শনিবৰীয়া ‘মোৰ আলহী’ত আজি আগ বঢ়াইছোঁ এটি কবিতা৷ কবি মোলান ইংতি৷ শোণিতপুৰ
জিলাৰ বিহালী মৌজাৰ বিহমাৰী লাংপ্ৰাট ইংতি গাঁৱত জন্ম গ্ৰহণ কৰা কবিগৰাকীয়ে ডিফুত শেষ
নিশ্বাস ত্যাগ কৰে৷ ২০১০চনত প্ৰকাশিত তেখেতৰ একমাত্ৰ সংকলন ‘প্ৰেমৰ সেউজ শইচ ইত্যাদি’ৰ পৃষ্ঠাৰ পৰা একে নামৰ কবিতাটি
আজি ‘অকব’ৰ ৱালত উদ্ধৃত কৰিলোঁ৷
‘প্ৰেমৰ সেউজ শইচ ইত্যাদি’
মন-পথাৰত খু-দুৱনি বান
প্ৰেমৰ সেউজ শইচ ছটিয়াওঁ কেনেকৈ?
সুৱাগমণি পথাৰত চৰহা পোকে আগুৰিলে
আইৰ কোলাত বাৰিষাৰ কঠিন দুখ৷
সখিয়তী চৰাইৰ পাখিত
তেজে তুম্ৰলি কৰা ৰং
ধানপুৰীয়া কঁঠালজোপাত বহি
তাই এতিয়া
নেমাতে চিনাকি সুৰীয়া মাত
আইৰ কোলাত বাৰিষাৰ কঠিন দুখ৷
আঃ
সপোন চাকনৈয়া বালিচৰ৷
No comments:
Post a Comment