ক্রিকেটাৰৰ পৰা গৈ থৈ ক্রিমিনেল হৈ গ’লোঁ!
(গল্প নহয়, সত্য)
বিগত বৰ্ষৰ ফাইনেলখনৰে পুনৰাবৃত্তি এইবাৰো৷ মানে,
অসমী ক্লাব ভাৰ্চাচ ৱ’জাৰু ক্লাব৷ যোৱাবাৰ আমি অসমীয়ে
ৱ’জাৰুক হৰুৱাই চেম্পিয়ন হৈছিলোঁ৷
গতিকে মানসিকভাৱে আগৰে পৰাই সবল হৈয়ে আছোঁ৷ অকণো ঢিলাই দিয়া নাই কাকো৷ কঠোৰ অনুশীলন
অব্যাহত ৰখা হৈছে যাতে এইবাৰো ট্ৰফী নিজৰ দখলত ৰাখিব পাৰোঁ৷ এইখিনিতে উল্লেখ কৰা ভাল
হ’ব যে যোৱাবাৰ মানে ১৯৮৯চন আৰু
এইবাৰ মানে ১৯৯০চনক বুজোৱা হৈছে৷ নিজৰ অভিজ্ঞতা, অনুভৱ আৰু জীৱনত প্ৰতিফলিত কথাৰে একাংশ
এয়া৷
টাউন প্ৰাইমেৰীৰ ফিল্ডত ৰেগুলাৰ নে’ট প্ৰেকটিচ৷ ওচৰৰে অমলহঁতৰ ঘৰৰ পৰা খেলাবস্তুবোৰ কঢ়িয়াই অনা, বাঁহৰ খুঁটাকেইটাত নে’টখন সুন্দৰকৈ লগোৱা, মোৰ কাম৷ লগত কেতিয়াবা থাকে ভাই (বিমান), নতুবা ভাইটি (আৰিফুৰ)৷ কাইলৈ ফাইনেল৷ সেয়েহে আজিও পিছবেলা সোনকালেই আৰম্ভ হৈছে৷ অ’পেনিং বেটছমেন গতিকে প্ৰথমে মোৰেই অনুশীলন চলিছে৷ এতিয়াৰ লাচিথ মেলিংগাসদৃশ এক্সনৰ দুদুলৰ ফাষ্ট ব’লিং, ৰূপম-গৌতম-প্ৰীতমৰ মিডিয়াম পে’চ; সঞ্জয়, ৰূপ আৰু কেপ্টেইন বিছুদাৰ স্পীন বল এফালৰ পৰা সাহসেৰে খেলি গৈছোঁ সুনীল মনোহৰ গাভাস্কাৰৰ চেলফ্ টক্ মন্ত্ৰ আঁওৰাই৷ নিৰ্দিষ্ট সময়ত পেড খুলি পিছৰজনক সুযোগ দিছোঁ৷ ঘাম মচিছোঁ৷ পানী খাইছোঁ৷ নে’টৰ সিপাৰৰ পৰা বিনীত, ভাই, নাচিমহঁতকো নিৰীক্ষণ কৰিছোঁ৷ কেপ্টেইনৰ লগত কাইলৈৰ ষ্ট্ৰেটেজী সম্পৰ্কে কথা পাতিছোঁ৷ চব চিষ্টেমেটিকেলি চলি আছে৷
তেনেকুৱাতে আহি ওলাওক পুলিচৰ ট্ৰেকাৰ এখন৷ কথা নাই বতৰা নাই ঘেঁ-ঘেঁকৈ ফিল্ডৰ ভিতৰ পালেহি৷ চেকেণ্ড অফিচাৰ নে চাব-ইন্সপেক্টৰ আছিল জানো, দপদপাই নামিল গাড়ীৰ পৰা৷ লগত লৈ অহা চিপাহীকেইজনো নামিল৷ ভাবিলোঁ, কি হ’লনো! দুজনমানে হাতত লৈ থকা লাঠীৰে নে’টখন এফালৰ পৰা এৰুৱাবলৈ লাগিল৷ তাৰ লগে লগে আমাৰ ফালে চাই চিৎকাৰ... ‘ঐ, কোনো নপলাবি৷ গোটেইকেইটা গাড়ীত উঠ৷ থানালৈ ব’ল৷’ তলকিবই নোৱাৰিলোঁ, কে’চ কি! আমাৰ নে’ট, বেট, বল, ষ্টাম্প, পেড, গ্ল’ভচ, হেলমেট, এবডমেন গাৰ্ড সোপাকে এঠাইত দ’মাই চিপাহীকেইটাই ট্ৰেকাৰৰ পিছফালে ভৰালে৷ তাৰ পিছত একেবাৰে সৰুকেইটাক বাদ দি তাত উপস্থিত গোটেইমখাকে উঠালে৷ উইকেটকীপাৰ বিভূতিৰ পেড-গ্ল’ভচ খোল নাখালেই৷ গাড়ী চলি গ’ল৷ বুজিলোঁ, এই যাত্ৰা ডিফু থানালৈকে কৰা হৈছে৷ ডিফু থানা বাৰু বেছি দূৰ নহয়৷ কিন্তু আচলতে হ’লনো কি?
