Saturday, 8 November 2014

শনিবৰীয়া মোৰ আলহীত আজি আগ বঢ়াইছোঁ দুটি কবিতা কাৰবি পাহাৰৰ চিঠি আৰু এই বাট৷ কবিৰ নাম শ্ৰীমতী দীপালী আমফি৷ ২০০২চনত ইংৰাজী কবিতাৰে কলমক গতি প্ৰদান কৰা দীপালী বাইদেউৰ কবিতা, গল্প আৰু প্ৰবন্ধ দি আছাম ত্ৰিবিউন, দ্যা ছেণ্টিনেল কাকতৰ মিলেঞ্জ, সাদিন, এদিনৰ সংবাদ, আজিৰ বাতৰি, আমাৰ অসম আদি কাকতৰ উপৰি কেইবাখনো স্থানীয় আলোচনী, স্মৃতিগ্ৰন্থাদিত প্ৰকাশ পাইছে৷ ডিফুৰ ভেলি ভিউ ভিলেজ নিবাসী, গড়কাপ্তানি বিভাগৰ চাকৰিয়াল দীপালী বাইদেউ এগৰাকী অভিনেত্ৰীও৷ তিনিটা ভাষা (অসমীয়া, কাৰবি আৰু ইংৰাজী)ত লিপিবদ্ধ কৰা তেখেতৰ জীৱনৰ প্ৰথম কবিতা সংকলন হৃদয়ৰ গুঞ্জৰণ : Sengve Angdung : Echoes of My Heart (প্ৰকাশ ২০১২চন)ৰ পাতৰ পৰা এই কবিতা দুটি অকবৰ পাঠক সমাজলৈ আগ বঢ়ালোঁ৷



১. এই বাট

মই কোনো ৰণক্ষেত্ৰলৈ যাব বিচৰা নাই
ত ক্ষত-বিক্ষত হোৱাৰ বাহিৰে একো নাই৷
মই যাব বিচাৰো সুখে-দুখে উপচি থকা
সপোনৰ তৰাফুলীয়া পথাৰলৈ,
ত আছে সেউজৰ সজীৱ নিশাহ৷
এতিয়া অহৰহ বিদ্ৰোহী মনবোৰে
বিষাক্ত কৰে আকাশৰ শীতল চন্দ্ৰতাপ;
বন্দুক, ধোঁৱা আৰু তেজৰ জুইত
জ্বলি ছাই হয় সাঁচতীয়া আশা৷
তথাপি মোৰ বিশ্বাস,
মানুহৰ তেজত স্তিমিত নহয়
প্ৰেম আৰু বিশ্বাসৰ বিমুগ্ধ প্ৰৱাহ৷
হৃদয়বোৰক পৰিশোধিত কৰি
সকলোৱে এদিন বাট লব,
বুকুৰ মণিৰ পৰা বুটলিব
সঁচা অনুভৱৰ পদ্মৰাগ৷
প্ৰচ্ছন্ন জোনাকৰ ছাঁত
এই বাট হব সুগম বাট
জীৱনৰ আচল বাট৷

২. কাৰবি পাহাৰৰ চিঠি

আকাশখন ফৰকাল হল,
বৰষুণো শেষ হল,
তথাপি এইবাৰ ৰিত্‌কেনং কৰা নহল৷
ইক্‌ লংকাম ঐ, কতনো আছগৈ?
তথাপিও তই নাহিলি৷
যোৱাবাৰ বহাগতে প সিফলীয়া হ
খেতিৰ মাটিটুকুৰাও ছন পৰি ৰ
ৰুগীয়া পাইজনীও শয্যাশায়ী হল৷
ইক্‌ লংকাম ঐ, তইনো আছ কত?
এবাৰোযে নাহিলি!
মনত নপৰেনে বাৰু আমালৈ
সৰুভনী কাছাঙলৈ?
তোক নাপাই সৰুভাইটোকে
সেনাৰ জোৱানে ধৰি নিলে৷
মাৰি-পিটি তাক ঘূণীয়া কৰিলে৷
ইক্‌ লংকাম ঐ, তইনো আছ কত?
কোনোবা জেলত নে জংঘলত?
আমাকতো জানিব নিদিলে,
ইক্‌ জাননে?
আমাৰ সেউজ পাহাৰখন
এতিয়া আৰু সেউজ হৈ থকা নাই৷
তাৰ ৰংটো ধূসৰ হল৷
ভাহি অহা পংচিৰ মাতো এতিয়া
শুনিবলৈ নাই,
হাচাকেকান কৰিবলৈ গাঁৱত
ডেকাহঁতো নাই,
বন্ধুকৰ গুলীৰ শব্দেৰে এতিয়া
পাহাৰখন ৰজন্‌জনায়৷

কাৰবি শব্দাৰ্থ
ৰিত্‌কেনং : খেতি কৰা
ইক্‌ : ককাইদেউ
: পিতাই
পাই : আই
পংচি : বাঁহী



No comments:

Post a Comment