Monday, 27 October 2014

আমাৰ চুপাৰ ষ্টাৰ আছিল ৰমিন চাংমা...
(গল্প নহয়, সত্য)


ৰাছিয়ান বল! হয়, সেই ধৰণৰ ফুটবলক আমি তেতিয়া ৰাছিয়ান বল বুলিয়েই কৈছিলোঁ৷ ৰাছিয়ান বল বুলিলেই ৰমিনৰ কথা আহি যায়৷ তাৰ নীলা-বগা, নাম্বাৰ ফৰ লিখা বলটোলৈ মনত পৰে৷ দেওবৰীয়া বিয়লি গীৰ্জা শেষ কৰি থানা ৰডেৰে বলটো ৰাস্তাত এবাৰ ড্ৰপ কৰি, এবাৰ হাতেৰে ধৰি ৰমিন অকলে অকলে ফিল্ডলৈ আহি থকাৰ দৃশ্যটো চকুৰ আগত ভাহে৷

আমি পঢ়া ডিফু টাউন প্ৰাইমেৰী স্কুলৰ সন্মুখৰ স্কুলফিল্ড বোলা, ফুটবল খেলৰ বাবে কোনো জোখত নপৰা সৰু ঠাইডোখৰতে নিতৌ চলে আমাৰ অনুশীলন৷ আবেলি হলেই প্ৰাণ পাই উঠে এই ফিল্ডখনে৷ ফিল্ডনো কি বুলিব? এফালে পি.ডব্লিউ.ডি. মেকানিকেলৰ ট্ৰাকত ৰোলাৰ, বুলডজাৰ আদি উঠোৱা-নমোৱা চলে৷ শিল ভঙা মেছিন, দলং সজা যন্ত্ৰপাতি তাৰে এদাঁতিত দীৰ্ঘদিনলৈ পেলায়ো থয়৷ ফলত প্ৰচুৰ অসুবিধা হয়৷ সেইবোৰত বগাই দৌৰাদৌৰি খেলোঁতে আকৌ কাৰোবাৰ মূৰ ফাটে, তেজ বিৰিঙে৷ সিফালে দীঘলীয়াকৈ স্কুলঘৰটো৷ ফিল্ডৰ দুটা চাইডে চাৰিআলিত সংযোগ হোৱা পকা ৰাস্তা৷ ৰাস্তা ঠেক আৰু গাড়ীৰ সংখ্যা সেই সময়ত কম আছিল যদিও পথলৈ ওলাই অহা বল কাঠৰ কুণ্ডা কঢ়িওৱা শক্তিমান ট্ৰাকৰ তলত সোমায়গৈ৷ ভাগ্য ভাল থাকিলে বাচে৷ আৰু দিন বেয়া হ’লে, বলে গাড়ীৰ তলত অলপ সময় ইফাল-সিফাল কৰি... ধুম৷ যেন বুকুখনহে ফাটে! লগে লগে উপস্থিত সকলোৰে হৈ-চৈ... ঐ গাড়ী ৰখা, গাড়ী ৰখা, ধৰ-ধৰ৷ পোনেই ড্ৰাইভাৰক পাকৰাও কৰোঁগৈ৷ অশুভ কিবা ঘটাৰ আশংকাত প্ৰাণ লৈ ড্ৰাইভাৰে পলাবৰ চেষ্টা কৰে৷ বলৰ দাম দিব লাগিব৷ অঁ এতিয়াই৷ ড্ৰাইভাৰৰ লগত কথা কটাকটি লাগি যায়৷ দিয়ে কৰ পৰানো বেচেৰাই! সেই বয়স সেইবোৰ একো নুবুজাৰ বয়স আমাৰ৷ ইফালে সিদিনালৈ খেলখনো স্তব্ধ৷ আবেলিটোৱে গতি লৈছিলহে মাত্ৰ! বল ফাটি যোৱাত মনবোৰো বিষণ্ণতাই বেয়াকৈ আৱৰি ধৰে৷ আন্ধাৰ নোহোৱা পৰ্যন্ত নিবনুৱা হৈ পৰোঁ আমি৷ চেঁচা, অকামিলা হৈ পৰে আমাৰ ফিল্ডখন৷ তাতে বহি লৈ বাগৰি-জুগৰি থাকোঁ৷ চবেই মিলি পইছা-পাই তুলি পিছদিনা আবেলিলৈ নতুবা তাৰ পিছদিনাখনলৈ বল এটা যেনেতেনে যোগাৰ কৰাৰ পৰিকল্পনা কৰোঁ৷ ছচিয়েল ৱেলফেয়াৰ অফিচলৈ বল বিচাৰি দৰ্খাস্ত দিয়াৰো আইডিয়া ওলায়৷ সুবোধ ৰয়ৰ দোকানত হাজিৰ হওঁগৈ৷ যিয়েই নঘটক, খেল মুঠতে এৰিব নোৱাৰি৷ আবেলিটো একো নেখেলাকৈ এনেয়ে থাকিম ...সেইটোযে কোনোমতে ভাবিবকে নোৱাৰি৷

