‘অশ্ৰুভৰা উপত্যকা’ৰ সন্ধানত...
(গল্প নহয়, সত্য)
খনবামন পৰ্বতৰ পাদদেশৰ লংনিত-লাংপাৰ্পান অঞ্চলক
পটভূমি স্বৰূপে লৈ ৰংবং তেৰাং ছাৰে উপন্যাস এখন ৰচনা কৰিছিল ২০০৩চনত৷ নাম দিছিল ‘অশ্ৰুভৰা উপত্যকা’৷ ডিফু থানা ৰ’ড এৰি শিক্ষক ক’লনিলৈ উঠি যোৱা ৰাস্তাটোত অৱস্থিত
‘হিলছ ভিউ কটেজ’ৰ খিৰিকীৰে পূব দিগন্তলৈ চালে
ৰিণিকি ৰিণিকি চকুত পৰে খনবামন৷ তাৰ পৰাই আৰম্ভ কৰা উপন্যাসখনৰ বিষয়ে ছাৰে বজাৰ কৰিবলৈ
আহোঁতে মোৰ কৰ্মস্থলীত অকণমান বহি সেই তেতিয়াই মুকলিকৈ জনাইছিলেও... ‘প্ৰথম বাক্যটো আজি লিখিছোঁ’ বুলি৷ কাৰবি-কুকিৰ সংঘাতৰ সময়ত
নিৰীহ মানুহৰ তেজ বোৱা শোকাৱহ ঘটনাই আন দহজনৰ দৰে তেখেতকো মৰ্মাহত কৰিছিল৷ তাৰে আলমত
উপন্যাসখন লিখা হৈছিল৷ চাৰমেন ৰংহাং, চাংৱাই টেৰণপী, মিৰবিন, কাজিৰ, বংলং তেৰাং, কুঞ্জলাল
গুপ্তা, ফুৰাধন বৰ্মন, লুনছে তেৰাং, লংকি টেৰণ, চাৰছ’ টেৰণ, চন্দ্ৰ মিলিক, বুলুট মিলিক,
হেমাৰি টেৰণ, কাৰেং, কাজক, ৰবিনা, ৰামছিং টকবি, কানিয়া টেৰণ, লাংটুক ক্র’, কাংথেৰ তিমুং, কা-এত ৰংহাংপী,
লাৰছিকা, আংজক আদি ভালেমান চৰিত্ৰৰ সমাৱেশৰ লগতে লংনিত, লাংপাৰ্পান, শিলনী ৱাটাৰ চাপ্লাই
স্কীম, লাংপাৰ্পান এল.পি. স্কুল, নং ৰাষ্ট্ৰীয় ঘাইপথ, মহংদিজুৱা এম.ই. স্কুল, বৰজান,
বকলীয়া, লংনিত হাইস্কুল, শিলনী পিকনিক স্পট, সিংহাসন পৰ্বত, খনবামন পৰ্বত আদিৰ উল্লেখ
ইয়াত আছে৷ চাৰিটা বছৰৰ অন্তত, ২০০৭চনত, ‘এদিনৰ সংবাদ’ বাতৰি কাকতৰ শাৰদীয় বিশেষ সংখ্যাত ‘অশ্ৰুভৰা উপত্যকা’ ছপা আখৰত প্ৰকাশ পাইছিল৷
ডিফুৰ লেখক-সাংবাদিক জয়ছিং টকবিয়ে উপন্যাসখন কাৰবি
ভাষালৈ অনুবাদ কৰি পেলাইছিল পিছৰটো বছৰতে, অৰ্থাৎ ২০০৮চনতে৷ প্ৰকাশকৰ সদিচ্ছাৰ অভাৱত
সুদীৰ্ঘ ৬টা বছৰ নীৰৱে বাগৰি যোৱাৰ পিছত ডিফুৰ কাংথিৰ বুক হাউচ এণ্ড পাব্লিছাৰে এতিয়া
গ্ৰন্থখন পাঠকৰ হাতত তুলি দিয়াৰ পদক্ষেপ লৈছে৷ ১১টা অধ্যায়ৰ ৭২পৃষ্ঠাজোৰা এই অনূদিত
উপন্যাসখনৰ নাম ‘মেক্রি বুপ্ৰুপ আলাংহাম’৷
‘মেক্রি বুপ্ৰুপ আলাংহাম’ অৰ্থাৎ ‘অশ্ৰুভৰা উপত্যকা’ৰ ভিতৰৰ পৃষ্ঠাসমূহ কেতিয়াবাই
কৰা হৈ গৈছিল৷ বেটুপাতৰ বাবে অনুবাদক তথা মোৰ স্কুলীয়া দিনৰ বন্ধু জয়ছিঙে, তাগিদা বুলি
ক’লে আচলতে সঠিক নহ’ব, জোৰ-জবৰদস্তি কৰি আছিল৷ পটভূমিৰ
সৈতে সংগতি থকা প্ৰাকৃতিক দৃশ্য এটাৰে কামটো সমাধা কৰিম বুলি এদিন তাক কৈ দিলোঁ৷ সি সাময়িকভাৱে
চুপ হ’ল যদিও মাজে মাজে কামুৰিবলৈ নেৰিলে৷
