Sunday, 2 November 2014

খেলৰ নাম ফেচবুক


মাহৰ পোন্ধৰ তাৰিখটো ক্রমান্বয়ে ওচৰ চাপি আহিছে৷ ভূপেনদা, গুলজাৰ চাহাব, জেহাদী, আলফা আদিক লৈ ব্যস্ত হৈ থকা গোটটোৰ সদস্যসকলক ই-আলোচনীৰ সহযোগী সম্পাদক মহন্ত ডাঙৰীয়াই মনত পেলাই দিছে... ‘সাহিত্য ডট অৰ্গ’ক এইবাৰ ‘ক্রীড়া বিশেষ’ সংখ্যা হিচাপে ৰাইজৰ আগত উলিয়াই দিবলৈ গোটৰ একাংশ সদস্যই যত্ন কৰি আছে’ বুলি৷ সহযোগিতা বিচাৰি ক্রীড়া বিষয়ক লেখাৰে ‘অকব’ৰ দেৱাল উপচাই পেলাবলৈ সকলোকে অনুৰোধো জনাইছে৷ ইফালে শেহতীয়াভাৱে প্ৰশাসক দত্ত ডাঙৰীয়ায়ো আৱেদনৰ সুৰতে কৈছে... ক্ৰীড়াৰ 'कीड़ा'ই সকলোকে কামোৰক, হওক 'ক্ৰীড়া মহামাৰী'!

তেনে এষাৰ অনুৰোধ-বাক্যক উপেক্ষা কৰাৰ একেবাৰে সত নগ’ল গোটটোৰ অন্যতম সদস্য আব্দুছ ছাজিদৰ৷ ভূপেন হাজৰিকা, গুলজাৰ, জেহাদী, আলফা আদিক লৈয়ে এই পৰ্যন্ত চৰমভাৱে ব্যস্ত হৈ পৰা ছাজিদে মনতে ভাবিলে... ছেঃ, সঁচাই বৰ বেয়া কথা হৈছে৷ মাহৰ আধা-আধি পাৰ হ’ল, ‘সাহিত্য ডট অৰ্গ’ৰ ‘ক্রীড়া বিশেষ’লৈ কাণ-সাৰেই দিয়া হোৱা নাই৷ কিবা এটা নিলিখিলে এইবাৰৰ ই-মেগাজিনখনত নামটোৱেই নৰ’বগৈ দেখিছোঁ৷ ভাল আছিল, লেখা এটা দিব পৰা হ’লে! আলোচনীত নিজৰ অস্তিত্বটো অন্ততঃ ৰয়৷ পিছে লিখা যায়নো কি? খেল-চেল একো দেখোন খেলাই নহ’ল জীৱনত! পঢ়াৰ নামতেই পাৰ হ’ল শৈশৱ-কৈশোৰ-যৌৱন৷ সেইযে প্ৰিপেৰেটৰীত নামভৰ্তি কৰি দিয়াৰে পৰাই যি আৰম্ভ হ’ল কুচকাৱাজ৷ স্কুল, টিউচন, ক’চিং ক্লাছ, কলেজ, পৰীক্ষা, কাউনচেলিং, কম্পিটিচন, ইণ্টাৰভিউ ইত্যাদি ইত্যাদি৷ এৰি অহা দিনবোৰলৈ ঘূৰি চালে পাঠ্যপুথিৰ বাদে একো ছবিয়েই মনৰ পৰ্দাত নাভাহেচোন! হওঁতে অকলে অকলে চোফাত বহি দাঁত কামুৰি কামুৰি টিভিত টুৱেণ্টি-টুৱেণ্টি ক্রিকেট চোৱা হয়৷ পিছে, বেট-বল লৈ খেলাযে নহ’ল কোনোদিন! কোনোবাই ঠিকেই কৈছিল... কিতাপ পঢ়ি থিয়’ৰীহে জানিব পাৰি, অভিজ্ঞতাৰ বাবে প্ৰেক্টিকেল লাগে৷ তাৰেই যেন অভাৱ ঘটিল পাৰ হৈ অহা জীৱনটোত!

