জোনাকত জীৱনৰ আনন্দ
(গল্প নহয়, সত্য)
এইকেইদিন জোনাকৰ মাত্ৰা দেখিছে নহয়?
কম্পিউটাৰটো সন্মুখত
লৈ বহি আছোঁ যদিও চকীৰ পৰা বাৰেপতি উঠি উঠি যাওঁ আৰু চাওঁগৈ... জোনবাই কিমান ওপৰলৈ
উঠিছে? জোনাক কিমান ছটিয়াইছে? আমাৰ ফালে আকৌ ইলেকট্ৰিচিটিৰ সঘনাই অহা-যোৱা৷ প্ৰকৃতিপ্ৰদত্ত
এনেহেন দৃশ্য উপভোগৰ স্বাৰ্থতে, সঁচাকৈ কৈছোঁ, লাইটটো গ’লেই মনে-প্ৰাণে ভাল পাওঁ৷ কোমল
জোনাকৰ পৰশ গাত লৈ ‘বুঢ়ী আইৰ সাধু’লৈ মনত পেলাওঁ৷ আৰু মনত পেলাওঁ
কতযে কি!
জোনাকী নিশাৰ বিচিত্ৰ অভিজ্ঞতা আপোনাৰো নিশ্চয়
থাকিব৷ সঁচাকৈ, জোনাকত ফুৰাৰ মজাই বেলেগ৷ কি কয়? ৰ’ব ৰ’ব, মোৰ কথাখিনি কৈ ল’বলৈ দিয়ক৷ তাৰ পিছত আপোনাৰ শুনিম৷ চমুৱাই কৈছোঁ বাৰু৷
জোনাক ভাল পোৱা মানুহ আমি৷ সৰুতে ৰাতি আকাশত জোনটো
থাকিলেই হ’ল৷ ভাত খাই উঠি দ্বিতীয়জন দদাইদেউৰ
সৈতে ওলাই যাওঁ ৰাস্তাত এপাক ফুৰিবলৈ৷ খোজ কাঢ়ি লাহে-ধীৰে গৈ থাকোঁ৷ বাটত বিভিন্ন কথা
ওলায়৷ নাতিদূৰ গৈ আকৌ উভতি আহোঁ৷ এবাৰ তেনেকৈ ফুৰোঁতে পাঁচ টকা এটা হেৰাই পাইছিলোঁ৷
পকা ৰাস্তাত পৰি থকা মুদ্ৰাটো ঘপকৈ মোৰ চকুত পৰিল... ‘অ’, এইটো কি? পাঁচ টকাচোন! পৰি
আছে৷’ দদাইদেউলৈ চাই সুধিলোঁ... ‘লওঁনেকি?’ তেনেকৈ পৰি থকা পইচা বা টকা
ল’ব নাপায় বুলি কথা এষাৰ চলতি আছিল
সেই সময়ত৷ হ’লেও ডাঙৰে ‘ল’ বোলাত চিধাই তুলি লৈ পকেটত ভৰালোঁ৷
ঘৰলৈ আহি কথাটো সকলোকে ক’লোঁ আৰু দেখুৱালোঁ৷ প্ৰকাৰান্তৰে আচলতে এইটোকে বুজালোঁ যে জোনাকত ওলাই গৈ লাভ হ'ল মোৰ৷ পিছত সেইটো জানো কি কৰিলোঁ, পাহৰিলোঁ!
জোনাকত ফুটবল খেলিও বেলেগ মজা লাগে৷ ফৰিংফুটা জোনাকত এই অভিজ্ঞতা আছে যদি কথাটো আপুনি টং কৰিব পাৰিব৷ নাথাকিলে অৱশ্যে পিছৰ কথাখিনিত একাত্মভাৱে সোমাই পৰিব নোৱাৰিব৷ এই কাণ্ডটো বেছিকৈ ঘটে পৰীক্ষা-চৰীক্ষা একো নথকা সময়ত বা স্কুল বন্ধ থকা দিনত৷ আবেলিৰে পৰা খেলা খেলখন ইতিমধ্যে শেষ হৈ যায়৷ তাৰ পিছত ফিল্ডৰ ঘাঁহনিত বহি লগৰীয়াসৱে আড্ডা পিটো৷ আড্ডাওনো কি আৰু, বেছিভাগ খেলৰে কথা ওলায়৷ বৰদলৈ ট্ৰফীত কোন জিকিলে-হাৰিলে, স্বাধীনতা দিৱস কাপত কি হ’ল, এ.টি.পি.