বস্তুখিনি থানাৰ ফ্ল’ৰৰ এচুকত অদৰকাৰী জাবৰৰ দৰে পেলাই
ৰখা হ’ল৷ দেখি দুখ লাগিল৷ কেইমিনিটমানৰ
আগলৈকে সেইখিনিয়েই আমাক আনন্দ দি আছিল৷ আৰু এতিয়া, এয়া কি হৈ গ’ল হঠাতে! আমাক নমাই থৈ ট্ৰেকাৰখন
আকৌ কেনিবা ওলাই গ’ল৷
থানাত থকা ক’লা ৰঙৰ ফোনটো মাজে মাজে ক্রিং ক্রিংকৈ বাজে৷ কিবাকিবি
খবৰ আহে৷ একো বুজি নাপাওঁ আমি৷
সন্ধিয়া লাগি আহিছে৷ এতিয়া কি হ’ব-নহ’ব তাকে লৈ আমাৰ চিন্তা হ’ল৷ কাইলৈ ইফালে ফাইনেল মেচ খেলিব লাগে৷
‘বহা বহা ভাইটি৷ তোমালোকে বেঞ্চতে বহাচোন৷ টিভি চোৱা৷ আহাঁ আহাঁ৷’ ...কথাবোৰ ভাবি ভাবি অস্থিৰভাৱে ইফাল-সিফাল কৰি থকা অৱস্থাত দেখা পাই কনিষ্টবল দুই-একে আমালৈ চাই মোলায়েম সুৰত ক’লে৷ ঘটনাৰ ভু-ভটং তেওঁলোকেও একো নাজানে যেনেই লাগিল৷ কেৱে কেৱে আমাক চিনি পায়৷ কথা নাপাতিলেও চকুৰ চিনাকি৷ এইকেইটা কেনেকৈ ইয়ালৈ আহিল, এইকেইটা কি সূত্ৰত অপৰাধী হ’ল, তাকে লৈ তেওঁলোকৰো মনত চাগৈ প্ৰশ্নই ইতিমধ্যে পাকঘূৰণি লগাইছে৷ হ’লেও ওপৰৱালাই কি কাৰণতবা ধৰি আনিছে, সেয়া বোধ হয় গম নাপায়৷ জানিলেওনো কি? ওপৰৰ হুকুম কিজানি তেনেকুৱাই! থানাৰ আলেখলেখ একো ধৰিব নোৱাৰিলোঁ৷ বেঞ্চত শাৰী পাতি বহি আমি টিভি চিৰিয়েল চোৱাত লাগিলোঁ৷ পাহৰি গ’লোঁ যে আমি দাগী অপৰাধী আৰু সেয়ে বন্দী!
খটক খটক পদধ্বনি তুলি অলপ পাছত অফিচাৰ ইনচাৰ্জ পালেহি৷ সোমাই আহিয়ে গুজৰণি... ‘তহঁতৰ কোনটোৱে এছ.পি. ছাৰৰ ছোৱালীক জোকাইছিলি হুঁ? আজি তহঁত গোটেইকেইটাৰে মজা বাহিৰ কৰিম ৰহ৷ চিনি পোৱা নাই? কাৰ পাৰমিচন লৈ সেইখনি ঠাইত ক্ৰিকেট খেলিছিলি তহঁতি?’
