শ্বিলং-চহৰা, মাউলিননং-ডাউকি-তামাবিল...
মেঘালয়ৰ পাহাৰে-পানীয়ে
তিনিটা সুখময় দিন
৷৷ আঠ ৷৷
আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰাই উভতনি যাত্ৰা আৰম্ভ
কৰি দিলোঁ৷ কাৰণ তাৰ আগলৈ আমাৰ বাবে পথ ৰুদ্ধ৷ হ’লেও, সুখকৰ অনুভৱ এটা হ’ল যে যাম যাম বুলি ভবা এই ঠাইখিনিলৈ
ঈশ্বৰে ঠিকে-ঠাকে আনিলে৷ তাকো উগ্ৰপন্থী সংগঠনৰ বন্ধ চলি থকাৰ দিন এটাত!
সদ্যহতে সকলো
চিন্তা বাদ দি পেট পূজা কৰিব লাগে৷ কিন্তু খা্দ্য পাম ক’ত? ডাউকিত দেখোন দোকান-পোহাৰ
বন্ধ হৈ আছে৷ছয় বজাহে খুলিব চাগৈ৷
আগুৱাই গৈ আছোঁ তেনেকৈয়ে৷ ভাগ্যে এঠাইত মূল পথৰ
পৰা অকণমান ভিতৰলৈ সোমাই থকা হোটেল এখন পালোঁ৷ মালিক বাঙালী, মালিকনী খাচী৷ গাড়ী ৰখাই
ততাতৈয়াকৈ নামি গৈ খা-খবৰ কৰিলোঁ৷ পুৰী কেইখনমানৰ ব্যৱস্থা হ’ল যেনিবা৷ ভাতো আছিল, পিছে ভাজি
নাই৷ তেনেকুৱাতে সীমান্তত বি.এছ.এফ.ৰ চে’ক প’ষ্টৰ কাষত লগ পোৱা বগা বলেৰ’খন আহি ৰ’ল৷ তেওঁলোকেও চাগৈ খোৱাবস্তুৰ সন্ধানতে আছিল৷ এইখন দেখি,
আৰু বোধ হয় আমাকো দেখিয়ে সোমাল৷ মানুহখিনিৰ মুখত অসমীয়া মাত-কথা শুনি ‘ক’ৰ পৰা আহিছে আপোনালোক’ বুলি পোনেই সুধি পেলালোঁ৷ দলটোৰ
মহিলা এগৰাকীয়ে ক’লে... 'আমি ডিব্ৰুগড় আৰু যোৰহাটৰ৷ দুটা পৰিয়াল৷’ আমাৰ খোৱা হ’লত তেওঁলোকৰ পৰা বিদায় ল’লোঁ৷
ডাউকিৰ দীঘল দলংখনৰ এইপাৰে গাড়ীৰ পৰা নামি দিলোঁ৷
উদ্দেশ্য, Umngot নৈৰ ওপৰেৰে খোজেৰে পাৰ হোৱা, সেউজীয়া জলৰাশি প্ৰাণভৰি চোৱা৷ চালক অজয়ক সেয়েহে মাৰুতিখন সিপাৰ কৰি দূৰত ৰাখিবলৈ
কৈ নামিলোঁ৷ পহৰাৰত নিৰাপত্তাৰক্ষী দুজনৰ লগত কিছু সময় আলাপ চলিল৷ জয়ন্তীয়া হিলচৰ এই
অঞ্চলটোৰ বিষয়ে বুজ ল’লোঁ৷ গম পালোঁ যে দলঙৰ ফটো তোলা
নিষেধ৷ প্ৰাকৃতিক দৃশ্য, নদী আদিলৈ কেমেৰা পোনালে বাধা নাই৷ তেওঁলোকৰ পৰা বিদায় লৈ
চৌপাশৰ দৃশ্যৰাজি চাই চাই দলঙৰ ওপৰেৰে আগুৱাব ধৰিলোঁ৷ এইটো পাৰে ইষ্ট খাচী হিলচ৷ কৰ্তব্যৰত