এ. শ্বিল্ড কেতিয়াৰ পৰা, ডুগৰ শ্বিল্ড, খৰছিং তেৰাংঙত কোনে কোনে জইন কৰিছে, ইত্যাদি ইত্যাদি য’ত ফুটবলেই মেইন চাবজেক্ট৷ নহ'বনো কিয়? সেই সময়তনো আৰু ক’ৰ আজিৰ দৰে ম’বাইল, ফে’চবুক, কম্পিউটাৰ, গুগুল, টিভি, ভিডিঅ’ গেম? বাতৰি কাকতখনহে পিছদিনাখন হ'লেও ঘৰতে পাওঁ আৰু নিয়মীয়াকৈ পঢ়োঁ৷ গতিকে যি হয় সকলো প্ৰত্যক্ষই৷ সকলোতে নিজৰ অংশ গ্ৰহণ থাকে৷ এতিয়াহে আনে খেলে, আনে নাচে-গায়, আমি বিছনাত শুই-বহি টিভিত চাওঁ৷ ভাল লাগিছে বুলি এনেয়ে কৈ দিওঁ, একোডাল নজনাকৈয়ে, ভিতৰত নোসোমোৱাকৈয়ে৷ বাৰু বাদ৷ মূল কথা হ’ল, ঘাঁহনিত লেকচাৰ মাৰোঁতে মাৰোঁতে এসময়ত আকাশত মধুজোনটো জিলিকি উঠে৷ কাৰোবাক দেউতাকে ঘৰৰ পৰা বিচাৰি আহে৷ অনিচ্ছাসত্ত্বেও, বৰ কষ্টৰে সি যায়গৈ৷ বহুতৰে ঘৰত আকৌ ল’ৰা ফিল্ডতে আছে বুলিও জানেই, গতিকে বিচৰাৰ নিয়ম নাই৷ সময়ত নিজেই ওলাবগৈ৷ চিন্তা কৰিব লগা নাথাকে৷ কনফিডেন্স থাকে৷ জোনৰ পোহৰ চাফিচিয়েণ্ট হোৱাৰ লগে লগে পিছৰ বিশেষ খেলখন চুৰু হয়৷ খুব বঢ়িয়া লাগে জোনাকত বলৰ পিছ খেদি৷ খেলৰ সমাপ্তিত জোনাকৰ সুৰভি গাত লৈ লাহে লাহে ফুৰি ফুৰি গোটেইকেইটা নিজ নিজ ঘৰ অভিমুখে ভাগে ভাগে যাওঁগৈ, পিছদিনা লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে৷ শৰতৰ শুভ্ৰ-শীতল জোনাক দেখিলে এই কামটো এতিয়াও সুযোগ পালে কৰাৰ বাসনা জাগে৷ আকৌ প্ৰায়ে ভাবোঁ, ফৰিংফুটা জোনাকত দহ-দহ মিনিটীয়া হাফ ফিল্ড ফুটবল প্ৰতিযোগিতা এখন পাতিব পৰা হ’লে! ব্ৰাজিলত যদি লাইট জ্বলাই ইনড’ৰ ফুটবল ‘ফুটচাল’ থাকিব পাৰে, আন ক’ৰবাত যদি ৰ"দ্ৰোজ্জ্বল পুৱাত ‘ষ্ট্ৰীট চ’কাৰ’ খেলিব পাৰে, আমাৰ জকাইচুকতনো জোনাক নিশাত ফুটবলৰ নতুন আউটড’ৰ সংস্কৰণ ‘মুনলাইট ফুটবল’ উলিওৱাটোনো কি বেয়া হ’ব? এতিয়াও জোনাক দেখিলেই প্ৰথমে এই চিন্তাটোৱে মনত ঢৌ খেলেহি৷ ৰ'ব নোৱাৰি কালিও সন্ধিয়া সুধিছিলোঁ মইনা এটাক, 'ব'ল জোনাকত তয়ে-ময়ে ফুটবল খেলোঁগৈ' বুলি৷ সি আকৌ 'নাই নেখেলোঁ' বুলিহে ক'লে৷ মনটো দমি গ'ল একেবাৰে৷ হ'লেও আশা এৰা নাই৷ আশাইতো জীৱন! তেনে আশাৰ কল্পেইতো উপনিষদৰ এই প্ৰাৰ্থনা... জীয়াই থকাৰ বাসনাৰ বহিঃপ্ৰকাশ, জীৱন সম্পৰ্কে অত্যন্ত আশাবাদী মানসিকতাৰ প্ৰকাশ... 'জীবেম শৰদঃ শতম'৷