অৱশেষত ১৪নবেম্বৰৰ পুৱা ৯বজাত তাৰ আওপুৰণি, ‘ভকচেল’ য়ামাহা আৰ.এক্স.১০০ মটৰ চাইকেলখনৰ পিছৰ চিটত বহিবলগীয়া
হ’ল৷ কান্ধত নগা মোনা, হাতত ডিজিটেল
কেমেৰা৷ গন্তব্যস্থলৰ দূৰত্ব ডিফুৰ পৰা প্ৰায় ২৬কিল’মিটাৰ৷ ‘অশ্ৰুভৰা উপত্যকা’ৰ সন্ধানত ডিফু-মাঞ্জা-নগাঁও পথেৰে আমি ৰাওনা হ’লোঁ৷ বাটত গাইপতি এক লিটাৰকৈ
মুঠ দুই লিটাৰ তেল ভৰাই ধেত-ধেতকৈ তেনেই ধীৰ গতিৰে অ’ত-ত’ত ৰৈ ৰৈ গৈ থাকিলোঁ লংনিত-লংপাৰ্পান
এলেকালৈ৷ ‘অশ্ৰুভৰা উপত্যকা’ৰ সন্ধানত জীৱনৰ আন এক মনোৰম
অভিজ্ঞতা সেয়া৷
কাৰবি আংলং জিলাৰ ডিফু মহকুমাৰ অন্তৰ্গত এখন সৰু
ঠাই লংনিত৷ ‘লুঙি’ বুলিও মানুহৰ মুখত শুনা যায়৷
একেবাৰে পুৰণি নামটো লংলিত৷ ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰীয়া এই ঠাইখনেদি বৈ গৈছে খৰস্ৰোতা
লংলিত নৈ৷ এই নৈৰ ওপৰৰ পুৰণি কাঠৰ দলংখন আমি শুনিবলৈ পোৱামতে ৰাষ্ট্ৰীয় ঘাইপথটোৰ দলংসমূহৰ ভিতৰত সবাতোকৈ
দীঘল আছিল৷ এতিয়া অৱশ্যে পকী আৰু নতুন স্থানত নিৰ্মাণ হ’ল৷ পুৰণি পথটোৰে যাতায়াত বন্ধ
হৈ পৰিল৷ ইয়াৰ ওচৰৰে লাংপাৰ্পান জুৰিত বান্ধ দি জলসিঞ্চন বিভাগে পথাৰলৈ পানী যোগান
ধৰি আহিছে৷ লংলিত নৈৰ কাষে কাষে যোৱা সৰু পথেৰে পাহাৰৰ দিশে প্ৰায় ৪.৫কিল’মিটাৰ আগুৱাই গ’লে এটা ধুনীয়া পিকনিক স্পট পোৱা
যায়৷ ‘শিলনী’ নামেৰে এই স্থান জনাজাত৷ নৈসৰ্গিক
প্ৰকৃতিয়ে বিৰাজ কৰা এই স্থানলৈ পিকনিক খাবলৈ সৰুৰে পৰাই আমাৰ আহ-যাহ আছে৷ নৈপৰীয়া
অঞ্চলটোত সৰিয়হ খেতি প্ৰচুৰ পৰিমাণে হয়৷ বন বিভাগ আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰশত বনভোজথলীৰ
এতিয়া উন্নয়ন ঘটিছে৷ এই শিলাময় পাহাৰীয়া নৈখনৰ ওপৰভাগত বান্ধ দি জনস্বাস্থ্য কাৰিকৰী
বিভাগে মধ্যাকৰ্ষণ শক্তিৰ প্ৰয়োগৰ জৰিয়তেই ডিফু চহৰলৈ কোন কেতিয়াবাৰে পৰাই জল পৰিৱহণ
কৰি আহিছে৷
পিকনিকৰ চিজন আহি আছে৷ ‘অশ্ৰুভৰা উপত্যকা’ৰ সন্ধান কৰাৰ সুযোগতে সেই দেখি
আমিও শিলনী (লংছ’কাংথু পিকনিক স্পট) চাই আহোঁ
বুলি গ’লোঁ৷ বনভোজ খাবলৈ বাছ লৈ অহা
বোকাজানৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ দল এটাক লগ পালোঁ আৰু কথা পাতিলোঁ৷ ইয়াত সোমাওঁতে
আগতে মাচুল নালাগিছিল৷ এতিয়া ব্যক্তি আৰু বাহন অনুযায়ী বিভাগীয় কৰ্তৃপক্ষই এণ্ট্ৰি
ফিজ ধাৰ্য কৰি দিছে৷ ঠাইখিনি আগতকৈ অধিক পৰিষ্কাৰ, অধিক আকৰ্ষণীয়, অধিক নিৰাপদ যেন
মোৰ অনুভৱ হ’ল৷ তাৰে কেইটামান দৃশ্য পাঠকৰ
বাবে সংলগ্ন কৰিলোঁ৷
No comments:
Post a Comment