Tuesday, 4 November 2014

জুনমহীয়া আবেলিটোলৈ আজিও মনত পৰে
(গল্প নহয়, সত্য)


১৭ৰাণত ৫টা! কি? নিজৰ কাণকেইচোন বিশ্বাস নহয়! কিন্তু হয়, ফাইভ ডাউন ফৰ জাষ্ট চেভেনটিন ৰানচ অন দা ব'ৰ্ড৷ ইণ্ডিয়া ইন ডিপ ট্ৰাবল৷

১৮জুন ১৯৮৩৷ প্ৰুডেনচিয়েল ৱৰ্ল্ডকাপৰ ভাৰত আৰু জিম্বাব'ৱেৰ মাজৰ গ্ৰুপ-বিৰ ৰোমাঞ্চকৰ খেল৷ ইংলেণ্ডৰ টানব্ৰিজ ৱেলচ নেভিল গ্ৰাউণ্ড৷ গাইপতি ৬০অ’ভাৰৰ মেচ৷ টচত জিকি ভাৰতে প্ৰথমে বেটিং লৈছে৷

ডিফু কলেজত বিজ্ঞান পঢ়োঁ তেতিয়া৷ সেই সময়ত টিভি অহাই নাই৷ ৰেডিঅ’যোগে প্ৰচাৰিত বিবিচিৰ ৰানিং কমেণ্টেৰীহে শুনিছিলোঁ আমি৷ আবেলি ৰাজুহঁতৰ ষ্টেপত বহি ৰেডিঅ’ পকাই যেতিয়া স্ক’ৰটো সঁচা বুলি গম পালোঁ, কান্দি দিম যেনেই লাগি গৈছিল৷ ডিফেন্সিভ খেলিবলৈ গৈ সুনীল গাভাস্কাৰ ০, পুল শ্বট মাৰিবলৈ গৈ আনজন অ’পেনাৰ কৃষ্ণমাচাৰী শ্ৰীকান্তো ০৷ মহিন্দৰ অমৰনাথ ৫, সন্দীপ পাটিল ১ আৰু য়শপাল শৰ্মা ৯ ৷ তিনিওজনে উইকেট ৰক্ষকৰ হাতত কেচ দি সোনকালেই বেক টু দা পেভিলিয়ন৷ ক্রিজত এতিয়া অধিনায়ক কপিল দেব আৰু ৰ’জাৰ বিন্নী৷ সিফালে নিজৰ নিজৰ স্পেলত জিম্বাব'ৱেৰ বলাৰ পিটাৰ ৰ’চন আৰু কেভিন কাৰেন হৈ উঠিছে ভয় লগাকৈ বিধ্বংসী৷ গ্ৰুপ পৰ্যায়ৰ প্ৰথমখন খেলতে ১৩ৰাণত শক্তিশালী অষ্ট্ৰেলিয়াক হৰুৱাই নবাগত দলটোৱে সেইবাৰ বিশ্বকাপত অঘটন ঘটাইছিল৷

বিন্নীৰ সহযোগত উইকেট পতনৰ ধাৰাবাহিকতা ৰোধিবলৈ চলোৱা প্ৰচেষ্টাৰ পিছত লাহে লাহে কপিল দেবৰ বেটে মাত মাতিবলৈ আৰম্ভ কৰিলে৷ ব্যক্তিগত ২২ৰাণত বিন্নী এল.বি.ডব্লিউ. হ’ল জন ত্ৰাইকচৰ বলত৷ ভাৰতীয় দললৈ হঠাতে আকৌ বিপৰ্যয় নামি আহিল! ৰবি শাস্ত্ৰীক আশা কৰা হৈছিল৷ তেৱোঁ ১ৰাণ কৰিয়ে আউট৷ স্ক’ৰ ৭উইকেটত ৭৮৷ এশ পাবগৈনে নাই তাৰেহে চিন্তা লাগিল৷ বিন্নী-কপিল দেবে দেখুওৱা ক্ষন্তেকীয়া আশাক মষিমূৰ কৰি দুখৰ কলীয়া ডাৱৰে পুনৰবাৰ আমাৰ গোটেইজাকৰ মন ছানি ধৰিলে৷ আজি ইণ্ডিয়াৰ কিযে শনিপাত লাগিল, ক্রিকেটৰ নৱজাতক জিম্বাব'ৱেৰ লগত! মন-চনবোৰ তেনেই দমি গ’ল৷

