চিচাবোৰ সিঁচৰতি হৈ পৰে৷
ছাৰে বকি-জকি স্কুলঘৰটোৰ ফালে যায়৷ লগে লগে যেয়ে যেনেকৈ য’তে পাৰে আত্মগোপন কৰে৷ ছাৰে বলটো
বুটলি লয়৷ পাঞ্জাৱী চোলাটোৰ পকেটত সুমুৱায়৷ আকৌ গালিবৰ্ষণ আৰম্ভ৷ অলপ সময়ৰ পিছত ঘৰ
অভিমুখে গুচি যায়৷ লুকাই থকা স্থানৰ পৰা আমি চাই থাকোঁ৷ চকুৰ ঠাৰে-চিয়াৰে কথা চলে৷
‘গ’ল ঐ’ বুলি ইংগিত পালেই ওলাই আহোঁ৷
তাৰ পিছত জৰুৰী আলোচনা৷ কি কৰা যায় এতিয়া? বলযে আৰু নাই! খেলখনো হৈ পৰিল বন্ধ৷
উপায় উদ্ভাৱন কৰোঁতাই নাকটো মোহাৰিয়েই বুদ্ধি এটা
উলিয়ায়৷ নাইমূৰ চোকা ল’ৰা৷ ক্লাছত সদায় প্ৰথম হয়৷ আমাতকৈ
এশ্ৰেণী আগত৷ হে’ড ছাৰৰ অন্যতম প্ৰিয় শিষ্য৷ অনুশাসন
মনা বাধ্য ছাত্ৰ৷ সি নিজে নেখেলে৷ আমি খেলা চাইহে থাকে৷ তাৰ ভায়েক ছাজিদুৰেহে খেলে৷
নাইমূৰ শকত-মস্ত, পেটলা৷ তাক আমি আম্পায়াৰিং কৰিবলৈ লগাওঁ৷
সিফালে বলটো অনাৰ পৰিকল্পনা চূড়ান্ত হৈ উঠে৷ নাইমূৰকে
শিখণ্ডী হিচাপে লোৱা হয়৷ ‘ভাল ল’ৰা’টোৰ পিছে পিছে আমি কেইটামানে
ছাৰৰ ঘৰলৈ যাওঁ৷ জপনা খুলি সি সোমাই যায়৷ নমস্কাৰ এটা দি সি ছাৰৰ লগত কথা পাতে৷ আমি
একো নামাতোঁ৷ ছাৰে যিযে নকওক, যিমানেই গালি নাপাৰক, নীৰৱে, তলমূৰকৈ শুনি ৰওঁ৷ কেইটামানে
জপনামুখতে চুচুক-চামাক কৰি থাকে৷ শেষত আমাক ছাৰে বুজায়৷ ‘অপৰাধী ক্রিকেটাৰ’সকলৰ মুখপাত্ৰ নাইমূৰে ছাৰক আশ্বাস
দিয়ে... ‘ল’ৰাবোৰে এতিয়াৰে পৰা যা-তাকৈ নেখেলে
ছাৰ৷ আইনা আৰু নাভাগে৷ গতিকে বলটো দি দিয়ক ছাৰ…’
ছাৰে আমাৰ খেলপ্ৰীতি উপলব্ধি কৰে৷ ভলীবলৰ দিনত
নিজেও আহি ধূতিখন কোঁচাই খেলত ভাগ লয়৷ ভুকু, গাদী, কুঠাৰ মাৰে৷ গতিকে অলপ পিছতে বলটো
পাঞ্জাৱীৰ পকেটৰ পৰা উলিয়াই নাইমূৰৰ হাতত তুলি দিয়ে৷
কামটো সিজি যায়৷ আকৌ ব’লিং আৰম্ভ হয়৷ বেটিং আৰম্ভ হয়৷
এইবাৰ অলপ লাহে লাহে, সাৱধানে৷ উইকেট কীপাৰ, স্লিপছ, লে’গ স্লিপৰ ফিল্ডাৰকেইটাৰ সতৰ্ক
দৃষ্টি থাকে বলৰ ওপৰত৷ বেটছমেনেও সতকাই বল এৰি নিদিয়া হয়৷ ৱাইড বলটোও খেদি গৈ হ’লেও ৰখায়, বেহু পাৰ হৈ গৈ বলে
যাতে আইনাত খুন্দিয়াবগৈ নোৱাৰে৷ পূবা-পশ্চিমাকৈ খেলিলে ৰ’দে চকুত ধৰে৷ গতিকে উত্তৰা-দক্ষিণাকৈ
খেলি থকা হয়৷ স্কুলখনৰ কাৰণে মৰম থকা হেতুকে পূবা-পশ্চিমাকৈয়ে ষ্টাম্পকেইডাল পুতি পেলোৱা
হয়৷ এসময়ত পইচা তুলি নে’ট এখন কিনো৷ তেনেকৈয়ে আইনাকেইখনৰ
প্ৰাণ বচোৱা হয়৷ লগতে ৰক্ষা পৰে হে’ড ছাৰক দি অহা প্ৰতিশ্ৰুতি৷
দিনবোৰ ভাবিব নোৱাৰা ধৰণে সলনি হ’ল! আজি সেই নাইমূৰ ক’ত, ছাৰ ক’ত, আমি ক’ত, বেট-বল-ষ্টাম্প ক’ত! স্কুলখন আছে, ফিল্ডখনো আছে৷
নাই পিছে তাহানিৰ দৰে এচাম ল’ৰা, যি ল’ৰাই আবেলি সময় হ’লেই ফিল্ডখনলৈ ঢাপলি মেলিছিল,
একেলগ হৈ খেলিছিল… ফুটবল, ক্ৰিকেট, ভলীবল, ইত্যাদি
ইত্যাদি৷
No comments:
Post a Comment