আমি অবাক৷ স্কুল ফিল্ডত খেলিবলৈ পাৰমিচন! সৰুৰে
পৰা দেখোন তাতে খেলা-ধূলা কৰি ইমানটো হ’লোঁ৷
এজনে দীঘল বহী এখন উলিয়াই লৈ গোটেইকেইটাকে নামবোৰ
এফালৰ পৰা সুধি সুধি লিখাত লাগিল৷ দেউতাকৰ নাম কি, ঘৰৰ ঠিকনা কি ইত্যাদি ক’ব লগা হ’ল৷ তাতো আকৌ লাগিল এটা জেং৷ খেলুৱৈ
নহয় যদিও আমাৰ শুভাকাংক্ষী আৰু সমৰ্থক ৰাজুৱে ভয়তে তাৰ নামটো কৈ দিলে ৰাজ বুলি৷ সেইদৰেই
লিপিবদ্ধ হৈ গ’ল৷ পিছতহে কথাটো ওলাল যে সি মিছা
মাতিছে৷ নতুনকৈ জইন কৰা চাকৰিটোত কিবা অসুবিধা হ’ব পাৰে বুলিয়ে সি হেনো তেনেকৈ কৈছিল৷ সেই লৈ বেলেগে
আকৌ এখণ্ড!
‘পুলিচৰ লগত ধেমালি কৰিবলৈ আহিছ? কাৰ ল’ৰা ই? ঐ, ইয়াৰ বাপেকক উঠাই আনগৈ যা এতিয়াই৷ অমুক ধাৰাটো লগাই দে৷ তমুক ধাৰাটোও লগাই দে চাল্লা৷ ঐ, ইহঁত গোটেইকেইটাকে ভৰাই থ৷’
কৰ্তব্যৰত চিপাহীয়ে লক-আপৰ তলা খুলিলে৷ সুৰসুৰকৈ গোটেইকেইটা সোমাই গ’লোঁ৷ পুৰণি ব্লেংকেট এখন আছিল তাত৷ সেইখনকে পাৰি গাত গা লগাই গোটেইকেইটা বহি থাকিলোঁ৷ ক্রিকেটাৰৰ পৰা হৈ গ’লোঁ ক্রিমিনেল!
ঠাণ্ডাও লাগি আহিছে৷ গৰম কাপোৰ এটাৰো গাত নাই৷ আবেলি ফিল্ডত খেলোঁতে যি পিন্ধি আছিলোঁ সেয়াই৷ তেনেকুৱাতে দৰজাৰ ৰডৰ ফাঁকেৰে দেখিলোঁ, আমাৰ দেউতাহঁত আহি থানাৰ বাহিৰত গোট খাইছেহি৷ খবৰটো অহুকাণে-পহুকাণে শুনি কাৰোবাৰ মাক নতুবা পৰিয়ালৰ কোনোবা সদস্য আহিছে৷ শুভাকাংক্ষীসকল আহিছে৷ সকলোৱেই উদ্বিগ্ন৷ কি হ’ল ইহঁতৰ? সঠিকভাৱে কোনেও নজনা কাণ্ড এটা আজি আবেলিটোত ঘটি যোৱাত কল’নিৰ মানুহখিনি স্বাভাৱিকতেই আশ্চৰ্যচঁকিত হৈ পৰিছে৷ ল’ৰাৰ বাবে গৰম কাপোৰ, চুৱেটাৰ, শ্বল আদি লৈ আহিছে৷ কোনোবাই নিজে এতিয়াই আহিব নোৱাৰি আনৰ হাততে কাপোৰকেইটা দি পঠাইছে, ঠাণ্ডা নাপাওক বুলি৷