কিন্তু… কিন্তু কপিল দেবে মাৰমুখী বেটিঙেৰে সিংহ-বিক্রম দেখুৱাই যাবলৈ নেৰিলে৷ মদনলাল আৰু পিছত চৈয়দ কিৰমানিয়ে সিটো মূৰৰ পৰা সাহসী সহযোগিতা আগ বঢ়াই গ’ল৷ লজ্জাজনক অৱস্থাৰ পৰা ভাৰতৰ স্থিতি যথেষ্টখিনি ভাললৈ আহিল৷ নাৰ্ভাচ ৯০ৰ ঘৰত থাকোঁতে গ্ৰাণ্ট পেটাৰছনে বাউণ্ডেৰী লাইনত কপিল দেবৰ আকাংশলংঘী শ্বট এটাত উঠা কঠিনসাধ্য কেচ এটা ড্ৰপ কৰিলে৷ পিছত তাৰে জৰিমনা সুতে-মূলে ভৰিব লগা হ’ল জিম্বাব'ৱেই৷ স্বকীয় ধাৰাৰে কপিল দেবে খেলি গ’ল আৰু ১০০টা বলত নিজৰ চেন্সুৰীটো সম্পূৰ্ণ কৰিলে৷ অনেক বাধা-বিঘিনি নেওচি চেন্সুৰীটো হৈ উঠাৰ পিছতে কপিল দেব যেন আৰু অধিক নিৰ্দয়-ঘাতক স্বৰূপ হৈ উঠিল! তুলা ধুনা দিব ধৰিলে বিপক্ষৰ ব’লাৰক৷ সতীৰ্থসকলে তেওঁক বেটিং এ’ণ্ড দি যাব ধৰিলে৷ কপিল দেবে কোবাই গ’ল৷ এই মাৰে ছয়, এই মাৰে চাৰি৷ খুব উপভোগ্য হৈছিল উপৰ্যুপৰি প্ৰহাৰৰ সেই ষ্ট্ৰ’কবিলাকৰ উত্তেজনাৰে ভৰপূৰ সৰস বৰ্ণনা ধাৰাভাষ্যকাৰৰ মুখত শুনিবলৈ৷ কাণ থিয় কৰি আমি সমনীয়াবোৰে ৰেডিঅ’টোৰ চৌকাষে জুম পাতি ঘেৰি ধৰি খেলৰ মজা লৈছিলোঁ সেইদিনা৷ ১৩৮টা বলত ১৬টা চাৰি আৰু ৬টা ছয়ৰে ১৭৫ৰাণত নট আউট হৈ ৰ’ল ভাৰতীয় অধিনায়ক৷ দলীয় স্ক’ৰ হ’লগৈ ৬০অ’ভাৰত ২৬৬ৰাণ৷ ৰাণ ৰে’ট ৪.৪৩৷ এটা সময়ত উইকেটৰ গৰা খহনীয়াৰ কবলত পৰা ভাৰতীয় দলৰ উইকেট ৰক্ষক কিৰমানিয়ে ২৪ৰাণ কৰি আউট নোহোৱাকৈ থাকিল৷ ইজনৰ পিছত সিজনকৈ আগশাৰীৰ বেটচমেন ৰণত পৰাৰ পিছতো অন্তিমজন খেলুৱৈ বলবিন্দৰ সিং সান্ধুৱে ভাৰতীয় ইনিংছটোত বেটিং কৰিবলৈকে নাপালে৷ এই সন্মানীয় স্থিতি সিদিনা সম্ভৱ হ’ল কপিল দেবৰ অধিনায়কোচিত সাহসী প্ৰদৰ্শন আৰু টেইলএণ্ডাৰকেইজনৰ দৃঢ়তাৰ বাবেই৷ আগৰছোৱাৰ কমেণ্টেৰী শুনি মনটোত যিমান দুখ লাগিছিল, কপিল দেবৰ মাৰমুখী বেটিঙে সেই বিয়লিটো সঁচাকৈ, কিযে আনন্দমুখৰ আৰু সন্তুষ্টিৰে পূৰ্ণ কৰি তুলিলে!

