Friday, 31 October 2014

শনিবৰীয়া মোৰ আলহীত আজি আগ বঢ়াইছোঁ এটি প্ৰবন্ধ৷ প্ৰবন্ধটি লিখিছে অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদৰ ছাত্ৰী শ্ৰীমতী অনুপমা বড়োৱে৷ অসমীয়া বিষয়ৰ তৃতীয় ষাণ্মাসিকত অধ্যয়নৰত অনুপমাৰ নগণ্যসংখ্যক লেখা ইতিমধ্যে গৰীয়সী, বাৰ্তাপখিলী আৰু সাতসৰীত ওলাইছে৷ অনুপমাৰ ঘৰ ডিফুৰ কল্যাণ নগৰত৷ সৌ-সিদিনা মাত্ৰ ছেমিনাৰ পেপাৰ এখন টাইপ কৰোৱাবলৈ মোৰ ওচৰলৈ আহোঁতেহে প্ৰসংগক্রমে ছাত্ৰীগৰাকীৰ এই প্ৰতিভাৰ কথা গম পালোঁ আৰু আজি সুযোগ বুজি তাইৰ এই লেখা অকবত উপস্থাপন কৰিলোঁ৷

অসমীয়া গীতি-সাহিত্যৰ বেদীত মাধৱদেৱৰ বৰগীতৰ ভূমিকা

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ শিষ্য মাধৱদেৱৰ হাতৰ পৰশত প্ৰাণ পাই উঠা বৰগীত অসমীয়া গীতি-সাহিত্যৰ এক আপুৰুগীয়া সম্পদ৷ প্ৰাচীন অসমৰ সংগীত পৰম্পৰাক সৌষ্ঠৱপূৰ্ণ কৰাৰ ক্ষেত্ৰত বৰগীতৰ ভূমিকা অনবদ্য৷ মহাপুৰুষ দুজনাৰ বৰগীতবোৰ লক্ষ্য কৰি এটা কথা নিশ্চিতভাৱে কব পাৰি যে তেওঁলোকৰ বৰগীতবোৰ উচ্চ আধ্যাত্মিক ভাবেৰে পৰিপূৰ্ণ, ৰাগ-তানযুক্ত, সাংসাৰিক প্ৰেম কাহিনীৰ পৰা সম্পূৰ্ণ মুক্ত, আধ্যাত্মিক ভাবৰ উপাসনা প্ৰসংগৰ গীত৷ আকৌ, মহাপুৰুষ দুজনাৰ বৰগীতবোৰ একশ্ৰেণীৰ ভক্তিমূলক আধ্যাত্মিক গীতো৷

একশৰণ নামধৰ্ম বা ভক্তিধৰ্ম অসমৰ জনসাধাৰণৰ মাজত জাগ্ৰত কৰিবলৈকে মহাপুৰুষ দুজনাই বিভিন্ন নাট, পদ, পুথি ৰচনাৰ উপৰি বিভিন্ন ভক্তিমূলক গীতো ৰচনা কৰিছিল৷ এইখিনিতে এটা কথা কোৱা দৰকাৰ যে মহাপুৰুষ দুজনাই অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বিভিন্ন ভক্তিমূলক গীত ৰচিছিল যদিও তেওঁলোকে নিজেই এই গীতবোৰক বৰগীত আখ্যা দিয়া নাছিল৷ পৰৱৰ্তী কালত তেওঁলোকৰ ভক্ত শিষ্যসকলে এই গীতবোৰ ওখ নৈতিক আৰু আধ্যাত্মিক ভাবৰ ওপৰত প্ৰতিষ্ঠিত বুলি স্বীকৃতি দিবৰ বাবেই মহাপুৰুষ দুজনাৰ গীতবোৰক বৰগীত নামকৰণ কৰিলে আৰু তেতিয়াৰে পৰাই গুৰু দুজনাৰ গীতবোৰ বৰগীত নামে সমগ্ৰ বিশ্বতে পৰিচিত হৈ পৰিল৷

