মেম’ৰীটো মোৰ গৈছে যেন লাগিছে!
(গল্প নহয়, সত্য)
পুৱা শুই উঠাৰ পিছত প্ৰাতঃকৰ্মৰ লগতে গাটোও ধুই ফ্ৰী হৈ ল’লোঁ৷ তাৰ পিছত চাহ-জলপান খাই স্কুল ডিউটি৷ স্কুলৰ পৰা বাহিৰে বাহিৰে তেল ডিপ’ পালোঁগৈ৷ তেল ভৰাই ঘূৰি আহোঁতে ভাইহঁতৰ ঘৰ৷ ভাইৰ সৈতে পুৰণি কথা অলপ আলোচনা কৰিবলগীয়া আছিল৷ এইকেইদিন তাক বিচাৰি নাপাই আজি পুৱাই হামলা দিম বুলি কালি ৰাতিয়ে ভাবি থৈছিলোঁ৷ ক’ৰবালৈ যাবলৈ বুলি গে’টৰ মুখ পাইছিল যদিও মই গৈ ওলোৱাত সি ৰ’ল৷ কথাৰ গুৰুত্ব বুজি সময় অলপ দিলে যেনিবা৷ ড্ৰয়িংৰুমত বহাৰ পিছত তাৰ লগত কথাখিনি পাতিলোঁ৷ আলোচনা সোনকালে সমাপ্ত কৰি গ’লোঁগৈ জানক বিচাৰি, সিহঁতৰ ঘৰলৈ৷ ল’ৰাক স্কুলত থ’বলৈ ঠিক গাড়ীখন ষ্টাৰ্ট কৰাৰ সময়তেই পালোঁগৈ তাক৷ যদিও সময়ৰ নাটনি তৎসত্ত্বেও সিও অলপ ৰৈ মই জানিব বিচৰাখিনিৰ উত্তৰ দিলে, আনন্দ মনেৰে৷
ভাই, জান আমি সৰুৰে পৰা একেলগে খেলা-কাজিয়া কৰি ডাঙৰ হোৱা৷ গতিকে অন্তৰৰ টান এটা এতিয়াও আছে৷ সত্যৰ সন্ধান আৰু তথ্য সংগ্ৰহৰ কামটো মোৰ সমাধা হৈ গ’ল৷ জানহঁতৰ মাক-দেউতাক আমাৰ পুৰণি চিনাকি, ঘৰুৱা ধৰণৰ মানুহ৷ মোক দেখা মাত্ৰকে দুয়ো ওলাই আহিল৷ অতীত-বৰ্তমান-ভৱিষ্যৎ তিনিওটা কাল সামৰি সতকাই শেষ নোহোৱা ধৰণে কথা ওলাল৷ তাৰ মাজতে চাহ-তামোলো আহিল৷ সেয়া সামৰি ঘৰ পাওঁহি মানে ঘড়ীৰ কাঁটাই প্ৰায় দহ চুলেগৈ৷
খৰধৰকৈ আহিয়ে পদূলিৰ জামুজোপাৰ সৰাপাতবোৰ বুটলি ষ্টেপকেইটা সাৰিলোঁ৷ পৰিষ্কাৰ হৈ নাথাকিলে মনটো কিবা ভাল নালাগে৷ তাতে আজি আলহী অহাৰো কথা আছে৷ হাত দুখন ধুই লৈ চিধাই কম্পিউটাৰটো অন কৰিলোঁ৷ সংগ্ৰহ কৰি অনা তথ্যখিনি এতিয়াই সংযোজন কৰাৰ লগতে আগতে হৈ যোৱা ভুলকেইটা লগে লগে সংশোধন কৰাটো ভাল৷ একান্তমনে তাকে কৰি আছোঁ৷ সিফালৰ পৰা মায়ে চিঞৰ এটা মাৰি ভাত খাবলৈ মাতিলে৷ কাম সমাপ্ত নোহোৱা পৰ্যন্ত বেলেগ কোনো কথাত লৰচৰ নকৰোঁ বুলি সুদৃঢ় হৈ থাকিলোঁ৷
অলপ পাছত কামখিনি হৈ গ’ল৷ কম্পিউটাৰ বন্ধ কৰি চিধাই বাথৰুম পালোঁগৈ৷ ভাবিলোঁ, গাটো ধুই লওঁ৷ গা ধুই ভাত খাওঁ৷ তাৰ পিছত অন্য কামত লাগিম৷ নিজৰ লগতে ল’ৰা-ছোৱালীয়ে পুৱাতে এৰি থৈ যোৱা কাপোৰকেইটা ধুই আছোঁ৷ তেতিয়াহে মনত খেলালে... অ’, অথনি দেখোন স্কুললৈ যোৱাৰ আগতে গাটো মই ধুইছিলোঁৱেই! পাহৰি থাকিলোঁ একেবাৰে৷ মনে মনে হাঁহি উঠি গ’ল৷ ভিতৰি চিন্তা এটাও আহিল অৱশ্যে... গা ধোৱা কথাটোযে ইমান পাহৰিলোঁ, মেম’ৰীটো মোৰ গৈছে নেকি বাৰু!
আজিকালি আকৌ ডিমেনচিয়া নে কি সেইবিধৰহে প্ৰকোপ চৰিছে হেনো! কথা পাহৰা ৰোগ৷ চিকিৎসকে বোলে তেনে ৰোগীক সোধে, ‘কেতিয়াৰ পৰা আপোনাৰ এনেকুৱা হৈছে বাৰু কওকচোন?’ বুলি৷ ৰোগীয়ে ইফালে সময়টো সঠিকভাৱে মনত পেলাব নোৱাৰে৷ পাৰিবনো কেনেকৈ? ইতিমধ্যে তাঁৰযে ছিগিলেই! হেনজানি মই নিজৰ ৰেকৰ্ড এটা ৰাখি থোৱাৰ কথা ভাবিলোঁ৷ সেয়েহে এতিয়াই এইখিনি লিপিবদ্ধ কৰি থ’লোঁ৷ তেতিয়া অন্ততঃ সময়ত ডাক্তৰে নিৰ্ভুলভাৱে জানি যাব৷ ফলস্বৰূপে নিদান চিন্তা কৰাত সহায়ক হ’ব৷
মোৰ ক্ষেত্ৰত প্ৰশ্নটোৰ উত্তৰ হ’ব... ১৩নবেম্বৰ ২০১৪ তাৰিখ, বৃহস্পতিবাৰৰ ৰাতিপুৱা ১০.৩০ বজা৷ মেম’ৰী কাৰ্ডখন অচল হৈ ভ্ৰম বকাৰ আগেয়ে এতিয়া সুস্থ অৱস্থাতে কথাটো লিখি ৰাখিলোঁ৷
No comments:
Post a Comment