Thursday, 13 November 2014

জাংগল চাফাৰী... ফটাশিল অভিমুখে
(গল্প নহয়, সত্য)


মাহদিয়েক পূৰ্বে ‘অকব’ৰ মাননীয়া সদস্যা ৰঞ্জিতা গগৈ ডাঙৰীয়ানীয়ে মোৰ মনৰ মাজত জুই একুৰা জ্বলাইছিল ফটাশিল বিষয়ক প’ষ্ট এটা দি৷ সেই সময়তে প্ৰবল ইচ্ছা জাগিছিল যে সোনকালেই ময়ো তালৈ পাক এটা মাৰিবই লাগে৷ তাৰ দিনদিয়েক পিছত, ‘অকব’ৰ মাননীয় সদস্য কালাম আজাদ ডাঙৰীয়াৰ হাতী বিষয়ক প’ষ্ট এটাই সেই জুইকুৰাত ঘিঁউ অকণমান ঢালি দিলে, যিহেতু ফটাশিল যাত্ৰাত ময়ো জীৱনত প্ৰথমবাৰৰ বাবে হাতীৰ পিঠিত উঠিবলৈ পোৱাৰ ৰেঙণি এটা দেখা গৈছিল৷ এতিয়া এইটো কৈ ভাল লাগিছে যে বহু আকাংক্ষিত পাকটো মৰা হ’ল৷ হাতীত উঠাটো অৱশ্যে নহ’ল৷ কাৰবি আংলং জিলাৰ বন বিভাগৰ কৃপাধন্য হৈ মাৰুতি জীপচি গাড়ীৰে গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্যত এটা সফল 'জাংগল চাফাৰী' কৰিলোঁ সৌ-সিদিনা, ৮নবেম্বৰ তাৰিখ, শনিবাৰে৷ আজি ১৪৷ মূৰৰ পৰাই কৈ যাওঁ ৰ'ব, কথাখিনি৷

ফটাশিল-গৰমপানী এডভেন্সাৰ ট্ৰিপটোৰ প্ৰস্তাৱ মোৰ বন্ধু, উদ্যমী আৰু সাহসী সাংবাদিক, লেখক সঞ্জু বৰাৰ মুখৰ আগত দাঙি ধৰা মাত্ৰকে তেৱোঁ উত্তেজিত হৈ পৰিল৷ জীৱনৰ অভিজ্ঞতাৰ ভিত্তিত মই গভীৰভাৱে বিশ্বাস এটা ৰাখোঁ যে এনেবোৰ প্ৰস্তাৱ যাকে-তাকে দিয়াটো ভুল৷ জুইকুৰা বহুতৰে নজ্বলেই৷ গতিকে খুব ভাবি-চিন্তি, এইবোৰৰ টে’ষ্ট বুজি পোৱা সঠিক মানুহকহে ক’লোঁ৷ সিবাৰ ‘অকব’ৰ মাননীয় সদস্য প্ৰশান্ত কুমাৰ বৰা ডাঙৰীয়াৰ আতিথেয়তাত গিবনলৈ কৰা চফৰটোতো তেওঁ মোৰ সংগী আছিল৷ সঞ্জু ‘আমাৰ অসম’ কাকতৰ ডিফুৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ফ’কাচ এন.ই.ৰো পুৰণি ষ্টাফ৷ খোজ কাঢ়িব পৰা, পাহাৰ বগাব পৰা, যিকোনো ধৰণৰ মানুহ বা সমাজৰ সৈতে সহজে জীণ যাব পৰা, হাঁহিমুখীয়া, তজবজীয়া মানুহ৷ গতিকে দুয়োৰে তাল-মিলটো ভাল হয়৷ আমাৰ মাজত কথা ফাইনেল হোৱাত তেওঁ অকণো ৰৈ নাথাকিল৷ আগতীয়াকৈ যাৱতীয় অনুমতি বিচাৰি কাৰবি আংলং পূব সংমণ্ডলৰ বন বিষয়াগৰাকীলৈ ফোন লগালেই৷ বৰষুণৰ দিনকেইটাত হাবিত সোমাবলৈ হাক দিলে জয়ছিং বে’ মহোদয়ে৷ অন্যথা ভীষণভাৱে জোকৰ উপদ্ৰৱৰ সন্মুখীন হ’ব লাগিব৷ লমালমে জোক হেনো গছৰ ওপৰৰ পৰা থপথপকৈ সৰি পৰে, গায়ে-চায়ে৷ তাৰ পিছৰ বৰ্ণনা যিহে দিলে, শুনিবলৈ আৰু ভয়ংকৰ৷ অনুমতিৰ নাপাই বৰ কষ্টেৰে ৰ’ব লগা হ’ল বেয়া দিনকেইটা পাৰ হোৱালৈ৷ মনটো কিন্তু ইতিমধ্যে আগ বাঢ়িলেই! অপেক্ষাৰ অন্তত যেনিবা বিশেষ দিনটো আহিল৷ চেকেণ্ড চেটাৰডে’ত স্কুল বন্ধ থকাৰ সুযোগতে যাত্ৰাটোত আমাৰ লগত গাড়ীত উঠাই ল’লোঁ ডিফু কেন্দ্ৰীয় বিদ্যালয়ৰ ক্লাছ এইটত পঢ়া দুই সহপাঠী বন্ধু... মোৰ পুত্ৰ আদিশ আৰু সঞ্জুৰ পুত্ৰ সন্দীপনক৷ উদ্দেশ্য, ইহঁতকেইটাকো বনযাত্ৰা আৰু বনৰ সোৱাদ প্ৰত্যক্ষভাৱে ল’বলৈ দিয়া যাওক, প্ৰকৃতিযে সবাৰে ওপৰত সেয়া ভালদৰে হৃদয়ংগম কৰক ইহঁতেও৷ আৰু লগত লোৱা হ’ল টিভিৰ কেমেৰামেন কিৰণক৷