অসমীয়া গীতি-সাহিত্যৰ বেদীত মহাপুৰুষ মাধৱদেৱৰ বৰগীতৰ ভূমিকা কেনে তালৈ দৃষ্টিপাত কৰাৰ সামান্য প্ৰয়াস এটা এই প্ৰবন্ধত কৰি চোৱা হৈছে৷

মাধৱদেৱে গুৰু শংকৰৰ আদেশ শিৰোগত কৰি বৰগীত ৰচনাত নিজকে নিয়োগ কৰিছিল৷ শংকৰদেৱ বৰগীতৰ স্ৰষ্টা যদিও মাধৱদেৱৰ হাততহে ই ফলে-ফুলে জাতিষ্কাৰ হৈ উঠিছিল৷ অন্য কথাত, শংকৰদেৱ-সৃষ্ট বৰগীতৰ নিপুণ ৰূপদাতা হৈছে মাধৱদেৱ৷ চৰিত পুথিৰ মতে, মাধৱদেৱে নকুৰি এঘাৰটা বৰগীত ৰচনা কৰিছিল৷ কিন্তু বৰ্তমানে প্ৰাপ্ত তথ্যমতে তেওঁৰ দ্বাৰা ৰচিত বৰগীতৰ সংখ্যা হৈছে এশ সাতাৱনটা৷

মাধৱদেৱৰ বৰগীতত প্ৰধানভাৱে দাস্য আৰু বাৎসল্য ...এই ভাব দুটি প্ৰৱাহিত হৈ থকা দেখিবলৈ পোৱা যায়৷ এই দুয়োটা ভাবৰ ভিতৰত বাৎসল্য ভাবে তেওঁৰ গীতত এক বিশিষ্ট স্থান অধিকাৰ কৰি আছে৷ শিশু কৃষ্ণৰ বাল্য জীৱনৰ ৰং-বিৰঙৰ ছবি যেনে হাঁহি-কান্দোন, নাচ-গান, লগৰীয়াসকলৰ সৈতে কৰা বিভিন্ন খেল-ধেমালি, গৰু চৰোৱা, বাঁহী বজোৱা ইত্যাদিয়ে তেওঁৰ বৰগীতক আৱৰি ৰাখিছে৷ কৃষ্ণৰ এই শিশু ৰূপৰ আঁৰতে প্ৰৱাহিত হৈ আছে বাৎসল্য প্ৰেম৷ মাধৱদেৱৰ বৰগীতৰ এই বাৎসল্য প্ৰেমৰ জীৱন্ত চিত্ৰই বৰগীতক গীতি-সাহিত্যৰ আকাশত শাৰদীয় পূৰ্ণিমাৰ জোনটোৰ দৰে উজলাই ৰাখিছে৷

মাধৱদেৱৰ বৰগীতত বিভিন্ন ৰসৰ সমাৱেশ এটা দেখিবলৈ পোৱা যায়৷ তাৰ ভিতৰত কৰুণ, শৃংগাৰ, সখ্য, দাস্য, বাৎসল্য আৰু ভক্তিৰসৰ সমাহাৰ ঘটা দেখা যায়৷ এই ৰসসমূহৰ ভিতৰত বাৎসল্য ৰসেই তেওঁৰ বৰগীতৰ বেছিখিনি ঠাই আগুৰি আছে৷ এই সন্দৰ্ভত ডক্টৰ বাণীকান্ত কাকতিয়ে এইদৰে মন্তব্য আগ বঢ়াইছে ভাৰতীয় প্ৰদেশিক বৈষ্ণৱ সাহিত্যত এনে ধৰণৰ কবিতা অতি বিৰল৷ আন আন ৰস প্ৰকাশক গীতি-কবিতা আন আন সাহিত্যত বহুত আছে, কিন্তু বাৎসল্য ৰস প্ৰকাশক এনে ধৰণৰ গীতি-কবিতা নাই বুলিলেই হয়৷