জয়লাভৰ বাবে ২৬৭ৰাণৰ টাৰ্গেট সন্মুখত লৈ জিম্বাব'ৱেই বেটিং আৰম্ভ কৰিলে৷ আৰম্ভণি ভালেই আছিল৷ কিন্তু মদনলাল আৰু বিন্নীৰ সুন্দৰ লাইন-লেংথ আৰু কপিল দেব আৰু অমৰনাথৰ হিচাপী বলিঙেৰে ভাৰতে জিম্বাব'ৱেক বান্ধি ৰাখিবলৈ সক্ষম হ’ল৷ খেলখনত ফিল্ডিঙো ভাল হৈছিল ভাৰতৰ৷ জিম্বাব'ৱেৰ উইকেটকীপাৰ বেটচমেন ডেভিদ হটন পুনৰবাৰ ভয়ংকৰ হৈ উঠাৰ আগতেই ১৭ৰাণত মদনলালে তেওঁক পেভিলিয়নৰ বাট দেখুৱাই দি ভাৰতীয় শিৱিৰত আশাৰ সঞ্চাৰ কৰিলে৷ অলৰাউণ্ডাৰ কাৰেনে ৭৩ৰাণেৰে চেলেঞ্জ এটা আগ বঢ়াইছিল যদিও শেষ ৰক্ষা নহ’লগৈ৷

৫৭অ’ভাৰতে মুঠ ২৩৫ৰাণত জিম্বাব'ৱে অল আউট হ’ল৷ ৩টা অ’ভাৰ খেলিবলৈ বাকীয়ে থাকি গ’ল৷ ভাৰত ৩১ৰাণত জিকিল৷ অৱধাৰিতভাৱেই খেলখনৰ মেন অফ দা মেচ নিৰ্বাচিত হ’ল ভাৰতীয় অধিনায়ক ‘হাৰিয়ানা হাৰিকেন’ কপিল দেব ৰামলাল নিখঞ্জ৷ খেলৰ অন্তত খেলপথাৰৰ ঘাঁহনিত চুমা যাচি কপিল দেবে ঈশ্বৰক ধন্যবাদ জনাই জয়লাভৰ সেই বিৰল প্ৰাপ্তিক আদৰিলে৷

আই.চি.চি. ক্রিকেট ৱৰ্ল্ডকাপত ব্যক্তিগতভাৱে ১৭৫ৰাণ কৰা কপিল দেবৰ সেই বিস্ফোৰক ইনিংছটো বিশ্ব-ক্রিকেটত এটা লেখত ল’বলগীয়া ইনিংছ হিচাপে আজিও গণ্য হৈ আছে৷ আমাৰ দৰে সেই সময়ৰ বহুতৰ বাবে সেয়া এতিয়া ক্রিকেটৰ কল্প-কাহিনী৷ ক’বলৈ ভাল লাগে, ৮খন দেশৰ মাজত ইংলেণ্ডত ৯ পৰা ২৫জুন ১৯৮৩লৈ অনুষ্ঠিত তৃতীয় বিশ্বকাপৰ খেলসমূহৰ লগতে সেই স্মৰণীয় ইনিংছটোৰ ধাৰাবিৱৰণী ৰেডিঅ’যোগে আমাৰ শুনাৰ সৌভাগ্য হৈছিল৷ বিবিচিৰ হৰতালৰ বাবে কোনো ভিডিঅ’ কেমেৰাই কপিল দেবৰ সেই ৰাজকীয় ইনিংছটো লেন্সত বন্দী কৰিব নোৱাৰিলে বুলি পিছত জানিব পাৰিছিলোঁ৷ হ’লেও আমাৰ কলেজীয়া দিনত ৰেডিঅ’ৰ মাধ্যমেৰেই স্বাদ ল’ব পাৰিছিলোঁ সেই সোণসেৰীয়া মুহূৰ্তৰ, যিটো কথা ভাবি আজিও মন পুলকিত হয়৷