পুৱা ৫.৩০বজাত সঞ্জুৰ গাড়ীৰে ডিফুৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হ’ল৷ প্ৰায় তিনিঘণ্টাৰ মূৰত চিলনীজানস্থিত নৰ্থ-ইষ্টাৰ্ণ ৰেঞ্জৰ ফৰেষ্ট ৰেঞ্জাৰ বিভীষণ টকবিৰ কোৱাৰ্টাৰৰ সন্মুখত ৰ’লোঁগৈ৷ উৎসাহী ডেকা বন বিষয়া টকবি মোৰ ভাইটিহঁতৰ ঘনিষ্ঠ৷ ব্ৰেকফাষ্টৰ প্ৰস্তাৱ তেওঁ আগদিনাই দি থৈছিল৷ তেওঁৰ ঘৰতে লগ পালোঁ ডেপুটি ৰেঞ্জাৰ দিব্যধৰ শ্যামক৷ শ্যাম আকৌ সাহিত্য-সংস্কৃতিৰ সৈতে জড়িত মানুহ৷ একেলগে পুৱাৰ আহাৰ খোৱা হ’লত সঞ্জুৰ ৱাগন-আৰখন একাষৰীয়াকৈ থৈ টকবিয়ে নিজৰ সেউজীয়া ৰঙৰ চফ্ট টপ জীপচিখন গেৰেজৰ পৰা উলিয়ালে৷ বিভাগীয় বলেৰ’ পাইলট ভেহিকল এখনত চাৰিজন বন্দুকধাৰী নিৰাপত্তাৰক্ষী লগত লৈ শ্যামো উঠিল৷ গৰমপানী বা নামবৰ বন্যপ্ৰাণী অভয়াৰণ্যত বনৰীয়া জন্তু-জানোৱাৰৰ পৰা বিপদ কি হয়-নহয় নাজানো, মানুহৰ(?) পৰা কিন্তু বিপদ ঘটাৰ আশংকা নথকা নহয় বুলি আগতে বহুজনৰে মুখত শুনিছিলোঁ৷ ডাঠ জংঘল এতিয়া হৈ পৰিছে আণ্ডাৰগ্ৰাউণ্ড সংগঠনৰ সদস্যৰ অবাধ বিচৰণস্থলী৷ তাৰ বাবেই চাগৈ আগতীয়া সতৰ্কতা এয়া৷

