উপহাৰ স্বৰূপে ৰঙালাও
(গল্প নহয়, সত্য)
কাৰোবাৰ ঘৰলৈ ফুৰিবলৈ যাওঁতে হাতত কিবা এপদ লৈ
যোৱাৰ দস্তুৰ এটা সমাজত চলি আহিছে৷ খালী হাতে যাবলৈ ভাল নালাগে৷ গতিকে কিবা এটা নিয়া
হয়৷ সেই ‘কিবা’টো সচৰাচৰ ৰসগোল্লা, লাড্ডু,
চমচম ইত্যাদি বিবিধ মিঠাইৰ ভিতৰৰে হয়৷
সৰুতে দেউতাহঁতৰ শিৱসাগৰৰ গাঁৱৰ ঘৰলৈ গ’লে দদাইদেউৰ গুমটিখনত বহাটো এটা চখ আছিল৷ গড়মূৰ চাৰিআলিত বাছৰ পৰা নামি কোনো কোনোৱে চিধাই দোকানখনলৈ আহে৷ তাৰ পিছত কয়… ‘মিঠাই এপেটি দিয়াহে ভাইটি৷ ভালকৈ পেক কৰি দিবা দেই৷’ প্ৰথমাৱস্থাত কথাৰ আগ-গুৰি একো বুজি পোৱা নাছিলোঁ৷ কটা তামোল, চিগাৰেটৰ পৰা আৰম্ভ কৰি তেল-চাবোনলৈ পোৱা সেইখন কোনো কাৰণতে মিঠাইৰ দোকান নাছিল৷ গতিকে গ্ৰাহকে কি বিচাৰিছে বুজাত স্বাভাৱিকতে আহুকাল পাইছিলোঁ৷ পিছতহে জানিলোঁ যে তেওঁ বিচৰা সেই ‘মিঠাই’ হৈছে বিস্কুত! অৰ্থাৎ গ্ৰাহকজনে গ্লুক'জ বিস্কুত এপেকেট কাগজেৰে বান্ধি দিয়াটো বিচাৰিছে৷ জনাৰ পিছত মনে মনে হাঁহিও উঠিছিল৷ নুঠিবইবা কিয়? ক'ত মিঠাই, ক'ত বিস্কুত! পিছতহে বিশ্লেষণ কৰি পালোঁ, বোধ হয় বিস্কুতত মিঠা গুণ থকা হেতুকেই এই 'মিঠাই' বিশেষণ৷ অৱশ্যে এইটো বুজাত কোনো অসুবিধা নহৈছিল যে তেওঁ হয়তো গাঁৱৰ কোনোবা আত্মীয়, নহয়তো বন্ধু-বান্ধৱৰ ঘৰলৈ ফুৰিবলৈ যাব৷ শুদাহাতে যোৱাটোযে তেওঁৰো ভাল নালাগে! ৰিক্তহস্তে যোৱাৰ দস্তুৰ সেইবোৰ ঠাইতো নাছিল৷
ময়ো এইবাৰ মনে মনে ভাবিলোঁ, সদায়নো কিমান আৰু
মিষ্টান্ন ভাণ্ডাৰৰ মিঠাইৰ টোপোলা কঢ়িয়াওঁ? ৰহ, এইবাৰ চিষ্টেমটো চে’ঞ্জ কৰি চাওঁ৷ বহুত ভাবনাৰ অন্তত
এটা বস্তু নিৰ্বাচনত উঠিল... ৰঙালাও৷ মিঠা গুণটো ইয়াৰো আছে বাৰু৷ সেয়েহে দুঘৰলৈ বুলি
আগদিনাই সন্ধিয়া এ.এছ.ই.বি. মাৰ্কেটত বিচাৰি বিচাৰি বস্তা খুঁচৰি দুটা ধুনীয়া ৰঙালাও
কিনি পেলালোঁ৷ এটা গোল জাতৰ, আনটো দীঘলীয়া৷
প্ৰশান্ত সপৰিবাৰে থাকে গণেশগুৰিৰ ভাৰাঘৰত৷ বিয়লি
বেলা পদাৰ্পণ কৰাৰ পিছতে বেগৰ চেইনডাল খুলিলোঁ৷ হাতত তুলি দিলোঁ গোলাকাৰ ৰঙালাওটো৷
দেখি তেওঁৰ মুখত হাঁহি বিৰিঙিল৷ মোৰো ভাল লাগিল৷ আগফালৰ টেবুলখনত উপহাৰটি সজাই থৈ
এসময়ত দুয়ো ওলালোঁ সৰুসজাইলৈ, আই.এছ.এলৰ খেল চাবলৈ৷ ৰঙালাওৰ গাত কলমেৰে লিখি দিলোঁ
‘লেটছ ফুটবল’৷ এনেকৈ থ’লোঁ যাতে ৰীতা অফিচৰ পৰা আহি
দৰজাখন খুলিলেই চিধাই চকুত পৰে৷ উপহাৰটো দেখি তাই সন্তুষ্ট হোৱা বুলি পিছত গম পালোঁ৷
তিনিও মিলি নিশালৈ এসাজ খালোঁও৷
পিছদিনা পুৱাই পুৱাই জয়ানগৰৰ ৰুমঝুম শইকীয়া বৌৰ
ঘৰলৈ যাত্ৰা৷ ড্ৰয়িং ৰুমত বহিবলৈ দিয়াৰ লগে লগে উপহাৰ অৰ্পণ পৰ্ব৷ বৌৱে হাঁহিমুখে আথে-বেথে
গ্ৰহণ কৰিলে৷ তেওঁৰো হেনো ৰঙালাও বৰ প্ৰিয়৷ উপহাৰ পছন্দ হোৱাত মোৰো আনন্দ লাগিল৷ ৰে’লে-বাছে, ট্ৰেকাৰে-পিঠিয়ে ইমানদূৰ
বাট কঢ়িয়াই নিয়াৰ কষ্টকণ যেনিবা অথলে নগ’ল৷
পৰীক্ষামূলকভাৱে চলোৱা এই কামটোৰ শেষত ধাৰণা এটা
মোৰ মনত বদ্ধমূল হ’ল যে ৰঙালাও উপহাৰ সামগ্ৰী হ’ব পাৰে!
No comments:
Post a Comment