তেনে মুহূৰ্ততে ছাজিদৰ ঘপকৈ আকৌ খেয়াল হ’ল, এইবাৰৰ সম্পাদকত্ৰয়ৰ মাজৰে এগৰাকীয়ে দায়িত্ব গ্ৰহণৰ পিছতে যোৱা বিশমান তাৰিখৰ আশে-পাশেও এদিন নাইনটিন থাউজেণ্ড প্লাচ সংখ্যকেৰে বিশাল সিহঁতৰ গ্ৰুপটোৰ সদস্যসকলৰ প্ৰতি উদাত্ত আহ্বান এটা জনাইছিল... একেবাৰে মাৰ্বলৰ পৰা আৰম্ভ কৰি টাংগুটিৰ পৰা ফুটবললৈ... একো বাদ নিদিয়াকৈ লিখিবলৈ৷ চাওঁতে চাওঁতে এতিয়া দিনেইচোন চমু চাপিল! তেনেস্থলত কৰা যায় কি? না মাৰ্বলগুটি, না টাংগুটি, না ফুটবল৷ কোনোটোৱেই দেখোন খেলি অহা নহ’ল! মাক-দেউতাকে মাৰ্বল চুবলৈকে নিদিলে, বেয়া ল’ৰাই খেলে বুলি৷ সংগদোষে ভৱিষ্যৎ নষ্ট কৰিব বুলি৷ আৰু টাংগুটি? তেওঁলোকৰ মানত সেইটো কোনো স্বীকৃতি নথকা গাঁৱলীয়া ধূলিয়ৰি খেল৷ ফুটবলটো বাৰু ইণ্টাৰনেচনেল৷ হ’লেও নিজে নেখেলিলে জানো অনুভৱ কিবা থাকে? অনুভৱ নহ’লে লিখিবলৈ জানো কিবা থাকে? সাজি সাজি লিখা গল্পক জীৱন্ত ৰূপ দিবলৈকোতো চেলফ ইনভলভমেণ্ট বুলি কিবা অকণমান লাগে৷

মাক-দেউতাকলৈ চাঁতকৈ মনত পৰি গল ছাজিদৰ৷ তেওঁলোকোযে আৰু! স্কুলত নাম লগাই দিয়াৰ দিন ধৰি কেৱল পঢ়-পঢ় পঢ়-পঢ়কৈহে থাকিল৷ খেলাৰ নামত শূন্য৷ এটা শ্ৰেণীৰ অধ্যয়ন সমাপ্তিৰ পিছত সিটো শ্ৰেণীতো সুৰ সলাই কথা একেটাই... ভালকৈ পঢ়, ভালকৈ পঢ়৷ পৰৱৰ্তী শ্ৰেণীলৈ উঠোঁতেও একেখিনি কথাই... এইবাৰ আৰু ভালকৈ পঢ়, আৰু ভালকৈ পঢ়৷ মুঠতে পঢ় আৰু পঢ়৷ সি চিন্তা কৰিলে, ভালদৰে পঢ়ি আনৰ তলত সম্ভ্ৰান্ত-গোলামী খাতিবলৈ নিজকে প্ৰস্তুত কৰোঁতে কৰোঁতে জীৱনটোত বহু কথা শিকা নহল, বহু কাম কৰা নহল, বহু নিৰ্ভেজাল আনন্দ লবলৈকে থাকি গল৷ তাকে চাই ক্রীড়া বিশেষত এতিয়া সি লিখে কি? একোটোৱেইতো নাই তাৰ, নিজৰ বুলিবলৈ!