অভিভাৱকসকলৰ জুমটোৰ মাজত গুণগুণনি আৰম্ভ হ’ল৷ কি কৰা যায়? কেনেকৈ মোকলোৱা যায় ইহঁতক? অ’.চি. চাহাবৰ লগত আলোচনা চলিল৷ জনালে বোলে এছ.পি. ছাৰৰ অৰ্ডাৰ পালেহে তেওঁ এৰি দিব পাৰে৷ অন্যথা একো কৰাৰ পথ নাই৷ বহুপৰ ভাবি-গুণি আলোচনা কৰি এছ.পি.ক সাক্ষাৎ কৰিবলৈ যোৱাটোৰে সিদ্ধান্ত লোৱা হ’ল৷ দলটো খোজ কাঢ়ি কাঢ়ি এছ.পি.ৰ চৰকাৰী ভৱনলৈ ৰাওনা হ’ল৷ এছ.পি. চাহাব আৰু তেখেতৰ পৰিবাৰৰ সৈতে দীৰ্ঘ সময় ধৰি আলোচনা চলিল৷ চাহাবে মানিলে যদিও তেওঁৰ পৰিবাৰ কিন্তু আঁকোৰ-গোঁজ৷ কোনো পধ্যেই নামানে৷ তেওঁৰ মতে, ইহঁতক এৰিব নালাগে৷ জীয়েকক জোকোৱাৰ উচিত শাস্তি গোটাইকেইটাই পাবই লাগিব৷ অনেক অনুনয়-বিনয় কৰাতো তেওঁ মান্তি নহ'ল যি নহ’লেই৷ ৰৈ ৰৈ তাতে বহুত দেৰি হ’ল৷ পিছত চৰ্ত এটা ওলাল যে যিটো ল’ৰাই ছোৱালীজনী জোকাইছিল তাক প্ৰথমে উলিয়াই দিব লাগে৷ বাকী কথা পিছত হ’ব৷ 'মেইন কালপ্ৰিট'টোক লাগিবই৷
অভিভাৱকৰ দলটো ঘূৰি আহি থানা পালেহি৷ অ’.চি. ছাৰক সবিশেষ জনালে৷ সিফালে
অ’.চি. আৰু এছ.পি.ৰ মাজতো বোধ
হয় কিবা ফোনাফোনি হ’ল৷ হঠাতে অ’.চি. চাহাবে ৰুদ্ৰ মূৰ্তি ধৰি
আকৌ গৰজি উঠিল... ‘তহঁতৰ কোনটোৱে মিছবিহেভ কৰিছিলি?
ক ভালে ভালে৷ ছোৱালী জোকাবলৈ আহিছ? এফালৰ পৰা গৰু পিটন দিম এতিয়া৷’
এইফালে এটাৰো মুখৰ মাত নাই৷ অবাক হৈ ইটোৱে সিটোৰ
পিনে চাইছে৷ অসহায় দৃষ্টি৷ অনুশীলনত ব্যস্ত থাকি কোনে কেতিয়া কেনেকৈ কাক জোকালে গমেই
নাপালোঁ৷ অস্বস্তিকৰ সময়বোৰ তেনেকৈয়ে ঘণ্টাৰ পাছত ঘণ্টা হিচাপত পাৰ হৈ গৈ আছে৷
হঠাতে দেখিলোঁ, বিভূতিৰ ভায়েক জিন্তু ষ্টেপ বগাই থানালৈ উঠি আহিছে৷ কিবা কোৱা বুলি তাৰ নাম ওলোৱাত দেউতাকে গৈ ঘৰৰ পৰা তাক মাতি আনিছিল৷লগতে বেধুম গালি৷ অ.’চি.ৰ আগত থিয় হৈ তলমূৰকৈ সি মাত দিলে... ‘ছাৰ ময়েই কৈছিলোঁ৷’ বেচেৰাই চাগৈ ভবা নাছিল, সেয়া ছোৱালী জোকোৱা হৈছে বুলি৷
এছ.পি.ৰ ওচৰলৈ তাক লৈ গ’লে আমাক এৰি দিব পাৰে বুলি সম্ভাৱনাই দেখা দিয়াত তাকে ভাবি কেইজনমান অভিভাৱকে জিন্তুক লগত লৈ আকৌ চাহাবৰ তালৈ যাব ওলাল৷ দেউতাকে তাক ভালকৈ এজাউৰি দিলে৷ ককায়েকেও লক-আপৰ ভিতৰতে গুজৰি-গুমৰি থাকিল৷ পালেই যেন ফালি পেলাব! কন্দনামুৱা মুখখনেৰে জিন্তু দলটোৰ আগে আগে যাব ধৰিলে, অপৰাধী ভাবত৷ এছ.পি.ৰ বঙলাত উপস্থিত হৈ পৰিয়ালৰ সন্মুখত ৰৈ সি তলমূৰকৈ ক’লে, ‘ছাৰ মোৰ ভুল হৈ গ’ল৷ আপোনাৰ ছোৱালী বুলি জনা নাছিলোঁ৷ ক্ষমা কৰি দিয়ক৷’