অফিচ কেম্পাচৰ পৰা ওলাই দুয়োখন গাড়ী ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথ পালেগৈ৷ তাৰ পিছত ৰাইট টাৰ্ণ লৈ গন্তব্যস্থল অভিমুখে চেঁকুৰ মেলিলে৷ এই পথটো নুমলীগড়ত আৰম্ভ হৈ ভাৰত-ম্যানমাৰ সীমান্তৰ মোৰে পৰ্যন্ত গৈছে৷ আমি প্ৰথমে চিলনীজান পালোঁ৷ চিলনীজান কাৰবি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত এখন বেপেৰুৱা ঠাই৷ চকীহোলাৰ ফালৰ পৰা অহা কমলাবোৰ এতিয়া ইয়াত দেধাৰ ওলাইছে৷ তাৰে এঠোঙা উঠাই লোৱা হ’ল৷ চিলনীজান এৰিয়ে আৰম্ভ হোৱা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে যাত্ৰা কৰি গৰমপানী ফৰেষ্ট চে’ক প’ষ্টৰ সন্মুখত গাড়ী দুখন ৰ’লগৈ৷ তাতে সিখন গাড়ীত আৰু দুজন উঠিল৷ এজন ফৰেষ্ট গাৰ্ড নীৰেন দাস আৰু আনজন ডেপুটি ৰেঞ্জাৰ চন্দ্ৰছিং ক্র’৷ ক্র’ৰ সৈতে মোৰ পৰিচয় বহু পুৰণি৷ কেইবা বছৰৰ মূৰত এনেকৈ আকস্মিকভাৱে লগ পাই উভয়ে অতিশয় উৎফুল্লিত হ’লোঁ৷ সকলো মিলাই আমাৰ দলটো এতিয়া মুঠতে ১৪জনীয়া হৈ পৰিল৷

এই পথছোৱাৰে জন্মাৱধি সংখ্যাতীতবাৰ অহা-যোৱা কৰিছোঁ৷ সৰুতে নামবৰৰ পুৰণি দলংখনেৰে আমি আহ-যাহ কৰোঁ৷ দীঘল দলঙৰ ভিতৰত সেইখনৰো এটা নাম আছিল বুলি শুনিছিলোঁ৷ তেতিয়া গাড়ী ৰখাই গৰমপানীৰ উঁহটোত যাত্ৰীবোৰে হাত-মুখ ধোৱা দেখিছোঁ, খৰ-খজুৱতি গুচক বুলি৷ আমিও ধুই পাইছোঁ৷ হাবিখনৰ ভিতৰলৈ কিন্তু আগতে কাহানিও যোৱাৰ সুযোগ পোৱা নাছিলোঁ৷ শুনিছিলোঁ, ফটাশিল নামে জলপ্ৰপাত এটা সেইফালে থকা বুলি৷ আমাৰ মাহঁতে এতিয়াও কয় যে জীয়ৰী অৱস্থাত গোলাঘাটৰ কুমাৰপট্টিৰ ঘৰৰ পৰা তালৈ কেইবাবাৰো পিকনিক খাবলৈ গৈছিল৷ সেইবোৰ শুনি শুনি দীৰ্ঘদিনীয়া কৌতূহল এটা মোৰো তলে তলে জাগ্ৰত হৈ আছিলেই৷ সুযোগ ওলোৱাত তাকে নিবাৰণ কৰিবলৈ আহিছোঁ এইবাৰ, এই বয়সত৷ আনহাতে, কেইবা বছৰৰ আগতেই ৰাস্তাখিনি পোনাই দিয়াৰ উপৰি নামবৰ নৈৰ ওপৰৰ দলংখনো পকী হ’ল৷ গৰমপানীৰ উঁহটোৰ উন্নয়ন, চৌদিশে বাউণ্ডেৰী ৱাল, খটখটি, বহাৰ ব্যৱস্থা, ৱাটচ্ টাৱাৰ, নৈৰ ওপৰত ওলোমা দলং ইত্যাদিও গঢ়া হৈছে৷

ৰাষ্ট্ৰীয় ঘাইপথটো তাতে এৰি আমাৰ গাড়ী দুখন সোঁহাতে উত্তৰমুৱা হ’ল৷ এইটো মুহূৰ্তৰ বাবেই যেন অপেক্ষাৰত আছিলোঁ ইমান বছৰে! সংগোপনে ঈশ্বৰক ধন্যবাদ এটা জনালোঁ৷ হাবিতলীয়া লিকেৰে অৰণ্যৰ অন্তৰ্ভাগলৈ ধীৰ গতিৰে সোমাই যাব ধৰিলোঁ আমি৷ পথত গজি উঠা ঘাঁহ-বন, জংঘল চেটেপ চেটেপকৈ মহতিয়াই এয়া যেন এক জাংগল চাফাৰী!