মেঘালয় আৰক্ষী ৰৈ আছে৷ অকলশৰীয়াকৈ ডিউটি কৰি থকা ডব্লিউ. চোৱেৰলিঙৰ লগত আড্ডা জমি উঠিল৷
দলং, নৈ, পাহাৰ, মাছ ধৰা, পুলিচৰ ডিউটি, ঘৰ, পৰিয়াল আদি নানান কথা৷ হাঁহিমুখীয়া, সৰলচিতীয়া খাচীয়া
পুলিচমেনজনক অতিকে ভাল লাগিল৷ ‘দলঙৰ ফটো একপি তোলোঁনে’ বুলি সুধিলত ক’লে... ‘নুতুলিব দেই, চাকৰি যাব মোৰ’৷ পিছে কথাৰ লাচতে কোন তলকতনো
সেই ছবি হাতৰ কেমেৰাত সংগোপনে বন্দী হৈ পৰিল, তেওঁ গমেই নাপালে৷ মনে বিচৰা নিষিদ্ধ
কামফেৰি আকস্মিকভাৱে তেতিয়া চাতুৰিৰে সমাধা কৰি পেলালোঁ যদিও পিছত বেয়াও লাগিল৷ সি
যি কি নহওক, হাঁহি-ধেমালিৰ মাজেৰেই এসময়ত হেণ্ডচেক মাৰি তেওঁক এৰিলোঁ৷
অলপ আগত তললৈ নামি যোৱা খটখটি এটা দেখি নদীলৈ নামি
যোৱাৰ প্ৰবল ইচ্ছা জাগিল৷ শিলৰ ওপৰত বহি মানুহবোৰে বৰশী বাই আছে৷ পানীৰ বৰণ সেউজীয়া৷
পানীৰ তলত মাছ কিছুমান জিলিকি আছে৷ দানা ছটিয়াই দিলেই থুপ খায়হি৷ ইফালে-সিফালে মাছমৰীয়া
নাওবোৰ৷ দলং, পাহাৰ, গছ-গছনি, নাও, নাৱৰীয়াৰে মুঠতে এটা উপভোগ কৰিবলগীয়া দৃশ্য৷ প্ৰকৃতিয়ে
সঁচাকৈ হিয়া খুলি দিছে মেঘালয়ক৷ দৃশ্যটোৱে দৃঢ়ভাৱে এইটোও প্ৰতীয়মান কৰিলে যে হয়, মাছ
মৰাটো খাচীয়া লোকৰ এটা প্ৰিয় কাৰ্য৷ নাৱত বহাৰ সময় আৰু সুযোগ নাপালোঁ৷ ওপৰৰ পৰা মৰা
সহযাত্ৰীৰ অনৰ্গল চিঞৰত এটা সময়ত নদীগৰ্ভৰ পৰা উঠি আহিব লগা হ’ল৷ গাড়ীত বহিলোঁ৷ গাড়ী চলিব লাগিল৷
মাছমৰীয়া মানুহৰ বাহনবোৰ একাষে শাৰী পাতি যেনে আছে তেনে অৱস্থাতে ৰৈ গ’ল৷ আমি পোনাই দিলোঁ শ্বিলঙলৈ৷
মসৃণ ৰাস্তা পালত বহুত পিছত আহিও বলেৰ’খনে আমাৰ মাৰুতিক অনায়াসে পিছ
পেলাই আগুৱাই গ’ল৷ পাহাৰৰ কেঁকুৰিত হেৰাই গ’ল যাত্ৰীসকল৷ পিছত এঠাইত দেখা
পালোঁ, গাড়ী ৰখাই লৈ তেওঁলোকে খাচী পাহাৰৰ আবেলিৰ অপৰূপ শোভা পান কৰাত ব্যস্ত৷ তেওঁলোকক
দেখি আমিও দাঁতিতে গাড়ী ৰখালোঁ, নামিলোঁ, চালোঁ৷
টাৱাং, ব’মডিলাৰ সেই ৰাশি ৰাশি পাহাৰৰ সৈতে মেঘালয়ৰ পাহাৰৰ পাৰ্থক্য