এইফালে থানাৰ ফোনটো মাজে মাজে বাজি আছে৷ পিছে কি কথা, কি মন্ত্ৰণা চলিছে বুজি পোৱা নগ’ল৷’
নিশা তেতিয়া এঘাৰ বাজি গৈছে৷ পিছবেলা স্কুলৰ পৰা আহিয়ে কিবা কেইটামান খোৱা৷ ততাতৈয়াকৈ ফিল্ডলৈ ওলাই আহিছিলোঁ, ফাইনেল প্ৰেকটিচলৈ বুলি৷ এতিয়া ইমান পৰলৈকে ভাত-পানী নোখোৱাত পেটে কলমলাবলৈ ধৰিলে৷ ঘৰৰ পৰা আমাৰ ভাত-পানী থানালৈকে অনাৰ কথা ওলাইছিল, কিন্তু 'নালাগে একো নাখাওঁ' বুলি আমি বাধা দিলোঁ৷
সিফালে কি আলোচনা হৈ আহিল নাজানো৷ নিশা ডেৰমান বজাত আমাক মোকলাই দিলে৷ খোজ কাঢ়ি খোজ কাঢ়ি আহি ঘৰ নাপাওঁমানে ওৰে বাট অভিভাৱকসকলৰ গালিবৰ্ষণ চলি থাকিল৷ গুৰুত্বপূৰ্ণ খেল এখনৰ আগ মুহূৰ্তত অনাহকতে গোটেইপালে শাস্তিৰ সন্মুখীন হোৱাৰ বাবে পেটে পেটে পুলিচলৈ খঙো উঠিল৷ ঘৰ গৈ পাই ভালকৈ ধুৱা-পখলা কৰিলোঁ৷ হ’লেও লক-আপৰ পেচাব আৰু ফেনাইলমিশ্ৰিত উৎকট গোন্ধ এটা নাকৰ আগত লাগি ৰ’ল৷ তেনেকৈয়ে ভাত খালোঁ আৰু শুই পৰিলোঁ৷ ভাবিলোঁ, কাইলৈ ফাইনেল খেলা৷ কাইলৈ মানেচোন আজিয়েই! পুৱা আঠ বজাত ষ্টেডিয়াম ফিল্ড গৈ পাব লাগিব৷ এনেকুৱা গণ্ডগোল এটা পলকতে ঘটি যোৱাৰ পিছত খেলে কি ৰূপ লয় সেয়া অৱশ্যে ভগৱানেহে জানে৷ নহ’লে কিন্তু আমিয়ে চেম্পিয়ন হ’ম বুলি আগৰ খেলকেইখন চোৱা বহুতেই কৈ আছিল৷
শোৱাত পলম হ’ল যদিও খেলৰ অজুহাতত ৰাতিপুৱা সোনকালেই শোৱাপাটী
এৰিলোঁ৷ গাটো ধুই মায়ে বাঢ়ি দিয়া গৰম ভাত কেইগৰাহমান ততাতৈয়াকৈ খাই ড্ৰেছ কৰাত লাগি
গ’লোঁ৷ তাৰ পিছতে সময় বুজি টীমমেটবোৰক
লগ পাবলৈ ফিল্ডলৈ ওলাইছোঁ আৰু৷ দৰজামুখতে দেউতাই পালে৷ সুধিলে... ‘ক’লৈ যাৱ?’
‘আজি ষ্টেডিয়ামত আমাৰ ফাইনেল...’
‘খবৰদাৰ৷ ঘৰত থাক৷ ক’তো নোৱাৰ যাব৷’
বচ৷ চব শেষ৷ মোৰ আৰু যোৱা নহ’ল৷ পিছত কেইটামানে বিচাৰিও আহিছিল৷
দেউতাই কৈ দিলে, সি নাযায় বুলি৷ বৰ দুখ লাগিল৷ কাৰণ অ’পেনিং বেটছমেন নথকা দলৰ কি দুৰ্দশা
হয় সেয়া মই বুজি পাওঁ!