এই বাটটোৱেই গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য আৰু নামবৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ সীমা বুলি কথা প্ৰসংগত জানিবলৈ পালোঁ৷ অৰ্থাৎ, অসমৰ দুখন পৃথক জিলা কাৰবি আংলং আৰু গোলাঘাটৰ সীমা এয়া৷ ডিফুৰ পৰা গৰমপানীৰ দূৰত্ব ১১২কিল’মিটাৰ৷ গোলাঘাটৰ পৰা প্ৰায় ২৫কিল'মিটাৰ দক্ষিণে৷ ইয়াৰ পৰা আমাৰ মূল লক্ষ্যস্থান ফটাশিললৈ আৰু প্ৰায় ৪কিল’মিটাৰ সোমাই যাব লাগিব৷ পূৰ্বে পোৱা আশ্বাসমতে হ’লে ইয়াৰ পৰাই হাতীত যাব লাগিছিল৷ কিন্তু এতিয়া আহিছোঁ ৰেঞ্জাৰৰ জীপচিত৷ বেয়া লগা নাই যদিও হাতীৰ পিঠিখনলৈ মনত পৰি আছে৷

ব্ৰিটিছৰ শাসন কালতে ১৮৭২চনৰ ৯আগষ্টত অবিভক্ত শিৱসাগৰ জিলাৰ গোলাঘাট মহকুমাৰ ১,৪১,৩৬৪হেক্টৰ বনাঞ্চলক নামবৰ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল৷ ব্ৰিটিছৰ দ্বাৰা ১৯১১চনত নিৰ্মিত এটা পৰিদৰ্শন বঙলা জিলা সীমান্তত অৱস্থিত গৰমপানী বন তালাচী চকীৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আমি দেখা পাই আহিছোঁ৷ নামবৰ বনাঞ্চলৰ ঐতিহ্যকে ই যেন আজিও সোঁৱৰাই আছে! তদুপৰি, যুদ্ধ বিমানৰ তলত সংযুক্ত কৰি বোমা-বাৰুদ কঢ়িয়াবৰ নিমিত্তে নিয়া প্ৰকাণ্ড পাত্ৰ এটাও তাৰ কাষতে দেখিবলৈ পালোঁ৷ ১২মিলিমিটাৰমান ডাঠ লোৰ পাতেৰে নিৰ্মিত কেনষ্টাৰ নামৰ এই পাত্ৰটো আনুমানিক দ্বিতীয় মহাযুদ্ধৰ সময়ৰ হেনো৷ হাবিৰ মাজত এইটো উদ্ধাৰ কৰা হৈছিল৷ এতিয়া পৰিদৰ্শন বঙলাৰ সমীপত ৰখা হৈছে৷

১৯৫২চনৰ ১০জুলাইত ভাৰত চৰকাৰে নামবৰ সংৰক্ষিত বনাঞ্চলৰ গাতে লগা গৰমপানী, বৰপুং, চৰাইপুং আদি গৰম পানীৰ উঁহসমূহক সামৰি প্ৰায় ৬বৰ্গ কিলমিটাৰ এলেকাক গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিছিল৷ ১৯৬৫-৬৬চনত নামবৰ বনাঞ্চলক উত্তৰ নামবৰ আৰু দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চল বুলি নামকৰণ কৰা হয়৷ পিছলৈ উত্তৰ নামবৰ সংৰক্ষিত বনাঞ্চলৰ ১৬.৬৩৩হেক্টৰ এলেকা মিকিৰ পাহাৰ জিলালৈ হস্তান্তৰ কৰা হৈছিল৷