আছে৷ ভূগোলৰ জ্ঞান যিমানখিনিয়েই নাথাকক, যিকোনোজনেই এবাৰ দেখিয়েই কৈ দিব পাৰে অন্ততঃ
এইটো কথা৷ অৰুণাচলৰ হিমালয়ান ৰেঞ্জ বা নাগালেণ্ডৰ পাটকাই ৰেঞ্জৰ দৰে মেঘালয়ত পাহাৰত
ওপৰৰ জোঙা অংশটো অন্তৰ্ধান৷ এনেহে লাগে যেন কোনোবাই চোকা তৰোৱাল এখন লৈ খেচেক খেচেককৈ
কাটিহে পেলালে পৰ্বতৰ আগটোহঁত৷ ফলত সৃষ্টি হ’ল পাহাৰৰ ওপৰৰ বহল সমতলখণ্ড৷ তেনে বৈশিষ্ট্য মেঘালয়ত বিৰাজমান৷
দুই-তিনি মিনিটৰ ক্ষন্তেকীয়া কথা-বাৰ্তাৰ পৰা এইবাৰ গম পালোঁ যে দলটোৰ এটা অংশ ডিব্ৰুগড়ৰ চাবুৱাৰ, আনকেইজন মাজুলীৰ৷ বায়েকৰ পৰিয়ালটো
মাজুলীৰ পৰা আৰু ভনীয়েকৰ পৰিয়ালটো চাবুৱাৰ পৰা আহিছে মেঘালয় দৰ্শনাৰ্থে৷ পূজাৰ বন্ধৰ
আপাহতে ইমান দূৰৰ পৰা পৰ্যটক মনটোৰ লালন-পালনৰ অৰ্থে এইহেন পাহাৰীয়া অঞ্চলত বিচৰণ কৰা
দেখি, ব্যস্ততাপূৰ্ণ দৈনন্দিনৰ পৰা সময় কাঢ়ি প্ৰকৃতিৰ সৈতে একাত্ম হোৱাৰ মানস দেখি
আমাৰো ভাল লাগিল৷ পাহাৰ আৰু পানীৰ যুগলবন্দী চাই বিভোৰ হৈ থকাৰ মুহূৰ্ততে মাত লগাই
আমি তেওঁলোকক এৰিলোঁ৷
এইবাৰ আমাৰ গাড়ী আগত থাকিল৷ দুৰন্ত বেগত মাৰুতি
দৌৰাই অজয় কুমাৰে শ্বিলং পাওঁ পাওঁ হওঁতেই থকা তিনি খলপীয়া এলিফেণ্ট ফলচ পোৱালেগৈ৷
ব্ৰিটিছৰ আগমনৰ সময়ত এই জলপ্ৰপাতটোৰ বাওঁকাষে হাতীৰ আকাৰৰ এটা শিল পোৱা গৈছিল৷ ১৮৯৭চনৰ
ভুঁইকঁপত শিলটো ধ্বংসপ্ৰাপ্ত হয়৷ শিলটোৰ আকৃতিৰ পৰাই ইয়াৰ নাম এলিফেণ্ট ফলচ হৈছে৷ তাত
এভুমুকি মাৰি চহৰ সোমালোঁ৷
আজিযে উগ্ৰপন্থীৰ ২৪ঘণ্টীয়া বন্ধ আছিল কথাটো আকৌ এবাৰ মনত খেলালে৷ ঈশ্বৰৰ আশীৰ্বাদ আৰু অকণমান সাহসৰ বাবেই দিনটো যেনিবা আমাৰ অথলে নগ’ল৷ নহ’লে হোটেলতে শুই-বহি কটাব লাগিলেহেঁতেন৷ ক’বলৈ গ’লে বন্ধ বুলি ভিৰ নথকাত ভালহে পালোঁ৷ অজয়ৰ লগতো ভাল দোস্তি হ’ল৷ হোটেল পোৱাৰ আগতেই বন্দবস্ত হৈ গ’ল যে কাইলৈ, আজিতকৈও সোনকালে, পুৱাই পুৱাই আমাক পেটত ভৰাই তাৰ মাৰুতি দৌৰিব, চহৰা অভিমুখে৷ ভাড়াৰ পইচাকেইটা হাতত দি তাক বিদায় দিলোঁ৷
No comments:
Post a Comment