হোষ্টেলত থাকোঁতেও আমি কেইটামানে বিতোপন জোনাকত বাহিৰলৈ ওলাই যাওঁৱেই৷ ওচৰতে হ’লেও এপাক মাৰি আহোঁ৷ পঢ়া টেবুলত সন্ধিয়াতে এঠা লাগি ধৰাসকল নাযায় অৱশ্যে৷ বেলি ডুবাৰ পিছতযে এনেকুৱা কিবা আনন্দদায়ক বিচিত্ৰতা প্ৰকৃতিয়ে উপহাৰ দিব পাৰে, সেই বিষয়ে তেখেতলোক ছাত্ৰাৱস্থাত অজ্ঞ হৈয়ে থাকিল যেন লাগে৷ জোনাক চোৱাৰ, আকাশ চোৱাৰ এতিয়াও সাহসকণ হৈছেনে নাই, তাকো জনাৰ উপায় নাই৷ যোৰহাটত থাকোঁতে চাইকেল মাৰি জোনাকত পং-পঙাই ফুৰিছিলোঁ৷ থিয়ৰী, প্ৰেকটিকেল, ৱৰ্কশ্বপ, চেচনেল, ক্লাচ টে'ষ্ট, টাৰ্ম এ'ণ্ড ফাইনেল পৰীক্ষা আদিৰ বাৰেপাচি প্ৰেচাৰ থাকিলেও সেইবোৰক নেওচি সুযোগ লৈছিলোঁ৷ নিৰজুলিত থাকোঁতেও জোনৰ পোহৰত ডিক্রঙৰ পাৰত বহোঁগৈ, শোভা চাওঁ, জোনাকত গা তিয়াই আহল-বহল ফিল্ডখনৰ মাজেৰে হোষ্টেল ব্লক-এফৰ ৩১ নম্বৰ বাহটোলৈ ঘূৰোঁ৷ 'সহস্ৰ চন্দ্ৰ দৰ্শন'ৰ আশা মনৰ মাজত নীৰৱে প্ৰতিপাল কৰোঁ৷
বহু বছৰৰ আগেয়ে দাৰ্জিলিঙলৈ যাওঁতে এজন ভদ্ৰলোকক লগ পাইছিলোঁ যি একেৰাহে বাৰ বছৰ ধৰি চানৰাইজ চাবলৈ টাইগাৰ হিললৈ আহি আছে বুলিছিল৷ লক্ষ্মী পূৰ্ণিমাত কাঞ্চনজংঘাৰ মোহনীয় শোভা উপভোগ কৰাটো তেওঁৰ হেনো পুৰণি নিচা! কোমল জোনাকত ধৱল পৰ্বতৰ শোভা অৱশ্যে ময়ো দেখিলোঁ৷ কাঞ্চনজংঘাৰো, আকৌ হিমালয়ৰে অন্নপূৰ্ণা ৰেঞ্জৰো৷ মৎস্য-পুচ্ছ (ফিচ টেইল)ৰ নয়নজুৰোৱা সৌন্দৰ্য, জোনাকীৰ চিক্মিকনি চোৱাৰ সৌভাগ্য হ’ল নেপালৰ পোখৰাত৷ একেদৰে সাগৰৰ অপূৰ্ব জোনাকময় দৃশ্যও দেখিবলৈ পালোঁ৷ মনৰ গোপন কেমেৰাত বন্দী হৈ ৰোৱা সুখদায়ক, প্ৰেৰণাদায়ক সেই সঁচা স্নেপশ্বটবোৰ কোনো শিল্পীয়েই, মই ভাবো, ৰং-তুলিকাৰে মোক আঁকি দিব নোৱাৰিব৷
জোনাকত কৰিবলগীয়া গুৰুত্বপূৰ্ণ কাম আৰু এটা আছে৷ তাৰ আনন্দও স্বৰ্গীয়৷ ফটফটীয়া জোনাক নিশা প্ৰেয়সীৰ হাত এখনত ধৰি ধীৰ গতিৰে যাওঁ-নাযাওঁকৈ খোজ কাঢ়ি থকাটো, জীৱনত অৱশ্যকৰণীয় কামবোৰৰ ভিতৰত এটা৷ ইয়াৰ সোৱাদ পোৱাসকলে নিশ্চয়কৈ অনুভৱ কৰিব, তেনে মুহূৰ্তৰ সাৰ্থকতা কেনেকুৱা৷ নহ’লে এনেয়ে আমাৰ চিনেমা বা টিভি চিৰিয়েলত অনৱৰতে দেখুই থকা প্ৰেমিক-প্ৰেমিকাৰ কৃত্ৰিম নাটকৰ সুলভ দৃশ্য চাই লাভ নাই৷ সময় থাকোঁতেই এইফেৰা কাম নকৰিলে পিছত বৰ পস্তাব লাগে৷ হেনজানি, ঈশ্বৰৰ ইচ্ছাত যেনিবা সেইকণ সৌভাগ্যও লভিলোঁ৷
এইকেইদিন জোনাকৰ মাত্ৰা দেখি পুৰণি দিনলৈ বৰকৈ মনত পৰিছে৷ মনটো চঞ্চল হৈ উঠিছে৷ কথাবোৰ ক'বলৈ-লিখিবলৈ মন গৈছে৷ আপোনাকো সুধিবৰ মন গৈছে৷ সেয়েহে...
No comments:
Post a Comment