খেল-ধেমালিৰে পৰিপূৰ্ণ
আমাৰ স্কুলীয়া দিনবোৰ...
(গল্প নহয়, সত্য)
‘বিগত দিনৰ হাঁচতি খুলি,
অতীতক লিৰিকি বিদাৰি চাওঁ,
সুখৰ নতুন সংজ্ঞাৰে পুৰণি সময়বোৰ সজাওঁ...’
মানুহৰ বাবে কেতিয়াবা এনেকুৱা কিছুমান ব্ৰহ্ম-মুহূৰ্ত
আহে যেতিয়া মগজুৰ কোষত লুকাই থকা কিছুমান স্মৃতি টানি-আঁজুৰি উলিয়াই আনি আকৌ লালিত-পালিত
কৰাৰ প্ৰবল ইচ্ছা জাগে৷ মোৰ মাতৃসমা শিক্ষালয় (alma
mater) ডিফু চৰকাৰী বালক বিদ্যালয়ৰ খেল-ধেমালিৰে পৰিপূৰ্ণ দিনবোৰৰ কথা সুঁৱৰিলে
হৃদয়ৰ কোঁহে কোঁহে আজিও সজীৱ হৈ ৰোৱা, পৰস্পৰ সংযোগহীন ঘটনা-পৰিঘটনা কিছুমানে মনৰ পৰ্দাত
পোনেই চিনেমাৰ ৰীলৰ দৰে অহা-যোৱা কৰেহি৷ পুনৰ্মিলনৰ দৰে আন্তৰিক উত্তাপময় অনুৰাগেৰে
আজিও অন্তৰখনে শিক্ষানুষ্ঠানৰ কোঠাই কোঠাই ঠিক সেইবোৰ স্মৃতিকে পুনৰায় বিচাৰি চলাথ
কৰি ফুৰে৷ সঁচাকৈ বৰ সুখময় দিন আছিল সেইবোৰ৷
আমাৰ স্কুলৰ দুটা ছাত্ৰাৱাস আছিল৷ ১৯৭৫চনত ফাইভত
নাম লগোৱাৰ পিছৰে পৰা প্ৰায় প্ৰতিদিনেই তালৈ গৈছিলোঁ৷ বাৰাণ্ডাৰ তাঁৰত মেলি থোৱা, স্কুল
টীমৰ হৈ ফুটবল খেলা অগ্ৰজ ছাত্ৰবিলাকৰ নীলা ৰঙৰ জাৰ্ছিবোৰ, সিবোৰৰ পিঠিত ডাঙৰ ডাঙৰকৈ
লিখা বগা নম্বৰবোৰ, ৰ’দ পৰা ঠাইত শুকাবলৈ দিয়া ফুটবল
খেলা জোতাবোৰে মোৰ দৃষ্টি বৰকৈ হৰণ কৰিছিল৷ এটা সময়ত সিহঁতৰ কোঠাবিলাকতো আনকি বাধাহীনভাৱে
প্ৰৱেশ কৰিব পৰা হৈছিলোঁগৈ৷ বিছনাৰ তলত থোৱা ফুটবল বুটৰ ভিতৰত নিজৰ কণমানি ভৰিখন সুমুৱাই চাবলৈ
প্ৰয়াস কৰিছিলোঁ৷ আমাতকৈ জ্যেষ্ঠ ৰঞ্জিৎ নাৰ্জাৰী, মোকা বে’ আদিয়ে মোক ইমানযে মৰম কৰিছিল!
ডিফু চিভিল হস্পিতালৰ ওচৰৰ হোটেললৈ সিহঁতৰ সৈতে লৈ গৈছিল৷ ডাঙৰবোৰে নিজে চাহ খাইছিল৷ মোক কিন্তু গাখীৰ খাবলৈ দিছিল৷
সেই দৃশ্য আজিও মনত পৰে৷
হাইস্কুল ফিল্ডত হোৱা বছৰেকীয়া খেল-ধেমালি, মাণ্ডলিক
খেলাবোৰ, জিলাখনৰ স্কুলবিলাকৰ খেল, মণ্টু দত্ত সোঁৱৰণী ফুটবল প্ৰতিযোগিতা, আন্তঃ স্কুল
ফুটবল টুৰ্ণামেণ্টৰ মুহূৰ্ত কিছুমান এতিয়াও অমলিন ৰূপত হৃদয়ৰ মণিকোঠাত সঞ্চিত হৈ আছে আৰু আগলৈও থাকিব৷
ক্রীড়াংগনৰ এগৰাকী সক্রিয় কৰ্মী, আমাৰ অংকৰ শিক্ষক প্ৰমোদ নাৰায়ণ সোম ছাৰে মাইকযোগে
ঘোষণা কৰে... First call for boy's hammer throw...
