এবাৰ আমাৰ ফুটবলটো নোহোৱা হৈছিল...
(গল্প নহয়, সত্য)
স্কুলৰ সন্মুখত সৰুকৈ ফিল্ডখন, তাৰ সিপাৰে গড়কাপ্তানি
ৰাস্তাটো, পথৰ দাঁতিত পুতুল শৰ্মাৰ পাণ-তামোলৰ দোকানখন৷ আবেলি হ’লেই ফিল্ডত আমি ফুটবল খেলোঁ৷
পিয়াহ লাগিলে দৌৰ মাৰি ৰাস্তা পাৰ হৈ টেপত অহা পানী খাওঁ৷ নহ’লে ৰাজুহঁতৰ ঘৰলৈ চেকুৰ লওঁ৷
‘অ’ বৰমা, পানী দিয়কচোন...’ বুলি চিঞৰটো মাৰিলেই বৰমা, মানে
ৰাজুহঁতৰ মাকে পানীভৰ্তি কেটলি আৰু ষ্টিলৰ গিলাচ এটা বাহিৰলৈ উলিয়াই দিয়ে৷ ঘটঘটকৈ কেইগিলাচমান
পেটত ভৰাই লৈ আকৌ খেলোঁহি৷ লগৰীয়াৰ ভিৰ লাগিলে মুখখন ওপৰলৈ কৰি কেটলিৰ নলীয়েদিয়ে ডাইৰেক্ট
ঢালি দিওঁ৷ সময় নাই!
পকা ৰাস্তা পাৰ হৈ বলে পুতুলদাৰ গুমটিতো ঢকিয়াইগৈ৷
বৈয়াম বগৰাই পেলায়, বিস্কুটৰ টিনৰ আইনা তচ্-নচ্ কৰে৷ পুতুলদাৰ খং উঠে৷ প্ৰায়ে বকে৷
হ’লেওযে উপায় নাই!
এদিন এটা অঘটন ঘটিল৷ ফিল্ডৰ পৰা উৰা মাৰি
যোৱা বল একেবাৰে গুমটিৰ ভিতৰত ৰ’লগৈ৷ খেলিমেলি কৰি পেলালে ভিতৰৰ বস্তু৷ হাতত কটাৰী লৈ পুতুলদাই তামোল
কাটি আছিল৷ খঙত একো নাই হৈ মানুহটো বাহিৰ ওলাই আহিল৷ আমি বোলোঁ, কাটিব এতিয়া আমাৰ বলটো!
নাই নহয়৷ কটাৰীয়ে তামোলে কাষৰীয়াকৈ থৈ পিন্ধি থকা গামোচাখন ঘপকৈ কোঁচাই ল’লে মানুহটোৱে৷ ভাবিলোঁ, আমাৰ
ফালে মাৰি পঠিয়াব চাগৈ৷ পিছে... শৰীৰৰ সৰ্বশক্তি প্ৰয়োগ কৰি এক চোট দিলে৷ তাকো আকৌ
ফিল্ডৰ ফালে নহয়, দোকানৰ পিছফালে তললৈ থকা হাবিখনলৈ৷ গুফুল, জাৰ্মানি বন, নাম নজনা
কাঁইটীয়া গছ-গছনিৰে গেজেপনি মৰা সেইখনত সোমাবলৈ এনেয়ে আমাৰ ভয়৷ সাপকে ধৰি ঢেৰ কিবাকিবি
থাকে তাত৷ তেনেস্থলত এতিয়া যায় কোন বল বিচাৰি? বলটো তেনেকৈ মাৰি পঠিওৱা বাবে পুতুলদাৰ
লগত কেইটামানৰ বাক-বিতণ্ডা, হতিয়াহতি এখনো আৰম্ভ হ’ল৷ খেল বন্ধ হৈ পৰিল৷ মৰসাহ কৰি দুটামানে হাতত
লাঠী লৈ বিচাৰি গ’ল যদিও সন্ধিয়া নামি অহাত অনুসন্ধান
কাৰ্য আগুৱাব পৰা নগ’ল৷ নিশালৈ ফুটবল হাবিতে ৰ’ল৷
পিছদিনা কোৰ-কটাৰী লৈ আকৌ অভিযান চলিল৷ নাই, বল হ’লে নোলাল৷ কোনোবাই ক’লে... ‘এইফালে মাৰিছিল৷’ কোনোবাই দেখুৱালে... ‘নহয়, সেইফালেহে মাৰিছিল৷’ আন কোনোৱে আকৌ ওপৰৰ পৰাই আঙুলিয়ালে...
