বৰ্মনৰ বিষাদ
(গল্প নহয়, সত্য)
পুৱা কেন্দ্ৰীয় বিদ্যালয়ৰ সন্মুখত ৰৈ থকা বৰ্মনৰ মুখখনলৈ চাই প্ৰথম দৃষ্টিতে মোৰ এনেহে লাগিল, যেন কিবা এক গভীৰ বিষাদত তেওঁ ভাৰাক্রান্ত হৈ আছে! এখোজ-দুখোজকৈ যিমানেই ওচৰলৈ আগুৱাই গ’লোঁ, বৰ্মনৰ মুখমণ্ডলৰ বৰণ ক্রমাৎ সলনি হ’ব ধৰিলে৷ ক’ৰবাত পঢ়িছিলোঁ, পেটৰ কথাৰ মুখেই চিন বুলি৷ বৰ্মনৰ মুখতো পঢ়িবলৈ পালোঁ, কিবা কথা কিছুমানেৰে যেন উদৰ পূৰ্ণ হৈ আছে! ফলত মনটোৱে ছাটিফুটি কৰি আছে৷ কিবা যেন খুলি ক’ব বিচাৰিছে মানুহটোৱে৷ কিন্তু পৰা নাই অইনক ক’ব৷ আৰু তাৰেই প্ৰচেষ্টাত তেওঁ এতিয়া মোৰ মনৰো শুং-সূত্ৰ ল’বলৈ উদ্যত হৈছে, মই কাষ চাপি যোৱাৰ লগে লগে৷
স্কুলত ল’ৰা-ছোৱালী থ’বলৈ গৈ দেখাদেখি হ’লেই আমি প্ৰায়ে আঠা লাগি ধৰোঁ৷ বিভিন্ন প্ৰসংগ
ওলায়৷ ভগা ৰাস্তাই ভোগোৱা দুৰ্ভোগেৰে এই মুলুকৰ উন্নয়নহীনতাৰ ছবিখনৰ পৰা আৰম্ভ কৰি
শেহতীয়া ঘটনা-প্ৰৱাহলৈকে৷ ‘অকব’ৰ কথাও দেৰিকৈ হ’লেও চৰ্চালৈ নহাকৈ নাথাকে৷
বৰ্মনৰ কলম ভাল৷ পিছে এইকেইদিন কি হৈছে জানো মানুহটোৰ,
এটাও লেখা প’ষ্ট কৰা নাই তেওঁ৷ কথাটো লক্ষ্য
কৰি আছোঁ৷ চিন্তা কৰিছোঁ, কি কাৰণ হ’ব পাৰে? ফঁহিয়াবলৈ যত্ন কৰিছোঁ৷ ছেগ চাই সুধিম বুলিও ভাবি
থৈছোঁ৷
মই বৰ্মনলৈ চাই হাঁহিলোঁ৷ প্ৰত্যুত্তৰত শেঁতা হাঁহি
এটা তেওঁৰ ওঁঠৰ কোণেৰেও বাগৰি গ’ল৷ দুয়ো একাষৰীয়া হৈ কৃষ্ণচূড়াজোপাৰ তলত অৱস্থান কৰিলোঁগৈ৷ মই মনতে
ভাবি থকা কথাটোৱেই আলোচ্য বিষয় হিচাপে তেওঁৰ মুখৰ পৰা পোনছাটেই বাহিৰ হ’ল৷
‘আজিকালি প’ষ্টৰ সংখ্যাটো দাদা, বৰ কমি গৈছে৷ মন কৰিছেনে আপুনি? বহু
সময়লৈকে নতুন প’ষ্ট নাহেই৷ এপ্ৰ’ভেল লগোৱাৰ পিছত এইটো হৈছে নেকি
বাৰু? কোনোবাই কোনোবাই কৈছে৷ মোৰো কিন্তু তেনেকুৱা যেন লাগে৷’ ইমানলৈকে কৈ বৰ্মন ৰ’ল৷ মই বুজিলোঁ, এতিয়া মোৰ পাল৷
‘হ’ব পাৰে৷ অসম-নাগালেণ্ড সীমান্তৰ ঘটনাৱলী চলি থকাৰ সময়ৰে
পৰা প’ষ্টসমূহত এডমিনৰ এপ্ৰ’ভেল দৰকাৰ হৈছে৷ সমন্বয়-সম্প্ৰীতিৰ পৰিপন্থী গণ্ডগোলীয়া কথা