আমাৰ লক্ষ্যস্থান ফটাশিল জলপ্ৰপাতটো গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্যত পৰে৷ এই অভয়াৰণ্যখন বৰ্তমান কাৰবি আংলং জিলাৰ অন্তৰ্গত৷ ইয়াৰ দক্ষিণ দিশৰ সীমাই ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথ চুই আছে৷ জৈৱ বৈচিত্ৰ্যৰে চহকী এইখন অসমৰ ভিতৰতে সবাতোকৈ ক্ষুদ্ৰ অভয়াৰণ্য৷ এই অঞ্চলটো ঘাইকৈ বনৰীয়া হাতীৰ বিচৰণথলী৷ কেইবা জাতৰ চৰাই আৰু সৰীসৃপকে ধৰি বিৰল প্ৰজাতিৰ বন্যপ্ৰাণীও নামবৰ-গৰমপানী বনাঞ্চলত আছে৷ হাতী, ঢেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ, গোধাফুটুকী বাঘ, লতামাকৰি বাঘ, মেঠোন, শৰ পহু, সুগৰী পহু, শহা পহু, খুটীয়া পহু, কেটেলা পহু, দল হৰিণ, বনৰৌ, বনৰীয়া কেৰ্কেটুৱা, বনৰীয়া গাহৰি, নেউল, জহামাল, উদ, শিয়াল, ৰাং কুকুৰ, ভালুক, লাজুকী বান্দৰ, হনুমান বান্দৰ, মলুৱা বান্দৰ, হলৌ বান্দৰ, চকৰি ফেঁটী সাপ, গুঁই, পৰ্ঘুমা, হাইঠা, বনকুকুৰা, দৰিক, বতা চৰাই, শৰালি হাঁহ, পানী হাঁহ, দেও হাঁহ, ডাউক, সখিয়তী, মৌপিয়া, তেলীয়া সাৰে, হাড়গিলা, বৰটোকোলা, কাম চৰাই, বাঢ়ৈটোকা, বালিমাহী, ধনেশ, কাউৰী, হুদু, শামুকভঙা, ফেঁচা, শেন, ৰজা শগুণ, ভাটৌ, মইনা, ভীমৰাজ, কাকৈশিৰা, শিলকপৌ, নীলকপৌ, বৰকপৌ, মইনা, ফেঁচু, বাদুলি আদি জীৱ-জন্তু, চৰাই-চিৰিকটি ইয়াত পোৱা যায়৷ তদুপৰি বিলুপ্তপ্ৰায় বনজ উদ্ভিদকে ধৰি কেইবাবিধো অৰ্কিড ইয়াৰ হাবিত দেখা যায়৷ অনেক প্ৰজাতিৰ উদ্ভিদেৰে ভৰা নামবৰ বিশ্বৰ ভিতৰতে এটা উল্লেখযোগ্য গৱেষণাগাৰ বুলি গৱেষক মহলত পৰিচিত৷ বনৌষধি গছৰ সমাহাৰে ইয়াক অনন্য প্ৰাচুৰ্য প্ৰদান কৰিছে৷ বিশেষভাৱে উল্লেখনীয় ঔলতা বা পানীলতাৰ উপৰি শেলুৱৈ, কাঠফুলা, মছ আৰু ঢেঁকীয়াৰ বহু প্ৰজাতি এই বনাঞ্চলত আছে৷ সেইদৰে নগ্নবীজী আৰু গুপ্তবীজী উদ্ভিদৰো অসংখ্য প্ৰজাতি ইয়াত উপলব্ধ৷ তুলাচালনীতা, ব্ৰহ্মমধুৰী, বনআম, ললেং টেঙা, চালমোগৰা, বাঁহ ঢেঁকীয়া, গছ ঢেঁকীয়া, মোমাই কেতুৰী, লতা কপৌফুল, অৰ্কিড ৰত্ন বা জুৱেল অৰ্কিড, ওৱাহিং বেত আদি এই বনাঞ্চলত প্ৰাপ্ত নিঃশেষপ্ৰায় উদ্ভিদ৷

আমাৰ আগে আগে গৈ থকা নিৰাপত্তাৰক্ষী উঠি যোৱা বলেৰখনে নিৰ্দিষ্ট এঠাইত ব্ৰেক মাৰিলে৷ জীপচিখনো পিছতে ৰল৷ আমাক নামিবলৈ নিৰ্দেশ দিয়াত সকলোটি নামিলোঁ৷ ফৰেষ্টৰ অভিজ্ঞতাৰে পূৰঠ বন বিষয়াকেইজনক অনুসৰণ কৰি হাতীদণ্ডিৰে শাৰী পাতি আগলৈ খোজ ললোঁ৷ মাটিত নমাৰ পিছতে জোকৰ ভয় এটা আছিল যদিও কেৰেপ নকৰি লুংলুঙীয়া বাটেৰে অগ্ৰসৰ হলোঁ৷ মাজে মাজে সন্মুখলৈ আগ বাঢ়ি অহা লতা-গুল্ম হাতেৰে আঁতৰাই যাবলগীয়া হল৷ নামনি পাই দেখিলোঁ, হাবিৰ মাজত এটুকুৰা মুকলি ঠাই৷ ঠাইখিনিত গছ-বিৰিখ নাই৷ বৰগছ, ভেলৌগছকে ধৰি চৌকাষে থকা ওখ ওখ গছবোৰত অনেক চৰাই৷ হাইঠা, পৰ্ঘুমা ইত্যাদি৷ ইফালৰ পৰা সিফাল কৰি জাকে জাকে ওপৰত উৰি ফুৰিছে৷ চুপচাপ ৰৈ আমি সেই দৃশ্য বেছ কিছু সময় উপভোগ কৰিলোঁ৷ সেইখিনি ঠাইৰ নাম চৰাইপুং৷ চৰাইবোৰে ইয়াত পানী খাবলৈ আহে৷ তলত অৰ্থাৎ ভূমিলৈ চাই দেখা পালোঁ, গৰম পানীৰ ভালেমান উঁহ৷ অসংখ্য বুদ্‌বুদ্‌ ওলাই আছে আৰু পানী জমা হৈছে ইফালে-সিফালে৷ চুই চালোঁ, কুহুমীয়া৷ গন্ধক মিহলি এই পানীত গা ধুলে খৰ-খজুৱতি নহয়৷ চৰাইবোৰে ইয়াত নামি গা ধুৱেহি৷ পুৱা খুব সোনকালে গলে সেই দৃশ্য ধুনীয়াকৈ দেখা যায়৷ পানী খাবলৈ আন বন্য জন্তুও আহে৷ যেনি-তেনি সিঁচৰতি হৈ থকা জন্তুৰ খোজবোৰেই তাৰ প্ৰমাণ দিলে৷