‘সৌখিনিতহে পৰিছে যেন লাগে৷ ভালগৈ
চা৷’ হাবি ভাঙি সদলবলে বিচাৰি বিচাৰি
হাইৰাণ হ’লোঁ৷ বল নাই নাই নায়েই৷ দোকানী
পুতুলদাও চাগৈ মনে মনে আচৰিত নোহোৱাকৈ নাথাকিল৷ তেওঁ আমাক মানে বল খেলা ল’ৰাবোৰক অলপ কষ্ট দিওঁ বুলিহে
কাণ্ডটো ঘটাইছিল৷ এতিয়া সেইটোকে লৈ ল’ৰাহঁতৰ লগত সম্পৰ্কটোৱে নষ্ট হৈ গ’ল৷ ‘ডাঙৰটো হৈ সি এয়াহে কৰিলে? চাল্লা
ঢেকেৰী, দিম ৰহ তোক’ ...গুজৰি-গুমৰি থাকিল আমাতকৈ
বয়সত ডাঙৰ দুটামান৷
বলটো নোলাল৷ খেল ৰৈ থকাৰতো কথাই নাই৷ কেইদিনমানৰ
ভিতৰত পইচা তুলি অন্য এটাৰ যোগাৰ হৈ গ’ল৷ আগৰ নিচিনাকৈয়ে নিয়মিত অনুশীলন চলিবলৈ ধৰিলে৷ পুতুলদাও
আগতকৈ নমনীয় হ’ল৷
অলপ দিনৰ পিছতে গুপ্তচৰৰ মুখে খবৰ আহিল... ‘ইৰিগেচন ক’লনীৰ ল’ৰাই আমাৰ বলটো হাবিত পৰা বুলি গম পাই পুৱাতেই তলফালেৰে চুপচাপ আহি বিচাৰি উলিয়াই মনে মনে লৈ গৈছে৷’
‘কি? এইটো হ’ব পাৰে নেকি? ব’ল যাওঁ৷’ ওলালোঁ এপালমান, ইৰিগেচন ক’লনী অভিমুখে৷ দূৰৰ পৰাই দেখা গ’ল... ৰুবুল, মিলন, ভাই, চাইলা, মাইলাহঁতে সিহঁতৰ সৰু ঠাইখিনিতে ফুটবল এটা ইফাল-সিফালকৈ লঠিয়াই আছে৷ আমি সেইফালে যোৱা গম পোৱা মাত্ৰকে খেলা বন্ধ হৈ পৰিল৷ তৎক্ষণাৎ বলটো লুকুৱাই পেলালে সিহঁতে৷ গম পাই গ’লোঁ, ডাল মে কুচ কালা জৰুৰ হ্যায়৷ ‘বলটো চাওঁ ঐ, দেচোন’ বুলি ভালদৰে খোজা সত্ত্বেও উলিয়াই নিদিয়েহে নিদিয়ে৷ আৰু তেতিয়াই আমাৰো গা চেবালে৷
ৰুবুলহঁতৰ ঘৰলৈ সোমাই গ’লোঁ৷ পেহীয়েক ওলাই আহিল৷ তেওঁ
আমাৰ কথা মন দি শুনিলে৷ তাৰ পিছত সিহঁতক ঠিকছে ডবিয়ালে... ‘লোকৰ বল ঘূৰাই নিদিয় কেলেই? আন,
ক’ত থৈছ? দি দে এতিয়াই...’ হঠাতে সিহঁতৰ মাজত আবিৰ্ভাৱ
হোৱা বল এটাৰ কথাটো তেওঁ বোধ হয় তলে তলে মন নকৰাকৈ নাছিল৷
কিছু সময়ৰ অন্তত অৰুণা পেহীয়ে ভিতৰৰ পৰা বিচাৰি-খোঁচাৰি বলটো আনি আমাৰ হাতত তুলি দিলে৷ সিহঁতবোৰ কোন কেনি ভাগিল, লগালগ নাপাত্তা হৈ গ’ল৷ আমাৰ বল গায়ে-গঠনে চিনি পোৱাত আমাৰো অকণো অসুবিধা নহ’ল৷ পিছে অসুবিধা হ’ল ৰূপটোক লৈহে৷ দেখি আচৰিতো হ’লোঁ, হাঁহিও উঠিল৷ সিহঁতে আমাৰ বলটো বগা ৰং মাৰি বৰণেই তেনেই সলাই পেলালে!
যি কি নহওক, সফল অভিযানটোৰ অন্তত বল লৈ আমি আমাৰ স্কুলফিল্ড পালোঁহি৷ হেৰোৱা ফুটবলটো উদ্ধাৰ হোৱাত সকলোৰে মুখত হাঁহি বিৰিঙিল৷ বলত ৰং মৰাৰ নাভূত-নাশ্ৰুত কাণ্ডটো জানি চবেই আচৰিততো হ’লেই, কিৰীলিও ওলাল মুখৰ পৰা৷ প্ৰত্যেকে একোবাৰকৈ হাতত লৈ পৰীক্ষা কৰি চালে বলটো৷ সিফালে পুতুলদাই কি ভাবিলে নাজানো৷ আমাৰ হাতত কিন্তু তেতিয়া এটা নহয়, দুটা বল হৈ গ’ল!
তেতিয়াৰ পৰাই ইৰিগেচন ক’লনীৰ সেইকেইটাকো আমি ‘বল চোৰ’ বোলা হ’লোঁ৷ এতিয়াও কিবা কাৰণত সিহঁতৰ কোনোবাটোৰ কথা উল্লেখ কৰিব লগা হ’লে, পুৰণি ঘটনাটো জনা আমাৰ সমনীয়াকেইটাৰ মাজত ৰেফাৰেন্স হিচাপে ‘বল চোৰ’ শব্দ দুটাহে পোনেই ওলাই আহে... 'কোন মিলন?' 'মিলন আকৌ, সেই বল চোৰটোযে৷' ...এনেকৈ৷
খেল-ধেমালিয়ে আৱৰি ৰখা শৈশৱ-কৈশোৰৰ এনেকুৱা কথাবোৰে আমাৰ জীৱনত আজিও অহৰহ ৰং ছটিয়াই আছে আৰু নমৰালৈকে থাকিব৷
No comments:
Post a Comment