আজি প্ৰথমবাৰৰ বাবে নতুন দৃষ্টিভংগী এটাই ছাজিদৰ মনটোত ৰাতিপুৱাতে খুন্দিয়ালেহি৷ তাৰ বৰ দুখ লাগি গ’ল৷ আজিলৈকে কোনেও তাক কেনেকৈনো সি নিজকে পাঠ্য-পুস্তকতে সীমাবদ্ধ ৰাখি পঢ়িয়েই থাকিল পঢ়িয়েই থাকিল, সেইবোৰ কথা সোধাও নাই, লিখিবলৈ কোৱাটোতো দূৰৰে কথা৷ এতিয়াও এয়া, সহযোগী সম্পাদকৰ প’ষ্টত খেল বিষয়ক কথা লিখাৰহে অনুৰোধ, কেৰিয়াৰৰ নহয়৷ যিটো আজি তাৰ ভাবনাৰো অগোচৰ৷ সময়ত খেলা-ধূলা নকৰি এতিয়া সি আচলতে ভালদৰেই পস্তাইছে৷ আৰু ইয়াৰ ফলশ্ৰুতিতে সি এতিয়াই মন ঠিক কৰি পেলাইছে যে মাক-দেউতাকে তাক হকাবধা কৰাৰ দৰে সি তাৰ ভৱিষ্যৎ প্ৰজন্মক খেল-ধেমালিৰ পৰা কোনো কাৰণতে বিৰত নাৰাখিব৷ সন্তুলন ৰক্ষা কৰি খেলৰ পৰা আদি কৰি জীৱনৰ বাবে দৰকাৰী সকলোখিনিৰে জ্ঞান আৰু স্বাদ তাৰ সন্তানক দিবই দিব৷ শিক্ষা মানৱ জাতিৰ সকলো ধৰণৰ উন্নয়নৰ অতি প্ৰয়োজনীয় মূল হাথিয়াৰ বুলি স্বীকাৰ কৰিলেও শিক্ষাৰ সংকীৰ্ণ সূত্ৰ আৰু একদেশদৰ্শিতাই জন্মোৱা এনে মনোকষ্ট সিহঁতৰ ক্ষেত্ৰত যাতে মুঠেই নহয়, তাৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব৷ নিজকে অবিৰামভাৱে নতুনকৈ সৃষ্টি কৰি থকাৰ কথা শিকাই সিহঁতৰ জীৱনটোহঁতক সাৰ্থক কৰি তোলাত গুৰুত্ব দিব আৰু প্ৰেৰণা যোগাই যাব৷

খেল-ভাবনাৰ শূন্যতাই গভীৰভাৱে বিচলিত কৰা ছাজিদৰ পিছে তেনেহেন পীড়াদায়ক মুহূৰ্ততো হাঁহি উঠি গ’ল অন্য এটা কথা মনত পৰি৷ সি ভাবিলে, আন কথা বাৰু বাদ৷ পঢ়াৰ পিছত একেৰাহে চিৰিয়াচলি লাগি থাকোঁতে আন বহুতে খেলাৰ দৰে তাৰ জীৱনত প্ৰেম নামৰ স্বৰ্গীয় আনন্দদায়ক খেলটোও খেলা নহ’ল! ছেঃ, কি লিখে বাৰু সি এতিয়া? ইফালে খেল ভাল পোৱা কোনোবাই পঢ়ক বুলি পুৰণি প’ষ্টকে তলত কমেণ্ট লিখি সহযোগী সম্পাদক মহন্ত ডাঙৰীয়াই ওপৰলৈ তুলি দিয়া তাৰ দৃষ্টিগোচৰ হৈছে৷ ভাবটো হ'ল, বৰ্মন ডাঙৰীয়াৰ সেই মাহেক পুৰণি খেলৰ প’ষ্টটো পঢ়ি কাৰোবাৰ কিজানি গা লৰেই! বিপৰীতে এইটোও হ’ব পাৰে যে লেখা হয়তো আশানুৰূপভাৱে গোট খোৱা নাই৷ সি কথাটো সূক্ষ্মভাৱে বিশ্লেষণ কৰিলে৷ প্ৰাসংগিক কিবা ৰচনা এখনেৰে হাত উজান দিয়াৰ মনোবৃত্তি এটায়ো একে সময়তে তাৰ মনৰ একোণত নীৰৱে ক্ৰিয়া কৰিবলৈ ধৰিলে৷