তাৰ পৰা উভতি পুনৰ গাড়ীত বহিলোঁহি৷ হাবি ফালি আমাৰ গাড়ী আকৌ আগলৈ চলিল৷ অকাই-পকাই নামনিলৈ যোৱাৰ পিছত গাড়ী ৰল৷ এইখিনি বৰপুং৷ হাতীয়ে পানী খোৱা, গা ধোৱা, জলকেলি কৰা ঠাই৷ এই পানীত গা ধুৱাৰ ফলত হাতীৰ ঘা, খজুৱতি আদি ভাল হোৱাৰ লগতে গাৰ বিষৰ পৰাও হেনো সিহঁতে উপশম পায়৷ অঞ্চলটোত যেনি-তেনি অনেক হাতীৰ খোজ আৰু লাদ দেখা পোৱা গল৷ পুখুৰীটোৰ এফালৰ পাৰটো হাতীয়ে গচকি ভাঙি পেলোৱাত দুদিনৰ আগতে বিভাগীয় কৰ্মীয়ে এক্সকেভেটৰ সহায়ত পুনৰ বান্ধি দিছে৷ বৰপুঙৰ কাষেৰে বৈ অহা নিজৰাৰ পানীয়ে বাট ভেটি ধৰাত দুজন ৰখীয়াসহ গাড়ী দুখন তাতে এৰিবলগীয়া হল৷ সেই বোঁৱতী ধাৰটোতো দেখিলোঁ, অসংখ্য বুদ্‌বুদ্‌, অসংখ্য গৰম পানীৰ উঁহ৷ চুই চোৱাত গৰম গৰম ভাব হল৷ এলেকাটো কিছু মুকলি আৰু জয়াল৷ দূৰে দূৰে দুজোপা প্ৰকাণ্ড ঔটেঙাৰ গছ চকুত পৰিল৷ ঔবোৰ ওলমি আছে৷ সেইবোৰ হাতীৰ খাদ্য৷ অনুমতি পালে ঘূৰি আহোঁতে কেইটামান গোটাব লাগিব বুলি মনতে ভাবি থলোঁ৷ গগৈ ডাঙৰীয়ানীয়ে তেতিয়াই লিখিছিল, সেই ঔটেঙা খুব সোৱাদযুক্ত বুলি৷ কথাষাৰ মনত পৰিল৷ ইতিপূৰ্বে ফৰেষ্ট গাৰ্ড দাস আৰু ডেপুটি ৰেঞ্জাৰ ক্রইয়াত ঔটেঙা গছ কেনি আছে বুলি সুধি সুধি ব্যতিব্যস্তও কৰিছিলোঁ৷ নিজ চকুৰে দেখাৰ পিছতহে স্বস্তি!

