Friday, 14 November 2014

শনিবৰীয়া মোৰ আলহীত আজি আগ বঢ়াইছোঁ এটি কবিতা৷ কবি শ্ৰী সুৰেন ক্রামছা৷ কাৰবি আংলং জিলাৰ বিথিলাংছ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰী ক্রামছাই পাহাৰী নিজৰা (স্বৰচিত কবিতা সংকলন, ২০০৩চন), লামজিৰ ইচাং আৰু লামজিৰ আফাৰ (কাৰবি ভাষাত শিক্ষামূলক প্ৰবন্ধ সংকলন, ২০০৩চন) আৰু কাৰবি কৃষ্টিত এভুমুকি (কাৰবি সংস্কৃতিমূলক এলানি প্ৰবন্ধৰ সংকলন, ২০০৪চন) ছপা কৰি উলিয়াইছে৷ আমাৰ অসম কাকতত প্ৰকাশিত তেখেতৰ কবিতা যাদিথা লংকি আজি অকবৰ ৱালত উদ্ধৃত কৰিলোঁ৷

যাদিথা লংকি

হাকৌ আছন মাথাৰি৷
ননকে কাইকিমি৷
যাদিথা লংকি;
নাংহেম নাংৰিন্দি৷
নাং চেৰাইকম নাংজি৷৷
নাং হেক লংকি;
মাংহুতো দেতৰি৷
বাংছ আপিৰ্বি;
আন আদাং থেপি৷৷
তা নাং চুম আথাই
আৱেদেতজি৷৷

অসমীয়া ভাবাৰ্থ

কিছু কথা উপলব্ধি কৰাচোন লংকি

আগৰ দিন গল৷
তোমাৰ জন্মভূমিকো চাবৰ সময় হল৷৷
লংকি, তুমি অজলা হৈ নাথাকিবা৷

নহলে তোমাৰ জন্মভূমিকো হেৰুৱাবা৷৷





No comments:

Post a Comment