উপস্থাপন নহওক বুলিয়ে চাগৈ এইকণ সাৱধানতা৷ পিছত উঠাই দিবও পাৰে৷ পৃষ্ঠপটত অন্য কিবা
কথাও থাকিব পাৰে অৱশ্যে৷ সঠিকভাৱে নাজানো দেই মই৷’ চমু সঁহাৰিৰে, নঞৰ্থক অন্তিম বাক্যটিত দাড়িডাল
দি বৰ্মনলৈ চালোঁ৷
‘বহুতে এপ্ৰ’ভেলটো বেয়া পায় দাদা৷ সেয়েহে প’ষ্টৰ সংখ্যা কমিছে বুলি ভাবিছোঁ৷
ধৰক লেখা এটা দিলে, এপ্ৰ’ভেল নাপালে৷ তেনেস্থলত হতাশা
বা মানসিক দূৰত্ব এটা নিৰ্ঘাত আহি যাব পাৰে৷ কি কয় আপুনি?’ অভিমত জানিবলৈ এইবাৰ বৰ্মনৰ
পোনপটীয়া প্ৰশ্ন মোলৈ৷
‘প্ৰকৃততে কাৰ ক্ষেত্ৰত কি ঘটিছে সেয়া নজনাকৈ ঘপকৈ
কোৱাটো একেবাৰেই অনুচিত দিয়ক৷ সেইটো একান্ত নিজস্ব বাস্তৱ অভিজ্ঞতা বা মানসিক প্ৰসংগ৷
কাৰণ কিছুমান সাজি সাজি অনুমানতে কৈ দিয়া যায়৷ পিছে তেনে কণা-ফৰ্মূটি শুদ্ধ নহ’বও পাৰে, হ’বও পাৰে৷ আনে বেয়া পাবও পাৰে৷
গতিকে Oil your own machine, বিপদ চপোৱাতকৈ নিজৰ চকাত তেল দিয়াই শ্ৰেয়ঃ নেকি!’ বিষয়টোৰ সংক্রান্তত বাহিৰে বাহিৰে
থাকি গা এৰা দিবলৈ চালোঁ মই৷
‘ঊনৈশ হাজাৰৰ গ্ৰুপ এটাত সক্রিয় সদস্যৰ সংখ্যাটো
কমি আহিলে বেয়া লাগে দিয়কচোন৷’ বিষাদৰ আচল কাৰণটো বৰ্মনৰ মনৰ দৰজা খুলি সংগোপনে বাহিৰ ওলাই আহিল৷
বুজিলোঁ, কিমানযে আন্তৰিকতাৰে ভাল পায় তেওঁ ‘অকব’ক!
‘কথাটো ঠিকেই৷ ময়ো ভাবোঁ৷ হ’লেওনো কাক কি ক’ব? বেয়া লাগিলেও উপায় নাই৷ আন্দাজ আপনা আপনা৷’ সিমানতে মুখনি মৰাৰ কথা চিন্তিলোঁ যদিও ফটামুখ জপোৱা টান হৈ পৰিল৷ ‘পঢ়া-শুনা, চাকৰি-ব্যৱসায়, অন্যান্য জৰুৰী কথা-বতৰাত অগ্ৰাধিকাৰ দিয়াকলৈ ব্যস্ত থাকিব পাৰে বিভিন্নজন৷ জীৱন-যুদ্ধই কাক কেতিয়া কোনফালে নিয়ে একোটো ঠিক নাই৷ জীৱন সকলোৰে ওপৰত৷ সময় প্ৰত্যেকৰে নিজৰ মতেহে চলে৷ গতিকে এই বিষয়ত খাটাং কোনো কথা কোৱা নাযায়অ’৷ হকে-বিহকে অনুমানহে কৰা যায়৷’ মোৰ মনোভাবটো চিধিচিধি বেকত কৰি দিলোঁ৷
‘একাউণ্টৰ সংখ্যা ইমান বেছি! অইন কোনো ছ'ছিয়েল নেটৱৰ্ক ছাইতত ইমান অসমীয়া মানু্হ নাই বুলিও শুনিছোঁ। অথচ আমি সক্রিয় সদস্যনো কিমানজন দেখোঁ? হয়নে নহয় কওক?’ বৰ্মনে চিকুটিয়ে থাকিল৷ বুজিলোঁ, আজি কথা সোনকালে শেষ নহ’ব৷