আমাৰ আই-মাতৃৰ কৃপাত ঘৰতো ফুটবল এটা থাকেই৷ পিছে অফিচলৈ যাওঁতে এটা কোঠাত সদায় তলা মাৰি থৈ যায়৷ বলটো তাতে সুমুৱাই ৰখা হয়৷ আবেলি স্কুলৰ পৰা আহি পাই, কিবা এটা খাই ৰৈ থাকোঁ মা বা দেউতা অহালৈ৷ নহালৈকে মনত উচপিচনি, মুখত নাই হাঁহি৷ দেৰি কৰিলেতো হলেই আৰু৷ বুকুৰ বিষ আৰম্ভ হৈ যায়৷ আনহাতে সোনকালে আহি পালে কিৰীলি৷ অদূৰৰ টাৰ্নিংটোত ছঁয়া-ময়াকৈ দেখা পোৱা মাত্ৰকে চেকুৰ লগাওঁ৷ চাবিটো আনো৷ তলাটো খোলোঁ৷ বলটো বুটলি কাষলতিৰ চেপাত লওঁ৷ লগে লগে ঢাপলি মেলোঁ, ফিল্ডলৈ৷ পাৰ্টি ভগাই বলৰ পিছত দৌৰিবলৈ লাগি যাওঁ৷ আমাৰ খেলত গল কিমান হয় কওঁ? চৌবিশ, বাইশ, বিশ! কোনোবাই সোধে... কেইগল-কেইগল চলি আছে?’ ‘চৌবিশ-ওঠৰ৷” …উত্তৰ৷ এটা দলত কিমানজনে খেলিব তাৰো নিৰ্দিষ্টতা নাই৷ আহি থাকে, সোমাই থাকে৷ ইফালে এজন, সিফালে এজনকৈ৷ ফিল্ড ভৰি যায়৷