আমাৰ স্কুল ফিল্ডত ল’ৰা কিছুমান ইতিমধ্যে গোট খাইছিল৷ তাতো কালিৰ ঘটনাৰে গুণগুণনি, আলোচনা-সমালোচনা৷ খেলিব লগা ভালেকেইটাৰ ৰাতি ইফালে টোপনি খতি৷ প্লে’য়াৰবিলাকৰ তেনেকুৱা অস্থিৰ শাৰীৰিক-মানসিক অৱস্থাত অসমী ক্লাবে ফাইনেলখন নেখেলাৰে সিদ্ধান্ত ল’লে৷ আনহাতে ৰিপ’ৰ্টিং টাইমমতে দলটো ষ্টেডিয়াম ফিল্ডত হাজিৰ নোহোৱাত খবৰা-খবৰিত লাগি গ’ল৷ আগদিনাৰ আকস্মিক ঘটনাটো তেতিয়ালৈকে তাত কোনেও গম পোৱা নাছিল৷ কাৰোবাৰ মুখে জনাৰ পিছত লগে লগে কমিটিৰ মূল মানুহ, ক্রীড়া সন্থাৰ বিষয়ববীয়া, প্ৰতিদ্বন্দ্বী দলৰো কৌতূহলী খেলুৱৈ দুই-এক মিলি এপালমান আহি আমাৰ স্কুল ফিল্ডত উপস্থিত হ’লহি৷ তাৰ পিছত অনেক বুজালে... ‘আজি ফাইনেলত ডেপুটি কমিচনাৰ চাহাব চিফ গে’ষ্ট হিচাপে থাকিব৷ গতিকে খেলখনত তহঁতে ভাগ নল’লে কেনেকৈ হ’ব? যি পাৰ খেল৷ কমিটিৰ প্ৰেষ্টিজৰ কথা আছে৷’
‘আপোনালোকৰ সন্মান বচাবলৈ খেলিলোঁৱেই বাৰু৷ পিছে খেলাবস্তুও দেখোন আমাৰ হাতত একোটোৱেই নাই৷ কালি থানাত চব জব্দ কৰি থ’লে৷’
লগে লগে আকৌ দৌৰা-দৌৰি লাগিল৷ কমিটিৰ মানুহ ডিফু সদৰ থানা গৈ ওলাল৷ অলপ পাছতে ৰাতুলহঁতৰ ঘৰৰ ফালে কেঁকুৰীত দৃশ্যমান হ’ল, পুলিচৰ ট্ৰেকাৰখন৷ ঘেঁ-ঘেঁকৈ এইফালেই আহি আছে৷ আমাৰ বস্তুবোৰ উঠাই আনিছে৷ ফিল্ডৰ দাঁতিতে সেইবোৰ পেলাই থৈ গাড়ীখন অহা বাটে গুচি গ’ল৷ খেলাবস্তুখিনি অহাত মন নথকা সত্ত্বেও খৰধৰকৈ দৰকাৰীখিনি তুলি অট’ৰিক্সা কেইখনমানেৰে ডিফু ষ্টেডিয়াম ওলালগৈ অসমী ক্লাবৰ টীম৷ মই নগ’লোঁ৷ আৰু কোনোবা কোনোবা নগ’ল৷
নিৰ্দিষ্ট সময়তকৈ পলমকৈ ফাইনেল খেলখন আৰম্ভ হ'ল৷ অৱধাৰিতভাৱেই ৱ’জাৰু ক্লাবৰ হাতত আমাৰ অসমী ক্লাব হাৰিল৷ হাৰিল মানে 'গু-হাৰন' দিলে৷ ব’লিঙৰ কোনো লাইন-লেংথ হেনো নাছিল৷ ফিল্ডিঙৰ অৱস্থাও আছিল তথৈবচ৷ সুযোগ পাই সিহঁতে বহুত ৰাণ তুলিলে৷ আনহাতে, আমাৰ ইনিংছত কেইবাটায়ো শূন্য আৰু এক-দুই ৰাণ কৰিয়ে আউট হ’ল৷ টোপনি খতিৰ ফলত ভালদৰে বলকে দেখা নাছিল বুলি পিছত কাৰোবাৰ কাৰোবাৰ মুখে জানিব পাৰিছিলোঁ৷ প্লে’য়াৰ নামধাৰী ১১টা শৰীৰ ফিল্ডত বৰ্তি থাকিল একমাত্ৰ কমিটিৰ অনুৰোধ উপেক্ষা কৰিব নোৱাৰি, কেৱল প্ৰেষ্টিজ ৰক্ষাৰ স্বাৰ্থত৷ খেলত মন, বল একোৱেই নাছিল৷ ডিফেণ্ডিং চেম্পিয়ন আৰু সম্ভাৱ্য চেম্পিয়ন দলটোৰ লাষ্ট খেলখন হ’লগৈ তেনেকুৱা!
