অলপ ওখ হওক ইহঁত
(গল্প নহয়, সত্য)
দেওবৰীয়া আড্ডা সংক্রান্তীয় বিশেষ সকাম এটাৰ লগতে ডিজিটেল কেমেৰা সম্পৰ্কে পৰামৰ্শ বিচাৰি বে’পী বাইদেউ আৰু কলিতানী বৰমা আবেলি পৰত আহি ওলাল৷ জিলা মহিলা সমিতিখনৰ দুয়ো ক্রমে সাধাৰণ সম্পাদিকা আৰু সভানেত্ৰী৷ বয়োজ্যেষ্ঠ, সন্মানীয় মহিলা৷ ফুটবল আগৰে পৰাই ভাল পায়৷ তাহানিৰ খৰছিং তেৰাং শ্বিল্ড প্ৰতিযোগিতাৰ নিয়মীয়া দৰ্শক৷ বৰমাৰ বৰপুত্ৰই খেলে৷ ৰেফাৰী, লাইনচমেনো হোৱা দেখিছোঁ৷ ফিল্ডত দৰ্শকে অৰূপদাক চিঞৰে... ‘ঐ চাৰমিনাৰ...’ বৰমাই মুখ টিপি হাঁহে৷ কথাবোৰ আজিও মনত পৰে৷
কাম সমাপ্ত হোৱাত কলিতানী বৰমা যাবলৈ ওলাল৷ হাতত ধৰি গাড়ীখনৰ ফালে ধীৰে ধীৰে আগুৱাই দিলোঁ৷ ছেগতে লাহেকৈ সুধিলোঁ... ‘বৰমা, খেল চাবলৈ গৈছেনে, গুৱাহাটীলৈ?’
মোৰ চকুত চকু থৈ বৰমাই ওলোটাই প্ৰশ্ন কৰিলে... ‘অ’... তুমি ফুটবল খেলৰ কথা কৈছা?’
‘হয়, ইণ্ডিয়ান ছুপাৰ লীগযে, চলি আছে...’
‘এ’ নাই যোৱা ৰ’বা৷ চাবগৈ লাগিছিল অৱশ্যে৷ বয়সো হ’ল নহয় এতিয়া৷ আমাৰ বাবা, টুমটুমহঁতে চাইছেগৈ৷’
অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী কলিতানী বৰমাৰ
বয়স পঁইসত্তৰ-আশীৰ দিশে গৈ আছে৷ বে'পী বাইদেউৰো পঁইষষ্ঠি-সত্তৰৰ মাজত হ’ব৷ হ’লেও
সামাজিক কামত উভয়ে নিষ্ঠাৰে আত্মনিয়োগ কৰি আহিছে৷ মহিলা বিষয়ক কে’চ এটা হেস্ত-নেস্ত কৰি থানাৰ পৰা পোনে পোনে এতিয়া ইয়ালৈ আহিছে৷
‘যাব লাগিছিল আকৌ’ ...অলপ উচটই চালোঁ৷ পুত্ৰ আৰু মাতৃৰ দৰেই সম্পৰ্ক আমাৰ৷
‘টিভিতে চাই আছোঁ দিয়া৷ এ’ আমাৰ ইহঁতৰ কিনো হয়হে? গ’ললৈ আগুৱাই নি বলটো হেৰাই থাকে দেখোন! গল দিবই নোৱাৰে! ফিনিশ্বিং নাই দেখি বেয়া লাগে৷ নহয়নে?’
‘হয় অ’ বৰমা৷ কথাটো ময়ো মন কৰিছোঁ৷ স্ক’ৰাৰৰ অভাৱ ঘটিছে৷’‘এ... চুটি-চাপৰ মানুহেৰে ফুটবল খেলা নহয় অ’ আজিকালি৷ ওখ ওখ লাগে৷ বিশ্বকাপত নেদেখিলা?’
‘ঠিকেই কৈছে আপুনি৷ ময়ো ভাবোঁ, কঁটীয়াৰ কাম নাই৷’
‘দুৰ্গা, এলেন আৰু নৰ্থ ইষ্ট টীমৰ ল’ৰাকেইটা আৰু অলপ অলপ ওখ হোৱা হ’লে! ড’ ডং বোলাটোৱে কিন্তু ভাল দৌৰে দেই৷’
‘হ’লে কি হ’ব বৰমা? যিমান দৌৰিলেও মিছা৷ বিপক্ষৰ লম্বু ডিফেণ্ডাৰে আৰামছে বল ক্লিয়েৰ কৰি পঠিয়ায়৷ বেহু ভেদ কৰিবলৈ হ’লে মাৰাডোনাৰ নিচিনাকৈ কিলাকুটি মৰাটো শিকিব লাগিব৷ বক্সৰ ভিতৰত ফালি-ছিৰি সোমাই ওলাই যাব পাৰিব লাগিব৷’
‘লাগিব লাগিব, বল-শক্তি লাগিব৷ ঈশ্বৰে ভালে ৰাখিলে অহাবাৰ চামগৈ দিয়া৷ অলপ ওখও হওক ইহঁত৷’
এইবুলি কৈ কলিতানী বৰমা মাৰুতিখনত বহিল৷ দৰজাখন মই মাৰি দিলোঁ৷
No comments:
Post a Comment