‘একাউণ্ট হ’ল্ডাৰৰ সংখ্যা আৰু সক্রিয় সদস্যৰ সংখ্যা নিশ্চয়কৈ দুটা
বেলেগ বেলেগ ফিগাৰ৷ কোনে কি কাৰণত, কাৰ আহ্বানত বা অনুপ্ৰেৰণাত, কি উদ্দেশ্যত একাউণ্ট
খুলিছিল সেয়া এটা কথা৷ তেনেই ব্যক্তিগত কথা৷ বৰ্তি থাকিব পৰা-নোৱাৰাটো অইন এটা কথা৷
সেয়াও নিতান্তই ব্যক্তিগত বেপাৰ৷ প্ৰাথমিক প্ৰয়োজনসমূহ যেনে কম্পিউটাৰ চিষ্টেম, কাৰোবাৰ
ক্ষেত্ৰত আকৌ ম’বাইল ফোন, বিদ্যুৎ ব্যৱস্থা,
ইণ্টাৰনেট ব্যৱস্থা আৰু স্পীড আৰু অসমীয়া ইউনিকোডত টাইপ কৰাৰ অভ্যাস; নিজকে বৰ্তাই
ৰখাৰ বাবে এইকেইটা অপৰিহাৰ্য চৰ্ত বুলি ভাবোঁ, যদিওবা অঘোষিত৷ সেই পৰ্যায় কাৰ কেনেকুৱা
নজনাকৈ কেনেকৈনো কওঁ? থাওক দিয়ক, কোনোবাই শুনিলে মনত দুখ পাব৷’
‘আগতে ৰেগুলাৰ লিখা বহুতেই এতিয়া নিলিখা হ’ল!’ বিষাদৰ অনুভূতি প্ৰকাশ নকৰি
থাকিব পৰা নাই বৰ্মনে!
‘পুৰণি যাব, নতুন আহিব৷ সেয়া অৱধাৰিত৷ অন্যহাতে,
সংযোগ কৰিবলৈ ভাল৷ সংযোগ ৰক্ষা কৰাটো টান৷ সেইটোও অপ্ৰিয় হ’লেও সত্য৷ সৰ্বোপৰি ব্যক্তিগত
ইচ্ছা-অনিচ্ছাৰ ওপৰতে সকলোখিনি নিৰ্ভৰ কৰে৷ গতিকে তাকে লৈ আপুনি মৰ্মাহত হৈ পৰাৰ কোনো
কাৰণ মই নেদেখোঁ৷ সক্রিয়তা কমাৰ হাজাৰটা কাৰণ থাকিব পাৰে৷ আগতে অকণমান ইংগিত দিলোঁৱেই৷
দৈনন্দিন জীৱন যাপনৰ উদ্দেশ্যে অৰ্থ-সন্ধানৰ কল্পে বিভিন্নজনৰ বিভিন্ন ধৰণৰ কৰ্ম-ব্যস্ততা
আৰু তাৰেই ফলশ্ৰুতিত সময়ৰ অভাৱ বা অনেক ধৰণৰ বাধ্যবাধকতা, নিশ্চয়কৈ সেইবিলাকৰ প্ৰভাৱ
থাকিব৷ জীৱন-শৈলী কাৰ কেনেকুৱা, চিষ্টেম কাৰ কেনেকুৱা, ইণ্টাৰনেট ব্যৱস্থা কাৰ কেনেকুৱা,
বিদ্যুৎ পৰিস্থিতি কাৰ কেনেকুৱা আদি হৈছে পৰিকাঠামোৰ সৈতে সম্পৃক্ত প্ৰাথমিক তথা গুৰুত্বপূৰ্ণ
দিশ৷ আনহাতে, সৃষ্টিশীল বিষয়ৰ দৃষ্টিৰে চালে এনেকুৱাও হ’ব পাৰে যে কোনোবাই হয়তো লাইক,
চুপাৰ-লাইক নোপোৱাৰ বাবে লিখিবলৈ এৰি দিছে৷ ‘দীঘলীয়া প’ষ্ট কোনেও নপঢ়ে’ বুলিও ধাৰণা বোধ হয় কোনো কোনোৰ আছে৷ কোনো সদস্য বা সদস্যাই