কি কৰোঁ কি নকৰোঁকৈ ছাজিদে ইফালে-সিফালে চালে৷ তেনেকুৱাতে পটকৈ চকু গ’ল তাৰ ম’বাইল ফোনটোলৈ৷ এবেগেতীয়া হেণ্ডছেটটো তাক মাক-দেউতাকেই দিয়া৷ ফাইনেল চেমিষ্টাৰৰ পৰীক্ষাত বিচৰা ধৰণে ৰিজাল্ট কৰিব পৰাত সুখানুভূতিৰ পুৰস্কাৰ হিচাপে সি সেইটো গিফট পাইছিল৷ এতিয়া এয়াৰটেলৰ ইণ্টাৰনেট সংযোগ কৰা আছে তাত৷ তাতে সি মনে মনে খেল এটা খেলে৷ মাক-দেউতাকে গম নাপায়৷ সেই খেল বিষয়তো অৱশ্যে তেওঁলোকে তাক আৰম্ভণিতেই বাৰণ কৰি থৈছে৷ সেইটো বেয়া হেনো৷ বহুতে আকৌ সেইবিধক হীন জ্ঞান কৰে বুলিও সি নজনা নহয়৷ হ’লেও সি ঠিৰাং কৰিলে যে নিজে খেলা সেই খেলবিধৰ বিষয়েই যি পাৰে লিখি দিব ‘সাহিত্য ডট অৰ্গ’ৰ বাবে৷ তাকে কৰিবলৈ যাওঁতে অন্য কিছু সবল যুক্তিও বিচাৰি পালে ছাজিদে৷

মাৰ্বল, টাংগুটি, ফুটবলনো কি, সকলোকে তল পেলাই এতিয়া লে'টেষ্ট গে’ম হৈ পৰিছে সি খেলা এই খেলটোহে৷ সি মন কৰিছে, দিনে-ৰাতিয়ে, য’তে-ত’তে, যেতিয়াই-তেতিয়াই চলে এই খেল৷ তাৰ মনত বিন্দুমাত্ৰ সন্দেহ নাই যে এই খেলবিধৰ স্থান আজি জনপ্ৰিয়তাৰ চূড়ান্ত শিখৰত৷ এই আধুনিক খেল জগতখনত আজিকালিৰ চামটোৰ নাইনো কোন? দিনত নহ’লেও নিশা যেনি-তেনি চকুত পৰা নীলা পোহৰ বিকিৰণেৰে এচুকত চুপচাপ ম’বাইল টিপি থকাসকলৰ বেছিভাগেই দেখোন এই খেলটোতে লাগি থাকে৷ নিতৌ ন-ন খেলুৱৈয়ে যোগদান কৰে, ইজনৰ পিছত সিজনকৈ৷ বিশ্বজুৰি এতিয়া এই খেলৰ প্ৰচাৰ, প্ৰসাৰ, পয়োভৰ৷ ফটো-ফটো খেল, লাইক-লাইক খেল, কমেণ্ট-কমেণ্ট খেল, হাই-হেল্ল’ খেল, চাট-ফ্লাৰ্ট খেল, ফ্ৰে’ইণ্ড-আনফ্ৰে’ইণ্ড খেল... কত ধৰণৰযে ইভেণ্ট এই একেটামাত্ৰ পৰিক্রমাৰ অন্তৰ্গত! এনেকৈয়ে তাৰ মনটোৱে কিছুমান যুক্তি বিচাৰি পালে৷