পুলিচ ৰিজাৰ্ভৰ লগত আমাৰ বাজি খেল হয়৷ বিশ টকা-বিশ টকা৷ আমি এটকা-দুটকাকৈ দি বিশটা টকা হেঁপাহেৰে জমা কৰোঁ৷ খেলখন দেওবাৰে পৰিলে বিপক্ষৰ ভাল৷ কাৰণ দেওবাৰে আবেলি ৰমিনৰ গীৰ্জা থাকে৷ ৰমিন মানে সেই নীলা-বগা ৰাছিয়ান ফুটবলটোৰ গৰাকীৰ কথাই কৈছোঁ৷ বলটো তাক সম্বন্ধীয় ভিনিয়েক ভিক্টৰ চাংমাই উপহাৰ দিয়া হেনো৷ হলেওনো কি হব, গীৰ্জাৰ ঘণ্টা বজোৱাৰ পৰা আৰম্ভ কৰি ঢেৰ কাম কৰিব লগা থাকে তাৰ৷ গতিকে আহি পাওঁতে পলম হয়৷ বুদ্ধি কৰি খেলখন সিদিনা দেৰিকৈ আৰম্ভ কৰিবলৈ কূটনীতি ৰচনা কৰিবলগীয়া হয় পি.ডব্লিউ.ডি.য়ে৷ পিছে পুলিচ ৰিজাৰ্ভেও নেৰে৷ জলদি জলদি খেলিব লাগে৷ সিহঁতৰ লেচিং বলটোৰেই খেল আৰম্ভ হৈ যায়৷ ৰমিনবিহীন পি.ডব্লিউ.ডি.য়ে ইতিমধ্যে গল খাই যায়৷ দুৰ্গ চম্ভালি থাকে কোনোমতে৷ খেলখন পুলিচ ৰিজাৰ্ভৰ কমল, তোষেশ্বৰ, মণিৰাম, আচুম, মঙলছিং, আবুথেন, তম্বাহঁতৰ পজেচনত থাকে৷ পিছে গীৰ্জা সামৰি নীলা-বগা চাৰি নম্বৰ ৰাছিয়ান বলটো হাতত লৈ থানাৰ ৰাস্তাৰে যেই ৰমিনক আহি থকা দেখা পোৱা গল, পি.ডব্লিউ.ডি.ক আৰু পায় কোনে? ৰমিন সোমাল মাত্ৰক খেলখনৰ ৰূপেই সলনি হৈ যায়৷ সংঘবদ্ধভাৱে জপটিয়াই পৰে পি.ডব্লিউ.ডি.৷ দুভৰিৰ যাদুৰে ৰমিনে পুলিচ ৰিজাৰ্ভক নচুৱায় মাৰে৷ গল ঘূৰায়, গল সুমুৱায়৷ অন্তত জয়লাভ আমাৰ৷ কমল, আচুমহঁতৰ মুখবোৰ কলা পৰে৷ সিহঁতৰ আশাত চেঁচাপানী ঢালি জয় আজুৰি আনো আমি৷ কোনোবা এটাৰ হাতত খেলৰ আগতেই জমা দি থোৱা সিহঁতৰ বিশ টকাটো লগে লগে আমাৰ হৈ যায়৷ ইমান সময়ে পকেটৰ ভাঁজত থাকি থাকি ঘামত আধা তিতা হোৱা বিশ টকাটোৰ জাপটো আলফুলে মেলি মেলি উলাহত ফাটি পৰোঁ আমি... হিপ হিপ হুৰৰে কৈ৷


হয়তো মনত আছে, হয়তো মনত নাই বহুতৰে৷ সেই ৰমিন চাংমাই চাব-জুনিয়ৰ কাৰবি আংলং আৰু তাৰ পিছত চাব-জুনিয়ৰ অসম দলত খেলাৰ উপৰি ভাৰতীয় যুৱ ফুটবল দলক প্ৰতিনিধিত্ব কৰি ১৯৮৩চনতে দক্ষিণ কোৰিয়াৰ চিউলত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত খেলিছিলগৈ৷ পিছত সি গুৱাহাটীৰ নৱজ্যোতি ক্লাবত খেলিলেগৈ৷ ক্রীড়াংগনত অৰিহণা যোগোৱা ৰমিন চাংমা আমাৰ ডিফু গভৰ্ণমেণ্ট বয়জ হাইস্কুল টীমৰো আছিল নয়নৰ মণি৷ ভাৰতীয় স্কুল দলতো সি স্থান পাইছিল৷ ৰমিনৰ কথা ওলালে সেই সময়ৰ চকুত পৰা ফুটবলাৰ ৰুডিল চাংমা, ভিনচেণ্ট চাংমা আৰু এসময়ত গুৱাহাটী টাউন ক্লাবৰ হৈ খেলা ভিক্টৰ চাংমালৈ মনত পৰে৷ তেওঁলোকৰ এজনো আজি ইহ-সংসাৰত নাই৷ ৰমিনৰো শৰীৰ অসুস্থ৷ খেলপথাৰত তেওঁলোকে সজাই থৈ যোৱা অতীতৰ সোণালী মুহূৰ্তবোৰ কিন্তু ‘ফুটবল’ শব্দটো উচ্চাৰণ কৰিলেই আজিও চকুৰ আগত জলজল-পটপটকৈ ভাহি উঠে৷ তাৰেই সামান্য স্মৃতিচাৰণ এয়া৷




No comments:

Post a Comment