পিছত জিন্তুক এদিন সুধিলোঁ... ‘এছ.পি.ৰ জীয়েকক কি বুলি জোকাইছিলিঅ’ তই? কচোন৷’
মোতকৈ ভালেকেইবছৰমানৰ সৰু সি৷ কওঁ-নকওঁকৈ মুখ খুলিলে... ‘জোকোৱা নাছিলোঁ নহয় মই৷ নাছিমে লোৱা ষ্ট্ৰ’কটোত বলটো গৈ পুলিচৰ নীলা জীপখনৰ বনেটত ঢং কৈ লাগিছিল৷ ল’ৰামতীয়া ড্ৰাইভাৰটোৱে লগে লগে গাড়ীখন ৰখাই দিলে৷ বলটোও লৈ ল’লে৷ সেই বলটো নতুন আছিল৷ এক-দুই অ’ভাৰমান খেলা হৈছিলহে মাত্ৰ৷ সেই সময়ত বল এটাৰ কাৰণে আমাৰ কিমান চিন্তা! গাড়ীত লগাৰ বাবেই বলটো সি লৈ যাব, সেইটো কথা হ'ব পাৰে নেকি? বলটো খোজাত নিদি সি বৰ বেছি বেছি দেখুৱাইছিল৷ ইফালে গাড়ীখনৰ বা মানুহৰো কাৰো একো ক্ষতি হোৱা নাছিল৷ হ’লেও এছ.পি.ৰ গাড়ী ড্ৰাইভাৰ বুলিয়ে তাৰ বাহাদুৰী৷ মোৰ সহ্য নহ'ল৷ সি তেনেকুৱা কৰাত কিবা কথা লৈ মাজতে মই ‘বাপেৰক কৈ দিবি’ বুলি কৈ পালোঁ৷ গাড়ীখনত টিউচনৰ পৰা অহা এছ.পি.ৰ ছোৱালীজনী বহি আছিল৷ তাই গৈয়ে ঘৰত মাক-দেউতাকক বিৱৰিলেগৈ চাগৈ৷ তেওঁলোকে বুজি ল’লে, আমি জীয়েকক জোকাইছোঁ বুলি, তাইক মিছবিহেভ কৰিছোঁ বুলি৷ কথাখিনি মই তাইক উদ্দেশ্য কৰি কোৱা নাছিলোঁ কিন্তু৷ ড্ৰাইভাৰেও চাগৈ অলপ চুকলি লগালে৷ আৰু অলপ পিছত ট্ৰেকাৰখন আহি খেলাবস্তুবোৰৰ সৈতে তহঁতক সোপাকে ধৰি লৈ গ’ল৷ ঘটনাটো ফিল্ডৰ তলৰ থানালৈ যোৱা ৰাস্তাটোত ঘটা কাৰণে সিফালে দূৰত ফিল্ডিং কৰি থকা তহঁতে সিমান দেখা বা গম পোৱা নাছিলি চাগৈ৷ ঘটনাটো কিন্তু আচলতে ছোৱালী জোকোৱাক লৈ মুঠেই ঘটা নাছিল৷আমি সেই সময়ত ছোৱালী জোকাই পোৱাই নাছিলোঁ৷ আমাৰ ল’ৰাবোৰ এটাও তেনেকুৱা নাছিল৷’
ভাবি আজিও দুখ লাগে, প্ৰাণচাঞ্চল্যৰে ভৰা আমাৰ ডিফু টাউন প্ৰাইমেৰী স্কুলৰ ফিল্ডত সেই তেতিয়াৰে পৰাই আমাৰ দ্বাৰা ক্রিকেট খেলা স্তব্ধ হৈ পৰিল চিৰকাললৈ৷
No comments:
Post a Comment