হাজোৱাৰী খুৰাৰ ফুটবল উন্মাদনা
(গল্প নহয়, সত্য)
Bayern Munich আৰু Eintracht Frankfurtৰ মাজত
German Bundesliga 2014-15ৰ খেল চলিছে৷ ২২আগষ্ট ২০১৪ত আৰম্ভ হোৱা জাৰ্মানীৰ এই প্ৰিমিয়াৰ
ফুটবল লীগ প্ৰতিযোগিতাখনৰ ৫২তম আয়োজন ২৩মে’ ২০১৫ পৰ্যন্ত চলি থাকিব৷ অনুভৱী ষ্ট্ৰাইকাৰ টমাচ মুলাৰৰ
স্ক’ৰেৰে বেয়াৰ্ণ এগলত আগ বাঢ়ি আছে৷
হাফ টাইম হোৱাত আমাৰ প্ৰতিৱেশী হাজোৱাৰী খুৰা বাহিৰলৈ ওলাই আহিল৷ খেলখন ভাল লাগি আছে
তেওঁৰ৷ খুব ফাষ্ট খেলিছে৷ এৰিব নোৱাৰি৷ সেয়ে, সময় হ’লেই আকৌ টিভিৰ সন্মুখত বহিবহি বুলি মনতে পাঙি থ’লে৷
ৰাস্তাত অকলে অকলে, ফুৰি ফুৰি গৈ আছে হাজোৱাৰী
খুৰা৷ ফৰেষ্ট ডিপাৰ্টমেণ্টত চাকৰি কৰিছিল৷ ৰিটায়াৰ হোৱা চাৰি বছৰ হ’ল৷ হ’লেও, ৰিটায়াৰ্ড বাট নট টায়াৰ্ড
টাইপৰ মানুহ৷ কথা-বতৰা একদম ভলভলীয়া৷ কোনো কমপ্লেক্সিটি নাই৷ অনৱৰতে প্ৰাণ-চাঞ্চল্যৰে
পূৰ্ণ, ৰসিকতাৰে উজ্জীৱিত৷ এলাহবৰ্জিত, কৰ্মঠ আৰু আনন্দপ্ৰিয় লোক৷ গতিকে বয়সত যথেষ্ট
ডাঙৰ যদিও সুযোগ পালেই মই তেওঁৰ সংগ লোৱাত উৎসাহী হৈ উঠোঁ৷ মুকলিমূৰীয়াকৈ জীৱনৰ নানা
কথা পাতোঁ, শিকোঁ৷ সশব্দে দুয়ো হাঁহি হাঁহি হৃদয় ফুলাওঁ৷ মানুহজনৰ 'স্বাধীনমনা অহংকাৰ'টো
মোৰ লগত মিলে৷
তেৱেঁই উলিয়ালে ফুটবল মেচখনৰ কথা৷ টেন এক্সনতযে
দি আছিল; মই গমেই নাপাওঁ৷ অলপ আগতে একধ্যানে টিভিটোলৈ চাই থাকোঁতে তেওঁ হেনো উত্তেজনাত
কিবা-কিবি ভোৰভোৰাই আছিল৷ হাজোৱাৰী খুৰাৰ ধৰণটোৱেই তেনেকুৱা৷ শৰীৰটোহে ড্ৰয়িং ৰুমত,
বাকী খেলপথাৰত থাকে৷ তাকে শুনি খুৰী গৰম... ‘অকলে অকলে কিখন বলকি আছে? মনে মনে চাব নোৱাৰে নেকি? মানুহে
শুনিলে কি ভাবিব?’ খুৰীৰ কথাত খুৰাৰ মিটাৰ উঠি
গ’ল... ‘এইজনীয়ে ফুটবলৰ ফ-টোও বুজি নাপায়,
এনেয়ে পেকপেক কৰে৷’
খেল চাওঁতে নিজে বাছি লোৱা টীমটোৰ
ঘোৰ সমৰ্থক হৈ পৰে হাজোৱাৰী খুৰা৷ কোনোবাই মিচপাছ বা ভুল কৰিলেই ক’ব নোৱাৰাকৈ মুখেৰে গালি-গালাজ
ওলাই আহে৷ দুই-এটা বেয়া মাতো পৰিস্থিতিসাপেক্ষে নোলায় বুলিলে মিছা কোৱা হ’ব৷ তাতোকৈ ইণ্টাৰেষ্টিং, মুখখনৰ
সমানেই হাত-ভৰিও চলি যায়৷ সেই গভীৰতা, সেই ফুটবল উন্মাদনা খুৰীয়ে নামমাত্ৰও বুজি নাপায়৷
বুজাৰ যত্নও নকৰে৷ গতিকে খুৰাৰ খং উঠিল আৰু হাফ টাইম হোৱাৰ লগে লগে টিভিটো অফ কৰি যিভাগে
আছিল সেইভাগেই চিধাই ওলাই আহিছে ৰাস্তালৈ৷ নিজকে ঠাণ্ডা কৰিবলৈ৷
‘ঠাণ্ডা লগা নাই নেকি খুৰা?’ ...হাফ চাৰ্টটো পিন্ধি এই গধূলিখন
