ঝাড়ু আৰু ফুটবল...
পুৰণি চিনাকি, নতুন দৃষ্টিভংগী
কোনো চৰকাৰী অধিসূচনা বা অধ্যাদেশ জাৰি নকৰিলেও নতুবা কাকো কোনো ধৰণৰ নিৰ্দেশ দিয়া নহ’লেও কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ, জুহুৰ পৰা ডঙলৈ ভাৰতবৰ্ষৰ প্ৰতিটো ঘৰতে এতিয়া দুটি সম্পদ থকাটো জৰুৰী নিয়ম হৈ পৰিছে৷ সাম্প্ৰতিক বাতাবৰণৰ পৰ্যবেক্ষণ-অধ্যয়ন কৰি এই কথা এতিয়া আমি সকলোৱে গভীৰভাৱে বুজি উঠিছোঁ৷ সেই সম্পদ দুটি কি কি?
সেয়া হৈছে... ঝাড়ু আৰু ফুটবল৷ অতিসম্প্ৰতি সম্পদৰ তালিকাভুক্ত হোৱা এই দুবিধ আমাৰ বাবে নতুন নহয়, পুৰণি চিনাকি৷
আনহাতে, নতুন ধাৰণামতে, কাৰ ঘৰত কি জাতৰ কেইখন গাড়ী আছে, সেয়া এতিয়া কোনো ষ্টেটাচ চিম্বল নহয়৷ ঝাড়ু আৰু ফুটবল আছেনে নাই, সেয়াহে লক্ষ্যণীয় আৰু গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে৷ আকৌ, পৰিয়ালত কেইজন ডাক্তৰ-ইঞ্জিনিয়াৰ আছে সেইটোও এতিয়া একো গৌৰৱৰ কথা হৈ থকা নাই৷ গৌৰৱৰ কথা হ’ল, পৰিয়ালত কেইজন ফুটবলাৰ আছে, সেয়াহে৷ পৰিৱৰ্তিত সময়ে এনেকুৱা ধৰণৰ নতুন দৃষ্টিভংগী আজি আমাৰ মাজলৈ লৈ আহিছে৷
ঝাড়ু আৰু ফুটবল... কি প্ৰচণ্ড শক্তি লুকাই আছে এই দুবিধ সম্পদত! কল্পনা কৰকচোন... সমগ্ৰ ভাৰতবৰ্ষ আজি ফু মাৰি ভাত খাব পৰা হৈ গ’ল৷ পৃথিৱীৰ ভিতৰতে পৰিষ্কাৰতম ৰাষ্ট্ৰত পৰিণত হৈ গ’ল আমাৰ ভাৰত দেশ৷ কেনে লাগিব আপোনাৰ? আকৌ কল্পনা কৰকচোন... ফিফাৰ ৱৰ্ল্ড ৰেংকিং তালিকাত আজি ভাৰতৰ স্থান হৈ গ’ল এক৷ ফুটবল বুলিলেই পৃথিৱীৰ চুকে-কোণে সৰ্বপ্ৰথমে উচ্চাৰণ কৰিব লগা হৈ গ'ল এইখন দেশৰহে নাম৷ কেনে লাগিব?
এই দুয়োটা কামতে সময় লাগিব পাৰে, কিন্তু অসম্ভৱ নিশ্চয় নহয়৷ জনগণৰ মানসিকতাৰ ওপৰতে সেই সফলতা, সেই প্ৰাপ্তি নিৰ্ভৰ কৰিছে৷ জনগণমন অধিনায়ক জয়হে ভাৰত ভাগ্যবিধাতা৷ জনগণ মংগলদায়ক জয়হে ভাৰত ভাগ্যবিধাতা৷
সেই সময়, হে’ পৰমপিতা জগদীশ্বৰ, শীঘ্ৰে ঘটোৱা৷ হে’ কৃপাময় জগদীশ্বৰ, তোমাৰ বিচিত্ৰ শক্তিৰে এই দেশৰ লোকসকলক এই দুটা কাম কৰিবলৈ সুমতি দিয়া৷ ‘মাউলিননং’ ভাইৰাছ আৰু ‘আই.এছ.এল.’ ভাইৰাছেৰে ছানি পেলোৱা সমগ্ৰ ভাৰতবৰ্ষৰ আকাশ-বতাহ৷
No comments:
Post a Comment