হয়তো মনে মনে প্ৰতিজ্ঞা কৰিয়ে পেলাইছে বোলে ‘এশটা লাইক নাপালে আৰু একো নিলিখোঁৱে যা’৷ অৰ্থাৎ, বাঃ বাঃ বা অনুপ্ৰেৰণাশূন্যতাত
ভুগিব পাৰে কোনোৱে কোনোবাজন৷ শুনাত বেয়া লাগিলেও, কোনোবাজনে আকৌ লাভ-লোকচানৰ অংকটো
কৰি, ধন-মান-যশ প্ৰাপ্তিৰ আশা নেদেখি অন্তৰ্ধান হ’ব পাৰে! নতুন লেখকে আকৌ পুৰণিসকলৰ কমেণ্ট নোপোৱাত
‘লিখি একো লাভ নাই, কোনেও ফিৰিয়ে
নাচায়’ বুলিও ধৰি লৈ আত্মগোপন কৰি আছে
চাগৈ৷ কোনোবাই ‘বীৰ-বীৰাংগনা’ৰ অতপালিত লিখিবলৈ শংকা প্ৰকাশ
কৰিছে কিজানি৷ আন কোনোবাই হয়তো ‘তৰোৱালধাৰী’ৰ ভয়তে কলম সামৰিছে৷ তৰোৱালৰ কাম নথকাত তৰোৱালধাৰীও সিফালে নিদ্ৰামগ্ন
হৈছে৷ কোনোৱে আকৌ লেখাৰ বিষয়-বস্তু বা সমলেই বিচাৰি নাই পোৱা চাগৈ৷ বিপৰীতে, কোনোবাই
ই-আলোচনীৰ থিমক লৈ গভীৰ অধ্যয়ন আৰু বিশ্লেষণেৰে মানসম্পন্ন, মননশীল, গৱেষণাধৰ্মী লিখাৰ
প্ৰস্তুতিত ব্যস্ত থাকিবও পাৰে৷ কোনোবাৰ হয়তো এনে ঘটিবও পাৰে যে অতদিনে অফিচৰ ফ্ৰি
কম্পিউটাৰ, ফ্ৰি ইণ্টাৰনেট লাৰিবলৈ পোৱাৰ সুযোগতে আনৰ চকুত ধূলি মাৰি ফে’চবুকৰ তিকি-তাকাৰ ষ্টাইলত কিবা
অকণমান হাই-হেল্ল’ কৰি ভুমুকিয়াই আছিল৷ পিছে দুৰ্ভাগ্য,
কৰ্তব্য বাদ দি ফে’চবুক কৰি থকা বুলি ওপৰৱালাই জানি
যোৱাৰ লগে লগে তেওঁৰো তেনেই চিলিম ছিগিল৷ ফলত ভলিউনটেৰী ৰিটায়াৰমেণ্ট লৈ ল’লে৷ কাৰোবাৰ হয়তো অসমীয়াত টাইপ
কৰি কৰি ভাগৰেই লাগিল৷ ই-কাৰ, উ-কাৰ ইমানযে -কাৰবোৰ! খুটিয়াই খুটিয়াই আঙুলিয়ে বিষাই
যায়৷ চকুৰো বৰ কষ্ট৷ আচল ‘কাৰ’ৰ কোনো আশা নাই৷ এতেকে, ‘মই আজি অসমীয়াত টাইপ কৰিব পাৰিলোঁ’ জাতীয় বাক্যটোতে আধ্যা পৰিল
চাগৈ টাইপিং সাধনাৰ! ‘ৰোমান সেনা’ হৈ থকাটোতো চুইচাইডৰ লেখিয়াই
কথা৷ এই লিখে এই মচ খায়, আকৌ লিখে আকৌ মচ খায়৷ শিকালেও নিশিকে৷ কৈ থাকিলেও নুশুনে৷
গতিকে ৰোমান সেনা নিজেই মৰি-হাজি খাস্তাং৷'
‘হয় দেই৷ ঠিকেই কথাটো৷’ বিষাদগ্ৰস্ততাৰ পৰা মুক্তি৷
বৰ্মনক কিবা অকণমান সকাহ পোৱা যেন মোৰ ভাব হ’ল৷