থাইলেণ্ডত থকা লেন নামৰ ফ্ৰে’ইণ্ডজনীৰ কথা তাৰ হঠাতে মনত পৰিল৷ তায়ে তাক এদিন কৈছিল৷ কৈছিল মানে খেলি থকা অৱস্থাতে মেচেজ দিছিল : Facebook is a game and you must know how to play it efficiently. কথাষাৰ পঢ়ি প্ৰথমে থতমত খাইছিল সি৷ নতুন চিনাকিতে কি কথা কয় অ’ এইজনীয়ে? তাৰ পিছত সিও এদিন উক্ত ‘খেল’ৰ পাল্লাত বাৰুকৈয়ে পৰি গ’ল! আগতে কোনোটো খেলেই খেলি নোপোৱা, খেলিব নজনা ছাজিদ ক্রমান্বয়ে আসক্ত হৈ পৰিল ফে’চবুক নামৰ বিশ্বজননী, ৰাজহুৱা খেলটোত৷ নিউজিলেণ্ডৰ ডৰথী, নাগপুৰৰ পিংকি, ছিংগাপুৰৰ ৰুথ আদি কৰি শত-সহস্ৰ সংগীৰ লগত এতিয়া ৰাতি ৰাতি তৰ্জনী আঙুলিৰে টাচ্চ স্ক্ৰীণত টুকুৰিয়াই টুকুৰিয়াই সিও খেলে এই মাল্টিলিংগুৱেল খেল৷ সেয়া এখন বেলেগ জগত, বহুতে কয় ভাৰ্চুৱেল দুনীয়া৷ আমেৰিকাৰ কেলিফৰ্ণিয়াত বিকশিত হৈ পৃথিৱীৰ চুক-কোণজুৰি থকা ১.৩বিলিয়ন খিলাড়ীৰ মাজত তাৰো আছে অনেক গে’ম-পাৰ্টনাৰ, যাক বোলে এফ.বি. ফ্ৰেইণ্ড৷ আচৰিত কথা, ইউজাৰ প্ৰ’ফাইলটোৰ বাদে কোনেও কাকো হ’লে আজিলৈ সোঁশৰীৰে প্ৰত্যক্ষ কৰাও নাই, কোনেও কাকো মুখামুখিকৈ লগো পোৱা নাই৷ দৰকাৰো নপৰে৷ সঁচাও হ'ব পাৰে, মিছাও হ'ব পাৰে৷ তথাপিতো খেল চলি থাকে, অকণো সাৰি-শব্দ নোহোৱাকৈ৷ কোনো খেলপথাৰ নাই৷ খেলৰ সঁজুলি নাই৷ প্ৰশিক্ষক নাই৷ অথচ সিহঁতৰ মাজত নিৰন্তৰ খেল চলে নিজৰ নিজৰ আঙুলিৰ কোমল পৰশত, মনৰ নিৰ্দেশত৷ সিহঁতে ইণ্টাৰনেট চৰ্টকাট জানে, স্মাইলী বুজে, লগতে এই খেলৰ পৰা ইচ্ছাকৃতভাৱে অাঁতৰি থকা বা এই খেল নেখেলা মানুহে নজনা-নকৰা ঢেৰ কিবাকিবিও, যিবোৰৰ ৰস কেৱল সিহঁতে বুজে৷ গতিকে খৰতকীয়াভাৱে সি এটা সিদ্ধান্ত লৈ পেলালে৷ দশক-পুৰণি এইবিধ খেলৰ কথাই সি লিখিব ই-মেগাজিনৰ পোন্ধৰ নভেম্বৰৰ ‘ক্রীড়া বিশেষ’ সংখ্যাটিৰ বাবে৷ সম্পাদক সন্তুষ্ট হয়-নহয়, সেয়া পিছকথা৷

‘খেলৰ নাম ফে’চবুক’৷ বিষয়বস্তু চূড়ান্ত হোৱাত ছাজিদে ফাৰ্ষ্ট ডিভিজনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাছ কৰোঁতে মেধাৰ স্বীকৃতি স্বৰূপে আনন্দৰাম বৰুৱা এৱাৰ্ড স্কিমৰ অন্তৰ্গত অসম চৰকাৰৰ পৰা পোৱা তাৰ লেপটপটো অন কৰি নতুনকৈ ডকুমেণ্ট ফাইল এটা খুলি ল’লে৷ কাৰ্চৰডাল পে’জটোৰ বাওঁকোণত লগাই সি চিন্তা কৰিলে... এতিয়া ক’ৰ পৰা আৰম্ভ কৰা যায়!

No comments:

Post a Comment