মাধৱদেৱৰ বৰগীতত ৰসৰ উপৰি ছন্দ আৰু অলংকাৰৰ প্ৰয়োগো লক্ষ্য কৰিব পাৰি৷ ৰসৰ দৰে ছন্দ আৰু অলংকাৰেও মাধৱদেৱৰ বৰগীতক এক সুকীয়া মৰ্যাদা প্ৰদান কৰিছে৷ দুলড়ী, ছবি, পয়াৰ, মিত্ৰাক্ষৰ আৰু মাত্ৰাবৃত্ত ছন্দৰ প্ৰয়োগে তেওঁৰ বৰগীতক ছন্দসজ্জাৰ ফালৰ পৰা চহকী কৰি তুলিছে৷ ছন্দৰ উপৰি অনুপ্ৰাস, উপমা, ৰূপক ইত্যাদি শব্দালংকাৰ আৰু অৰ্থালংকাৰৰ প্ৰয়োগে তেওঁৰ বৰগীতক এক সুকীয়া মাধুৰ্য প্ৰদান কৰিছে৷ উদাহৰণ হিচাপে অনুপ্ৰাস অলংকাৰ থকা এটি বৰগীতৰ কিছু অংশ তুলি ধৰা হ
দিৱস নযায় সুখে নযায় ৰজনী৷
চান্দ নন্দন মন্দ পৱন বৈৰাগী৷৷

মাধৱদেৱৰ বৰগীতৰ আন এটা দিশ হল ৰাগ নিৰ্দেশনা৷ তেওঁৰ বৰগীতত আশোৱাৰী, ভাটিয়ালী, ধনশ্ৰীকে আদি কৰি সাতাইশটা ৰাগৰ উল্লেখ পোৱা যায়৷ উদাহৰণ হিচাপে ভাটিয়ালী ৰাগত গোৱা এটি বৰগীতৰ অংশবিশেষ উল্লেখ কৰিব পাৰি
আলো মঞি কি কহবো দুখ৷
পৰাণ নিগৰে না দেখিয়া চান্দমুখ৷৷

বিষয়বস্তুৰ ফালৰ পৰা মাধৱদেৱ ৰচিত সমস্ত বৰগীতক কেইটামান ভাগত ভগাব পাৰি৷ সেইবোৰ এনে ধৰণৰ বিৰহ বিষয়ক গীত, বিৰক্তি বিষয়ক গীত, চোৰ-চাতুৰী বিষয়ক গীত, লীলা বিষয়ক গীত আৰু পৰমাৰ্থ বিষয়ক গীত৷ এই ভাগসমূহৰ বিষয়ে তলত থুলমূল ধাৰণা একোটা দিবলৈ যত্ন কৰা হৈছে৷

ক. বিৰহ বিষয়ক গীত : এই গীতত শ্ৰীকৃষ্ণৰ অনুপস্থিতিত মাতৃ যশোদা আৰু অন্যান্য গোপ-গোপীসকলৰ যি দুখ-বেদনা সেয়া সুন্দৰ ৰূপত চিত্ৰিত হৈছে৷ এইশ্ৰেণীৰ গীতবোৰ অতি চিত্তস্পৰ্শী আৰু কৰুণ৷ এই গীতৰ এটি উদাহৰণ
গোকুলে আজু গোপাল বিনে ভয়ো অন্দিয়াৰি৷
উগত দূৰ দূৰ গয়োৰে মূৰাৰি৷

খ. বিৰক্তি বিষয়ক গীত : বিৰক্তি বিষয়ক গীতবিলাকত সংসাৰৰ প্ৰতি অনাসক্তি প্ৰকাশ পাইছে৷ মায়াময় সংসাৰৰ পৰা পৰিত্ৰাণ বিচাৰি ভগৱন্তৰ ওচৰত কৰা আত্মসমৰ্পণ বিৰক্তি বিষয়ক গীতত দেখা যায়৷ এই প্ৰকাৰৰ গীতৰ এটি উদাহৰণ
সেহি তনু আপুন মানস ভাই৷
অন্তকালে সেহি সঙ্গহি নাযায়৷৷
সব বাটোৱাৰি সুহৃদ নাথ সেহি৷
ইহ পৰলোক হৰত বিত্ত সেহি৷৷
যত দেখো আৱৰ তনয় বিত্ত জায়া৷
আয়া গমন কাৰণ সব মায়া৷৷