‘জীৱনটোনো কি? আজি আছে, কাইলৈ নাই৷ গতিকে লিখি থাকক আপুনি৷ বেলেগ কথা ভাবি লাভ নাই৷ নিজৰ অভিজ্ঞতা, অনুভৱ আৰু জীৱনত প্ৰতিফলিত কথাৰে সৃষ্টিৰ ভৰপূৰ আনন্দ লওক৷ নিজকে পুনঃ পুনঃ আৱিষ্কাৰ কৰক৷’ এইখিনিলৈকে কৈ অলপ ৰ'লোঁ৷ দেখিলোঁ, বৰ্মনে মোৰ ফালে একেথৰে চাই আছে৷
‘সময় দিব নোৱাৰা, নিজৰ কম্পিউটাৰ এটা নথকা, কম্পিউটাৰ
থাকিলেও টাইপিঙত অভ্যস্ত নোহোৱা, ইণ্টাৰনেট ব্যৱস্থা সুবিধাজনক নোহোৱা, বিদ্যুৎ শক্তি
পৰ্যাপ্ত নোহোৱা, ইণ্টাৰনেটৰ খৰছ আৰু বিদ্যুতৰ খৰছ বহন কৰিবলৈ অপাৰগ... এনেকুৱা কোনোও
থাকিব পাৰে৷ বহুতৰে আকৌ মনৰ ভাব উপস্থাপনত খোকোজা বা ভয় ভয় ভাব এটায়ো ক্রিয়া কৰিব পাৰে,
যেন কিবা লিখিলে তেওঁক কোনোবাই খাইহে পেলাব! তেনে অহৈতুকী শংকা নিজে নিজে অনুশীলন নকৰিলে
বিদূৰ কেতিয়াও নহ’ব৷ হ’ব জানো?’
বৰ্মনৰ মনটো ফৰকাল দেখা গ’ল৷ বেলেগৰ কথা বাদ দিয়ক, আপুনি
লিখি থাক্ক৷ সঁচা-মিছা নাজানো, লাইক-কমেণ্ট একো নিদিলেও বহুতেই চুপচাপ লেখাবোৰ পঢ়ে
বুলি শুনিছোঁ৷ আৰু কওঁ, আনে নহ’লেও মই বাৰু পঢ়িম আৰু আপোনাৰ সৈতে সুযোগ পালেই আলোচনা কৰিম দিয়ক৷ গতিকে
চিন্তা কৰিব নালাগে৷ চলাই থাকক কলম, গৈ থাকক আগুৱাই৷ চলতিকা নাম গাড়ী, গৈ থকাই জীৱন৷’
সিমানতে কথাৰ মুখনি মাৰিবলৈ গৈ অন্তিম এষাৰ নোকোৱাকৈ
থাকিব নোৱাৰিলোঁ৷ চৰাই মৰে ৰৈ, মানুহ মৰে কৈ৷ আনহাতে, সত্যও সদায় অপ্ৰিয়ই হয়৷ অপ্ৰিয়
হ’লেও মুখৰ খজুৱতি মাৰিব নোৱাৰি
কৈয়ে পেলালোঁ আৰু… ‘বহুতৰে আকৌ ফে’চবুক মেলিলেই ঘৈণীয়েকৰ খেচখেচনি,
গিৰিয়েকৰ কেটকেটনি, ল’ৰা-ছোৱালীৰ পেনপেননি, গৃহকন্দল…'
এক্টিভাখন আস্তেকৈ ডাউনত এৰি দিলোঁ৷ গন্তব্যস্থল
অভিমুখে নিজে নিজে চলি গৈ থাকিল৷ বৰ্মনৰ ৱাগন-আৰখন আগ বাঢ়ি অহাত তেওঁক বাট এৰি দিলোঁ৷
হাঁহি মুখত লৈ তেওঁ গৈ থাকিল৷ গৈ পায়ে আজি কিবা এটা লিখিব যেন মোৰ মনে ধৰিলে৷
সমস্ত বিষাদক একাষৰীয়াকৈ থৈ বৰ্মনে এতিয়া লিখি
আছে৷ ভাল ভাল লিখি আছে৷ মই পঢ়ি আছোঁ৷ মজা লৈ আছোঁ৷
No comments:
Post a Comment