ছবিখন আজিও মোৰ মানস-পটত ফট্ফটীয়া হৈয়ে আছে৷ লাংহিন পামগাঁও হাইস্কুলৰ চুটি-চাপৰ Sprinter এজনক মোৰ খুব ভাল লাগিছিল৷ সেইদৰে Pole volt eventটো চাই বিশেষ মজা পাইছিলোঁ৷ গজাল লগা কাঠৰ
ষ্টেণ্ড দুটাৰে জুখিব পৰাতকৈও অধিক উচ্চতালৈ জঁপিয়াই ৰেকৰ্ড কৰিছিল ধনছিং ৰংপিয়ে৷ এথলেটিকচৰ বিভিন্ন
ইভেণ্টৰ খেলুৱৈবিলাকক আমি আটায়ে জুমুৰি দি ধৰিছিলোঁ৷ সিহঁত আছিল আমাৰ হিৰ’, আমাৰ ৰ’ল মডেল৷ আমিও যাতে আগলৈ সিহঁতৰ
দৰে হ’ব পাৰোঁ, ফিল্ডৰ পৰা ঘূৰি ঘৰলৈ
গৈ তাৰে অন্তহীন আলোচনা, জল্পনা-কল্পনা চলিছিল৷ অনুশীলনৰ পদক্ষেপ আৰম্ভ হৈ গৈছিল অকণো পলম
নকৰি৷ একেলগে পঢ়া ৰাতুলহঁতৰ ঘৰৰ কাষেৰে নামনিয়েদি বৈ যোৱা লৰুলাংচ’ জুৰিৰ পাৰৰ পৰা জিত, গৌতমহঁতৰ
লগত বালি কঢ়িয়াই আনি আমাৰ নিতৌ আবেলিৰ খেলা ঠাই টাউন প্ৰাইমেৰী স্কুলৰ ফিল্ডত দ’ম কৰিছিলোঁ৷ তাৰ পিছত বাঁহৰ যোগাৰ৷
সেইবোৰ ঠিকঠাক কৰি আমিও আৰম্ভ কৰি দিছিলোঁ হাই জাম্প, লং জাম্প, হপ ষ্টে’প এণ্ড জাম্প, প’ল জাম্প৷ বিশ্ব ৰেকৰ্ডৰ গৰাকী,
ইউক্রেইনৰ প’ল ভল্টাৰ চাৰ্গেই বুবকা একালত
মোৰ সবাতোকৈ প্ৰিয় এথলেট আছিল৷
আমাৰ হাইস্কুলীয়া দিনত ইটো শ্ৰেণীৰ সৈতে সিটো শ্ৰেণীৰ
মাজত স্কুলৰ ফিল্ডত প্ৰায়েই ফুটবল মেচৰ আয়োজন চলিছিল৷ লগৰীয়াৰ মাজত দুই-তিনি টকাকৈ
তুলি গোপনে বাজিও মৰা হৈছিল৷ ক্লাছ চেভেনত পঢ়ি থাকোঁতে এবাৰ ক্লাছ এইটৰ লগত খেলা ঠিক হ’ল৷ লাষ্ট পিৰিয়দত ছুটী বিচাৰি
আগতীয়াকৈ হে’ডচাৰক লিখিত আৱেদন জনোৱা হৈ গ’ল৷ শেষৰ আগৰ পিৰিয়দটো আহিল৷ আমাৰ
সহপাঠী প্ৰণৱজ্যোতি খাউণ্ড আন দুটামানৰ সৈতে প্লে’য়াৰ লিষ্ট তৈয়াৰত ব্যস্ত৷ পিন্ধনত ক’লা হাফপেণ্ট, বগা স্প’ৰ্টিং গেঞ্জী৷ স্কুলৰ ইউনিফৰ্ম
খাকী পেণ্ট, বগা চাৰ্ট কেতিয়াবাই সোলোকালে৷ সেই সময়ত আমাৰ স্কুলৰ সাজ তেনেকুৱাই আছিল৷
তাৰ লগতে বেজ পৰিধান কৰিব লাগিছিল৷ জোতা পিন্ধা-নিপিন্ধাটো বাধ্যতামূলক নাছিল৷ টাই
মৰাৰ কোনো দস্তুৰেই নাছিল৷ যি কি নহওক, দৰখাস্ত মঞ্জুৰ হ’ল৷ ইতিমধ্যে অফিচ ৰুমৰ পৰা বলটোও