গ. চোৰ-চাতুৰী বিষয়ক গীত : এই শ্ৰেণীৰ গীতসমূহত শিশু কৃষ্ণৰ বাল্যকালৰ ৰং-বিৰঙৰ ছবি মূৰ্ত হৈ উঠিছে৷ শিশু অৱস্থাত কৃষ্ণই গকুলৰ গোপীসকলৰ ঘৰত মনে মনে দৈ, মাখন আদি চুৰি কৰি খোৱা আৰু ছল-চাতুৰীৰে তাৰ পৰা পলায়ন কৰা ইত্যাদি বিভিন্ন চিত্ৰ পৰিস্ফুট হৈ উঠিছে৷ মাধৱদেৱৰ বৰগীতত শিশু কৃষ্ণৰ ছল-চাতুৰীৰ যি বৰ্ণনা সেই সম্পৰ্কে মহেশ্বৰ নেওগে এইদৰে কৈছে বৰ্ণনা আমোদপ্ৰিয়, কবিৰ বিলাস মাত্ৰা নহয়৷ এই বৰ্ণনাৰ আঁৰত লুকাই আছে এক আধ্যাত্মিক জগত যাৰ জ্যোতিত প্ৰতিটি বৰ্ণনা হীৰাবুলীয়া নিয়ৰৰ দৰে বা সঞ্চাৰিণী দীপশিখাৰ দৰে ভাস্কৰ৷

ঘ. লীলা বিষয়ক গীত : এই শ্ৰেণীৰ গীতসমূহত শ্ৰীকৃষ্ণৰ নানা লীলা-খেলা চিত্ৰিত হৈ উঠিছে৷ মহাপুৰুষ মাধৱদেৱৰ লীলা বিষয়ক গীতক কেইটামান ভাগত ভগাব পাৰি৷ ভাগবোৰ হ জাগন বিষয়ক গীত, ছলন বিষয়ক গীত, চাৰণ বিষয়ক গীত, খেলন বিষয়ক গীত আৰু নৃত্য বিষয়ক গীত৷

জাগন বিষয়ক গীতসমূহত গৰু চৰোৱাৰ কাৰণে মাতৃ ষশোদাই শিশু-পুত্ৰ কৃষ্ণক টোপনিৰ পৰা জগোৱাৰ ছবি চিত্ৰিত হৈ উঠিছে৷ শিশু কৃষ্ণই সমনীয়াসকলৰ সৈতে দৈ, মাখন লৈ গৰু চৰাবলৈ যোৱা প্ৰতিচ্ছবি চলন বিষয়ক গীতে সামৰি লৈছে৷ গৰু চৰায় থাকোঁতে কৃষ্ণই সমনীয়াসকলৰ লগত যি গীত গাইছিল সেয়াই চাৰণ বিষয়ক গীত৷ খেলন বিষয়ক গীতত কৃষ্ণই লগৰীয়াসকলৰ সৈতে কৰা খেল-ধেমালিৰ মনোৰম বৰ্ণনা পোৱা যায়৷ আনহাতে গোকুলৰ গোপ-গোপীসকলৰ লগত কৰা নাচ-গানেই এনে গীতৰ মূল বিষয়বস্তু৷

লীলা বিষয়ক গীতৰ এটি উদাহৰণ তলত উল্লেখ কৰা হ
তেজৰে কমলাপতি পৰভাতে নিন্দ৷
তেৰি চান্দমুখ পেখোঁ উঠৰে গোবিন্দ৷৷

আন এটি উদাহৰণ
গোবিন্দ চলয়ে বৃন্দাবনে গোপশিশু সঙ্গে৷
বজায়ে মোহন বেণু ধেনু যায় ৰঙ্গে৷৷