গাড়ী থৈ এইবাৰ সদলবলে লুংলুঙীয়া পথেৰে অগ্ৰসৰ হলোঁ, খোজ কাঢ়ি৷ ক্রমে ওপৰলৈ, আকৌ তললৈ৷ হাবিৰ মাজত কোনোবাই চোৰাংভাৱে কটা কাঠ চকুত পৰিল৷ অভিজ্ঞ গাইডৰ পিছে পিছে জংঘল ফালি ফালি গৈ অলপ পিছতে এক নৈসৰ্গিক পৰিৱেশত নিজকে উপস্থিত কৰোৱালোঁ৷ প্ৰাকৃতিক শোভা প্ৰত্যক্ষ কৰাৰ লগতে দুয়োখন ভৰিতে তেজ খাই থকা জোককেইটা টানি টানি এৰুৱাই ললোঁ৷

এইখনেই নামবৰ নৈ৷ ধনশিৰি নদীৰ অন্যতম প্ৰধান উপনৈ এইখন৷ মুখ বাগৰি চলি অহা কথামতে, দাঁতি-কাষৰীয়া কাৰবিসকলে নৈখনৰ নাম নামবৰ বুলি কোৱাত হাবিখনো নামবৰ বুলিয়ে জনাজাত হল৷ চিলনীজানৰ পৰা থুৰামুখলৈ এই হাবিক নামবৰ হাবি বুলি এতিয়াও বহুতে কয়৷ কেইবাটাও গৰম পানীৰ উঁহ বুকুত লৈ কেইবাখনো বিল অতিক্রমি ৰহস্যময় নামবৰ অৰণ্যৰ মাজেৰে বৈ যোৱা নামবৰ নৈখনে কেৱল ভৌগোলিকভাৱে গুৰুত্ব লাভ কৰি অহাই নহয়, অঞ্চলটোকো প্ৰাকৃতিকভাৱে আকৰ্ষণীয় আৰু জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ কৰি তুলিছে৷ কাৰবি আংলং জিলাৰ ডিফু মহকুমাৰ মধ্যস্থলৰ দিং তেৰাং নামৰ ঠাইৰ পশ্চিমে পাহাৰৰ মাজৰ পৰা এই নৈখন ওলাইছে বুলি কিতাপত পঢ়িবলৈ পাইছিলোঁ৷ নামবৰ হাবিৰ মাজেৰে আহি আহি কাৰবি আংলং আৰু গোলাঘাট জিলাৰ সীমাত অৱস্থিত গৰমপানীৰ ওচৰত নৈখনে ৰাষ্ট্ৰীয় ঘাইপথটো পাৰ হৈছে৷

তললৈ নামি যোৱাত বালিচৰ এটা পালোঁ৷ সেইছোৱাত নামবৰে ধেনুভিৰীয়া পাক লৈছে৷ সোঁতৰ বিপৰীতে আৰু কিছু আগুৱাওঁতেই চকুৰ আগত দেখা গল আমাৰ মূল লক্ষ্য ফটাশিল জলপ্ৰপাত৷ অৰণ্যৰ মাজৰ গহীন পৰিৱেশত শিলৰ ওপৰেৰে হৰহৰকৈ অনৱৰতে পানী বাগৰি আছে৷ অঞ্চলটো শিলাময়৷ দলটোৰ কেইজনমানে নৈ পাৰ হৈ আগধৰি জলপ্ৰপাতৰ কাষত হাজিৰ হলগৈ৷ শ্যামৰ নেতৃত্বত আমি অলপ পিছ হুহকি আহি অন্য পথ অনুসৰণ কৰি পুনৰ আগলৈ পাহাৰ বগাবলৈ ধৰিলোঁ৷ দণ্ডিৰে বাট বুলি ওপৰেৰে আগ বঢ়াৰ পিছত শিলেৰে চুঁচৰি তললৈ নামিলোঁ আৰু একেবাৰে জলপ্ৰপাতৰ দাঁতিতে ওলালোঁ৷

মনত আছে, প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীত ভূগোল-সাধাৰণজ্ঞানৰ পাঠত আমি উদাহৰণসহ সূত্ৰ লিখিছিলোঁ... কোনো পাহাৰৰ পৰা বৰ জোৰেৰে পোনে পোনে তললৈ পৰা পানীভাগকে জলপ্ৰপাত বোলে৷ যেনে... ফটাশিল জলপ্ৰপাত৷ চকুৰ আগত এয়া সেই জলপ্ৰপাত৷ নিজকে তৃতীয় শ্ৰেণীৰ ছাত্ৰাৱস্থালৈ লৈ গলোঁ, অলপ সময়ৰ বাবে৷

