ময়ো আঁকিছিলোঁ চশমা আৰু মোচ
(গল্প নহয়, সত্য)
সৰুতে এটা অভ্যাস (নে বদভ্যাস?) আছিল মোৰ৷ সেইটো
হ’ল, মানুহৰ ছবি থকা কিতাপ-আলোচনী
কেনেবাকৈ হাতত পৰিলেই হ’ল৷ কলমটো লৈ চকুকেইটাক চিধাই
চশমা পিন্ধাই দিওঁ৷ ঘৰুৱা পুথিভঁৰালত সংৰক্ষণ কৰি ৰখা কিতাপবিলাকৰ মাজত তেনেকুৱা কিতাপ
এতিয়াও আছে৷ দৰকাৰী কিতাপ একোখন বিচাৰি থাকোঁতে কেতিয়াবা ক’ব নোৱাৰাকৈয়ে সেইখনত হাত পৰে৷
পাত লুটিয়াই গৈ থাকি চশমা অঁকা ছবিবোৰ দেখা পাওঁ৷ তেতিয়া খং নুঠে, হাঁহি উঠে৷ ল’ৰালিৰ দিনবোৰলৈ ঘপকৈ মনত পৰে৷
‘প্ৰগতিৰ পথত কাৰবি আংলং’ মোৰ সংগ্ৰহত থকা তেনে এখন কিতাপ৷
দিলীপ শৰ্মাই ১৯৭৩চনত লিখা৷ ডিফু বজাৰৰ কিৰণ প্ৰকাশে উলিয়াইছিল৷ কলিকতাত ছপোৱা হৈছিল৷
কিতাপখনৰ শেষলৈ থকা ১৬টা পৃষ্ঠাত সেই তেতিয়াই গ্লচী আৰ্ট পে’পাৰত ক’লা-বগা ছবি সন্নিৱিষ্ট কৰিছিল
মিকিৰ পাহাৰ জিলাৰ ৰাজনৈতিক নেতাসকলৰ৷ ৰাজ্যিক মন্ত্ৰী, বিধায়ক, মিকিৰ পাহাৰ জিলা পৰিষদৰ
মুখ্য কাৰ্যপালিকা, কাৰ্যনিৰ্বাহক সদস্য আদিৰ ফটোবোৰৰ ছপা খুব পৰিষ্কাৰ হৈছিল৷ হ’লেওনো কি? চকুবিলাকৰ ওপৰত গোল
গোল চশমা আঁকি দিয়া হ’ল সেই তেতিয়াতে৷ কাৰোবাক আকৌ
মোচো আঁকি দিয়া হ’ল!
চশমা নথকাজনক চশমা আৰু মোচ নথকাজনক মোচ... কিযে
অদ্ভুত ধৰণৰ দস্তুৰ আছিল সেইটো! এতিয়াও মাজে মাজে ভাবোঁ৷ তাৰ বাবে মা-দেউতাৰ পৰা গালিও
খাইছিলোঁ চাগৈ৷ মনত নাই, পাহৰিলোঁ৷ জীৱনত প্ৰথমবাৰ কলম ব্যৱহাৰ কৰোঁতে অনৱৰতে হাতত
উঠি থকা খজুৱতি মাৰিবলৈকে তেনেকুৱা কামবোৰ কৰা হৈছিল চাগৈ৷ আপুনিও কৰিছিল নেকি এই কাৰবাৰটো?
No comments:
Post a Comment