ঙ. পৰমাৰ্থ বিষয়ক গীত : এই গীতসমূহত ভগৱত তত্ত্বৰ প্ৰকাশ ঘটা দেখা যায়৷ পৰমপুৰুষ ভগৱানৰ চৰণত আত্মসমৰ্পণৰ ভাব এই শ্ৰেণীৰ গীতৰ প্ৰতিপাদ্য বিষয়৷ এই শ্ৰেণীৰ গীতৰ এটি উদাহৰণ
সকল নিগমে যাৰ মহিমা নাজানে৷
তাৰে গোপী যশোদা তনয় বুলি মানে৷
যাৰ সুমৰণে ভৱবন্ধ দূৰ হয়৷

আলোচনাৰ শেষত এটা কথা স্পষ্টভাৱে কব পাৰি যে সুৰ, ছন্দ, কাব্যৰস ...এই সকলোবোৰ মিলি মাধৱদেৱৰ বৰগীতক অনুপম সৌন্দৰ্য প্ৰদান কৰিছে৷ মাধৱদেৱৰ বৰগীতৰ সন্দৰ্ভত ডক্টৰ পৰীক্ষিত হাজৰিকই এইদৰে মন্তব্য আগ বঢ়াইছে বিষয়বস্তুৰ মনোৰম বাছনি, মিঠা লগা পৰিৱেশৰ সৃষ্টি, চিনাকি চিনাকি লগা চৰিত্ৰৰ সমাৱেশ, সিবিলাকৰ ভিতৰত শিশুৰ মুখত দিয়া ঠুনুক-ঠানাক মাত, বয়সীয়ালৰ গুৰুগম্ভীৰ স্বৰ, ৰাগ-তাল-মানৰ সমলয়, বাৎসল্য ৰস আৰু বৈষ্ণৱ ভকতক একান্ত দাস্য ভাবৰ মধুৰ মিশ্ৰণে মাধৱদেৱৰ বৰগীতসমূহক অতুলনীয় মাধুৰ্য দান কৰিছে৷

আলোচনাৰ পৰা এটা কথা প্ৰতীয়মান হয় যে অসমীয়া গীতি-সাহিত্যৰ বেদীত মাধৱদেৱৰ বৰগীতৰ ভূমিকা অতুলনীয়৷ তেওঁৰ বৰগীতৰ মাজত এহাতে পৰমাৰ্থ তত্ত্বৰ গভীৰ আৱেদন আৰু আনহাতে কাব্যৰসৰ সুন্দৰ পৰিস্ফুৰণ ঘটিছে৷ মাধৱদেৱৰ বৰগীতসমূহত কবিগৰাকীৰ গভীৰ জীৱনবোধ, জীৱ জগত আৰু জড় জগতৰ মাজেদি সৃষ্টিৰ অপাৰ ৰহস্যৰ পম খেদি অনন্তকোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী ভগৱন্তৰ কৃপা লাভৰ প্ৰয়াস দেখা যায়৷অৱশেষত ইয়াকে কব পাৰি যে মাধৱদেৱৰ বৰগীতত ৰস, ছন্দ, অলংকাৰ ইত্যাদিকে আদি কৰি বিভিন্ন বৈশিষ্ট্যৰ সমাহাৰ ঘটিছে৷ অসমীয়া জনসাধাৰণৰ মাজত মাধৱদেৱৰ বৰগীতেযে এক বিশেষ স্থান অধিকাৰ কৰি আছে সেয়া সুস্পষ্ট ৰূপত কব পাৰি৷ সেয়ে মাধৱদেৱৰ বৰগীত অসমীয়া জনসাধাৰণৰ মাজত সদায় সজীৱ আৰু চিৰজীৱী হৈ থাকিব৷

সহায়ক গ্ৰন্থপঞ্জী
১. নেওগ, মহেশ্বৰ (সম্পা.) : স্বৰৰেখাত বৰগীত
২. শৰ্মা, সত্যেন্দ্ৰনাথ : অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত
৩. হাজৰিকা, পৰীক্ষিত : সাহিত্যৰ জেউতি

৪. মহন্ত, বাপচন্দ্ৰ : প্ৰবন্ধ গানৰ পৰম্পৰাগত বৰগীত

No comments:

Post a Comment