Monday, 3 November 2014

ফুটবল পথাৰৰ কণমানি কঠীয়াবোৰ...
(গল্প নহয়, সত্য)


ধুউৰ, ক্রিকেট-চিকেট ভাল নলগা হৈছে আজিকালি৷ এনেয়ে কিনিলোঁ বস্তুবোৰ৷ বেট-চেট চব বিকি দিম৷ চব বিকি বুট এযোৰ কিনিম৷ ফুটবল খেলিম হাইস্কুল ফিল্ডত...

সৰুফুটীয়া লৰাটো৷ লগৰীয়াৰ আগত অনৰ্গল কৈ আছে তাৰ মনৰ কথা৷ কথাবোৰ মই মনে মনে শুনি আছোঁ৷ ভাল লাগে, ইহঁতৰ কথাবোৰ শুনি৷ মজা লাগে, ইহঁতৰ কাণ্ড-কাৰখানাবোৰ চাই৷ সুযোগ পালেই ইহঁতক মই নিৰীক্ষণ কৰোঁ৷ মনস্তত্ত্বৰ বুজ লওঁ৷ নিজকে মানসিকভাৱে সিমানটো জোখৰ কৰাৰ চেষ্টা কৰোঁ৷ তাৰ পিছত সিহঁতৰ সৈতে কথা পাতোঁ, খেলত ভাগ লওঁ৷ পাৰ হৈ অহা দিনবোৰলৈ উভতি যাওঁ তেনেকৈয়ে৷ আৰু নিজকে দুনাই আৱিষ্কাৰ কৰি পেলাওঁ৷

হিৰ’ ইণ্ডিয়ান ছুপাৰ লীগ আৰম্ভ হোৱা কিমান দিননো হ’ল? যি বুজিছোঁ, ফুটবলে ইহঁতৰ মনোজগতত ন-পোখা মেলিবলৈ লৈছেই৷ ইহঁতে এতিয়া আই.এছ.এল.ত খেলা দেশী-বিদেশী প্ৰায় সব খেলুৱৈৰে নাম জানে আৰু চিনিও পায়, যিটো নিজেও এই পৰ্যন্ত মই সম্ভৱ কৰিব পৰা নাই! কোন প্লে’য়াৰ কোন দেশৰ তাকো ইহঁতে ক’ব পাৰে৷ কেইটামানহে জানো মই৷ তাৰ তুলনাত কম বয়সতে ইমানেই খবৰ ৰাখিছে ইহঁতে! ব্ৰাজিলত হোৱা যোৱাটো বিশ্বকাপৰ পিছৰ পৰাই পৰিৱৰ্তন এটা লক্ষ্য নকৰাকৈ থকা নাই৷ বহুতৰে প্ৰেম হৈ গৈছে ফুটবলৰ সৈতে৷ এতিয়া আই.এছ.এল.এ ঠিক সাৰ-পানী যোগাইছে৷

কালি আবেলি ইনডৰ ষ্টেডিয়ামত লৰাক থৈ আহোঁতে হাইস্কুল ফিল্ডত ৰৈ নিজেই এফালৰ পৰা গন্তি কৰি পালোঁ, পঞ্চাশটা মইনা-চেমনীয়া৷ কচ এজন৷ পোন্ধৰটামান বল৷ সকলোৰে ভৰিত বুট৷ কাৰোবাৰ গাত মেছিৰ চোলা, কাৰোবাৰ বাৰ্ছিলোনাৰ৷ ফুটবলে পূৰ্বৰ আসন ঘূৰাই পাইছে ইহঁতবোৰৰ প্ৰাণত৷ নাপাবনো কিয়? ইহঁতৰ গাঁৱলীয়া ককাক-আজোককাকবোৰেচোন হওক-নহওক, এই খেলটোকেইতো খেলিছিল৷ পুৱা-আবেলি ঢোপ খেলৰ নামত পিছ খেদিছিল কাপোৰৰ বল, ৰবাব টেঙা, ৰবৰৰ বল একোটা জুমটোৰ মাজতে লৈ৷

পৰিৱেশ এটা আহিছে৷ ফুটবল জী উঠিছে৷ আশাৰ হুইচেলটো বাজি উঠিছে৷ তাকেই দেখা পালোঁ, শুনা পালোঁ কালি আবেলি৷ সিদিনা টিভিত জাৰ্মানীৰ ফুটবল জায়েণ্ট এফ.চি. বেয়াৰ্ণ মিউনিখৰ ট্ৰেইনিং কেম্পৰ ফুটবল ট্ৰেইনিং এণ্ড প্ৰেকটিচ চেচন কেইটামান প্ৰত্যক্ষ কৰি অভিভূত হোৱাৰ পিছত কালি এনে লাগিল, আমাৰো যেন গঢ় লৈ উঠিছে এয়া কিডছ ফুটবল একাডেমি

বিছনাত বাগৰি লৈ চিপচৰ টুকুৰা কামুৰি ডৰেমন-পকেমন চোৱাতকৈ মুকলিত ফুটবল গুৰিয়াই থকাটো বহুত গুণে ভাল বুলি মোৰ এটা ধাৰণা আগৰে পৰাই আছে৷ পৰিৱৰ্তনৰ এই সুযোগকণতে আমাৰ শিশুবোৰৰ সেই অভ্যাসটো ভংগ হব লাগে৷ সেইটো ভাঙিবলৈ আমিও জোৰ দিব লাগে৷

ফুটবল পথাৰৰ এই কণমানি কঠীয়াবোৰ লহপহকৈ বাঢ়ি আহক৷

No comments:

Post a Comment