খুজি আনি ৰখা হৈছে৷ লাষ্ট বেঞ্চৰ দুটামানে সেইটো দলিয়া-দলি কৰি আছে ইফালৰ পৰা সিফাললৈ৷
তেনেকুৱাতে সেই পিৰিয়দৰ শিক্ষক কমলাকান্ত কৰ ছাৰ সোমাই আহিল৷ ছাৰে আহিয়েই দেখিলে, কোঠাটোত
খেলিমেলি, হৈ-চৈ৷ প্ৰণৱকে ধৰি অত্যুৎসাহী কেইটামানৰ ইউনিফৰ্ম উধাও৷ ছাৰ অবাক৷ খঙেৰে
সুধিলে... ‘ঐ, কি হৈছে তহঁতৰ ?’ প্ৰণৱে অনুচ্ছ স্বৰত উত্তৰ দিলে...
‘ছাৰ, এইটৰ লগত আজি আমাৰ ফুটবল
মেচ আছে নহয়৷ তাৰে প্লে’য়াৰ লিষ্ট বনাই আছোঁ৷’ ছাৰ আহি তাৰ নিচেই ওচৰ পালেহি৷ তাৰ জেংখৰি সদৃশ ভৰি দুখনৰ শুকান কলাফুল দুটাৰ পিনে কেৰাহিকৈ চালে৷ তাৰ পিছত চকু টেলেকা কৰি ধমকিয়ালে... ‘পিলিয়াৰ ওলাইছ, হুঁ! পঢ়া-শুনাত মন নাই?’
ডিফুৰ হাইস্কুলবিলাকৰ মাজত তেতিয়া বছৰি আন্তঃ বিদ্যালয়
প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল৷ প্ৰতিযোগিতাত ভাগ লৈছিল ৰেংবংহম, ডনবস্ক’, ইউনিয়ন খ্ৰীষ্টান, ডি.এ.ভি.,
বীণাপানি হাইস্কুল আৰু আমাৰ বিদ্যালয়ে৷ আমাৰ বিদ্যালয় আৰু ৰেংবংহম হাইস্কুলৰ মাজৰ খেল
সদায়ে তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক হৈছিল৷ সোম ছাৰকে ধৰি স্থানীয় ক্রীড়াক্ষেত্ৰৰ
অগ্ৰণী ব্যক্তি বালিৰাম কলিতা, আত্মা সিং, ৰেবেল সিং, বেনু বৰুৱা, সুধাংশু ৰঞ্জন দে’, লক্ষীৰাম ডেকা, ৰতন বসুমতাৰী,
ৰবীন ব্ৰহ্ম, গাঁওবুঢ়া তিমুং, প্ৰদীপ নুনিচা, জগদীশ বৰ্মন, শশী দৈমাৰী, ধনছিং টেৰণ
আদিয়ে খেলবিলাক পৰিচালনা কৰিছিল৷ লীগ ভিত্তিত অনুষ্ঠিত উক্ত খেলসমূহত প্ৰবল হৰ্ষোল্লাসেৰে
আমি আমাৰ স্কুল টীমৰ খেলুৱৈসকলক উৎসাহিত কৰি গৈছিলোঁ৷ দলৰ জয়লাভত বিপুল আনন্দ প্ৰকাশ
কৰিছিলোঁ৷ পৰাজয়ত হৈ পৰিছিলোঁ নিস্তেজ, নিৰুত্তাপ৷ সেই পৰাজয়ে আমাক আহত কৰিছিল৷ অকণমানি
হৃদয়ত ভাবিব নোৱাৰা ধৰণে দুখ দিছিল৷
ধনছিং ৰংপি, ‘পেলে’ বুলি জনাজাত মেকেন বসুমতাৰী, দীনেশ্বৰ তিমুং, দিলিৰাম
তেৰাং, বেৰিষ্টাৰ বসুমতাৰী, যোগেন ৰংহাং, 'ৱাল' বুলি জনাজাত চেবেন্দ্ৰ নাৰ্জাৰী, বৰালাল দৈমাৰী, বন্ধুৰাম