প্ৰাপ্ত তথ্য অনুসৰি ভৈয়ামমুখী প্ৰৱাহ পথৰ আদিতে তিৰিখেঙত ২৫মিটাৰ উচ্চতাৰ আৰু লাচিন নৈৰ মোহনাত ২০মিটাৰ উচ্চতাৰ জলপ্ৰপাত দুটাৰ লগতে এই ফটাশিল জলপ্ৰপাতে নামবৰ নৈক গতি প্ৰদান কৰিছে৷ নৈখনৰ কাষে কাষে আৰু গৰ্ভতো গৰম পানীৰ অনেকটা উঁহ আছে৷ এনে হট স্প্ৰিংবিলাকত কেলচিয়াম, মেগনেচিয়াম, আইৰণ, পটাচ আদি ৰাসায়নিক দ্ৰব্যৰ উপৰি মিথেন, নাইট্ৰজেন, কাৰ্বন ডাই-অক্সাইড, অজন, ৰেডন, হিলিয়াম আদি গেছ মিহলি হৈ থাকে বুলি গৱেষণাত প্ৰকাশ৷ সিংহাসন শৃংগৰ পাৰ্শ্বৱৰ্তী স্থানত হোৱা উৎপত্তিৰ পিছৰছোৱাত সৰ্পিল গতিপথেৰে ক্রমাৎ নামনিলৈ ধাৱমান হোৱা নামবৰে যাত্ৰাপথত দলংজান, গেলাজান, লাচিন, চেইলাংছ, ফদংশ্যাম, লাংছমেপি, ৰংগিৰি, পুংজান, বৰজান আদি পাহাৰীয়া জান-জুৰি, নিজৰাক সামৰি লৈ ধনশিৰিত বিলীন হৈছে৷ নগা পাহাৰৰ পৰা ওলাই অহা ধনশিৰি আকৌ পৰিছেগৈ ব্ৰহ্মপুত্ৰ নদত৷

ফটাশিল জলপ্ৰপাতত বেছ কিছু সময় পানী খেলিলোঁ৷ নৈসৰ্গিক সৌন্দৰ্য আৰু ঐশ্বৰ্যৰে মহিমামণ্ডিত, শান্ত প্ৰকৃতিয়ে অকৃপণভাৱে বিলাই থকা শ্যামলীমা পান কৰি শিলত বহি অনেক কথাই আলোচনা-পৰ্যালোচনা কৰিলোঁ আমি৷ তাৰ পিছত উভতনি যাত্ৰা আৰম্ভ হল৷


কৌতূহলী প্ৰকৃতিপ্ৰেমীৰ উপৰি অধ্যয়নকাৰী গৱেষক আৰু দেশী-বিদেশী পৰিব্ৰাজক বছৰৰ বিভিন্ন সময়ত নামবৰ হাবিলৈ আহে৷ ইক’ টুৰিজমৰ প্ৰচুৰ সম্ভাৱনা আছে ইয়াত৷ অন্য বনাঞ্চলত দুৰ্লভ কেইবাবিধো উদ্ভিদ এই বনাঞ্চলত আছে৷ সেইবোৰ সংৰক্ষণ কৰাটো অতি জৰুৰী আৰু সময়োপযোগী কথা৷ মনত পৰিল, নামবৰ বনাঞ্চলৰ সংৰক্ষণৰ ক্ষেত্ৰত সংবাদ পৰিৱেশন কৰিয়ে প্ৰহ্লাদ গোৱালা নামৰ নিৰ্ভীক সাংবাদিকজনে ঘাতকৰ হাতত প্ৰাণ আহুতি দিয়াৰ কথা পে’পাৰত পঢ়িবলৈ পাইছিলোঁ৷ আমাৰ প্ৰয়োজনীয় পাৰিপাৰ্শ্বিক অৱস্থাৰ ভাৰসাম্য ৰক্ষা কৰা জৈৱ বৈচিত্ৰ্যপূৰ্ণ বনাঞ্চলসমূহৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে মানুহক নতুনকৈ কোৱাৰ প্ৰয়োজন নিশ্চয় নাই৷ কিন্তু কাৰ্যকৰী পদক্ষেপৰ দিশত নতুনকৈ চিন্তা-চৰ্চা কৰাৰ নিশ্চয়কৈ প্ৰয়োজন আছে৷ বন্যজীৱন আৰু পৰ্যটন উদ্যোগৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি বিষয়টো সকলোৱে গুৰুত্ব সহকাৰে লোৱা উচিত৷


























No comments:

Post a Comment