সঁচাকৈ, কপিল দেবৰ বেটে সিদিনা যেন অগ্নিহে বৰষিছিল! মদনলাল ১৭ৰাণত আউট হোৱাৰ পিছৰ কথা৷ ভাৰতৰ স্ক’ৰ ৮উইকেটত ১৪০ তেতিয়া৷ উইকেট কীপাৰ কিৰমানি কপিল দেবৰ লগ লাগিল৷ ক্রিজলৈ গৈয়ে কিৰমানিয়ে কপিল দেবক ক’লে... ‘আপুনি আপোনাৰ স্বাভাৱিক খেল খেলি যাওক৷’ কপিল দেবে কিৰমানিৰ সৈতে আলোচনা কৰি সিদ্ধান্ত দিলে... ‘আমি ৬০অ’ভাৰ খেলিবই লাগিব৷’ কিৰমানিয়েও হয়ভৰ দিলে... ‘মই এটা এ’ণ্ড যিকোনো প্ৰকাৰে ধৰি ৰাখিবলৈ মোৰ সৰ্বশক্তি প্ৰয়োগ কৰিম৷’ চুটি-চাপৰ উইকেট কীপাৰজনে মদনলালে কৰি যোৱাৰ দৰেই এক এক ৰাণ লৈ কপিল দেবক ষ্ট্ৰাইক দি গ’ল৷ সিফালে কপিল দেবে উধাই-মুধাই পিটা আৰম্ভ কৰি দিলে৷ দুয়ো মিলি নৱম উইকেটৰ যুটিত সেইদিনা ১২৭ৰাণৰ এক বিশ্ব-অভিলেখ গঢ়ি পেলালে৷ নিশ্চিত পৰাজয়ৰ গ্ৰাসৰ পৰা উদ্ধাৰ কৰিলে ভাৰতীয় দলক৷

ভাৰতীয় ইনিংছৰ সমাপ্তিত অপৰাজিত ১৭৫ৰাণত কপিল দেব যেতিয়া পেভিলিয়নলৈ ঘূৰি আহিছিল সুনীল মনোহৰ গাভাস্কাৰে তেতিয়া অধিনায়কক একাপ পানী যাচি সম্ভাষণ জনালে৷ এক সাক্ষাৎকাৰত উক্ত জয়লাভৰ স্মৃতি সুঁৱৰি গাভাস্কাৰে মন্তব্য কৰিছিল যে সীমিত অ’ভাৰ ক্রিকেটত তেওঁ দেখা শ্ৰেষ্ঠ ইনিংছটো সেইটোৱেই আছিল... টানব্ৰিজ ৱেলচত কপিল দেবৰ ১৭৫ নট আউট৷

এদিনীয়া ক্রিকেটত সেইদিনা কপিল দেব বিশ্বৰ ভিতৰতে হায়েষ্ট ৰাণ গেটাৰ হিচাপে পৰিগণিত হৈছিল৷ অভিলেখপূৰ্ণ সেই ইনিংছটোৱে এদিনীয়া ক্রিকেটত ভাৰতক বহু আগলৈ লৈ গ’ল৷ অধিনায়কোচিত প্ৰদৰ্শনে দলৰ প্ৰতিজন খেলুৱৈলৈ গভীৰ আত্মবিশ্বাস আনি দিলে৷ প্ৰত্যাশাৰ আমদানি কৰিলে টুৰ্ণামেণ্টৰ পৰৱৰ্তী খেলসমূহ খেলিবলৈ৷ আগলৈ গৈ ছেমি ফাইনেলত ঘৰুৱা দল ইংলেণ্ডক ৬উইকেটত আৰু ফাইনেলত শক্তিশালী ৱে’ষ্ট ইণ্ডিজক ৪৩ৰাণত পৰাস্ত কৰি ভাৰত সেইবাৰ ক্রিকেটৰ বিশ্ব-চেম্পিয়নেই হ’ল! 

অনবদ্য সেই ইনিংছটোৱে কপিল দেবক ক্রিকেট-বিশ্বত অমৰ কৰি ৰাখিলে৷ বগা বল আৰু ৰং-বিৰঙী সাজৰ বৰ্তমান ক্ৰিকেট পৰিক্ৰমাৰ আধিক্যৰ মাজতো ৰঙা বল আৰু বগা সাজৰ, আজিৰ পৰা তিনি দশক পুৰণি সোণালী চিত্ৰবোৰ আজিও আমি মাজে-সময়ে চাওঁ আৰু ভাৰতীয় ক্ৰিকেটৰ অতীত-গৌৰৱক শ্ৰদ্ধাৰে স্মৰণ কৰোঁ৷

No comments:

Post a Comment