বসুমতাৰী, ৰমেশ শইকীয়া, বিজয় ৰায়, ৰাজেন কোঁৱৰ, মোকা বে’, অৰূপ কলিতা, ৰমিন চাংমা, অৰুণ
হাজৰিকা, অদিন বসুমতাৰী, জিনয় নাৰ্জাৰী, সুমৰ ৱাৰী, হাৰছিং তিমুং, দীনেশ মমিন, ছয়ছিং
ৰংপি, লংকি টেৰণ, বুৰন নাৰ্জাৰী, হুৰনাত তেৰাং, দীপক ব্ৰহ্ম, আচুম লথা, তপন হাজৰিকা
আদি আছিল আমাৰ স্কুল দলৰ প্ৰতিভাসম্পন্ন ফুটবলাৰ৷ ডনবস্ক’ হাইস্কুলৰ ভিনচেণ্ট চাংমা, ইউ.চি.
স্কুলৰ ৰুডিল চাংমা, ৰেংবংহম স্কুলৰ কিশোৰ হাজৰিকা, তৰুণ হাজৰিকা, এনি হাজৰিকা, লক্ষীন্দ্ৰ
বসুমতাৰী, দেবেশ্বৰ শ্যাম, বিনোদ বসুমতাৰী, জন্মেজয় বসুমতাৰী; ডি.এ.ভি. স্কুলৰ পালাল
চিংচন, বীণাপানি স্কুলৰ সজল ৰয়, কাজল ৰয়, কালীপদ দে’ আদিৰ ক্রীড়াশৈলীয়েও আমাক আপ্লুত কৰিছিল৷
আমাৰ স্কুলৰ ৰমিন চাংমা আৰু বীনাপাণি হাইস্কুলৰ
সজল ৰয়ে চাব জুনিয়ৰ ফুটবলত অসম দলক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ অৰ্জন কৰিছিল৷ ভাৰতীয় স্কুল
দলত স্থান লাভ কৰা ৰমিন চাংমাই দক্ষিণ কোৰিয়াৰ ছিউলত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত
(এছিয়ান জ’ন) খেলাৰ সুযোগ লাভ কৰি গুৱাহাটীৰ
অভিৰুচি ক্রীড়া দিৱসত সম্বৰ্ধিত হৈছিল৷ ক্রিকেট খেলতো আমাৰ বিদ্যালয়ৰ ছাত্ৰসকলে পাৰদৰ্শিতা
প্ৰদৰ্শন কৰিছিল৷ নিৰ্মল নুনিচা, বিষুৰাম নুনিচা, সঞ্জয় গোহাঁয়ে চাব জুনিয়ৰ পৰ্যায়ত
অসম দলৰ বাছনি শিৱিৰলৈ আমন্ত্ৰণ লাভ কৰিছিল৷ ১৯৭৮চনত আমি অষ্টম শ্ৰেণীত থাকোঁতে দেউকন
শ্বিল্ড স্কুল ফুটবল প্ৰতিযোগিতা ডিফুত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল৷ ছাব জুনিয়ৰ
অসম দলৰ প্ৰশিক্ষক আব্দুল লতিফক সেই সময়তে দেখা পাইছিলোঁ৷
আমি হাইস্কুলৰ ল’ৱাৰ ক্লাছত থকা অৱস্থাত খৰছিং
তেৰাং ফুটবল প্ৰতিযোগিতাখন কেৱল আমাৰ বাবেই নহয়, ডিফু চহৰখনৰ কাৰণেই এক উৎসৱসদৃশ আছিল৷ সেই সময়ত উক্ত প্ৰতিযোগিতাখন
বৰ জাকজমকতাপূৰ্ণ আছিল৷ খেলৰ বাবে স্কুল-কলেজ, অফিচ-কাছাৰী সোনকালে ছুটী দিয়া হৈছিল৷