বাহিৰলৈ ওলোৱা দেখি সুধিবলৈ বাধ্য হ’লোঁ৷ চমু বাক্য বিনিময়ৰ অন্তত কথা মিলিলত দুয়ো অলপ আগলৈকে
একেলগে খোজ বঢ়ালোঁ৷ বাওঁহাতৰ মণিবন্ধত ওলমি থকা ঘড়ীটোলৈ তেওঁ মাজে মাজে চাই আছিল৷ সময়ৰ
নিৰ্দেশ মানি দুয়ো উভতিবলৈ বাধ্য হ’লোঁ৷
বাটত কথা ওলাল স্বাধীনতা দিৱস কাপৰ৷ ১৯৪৭চনত নগাঁও
মাৰোৱাৰী যুৱক সংঘই আয়োজন কৰিছিল এই প্ৰতিযোগিতা৷ পিছলৈ নগাঁও ক্রীড়া সন্থাৰ দ্বাৰা
পৰিচালিত হৈ আহিছে নুৰুল আমিন ষ্টেডিয়ামত৷ অসমৰ আগশাৰীৰ প্ৰতিযোগিতাখনত এবাৰ হেনো অসম
পুলিচ আৰু বাহিৰৰ টীম এটাৰ মাজত খেল হৈছিল৷ হাজোৱাৰী খুৰা ঘৰুৱা দলটোৰ জোৰদাৰ সমৰ্থক৷
হ’বই৷ কাৰণ অসম পুলিচ তেতিয়া ফুটবলপ্ৰেমী
অসমীয়াৰ প্ৰাণৰ দল আছিল৷ কোনোবা এক মুহূৰ্তত পুলিচৰ খেলুৱৈ এজনে গল কৰাৰ গ’ল্ডেন চান্স এটা পালে৷ খেলুৱৈজনে
শ্বটটো মাৰিলে কি নামাৰিলে, খুৰাৰ সোঁ-ভৰিখন স্বভাৱবশতঃ দাং খাই গ’ল৷ গোৰ মাৰি পঠিয়ালে সন্মুখত
বহি থকা দৰ্শকজনক৷ পিছতহে হুঁচ আহিল, ‘এয়া কি কৰি পেলালোঁ!’ বুলি৷ অতৰ্কিতে ঘটি যোৱা কাণ্ডটোত আগন্তুকেও থতমত
খালে৷ ‘কি হ’ল’ বুলি ঘূৰি চালে৷ খুৰায়ো কালবিলম্ব
নকৰি ক্ষমা খোজাৰ বিনয়ী ভংগীমা জুৰিলে আৰু ক’লে... ‘নমস্কাৰ দেই৷ বেয়া নাপাব, ক’ব নোৱাৰাকৈ হৈ গ’ল৷’
‘কিবা ভাগ্য ভাল আছিল বুইছে৷ অচিনাকি মানুহজনৰ পৰা
সেইদিনা মই ওলোটাই চৰকেইপাতমানযে নাখালোঁ! ভগৱানে বচালেহে বুলিছোঁ৷’ ...এৰাএৰিৰ পৰত কথাষাৰ কৈ হাঁহিত
ফাটি পৰিল হাজোৱাৰী খুৰা৷
ব্ৰাজিল বিশ্বকাপৰ পিছত ফুটবল মানে এতিয়া কেৱল
জাৰ্মানী৷ সেই জাৰ্মানীৰে এক নম্বৰ ফুটবল ক্লাব হৈছে এফ.চি. বেয়াৰ্ণ মিউনিখ৷ সৌ-সিদিনাৰ
বিশ্ব-বিজয়ী জাৰ্মান জাতীয় দলটোৰ কেইবাজনো খেলুৱৈয়ে ক্লাবটোত খেলে৷ মুলাৰৰ উপৰি লাম,
নিৱেৰ, ব’টেং, গটজেহঁত আছে৷ তদুপৰি আছে
ৰবেন, ৰিবেৰী, ডাণ্টে, আলনচ’ আদি৷ তাকে ভাবি ডাঠি কৈ দিলোঁ... ‘বেয়াৰ্ণেই জিকিব চাব৷’ বেয়াৰ্ণ মিউনিখযে লীগৰ ডিফেণ্ডিং চেম্পিয়ন আৰু
আগৰ খেলখনতযে বেয়াৰ্ণৰ হাতত ফ্ৰেংকফুৰ্টে পাঁচগল খাইছিল সেইটো সদৰি নকৰিলোঁ৷ ঘৰলৈ গৈ
হাজোৱাৰী খুৰাই চেকেণ্ড হাফ চালে৷ ময়ো তাৰাতাৰি টিভিটো খুলিলোঁগৈ৷ আৰু শেষত মই কোৱাটোৱেই
হ’ল! ৰিটাৰ্ণ মেচখনত বেয়াৰ্ণে চাৰি
গল দিলে ফ্ৰেংকফুৰ্টক৷ মুলাৰৰ হেটট্ৰিক৷ পৰিৱৰ্তিত খেলুৱৈ শ্বাকিৰিৰ এগ’ল৷ হাজোৱাৰী খুৰাই সমৰ্থন আগ
বঢ়োৱা টীমটো জিকিল৷
No comments:
Post a Comment