টিকট নকটাকৈ খেল চাবলৈ আমি আমাৰ লগৰীয়া নিৰ্মল নুনিচাই দেখুওৱা পথ অনুসৰণ কৰি ফিল্ডৰ
ওপৰত অৱস্থিত মেলেৰীয়া অফিচেদি গৈ পেচাব কৰাৰ ভাও ধৰি লাহেকৈ দৰ্শকৰ মাজত সোমাই পৰিছিলোঁ৷
কেতিয়াবা সি আমাক তাৰিখ নথকা পুৰণি টিকটৰ অংশৰো যোগান ধৰিছিল৷ বিনা টিকটত খেল উপভোগ
কৰিব পৰাটো আমাৰ বাবে বাহাদুৰীৰ কথা আছিল৷ জনাকীৰ্ণ ডিফু ষ্টেডিয়াম ফিল্ডত অনুষ্ঠিত
খেলবিলাকত কেতিয়াবা স্কুলৰ ফালৰ পৰা ভলণ্টিয়াৰো হৈছিলোঁ আমাৰ শিক্ষক ৰবীন সন্দিকৈ ছাৰৰ তত্ত্বাৱধানত৷
সেই সময়ত জিলা সদৰ ডিফুত কাৰবি
আংলঙৰ সকলো চক্রৰ স্কুল পৰ্যায়ৰ ইনড’ৰ-আউটড’ৰ খেলা-ধূলা অনুষ্ঠিত হৈছিল৷ সপ্তাহজোৰা এই খেল-ধেমালিয়ে
সৃষ্টি কৰা পৰিৱেশটো আমাৰ বাবে বৰ উপভোগ্য আছিল৷ ঠিক যেন এক উৎসৱহে! ডিফু, বালিপথাৰ,
হাওৰাঘাট আৰু বৈঠালাংছ’ জ’নত বিভক্ত খেলুৱৈসকলৰ থকা-খোৱাৰ
বাবে শিৱিৰ স্থাপন কৰা হৈছিল আমাৰ স্কুলত৷ আমাৰ ক্লাছত কাক থাকিবলৈ দিয়া হৈছে, কোন
স্কুলদল কোনটো ক্লাছৰুমত আছে আমি সেইবোৰ পিটপিটাই চাই ফুৰিছিলোঁগৈ৷ হাওৰাঘাট মণ্ডলক
প্ৰতিনিধিত্ব কৰি অহা লাংহিন পামগাঁও হাইস্কুলে ফুটবল আৰু ভলীবলত আমাৰ ডিফু চৰকাৰী
বালক বিদ্যালয় অথবা ৰেংবংহম হাইস্কুল দলৰ লগত তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগ বঢ়াই সকলোৰে
দৃষ্টি আকৰ্ষণ কৰিছিল৷
শেষত এটা কথা উল্লেখ কৰিবই লাগিব যে স্কুলীয়া দিনত আমি দেখা সেই খেলসমূহৰ পৰ্যায় আছিল যথেষ্ট উচ্চ৷ খেল চাবলৈ খেলপথাৰৰ চৌকাষ লোকে-লোকাৰণ্য হৈ পৰিছিল৷ তেতিয়াৰ সেই পৰিৱেশটো আৰু ক্রীড়াপ্ৰেমী স্থানীয় ৰাইজৰ সঁহাৰিৰ কথা ভাবিলে আজিও আচৰিত লাগে৷ আজি তেনেকুৱা খেলো নাই, খেলুৱৈও নাই, সংগঠকো নাই, দৰ্শকো নাই৷ খেল-ধেমালিৰে পৰিপূৰ্ণ আমাৰ স্কুলীয়া দিনৰ কথাবোৰ যেন কিবা সাধুকথা হৈ পৰিল! স্কুলীয়া স্তৰত খেলৰ প্ৰতি পিঠি দিয়াৰ ফল আজি সমাজখনে বাৰুকৈয়ে ভোগ কৰিছে৷
No comments:
Post a Comment